Showing posts with label Jokes Best. Show all posts
Showing posts with label Jokes Best. Show all posts

Monday, 4 December 2017

ৰূপক ৰূপহী

ৰূপক বজাৰলৈ বুলি ওলাইছে! তেনেতে তাৰ ভন্টি ৰূপহীয়ে মাত লগালে, ঐ দাদা, ক'লৈ যাও?
-- বজাৰ যাম, কিয় সুধিলি?
-- উভতি আহোঁতে মোলৈ এখন গল্পৰ কিতাপ আনিবি।
-- ঠিক আছে আনিম, টকা দে!
-- টকা দে মানে? তোৰ টকা দি কিনি আনিবি, পাছত দি দিম।
-- বুজিলো! তই কিমান দিবি জনা আছে। বাকীৰ বহীততো কম টকা জমা হোৱা নাই।
উত্তৰ শুনি ৰূপহীয়ে খং কৰি গুচি গ'ল। ৰূপকে ভাবিলে, কোনোমতে ৰক্ষা! অন্ততঃ দুই-তিনিশ টকা বাচিল। সদায় কিতাপ আনি দিওঁ, কিন্তু এপইচা ও নিদিয়ে।
ৰাতি ৯ টা বজাত ৰূপক ঘৰলৈ আহিল। বজাৰৰ পৰা অহাৰ লগে-লগে সদায় তাৰ একমাত্ৰ ভন্টি ৰূপহীয়ে পানীৰ ঘটি লৈ দৌৰি আহে, কিন্তু আজি তাই নাহিল। ৰূপকে চিঞৰি চিঞৰি মাতিলে, তথাপিও তাইৰ কোনো খবৰ নাই। অৱশেষত সি তাৰ ৫ বছৰীয়া ভতিজাটোক ক'লে, বাবু যোৱাচোন আন্টিক মাতি লৈ আহা।
সি ক'লে, মই নোৱালিম, নিদে গৈ মাতি লৈ আহা।
ৰূপকে ভোৰভোৰালে "অত্তেৰী... সাংঘাতিক কথা হৈ গ'ল দেখোন। চাবা বাবু আজি তোমাৰ আন্টিক বহুত মাৰিম।"
এইবাৰ সি বহুত আনন্দিত হৈ চিঞৰিছে, আন্টি.......! আন্তুলে আদি তোমাক বহুত মাল দিব। মাতি আতে তোমাক।
ৰূপহী সোমাই আহিল। ৰূপহী অহা দেখি তাইক মাৰ দিবলৈ প্ৰিপেয়াৰেচন লবলৈ আৰম্ভ কৰিলে ৰূপকৰ ৫ বছৰীয়া ভতিজাটোৱে।
সি তাৰ ভন্টিক ক'লে, কি ৰে... আজি পানী লৈ নাহিলি?
ৰূপহীয়ে কান্দো কান্দো সুৰেৰে ক'লে, এহহহহ! মই তোৰ বিচনা পাৰি দিওঁ, ৰুম চাফা কৰি দিওঁ, কাপোৰ ধুই দিওঁ! আৰু মই কিতাপ আনিব ক'লে আনি নিদিয়! এতিয়া আকৌ পানী কিয় বিচাৰিছ?
ৰূপকে বেগটোৰ পৰা দুখন চকমকিয়া গল্পৰ কিতাপ ওলালে। গল্পৰ কিতাপ দেখি ৰূপহীয়ে এনেকৈ হাঁহিলে যে ৰূপকে ভন্টিৰ হাঁহি দেখি একমুহূৰ্তৰ কাৰণে গোটেই পৃথিৱীখনৰ কথা পাহৰি গ'ল, তাৰ দুচকুৱেদি আনন্দৰ চকুপানী ওলাই আহিল। এনেকুৱা হাঁহিৰ কাৰণে সি যেন সীমান্তৰ যুদ্ধত যাবলৈ সাজু। কিতাপ হাতত লৈ ৰূপহীয়ে ক'লে, পানী গৰম কৰি থৈছোঁ, ৰ' লৈ আহিছোঁ।
তাই গুচি যোৱাৰ পিছত ভতিজাই সুধিলে, আন্তুল, তুমি আন্তিক নামালিলা কিয়? তুমি ধলিলেইতো মই মাল আলম্ভ কলি দিলো হয়। ৰূপক হাঁহি হাঁহি বিচনাৰ ওপৰত শুই পৰিল! ইফালে সৰু ভতিজাটোৱে তাৰ পিঠিত বহি মনৰ তৃপ্তি মিটাই ধুমদাম ঔ কিল দিছে।
.
জীৱন সুন্দৰ। বহুত বেছি সুন্দৰ। বিশেষকৈ যাৰ ঘৰত ৰূপহীৰ দৰে ভন্টি আৰু ৰূপকৰ দৰে দাদা আছে।
.
By: ছাবিৰ লাভলী আহমেদ

অসমীয়া কৌতুক


Saturday, 15 November 2014

অসমীয়া সমাজৰ জনজীৱনৰ কোডৰ কৌতুক

by: Dina R. Borah

কিমান কৌতুকপূৰ্ন আছিল তাহানিৰ অসমীয়া 'কোডত' কোৱা উক্তিবোৰ । শুনিলেই ভাল লাগি গৈছিল কিন্তু কোড ভাঙি অৰ্থ ওলিয়াওঁতে কিমান যে উজুটি ,হামখূৰি খাব লগা হৈছিল ।


তাৰে দুটামান লিখিছো পঢ়ি কেনে পালে জনাবচোন ।

১। এগৰাকী গাঁৱৰ তিৰুতাই গাঁৱৰে আন এগৰাকীক কোডত কব লগা হল যিহেতুকে সিগৰাকীৰ গিৰীয়েকে শুনিলেও বুজি নাপায়।

" তোমাৰ যিটো বস্তু আছে মোৰ সেয়া নাই । মোৰ আকৌ যি আছে সেয়া তোমাৰ নাই যাৰ বাবে তোমাৰ থকা বস্তুটো তোমাৰ কামত অহা নাই এনেয়ে পৰি আছে । সেয়ে তোমাৰ বস্তুটো মোকএদিনৰ বাবে
দিয়া মই মোৰ থকাটোত সুমুৱাইলৈ বিয়া এখন খাই আঁহোগৈ ।"
"হব বাৰু নিবা ।" সিগৰাকীয়ে উত্তৰ দিলে ।
জানেনে বস্তুটো কি ?

২। আগৰ দিনৰ মহিলাই স্বামীৰ নাম মুখৰে নকয় । সেয়ে কেতিয়াবা স্বামীৰ নামৰ লগত মিল থকা শব্দ বা বস্তুৰ নাম কব লগীয়া হলে কোডতে কৈছিল ।যেনে:-
"ভাত কিহেৰে খালি অ ?" এগৰাকীয়ে সুধিলে ।
" এ আমাৰ তেখেত সিদিনা তেখেতবৰলৈ গৈছিল তাৰ পৰা তেখেত অলপ আনিছিল । তাকে কালিও আজিও তেখেতকে ভাজি২ ভাত খাইছো । তেখেতবিলাক ইমান তেখেতঐ এতিয়াও মুখ খন
তেখেত তেখেত লাগি আছে ।" কওকচোন কি পাচলি?

৩। ঘাটত নাও পাৰ হব লাগে । স্বামী থাকিল বহুত পিচত ন হাতত নাই পইচা । তিৰুতা গৰাকীয়ে ঘাটৈক কৈছে যে স্বামী পাচে পাচে আহিআছে পইচা তেও দিব । নাৱৰীয়াই স্বামীৰ নাম সুধিলে ।
তিৰুতা গৰাকীয়ে কোডতে কলে: " তিনিত তেৰ গুনে মধ্যে বাৰ ন দিয়া যোগ কৰা উত্তৰৰ পাচত
লগাবা ৰাম সেয়াই মোৰ স্বামীৰ নাম ।এতিয়া পাৰ কৰি দিয়া ঘৰল যাম।
নামটো কব পাৰিবনে ?

৪। বিয়াৰ বাবে কইনা চাবলৈ ছোৱালীৰ ঘৰত ডেকা লৰা । ছোৱালীৰ বাপেকে সুধিছে লৰাৰ ঘৰুৱা অৱস্থা কেনেকুৱা ।
লৰাই কোডত কলে :-
" হাতী দাঁতৰ ৰুৱা, ৰদ জিলিকে পূৱা, দুহাল বাবলৈ তিনিটা লাগে তাকে চাই ছোৱালী দিয়া নে নিদিয়া ? "

এনে বহুত কোডত কোৱা কথা অসমত অলেখ । বহুতে জানে কিন্তু চৰ্চা নাই । এয়াও অসমীয়াৰ ঐতিৰ্য্য। সযতনে সংৰক্ষিত কৰি ৰখা ভাল । পইতা ভাত আৰু পোৰা মাছৰ দৰেই ৰুচিকৰ।

উত্তৰ:- ১। কাণত পিন্ধা থূৰীয়া , ২। তিতা (কেৰেলা,ফুল)
৩। ষাঠীৰাম ৪। মৰাঠাৰীৰে বনোৱা ঘৰৰ চাল আৰু বলধ গৰু
এটাহে আছে ।

আৰু আছে। ভাল লাগিলে আৰু লিখিম ।

Friday, 14 November 2014

অসমীয়া কৌতুক

by: Biju Sarmah

জীয়েক: পাপা পাপা ! মে মা বননেৱালী হু।
দেউতাক: হা ………………আ………! কেইচে হো গয়া য়ে চব ।ঔৰ কুছ তো চৰম কৰ অপনে বাপকো য়ে চব বোলনে মে !
জীয়েক : আপনে হিতো কহা থা কি ………

'জল্দিচে তুম কুচ বন জাৱ ' তো মে তুমহে স্কুটি দুংগা "
@@@@@@@@@@@@


(পাৰ্কৰ ভিতৰত বহি থকা এজনী ছোৱালীক উদ্দেশ্যি)
………

ভিক্ষাৰী: হাই দাৰ্লিং ! আজি কি মোৰ লগত শোবা নেকি?
ছোৱালী : ছাট আপ! মোক এনেকৈ কবলৈ তোৰ ইমান সাহস! ৰ অলপ মোৰ বয়ফ্ৰেন্দ আহি পাবলৈ দে !
ভিক্ষাৰী: সাহস ক'ৰ পৰা পালো মানে ! আগতে কোৱাচোন মোৰ বিচনাখনত তুমি কিয় বহি আছা ?
@@@@@@@@

বিয়াৰ পিছৰ প্ৰথম নিশা ……………
………………
কইনা: কি কৰি আছেনো আপুনি মোৰ গাত পানী ছতিয়াই ছতিয়াই ?
………
………
………
………
চবজীৱালা পতি: ৰবাচোন!
.
.
.
.
.
মই মাল অলপ তাজা কৰি আছো ।

………

Monday, 10 November 2014

headline

By: ৰাতুল নিয়ৰ
এজন মানুহে ৰাস্তাত গৈ থাকোতে হঠাতে দেখিলে যে এটা কুকুৰে এজনি ছোৱলিক কামুৰিব লৈছে ।
মানুহ জনে কুকুৰটো মাৰি ছোৱালি জনিক বছালে ।

পিছ দিনা বাতৰিৰ headline ত আহিল," সাহসী যুৱকে ৰক্ষা কৰিলে কিশোৰীৰ প্ৰাণ"
মানুহ জনে পিছ দিন কলে যে,"মই ভাৰতীয় নহয়।।"

পিছ দিনা বাতৰিৰ headline ত আহিল," বিদেশী যুৱকে ৰক্ষা কৰিলে কিশোৰীৰ প্ৰাণ"

আকৌ মানুহ জনে পিছ দিন কলে যে,"মই বিদেশী নহয়, পাকিস্থানী হে।।।"
,
,
,
,
,
,
,
,
,
,
,
,
,
পিছ দিনা বাতৰিৰ headline ত আহিল," সন্ত্ৰাসবাদীয়ে ললে নিৰীহ কুকুৰৰ প্ৰাণ।।।।"

Friday, 7 November 2014

আচল অৰ্থ

ছোৱালীয়ে কোৱা কিছুমান কথাৰ আচলতে কি অৰ্থ থাকে জানেনে ?আহক,জানি লঁও:


মুখেৰে কয় :মই তোমাক এৰি কেতিয়াও থাকিব নোৱাৰো ৷

আচল অৰ্থ: মই তোমাক এৰি কেতিয়াও থাকিব নোৱাৰো যেতিয়ালৈকে বেলেগ এজনক নাপাঁও ৷


মুখেৰে কয় :তোমাক এৰি কেতিয়াও নাযাঁও ৷

আচল অৰ্থ: তোমাক এৰি কেতিয়াও নাযাঁও যেতিয়ালৈকে তোমাল লুটি-পুটি শেষ কৰি নিদিঁও ৷


মুখেৰে কয় :তুমি অনলি মোৰহে ৷

আচল অৰ্থ: তুমি অনলি মোৰহে ,বাট মই চবৰে ৷


মুখেৰে কয় : ভালপোৱাত টকা-পইচা এইবোৰ মই নামানো ৷

আচল অৰ্থ: ভালপোৱাত টকা-পইচা এইবোৰ মই নামানো ৷ কিন্তু কোনোবাই দিলে মই বেয়া নাপাঁও ৷


মুখেৰে কয় : তুমি মোক বিয়া পাতিবানে ?

আচল অৰ্থ: তুমি মোক বিয়া পাতিবানে ? নাপাতিলেও নাই !! মোৰ পিছত ঢেৰ ল’ৰা পৰি আছে


জাগা ল’ৰাবোৰ জাগা !!!!


by Ishaanjyoti

Wednesday, 30 April 2014

শব্দ

Bikash Singha Ujjal

* আইনা ভাঙিলে কি শব্দ শুনা যাই বাৰু ??
.
.
খেৰেং ? নহয় !
.
.
খাৰাং ? ওহোঁ, নহয় !
.
.
ঠেকেচ ? নাই, নহয় !
.
.
.
সেইটোও নাজানে ??
.
.
.
.
.
.
.
.
.
আৰে,


আইনা ভাঙিলে পাকঘৰৰ পৰা এটা শব্দ শুনা যায় :

"ভাঙিলিনে আইনাখন ? ভাঙ, ভাঙ, সোপাকে ভাঙি শেষ কৰ কটা কুলক্ষণীয়া ! কি যে আসাঠনীয়া জীৱ জন্ম দিলো ঐ..."

Sunday, 6 April 2014

মহ হত্যা কৰাৰ এটা বুদ্ধি

By: Dípankar Nath

গৰম মানেই মহৰ উতপাত, মহ হত্যা কৰাৰ এটা বুদ্ধি দিলো--
.
.
.
.
চেনী আৰু শুকান জলকীয়াৰ এটা মিশ্রণ বনাই মহটোক খাবলৈ দিয়ক, মিশ্রণ খিনি খাই মহটোয়ে পানী খাবলৈ পানী টেংকি ওচৰত যাব, এটা থিয় গোৰ মাৰি মহটোক পানীৰ টেংকিত পেলাই দিয়ক !


মহটোয়ে নিজৰ দেহাটো শুকাবলৈ উৰি উৰি জুইৰ ওচৰত যাব, এতিয়া জুইত এটা ব'ম পেলাই দিয়ক !

মহটোয়ে ব'ম ব্লাষ্টত গুৰুত্ব ভাবে আঘাতপ্রাপ্ত হৈ হস্পিতালত র্ভত্তি হব !
.
.
.

এতিয়া আপুনিও হস্পিতালত গৈ তাৰ মূখত লগাই থোৱা অক্সিজেন র্মাক্সডাল খুলি দিয়ক !

..
..

বেটাই উশাহ নাপাই নিজে নিজে মৰি থাকিব !

কোনো ধন্যবাদৰ প্রয়োজন নাই, মই আপোনালোকক সহায় কৰি সম্পূর্ণ সূখী !

ধন্যবাদ

Sunday, 23 March 2014

নৰেন্দ্ৰ মোডীক মই চিনি পাওঁ

By: Rituraj Borgohain
কনপিতৌ, নগেন, কনটিলৌ আটাইমখাই আগন্তুক নির্বাচনৰ কথালৈ আড্ডা মাৰি আছে । সকলোৱে এইবাৰ মোডীৰ চৰকাৰ অহাটোৱেই বিচাৰে । আমাৰ কনপিতৌ কম নহয় । কথাৰ প্ৰসংগত সি ঘপককৈ কৈ পালে
কনপিতৌ > নৰেন্দ্ৰ মোডীক মই ভালকৈ চিনি পাওঁ । তেখেতৰ লগত মই ভাত খাই পাইছো ।
তাৰ কথা শুনি বাকীকেইটা আচৰিত হল । সি সদায় গাৱঁত থকাটোৱে আকৌ মোডীক কত লগপালে । সিহঁতে কলে আমাকো চিনাকি কৰাই দিবিচোন ।
.
.
.
কনপিতৌ > সেইদিনা মোডীয়ে টি ভিত ভাত খোৱা দেখুৱাই থাকোতে মইও ঘৰত খাই আছিলো তেনেকৈহে লগত খাইছো । আৰু চিনিপাওঁ মানে মইহে পাওঁ তেখেতে....
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
মোক চিনি নাপাই নহয় ।

হাতী আৰু পৰুৱা

By: Deep Jyoti Nath

এবাৰ ''কমেডী নাইটচ ওইথ কপিল''ত আমাৰ অসমৰ জুবিন দা গ'ল । দৰ্শক হিচাপে মই আৰু ৰুপম গ'লো । জমনী-চমনী, গান-নাচ আদি সকলো হৈ গ'ল ।

কপিলঃ - এইয়া আমাৰ মাজত উপস্থিত থকা অসমৰ ৰকিং চুপাৰ ষ্টাৰ গায়ক জুবিনক দৰ্শক ৰাইজে কিবা সুধিব বিচাৰিলে এজন-এজনকৈ সুধিব পাৰে ।

মই ফটাফট থিয় হৈ সুধিলো, ''জুবিন দা, আপুনি সকলো ভাষা আৰু সকলো বিষয়তে গান গাইছে, কিন্তু আজিলৈকে 'বিয়া নাম'ত কিয় গোৱা হোৱা নাই ?''

জুবিনে কিবা অলপ কোৱাৰ পাচত কপিলে মোক মঞ্চলৈ মাতিলে । মই উঠি গ'লো, মোৰ পিছে পিছে টিভিত উঠা হেঁপাহত ৰুপমো উঠি গ'ল । কপিলে ৰুমপক দেখুৱাই মোক সুধিলে, ''কৌন হে ইয়ে আদমি ?''

মই :-- ছাৰ মোৰ বন্ধু..... আমি দুটায়ে এক্ট এটা কৰিম বুলি ভাবিছোঁ ! ছাৰ, কাৰ এক্ট ভাল হয় আপুনি চাই দিব দেই ।

কপিলে অনুমতি দিলে । ৰুপম আৰু মই আমাৰ এক্ট আৰম্ভ কৰি দিলোঁ ।

মই প্ৰথম আৰম্ভ কৰিলো এনেকৈ........ এবাৰ হাতী আৰু পৰুৱানীয়ে প্রেম কৰি ধৰা পৰিল ।
পৰুৱানীৰ মা :- তোৰ ইমান ডাঙৰ সাহস, মোৰ ছোৱালী হৈ হাতীৰ লগত প্ৰেম কৰ্ ! আজিৰপৰা হাতীৰ লগত তোৰ যোগাযোগ বন্ধ !
পৰুৱানী :- (কান্দি কান্দি) তেনেকুৱা নকৰিব মা, মোৰ পেটত হাতীৰ সন্তান আছে ।
(সকলোৱে হাঃহাঃহাঃ... কৈ হাঁহি তালি মাৰিলে ।)

এইবাৰ ৰুপমে এটা ক'লে..... এদিন পৰুৱাই হাতীৰ কাষলৈ গৈ গেঞ্জিটো ধাৰলৈ বিচাৰিছে । পৰুৱাৰ কথাশুনি অবাক হৈ হাতীয়ে পৰুৱাক সুধিলে, ''অই মোৰ গেঞ্জী লৈ কি কৰিবি ?''
পৰুৱা :- কাইলৈ মোৰ ছোৱালীৰ বিয়া । ৰভা দিম ।
(এইবাৰ দৰ্শকে অলপ কমকৈ হাঁহিলে )

মই এইবাৰ ক'লো....... হাতী আৰু পৰুৱাৰ ভিতৰত দৌৰ প্রতিযোগিতা হৈছে । প্রতিযোগিতাৰ শেষত সকলোৱে দেখিলে হাতী প্রথম হ'ল, কিন্তু কম্পিউটাৰত ভাল ভাৱে লক্ষ্য কৰি দেখা গ'ল যে পৰুৱাহে প্রথম । কেনেকৈ ?
ৰুপম :- আচলতে হাতীৰ শুৰৰ আগত পৰুৱাটো আছিল । সেয়ে পৰুৱা প্ৰথম হ'ল ! (হাঃহাঃহাঃ কৈ দৰ্শক সকলোৱে হাঁহিলে...)
ৰুপম :-- এবাৰ হাতী আৰু পৰুৱা গছত উঠিল । অলপ পাচত হাতীয়ে জপিয়াই দিলে, হাতী মৰি গ'ল । কিন্তু পৰুৱাটো নমৰিল.... কিয় নমৰিল ?

মই :-- কাৰণ পৰুৱাটোৱে জপিওৱা নাছিল । (হাঃহাঃহাঃ কৈ দৰ্শক সকলোৱে হাঁহিলে)
মই :-- হাতী আৰু পৰুৱা দুয়োটাই মটৰ চাইকেল চলাইছে । হঠাৎ সিহঁত দুয়োটাৰে এক্সিডেন্ট হ'ল । হাতী মৰি গ'ল কিন্তু পৰুৱাৰ একো নহ'ল । ইয়াৰ কাৰণ কি ?

ৰুপম :-- কাৰণ পৰুৱাটোৱে হেলমেট পিন্ধি আছিল ! (হাঃহাঃহাঃ.... কৈ দৰ্শক সকলোৱে হাঁহিলে)
ৰুপম :-- হাতী আৰু পৰুৱা দুয়োটা খুব মেধাৱী ষ্টুডেন্ট । দুয়োটাই সকলো সময় খুব পঢ়া শুনা কৰি থাকে । কিন্তু পৰীক্ষাৰ শেষত দেখা গ'ল পৰুৱা পাছ কৰিলে, হাতী ফেইল কৰিলে । কাৰণ কি ?

মই :- কাৰণ হাতী হ'ল 'গজনী(আমিৰ খান)' অলপ পাছত সকলো পাহৰি যায় । (হাঃহাঃহাঃ কৈ দৰ্শক সকলোৱে হাঁহিলে)
মই :-- হাতি আৰু পৰুৱা স্কুললৈ গৈছিল । কিন্তু হাতীটো মাজ ৰাস্তাৰপৰা ঘৰলৈ গুচি আহিল । কিয় গুচি আহিল ?

ৰুপম :-- কাৰণ হাতীৰ চাৰ্টত কাউৰীয়ে হাগু কৰি দিলে । (হাঃহাঃহাঃ... কৈ দৰ্শক সকলোৱে হাঁহিলে)
ৰুপম :-- কেন্টিনৰপৰা পুৰা দুশ টকা দি বহুতো আইচক্রীম আৰু ক'ক কিনি আনিছিল দুটা হাতীয়ে । তেনেতে দুটা পৰুৱাই আহি দুয়োটাকে আগভেটি ধৰিলে । কোনো শব্দ নকৰি হাতীদুটায়ে পৰুৱাদুটাক সকলোবোৰ দি ভয়ে ভয়ে গুচি গ'ল । কাৰণ কি ?

মই :-- কাৰণ পৰুৱা আছিল ক্লাছ ইলেভেন আৰু হাতী কেৱল ক্লাছ এইট । (হাঃহাঃহাঃ... কৈ দৰ্শক সকলোৱে হাঁহিলে)

কপিল :-- হ'ব হ'ব..... তোমালোকে এনেকৈ এক্ট কৰি থাকিলে আমাৰ এই প্ৰগাম আৰু দীঘলীয়া হৈ গৈ থাকিব । দুয়োটাই তোমালোকৰ এক্ট ভাল কৰিছা, যোৱা নিজৰ চিটত বহাগৈ ।

''থেংকিউ ছাৰ'' বুলি কৈ আমি দুটা গুচি আহিলো ।

এইবাৰ কপিলে এটা ক'লে....

পৰুৱাৰ ভিচা, পাচপর্ট আদি সকলো আছে, সি প্রতিদিনে পাকিস্তান যায়...... দেখি হাতীৰো চখ হ'ল..... সিও পাকিস্তান যাব, যদিও তাৰ ভিচা-পাচপর্ট নাই ।

সি পৰুৱাক লগ ধৰিলে, ''দোস্তি, মোৰো পাকিস্তান যাবলৈ মন যায় ।''

পৰুৱাই ক'লে, ''কোনো প্ৰবলেম নাই । ব'ল পাকিস্তান যাওঁ ।''

হাতী আৰু পৰুৱা বর্ডাৰ ক্রচ কৰিছে, তেনেসময়তে বিএচএফয়ে আগভেটি ধৰিলে । হাতীক ভিচা পাচপর্ট দেখুৱাব দিলে ।

হাতীয়ে ক'লে, ''দাদা, মোৰ সেইবোৰ একো নাই এই পৰুৱাটোৱে মোক লৈ আহিছে, তাৰ সৈতে কথা পাতক ।''

তাৰপাছত পৰুৱাটোৱে আহি হাতীটোক দেখুৱাই ক'লে, ''এইবাৰ পাকিস্তানত বহুত দিন থাকিব লগীয়া হ'ব, সেয়ে লগত খাদ্য আনিছোঁ । খাদ্যৰ বাবেও ভিচা পাচপর্ট লাগে নেকি ?''

বদঅভ্যাস

By: Sukannya Das
এদিন আমাৰ কণটিলাই গাড়ীৰ অপেক্ষাত নগাওঁৰ জয়শ্ৰী হলৰ সন্মূখত ৰৈ আছিল । তেনেতে এজন ভিক্ষাৰীয়ে তাৰ কাষলৈ আহি টকা খুজিব ধৰিলে । কণটিলাই তাৰপৰা পাতলা দিব ধৰিছিল কিন্তু ভিক্ষাৰীজনে তাৰ পিছ নেৰা হ'ল, তেওঁ বাৰে বাৰে তাক টকা বিচাৰি অসুবিধা দি আছিল ।
কণটিলাই ভিক্ষাৰীজনৰপৰা কেনেকৈ সকাহ পোৱা যায় ভাবিৱ ধৰোঁতেই মনলৈ এটা বুদ্ধি আহিল ! সি ভিক্ষাৰীজনক ক'লে, "মোৰ হাতত বৰ্তমান টকা নাই, যদি আপুনি আপোনাৰ অসুবিধা জনায় তেন্তে নিশ্চয় আপোনাক মই সহায় কৰিম'' ।
ভিক্ষাৰী :-- মই এক কাপ চাহ খাবলৈ বিচাৰো ।
কণটিলা :-- মই আপোনাক চাহৰ সলনি এটা চিগাৰেট দিব পাৰো.....! বুলি কৈ সি পকেটৰপৰা চিগাৰেট এটা উলিয়ালে।
ভিক্ষাৰী :-- মই চিগাৰেট গ্ৰহণ নকৰো, চিগাৰেট স্বাস্থ্যৰ পক্ষে হানিকৰ ।
কণটিলাই হাঁহিলে আৰু আনটো পকেটৰপৰা কোআটাৰ এটা উলিয়ালে আৰুভিক্ষাৰী জনক ক'লে, ''এইটো বটল লওক ।''
ভিক্ষাৰী :-- মই মদ নাখাওঁ, মদে মানুহৰ মগজৰ বুদ্ধি-শক্তি হাস কৰে আৰু লিভাৰ বেয়া কৰে ।
কণটিলাই আকৌ হাঁহি এটা মাৰি ক'লে, ''মই ৰহা যাম, তাত কিছুমান জুআৰীয়েসদায় জুআ খেলে, আজি ময়ো খেলিম, তাত যিমানেই জিকিম সিমানেই আপুনাক দিম"!
ভিক্ষাৰী :-- জুআ খেলাটো বহুত বেয়াকাম, মই জুআ খেলিব নাজানো" ।
কণটিলাই ভিক্ষাৰীজনৰ অতিপাত টেঙনি পায় শেষত ক'লে, ''আপুনি মোৰ ঘৰলৈ যাব পাৰিবনে ?''
ভিক্ষাৰীজন ভাবনাত পৰিল এওঁৰ লগতগ'লে কিবা পাম নে একো নেপাম !!, এনেই যোৱা হ'ব নেকি !!!
তেওঁ সংকোচিত হৈ সুধিলে, ''আপুনি মোক আপোনাৰ ঘৰলৈ কিয় লৈ যাব বিচাৰিছে ?''
কণটিলা :-- মোৰ মানুহজনীয়ে সদায় এনেকুৱা এজন মানুহ চা'ব বিচাৰে, যাৰ কোনো বদঅভ্যাস নাই, মই তাইক দেখুৱাব বিচাৰো যে একো বেয়া অভ্যাস নথকা মানুহৰ কি গতি ।
লাইক/কমেন্ট/শ্বেয়াৰ কৰিবলৈ নাপাহৰিব' মামা নগেনৰ শপত ।

Sunday, 2 March 2014

চিত্ৰাংকনৰ পৰীক্ষা

By: Bishnu Das Maina

চিত্ৰাংকনৰ পৰীক্ষাত সকলোৱে নিজ ইচ্ছামতে ছবি আঁকি আছিল। মাথোঁ বিপুলেহে একো নেআঁকি বগা কাগজ জমা দিলে
শিক্ষক : এয়া কি? তুমি ছবি অঁকা নাই কিয়?
বিপুল : ছাৰ, মোৰ বিষয়টো আছিল ছাগলি আৰো ঘাঁহ। পিছে ছাগলীয়ে আটাইবোৰ ঘাঁহ খাই পেলালে
শিক্ষক : ঘাঁহবোৰ বাৰো খালে, কিন্তু ছাগলী ক'লৈ গ'ল
বিপুল : পেট ভৰাই ঘাঁহ খোৱাৰ পাছত ছাগলী জানো আৰো থিয় হৈ থাকিব? বেলেগ ক'ৰবালৈ গুচি গ'ল আকৌ |

Monday, 24 February 2014

এজন ৰজা

By: Raju Barman

এবাৰ এজন ৰজাৰ বৰ টান নৰিয়া হৈছিল । কোনোমতেহে যম ৰজাক মেনেজ কৰি কিছুদিনৰ ভেলিডিতি বঢ়াই আনিলে । এতিয়া দেহাটো কিছু সবল কৰাৰ মনেৰে ৰজাই আদেশ দিলে -"প্ৰতিজন প্ৰজাই মোৰ বাবে একোটাকৈ ফল আনিব লাগে । " আদেশ পাই প্ৰজাগণে ফল আনিবলৈ ধৰিলে । কোনোৱে আনিছে এটা কল, কোনোৱে এটা আঙুৰ, কোনোৱে আকৌ এটা আপেল । তাকে দেখি ৰজাৰ খঙে চুলিৰ আগ পালেগৈ ।
ৰজা: তহতে মোক অপমান কৰিছ । এটা এটা ফল আনি ৰজাক উপলুঙা কৰিবলৈ তহতে সাহস কত পালি ?

প্ৰজা : মহাৰাজ, আপুনিয়েইটো এটাকৈ ফল অনাৰ আদেশ দিছিল......,,

ৰজা : মুৰ্খহত, মই এবিধ ফল অনাৰ কথাহে বুজাইছিলো...,.. এই মুৰ্খামিৰ বাবে ইহতক শাস্তি প্ৰদান কৰা হওক । ৰজাই আদেশ দিলে যে প্ৰতিজন প্ৰজাকে সিহতে অনা ফল বোৰ নিজৰ নিজৰ 'বেক পেনেলেদি' সুমুৱাই দিব লাগে ।

আদেশ দিয়াৰ লগে লগে শাস্তি প্ৰদান প্ৰক্ৰিয়া আৰম্ভ হল ।
প্ৰথমে পাল পৰিল আঙুৰ অনা প্ৰজাজনৰ পাল.....

আঙুৰ অনা প্ৰজা: আইঔ......
.
ইয়াৰ পিছত পাল পৰিল জলফাই অনাজনৰ.....

প্ৰজা : আ..আ..আই ঔ....
.
Next পৰিল কলৰ পাল....
.
প্ৰজা : ..আহ.....আ....আ...আ..ই..ঔ.....ওমা...আইঔ..,
.
Next আপেল অনা প্ৰজাজনৰ পাল ।

প্ৰজা : ও..মা..ঔ...মৰিলোঔ....আই..ঔ...আই..ঔ.....ও মহাৰাজ , বছাওক ঐ.....আ......ই.......ঔ....

এনেদৰে গৈ গৈ এইবাৰ পৰিল আনাৰস অনা প্ৰজাজনৰ পাল । কিন্তু সকলোকে আচৰিত কৰি প্ৰজাজনে হাহিবলৈ ধৰিলে ।

প্ৰজা: হে...হে....হে......হা....হা...হা...

তাকে দেখি ৰজাই সুধিলে : তুমি হাহিছাযে......কষ্ট পোৱা নাই নেকি ?

প্ৰজা : মোৰ কষ্টৰ কথা নকব মহাৰাজ...... পিছৰ জনৰ কথা ভাবিহে মোৰ হাহি উঠিছে ।

ৰজা : কিয় ?

প্ৰজা: মোৰ পিছত .........কঠালৰ পাল মহাৰাজ.......!!!!!!

Saturday, 1 February 2014

মানুহ তিনিটা, কণী যে চাৰিটা

`যোৱাবেলিৰ পিকনিকৰ আগদিনাৰ ঘটনা এয়া। চেংমা, দত্ত আৰু কলিতাই কথাটো ৰাজহুৱা কৰাৰ বাবে মোক পিটিব চাগে।
পিকনিকৰ বাবে যা যোগাৰ সম্পূৰ্ণ হৈ গৈছে তেতিয়া । পিচদিনা ৰাতিপুৱা যোৱাটোহে কথা। পিকনিকৰ সকলো খোৱা সামগ্ৰী দত্তৰ ৰুমত । চেংমা আৰু কলিতাও দত্তৰ কোঠাতে ৰাতিটো কটোৱা প্লেন কৰিলে ।( আচলতে দত্তই পেপ্চিৰ মাজু মাইনা এটা আনি থৈছিলে আক')। লগতে পিকনিকত ব্ৰেকফাষ্টৰ বাবে কণী সিজোৱাৰ দায়িত্বও দত্তৰ ওপৰতে। তিনিওয়ে পেপচি খাই খাই কণী সিজাই আছিলে। এনেতে দত্তই আবিস্কাৰ কৰিলে যে পিকনিকত যাব লগা মানুহৰ সংখ্যাৰ বিপৰিতে কণী ৪ টা বেছি আছে। ত্ৰিমূৰ্তি খুচ।
দত্তঃ “ অই চেং, ৪টা কণীৰ বাকলি গুচা জলদি।”
চেংমাঃ “মেৰি, ৪টা কণী আমি কেনেকৈ খাম বে?”
দত্তঃ “আগত বাকলি গুচাই দে। তাৰ পাচত কেনেকৈ খাব লাগে শিকাই দিম।”
চেংমাঃ ”নহয় মানে মানুহ তিনিটা, কণী যে চাৰিটা। তাকেহে কৈছো। ”
ইমান টাইম মনে মনে থকা কলিতাই মাত লগালেঃ “কাম এটা কৰা হওক। এতিয়া তিনিটা কণী তিনিও খাই শুই থাকো । ৰাতি কোনে কি সপোন দেখা পাও, ৰাতিপুৱা সবকে কব লাগিব। যিয়ে সাংঘাতিক সপোন এটা দেখিব তাকে বাকী থকা কণীটো খাব দিয়া হব।”
“অ’কে । ইট উইল বি নাইচ ।“ লাষ্ট পেগ মাৰি দত্তই নিজৰ ভাগৰ কণীটো খালে আৰু চেংমা-কলিতাকো সিহঁতৰ ভাগৰ কণী দুটা দি ৪নং কণীটো ৰাতিপুৱালৈ বুলি থৈ দিলে।।(সিবিধ খালে দত্ত কাইটিৰ ইংৰাজী অলপ বেছিকৈ ওলাই যে)
“ৰাতিপুৱা কণীটো ময়েই খাম বাপ্পেকে। এনেকুৱা সাংঘাতিক সপোন দেখিম নহয় আজি।” তিনিও কণীৰ লোভত ইকাতি সিকাতি কৰোতেই নিশা পাৰ হ’ল। সপোন হলে কোনেও একো নেদেখিলে।
কুকুৰাই ডাক দিয়াৰ আগতেই তিনিও উঠি বহিল।
“কালি ৰাতি সপোনত মোৰ বিয়া হোৱা দেখিলো বে। একদম ঠৌগা বগী মেম যেন ছোৱালী। বিয়াৰ দিনা কেচা হালধী গাত দিয়াৰ পাচত মোকো তামাম বগা হেন্দচাম লাগিছিলে। আমি হনীমুনত পেৰিচ গৈছিলো। তামাম এনজ’য় কৰিলো বে।”, দত্তই এতিয়া উঠি কণীটো খায়েই আৰু।
“অ’ই বেটা ৰ’। কাম নাইকিয়া ইম্পচিবল সপোনবোৰ দেখিলেই তই কণী খাব পাৰিবি নেকি হা?” চেংমাই দত্তৰ কাণত ধৰি বিছনাত বহুৱাই থলে, ” মোৰ সপোনটো শুন এতিয়া। এইবাৰ ধুম ফ’ৰ চিনেমাত মোক মেইন ৰ’ল কৰিব দিলে নহয়। তাতে অভিশ্বেক আৰু উদয়ো ৰিতায়াৰ হ’ল নহয় । মেৰি, তোক দিয়া হৈছিল উদয়ৰ পাৰ্ট আৰু অপু হ’ল অভিশ্বেক। হিৰোইন কোন গম পাও নাই। আমাৰ চানী আক’ ।”
“চানী দেউল কেতিয়াৰ পৰা হিৰইন হ’ল বে।” ইমান টাইম মনে মনে থকা অপুৱে টপকে মাত লগালে।
“গাধ, তই কোনখন দুনীয়াৰ প্ৰাণী বে। চানী দেউল নহয়, চানী লেওন। মাকচম কি একটিং কৰিছো ৰে মই, ফালি দিছো। এতিয়া কণীটোও ময়েই খাম।”
“কালি মই ইমান এটা খাচ সপোন দেখা নাপালো” গহীনকৈ অপুৱে মাত লগালে, “মোৰ সপোনত কালি খোদ মহাদেব আহি বৰ বেয়াকে গালি দিলে ৰে। তাৰ পাচত মোৰ গলত ত্ৰিশুল ডাল লগাই কলে যে তই এতিয়াই কণীটো গিলি থ, নহলে তোৰ সৰ্বনাশ হব। মই বাবা মহাদেবৰ আদেশ সৰোগত কৰি ৰাতিয়ে কণীটো খাই থলো”
“খা বাপেকে ভীম কলটো এতিয়া।“

By: Hemanta Medhi

ছোৱালীবোৰ সচাঁয় বদমাছ্

মদন গাভৰুপথাৰ অঞ্চলৰ বিৰাত বিখ্যাত তজবজীয়া ডেকা ।
ইজনীক এৰি সিজনীৰ প্রেমত পৰে , তেনেকৈয়ে বিয়াৰ বয়স পাৰ হবৰ হ’ল আৰু,
বিয়া পাতিবৰ বাবে কইনা বিচাৰি ফুৰিছে, গাঁৱৰ ছোৱালী, কাৰণ তাৰ মতে গাৱঁৰ ছোৱালীবোৰৰ স্বভাৱ চৰিত্র হেনো ভাল, টাউনৰ বোৰ ভেজাল সি জানে ,সকলো তাৰ নখ দৰ্পনত,
এদিন গাৱঁৰে খুউব ধূনীয়া ছোৱালী বিয়া পাতি আনিলে । ঘৰতে বহি কইনাক বুজাইছে
মদন : বুজিছা ৰীণা, তুমি আমাৰ ইয়াৰ মানে টাউনৰ ছোৱালী /গাভৰুবোৰৰ লগত বৰকৈ হলিগলি নকৰিবা, বৰ বদমাছ্ সিহঁত. বৰ মিছলীয়া , যাৰে তাৰে মিছা মিছি কথাবোৰ লগাই ফুৰে ।
ৰীণা :- হয়নেকি ? আমি যে তেনেকুৱা নহয় দেই ।
মদন : আৰু কি জানা এই ছোৱালীবোৰে যাৰে তাৰে লগত থাকিবলৈ যায় আৰু বহু টকা লয় ।
ৰীণা :- অ’ হয়নেকি ? টকা লয় ?........ও আমাৰ গাৱঁত ভাওনা চাওনা হলে নয়নদাদাসঁতে বাদাম/চানা এপেকেত দিলেই আমি থাকোগৈ ,টকা চকা নলও দেই,
ইয়াৰ ছোৱালীবোৰ সচাঁয় বদমাছ্ দেই…………!

: সংগ্রহীত
By: Nayanjit Deka

দুখ নকৰিবি মেৰী

ধীমানৰ দেউতাক ঢুকাওতে সকলোৱে খবৰ লব গৈছিল, সকলোৱে শান্তনা দিলে,
জয় - দুখ নকৰিবি ধীমান, যোৱা মানুহ যাবই, মানুহজন খুব ভাল, ধুনীয়া আছিল অন্তৰৰ পৰা, তেওঁ অকল তোৰেই দেউতা নাছিল, মোৰ ব্য়ক্তিগত জীৱনত তেওঁক নিজৰ দেউতা বুলিয়েই ভাবিছিলো ৷

- - - - - - - - - - - - - - - - - -
মেৰীৰ ঘৈনীয়েকক কুকুৰে কামুৰি মাৰিলে
কইলতা খবৰ লব গৈ দেখে
মেৰী ছুইচাইড কৰে আৰু পেপচি খায়, ছুইচাইড কৰে আৰু পেপচি খায়
কইলতা - দুখ নকৰিবি মেৰী, মানুহজনী খুব ভাল আছিল,ফিগাৰ ভাল আছিল, তেওঁ অকল তোৰেই ঘৈণী নাছিল ব্য়ক্তিগত জীৱনত তাইকেই মই ঘৈণী বুলি ভাবিছিলোঁ ...............

কইলতা দিছপুৰ পলিক্লিনিকত আছে, ড:বৰদলৈয়ে বাচি থকাৰ আশা প্ৰায় নাই বুলি কৈছি |


By : Dhiman Adhikary

Sunday, 26 January 2014

ছোৱালীবোৰৰ মনোজগত

নাৰীৰ হেনো মহিমা অপাৰ। তথাপি ছোৱালীবোৰৰ মনোজগতত চলি থকা অনুভূতি বিশেষৰ কিছুমান বাহ্যিক লক্ষণ তথাপ্ৰেমৰ বাবে বিশেষ কিছুমানকথা ৰাইজৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিছো-

(১) ছোৱালীয়ে যেতিয়া আপোনাৰলগত হোৱা কথা বতৰা নাইবা চিনাকী পর্বৰ মাজত অথবা আপোনাৰ আশে পাশে থকা অৱস্থাত বাৰে বাৰে চুলিসোপা চুই থাকে তেন্তে বুজিব তেওঁ আপোনাৰ দৃষ্টি আকর্ষণ কৰিবলৈ চেষ্টা কৰি আছে।

(২) যদি ছোৱালীজনীয়ে আপোনাৰসৈতে হোৱা কথা বতৰাৰ মাজে মাজে মিছিকিয়া হাঁহি মাৰে, বুজিব তেওঁ আপোনাৰ প্ৰতি দুর্বল। কিন্তু ভাল পোৱা প্ৰকাশ কৰাবলৈ আপুনি নিজৰ যোগ্যতা প্ৰমাণ কৰিব লাগিব পাৰে।

(৩) যদি ছোৱালীজনীয়ে আপোনাকলগ পাওঁতে অথবা একেলগে কৰোবালৈ যাওঁতে বেছিভাগ সময়ে মোবাইলত ব্যস্ত হৈ থাকে অথবা ব্যস্ত দেখুৱায় তেন্তে বুজিব তেওঁ আপোনাক কাষত বিচৰা নাই। পাৰাপক্ষততেওঁৰপৰা আঁতৰি থাকক। আৰু যদি তেওঁ পিছত আপোনাক সুধে কিয় আঁতৰি আছে বুলি তেন্তে এই কথাখিনি তেওঁক স্পষ্টকৈকৈ দিয়ক।

(৪) কোনো ছোৱালীয়ে আপোনাৰ সৈতে যদি কথা কৈ থাকোতে মাজে মাজে ওঁঠ চেলেকি থাকে বুজিব তেওঁ আপোনাক সন্মান কৰে আৰু তেওঁ আপোনাৰ আগত ক'বলগীয়া অথবা আলোচনা কৰিবলগীয়া বহুতো কথা আছে।

(৫) যদি কোনো ছোৱালীয়ে এজনীবান্ধবীৰ লগত কিবা কথা কৈ থাকোতে আন বান্ধবীয়ে একদম কাষৰপৰাই তাইক উদ্দেশ্যে কিবা কয় অথচ তাই গুৰত্ব নিদিয়ে আৰু অলপ পিছত ক'বলৈওকোনো ইংগিত নিদিয়ে আৰু এনেকুৱা তাই বহুতৰে লগত কৰে তেন্তে তেনেকুৱা ছোৱালীৰ লগত প্ৰেমতো বাদেইবন্ধুত্ব কৰাও অনুচিত। নহ'লে আপুনি কেতিয়াবা হ'লেও ভুক্তভোগী হোৱাৰ সম্ভাৱনা আহি যায়।

(৬) সাধাৰণতে ছোৱালীয়ে আইচক্ৰিম আৰু টেঙা বৰ ভাল পায়। যিবিলাক ছোৱালীয়ে হাতেৰে এনেই নাকটোৰ ঘাম মুচাৰ নিচিনা কৰি থাকে আৰু নাকটো হোৱাই নহোৱাই ঢাকি ৰাখে তেনেকুৱা ছোৱালীৰ জিভাত কেইটামান আইছক্ৰিম পেলাই আপোনাৰ প্ৰেমপর্বৰ শুভ আৰম্ভনি কৰক। কাম দিব।

(৭) সকলো ছোৱালীয়ে গিফ্ট ভাল পায়। সৰু সৰু মৰমলগা এনেকুৱা কিছুমান গিফ্ট দিয়ক যিবোৰে তাইক আপোনাৰ কথা মনত পেলাই দি থাকে। প্ৰথমতে দামী গিফ্ট ভুলতো নিদিব।

(৮) যদি কেতিয়াবা কোনো ছোৱালীয়ে নিজৰ ভৰি দুখন বিনা কাৰণত এনেই বাৰে বাৰে ঘহাই থাকে বুজিব তেওঁৰ বেটৰী ফুল চার্জ হৈ আছে।
By: Ashok Kumar Nath

Monday, 6 January 2014

ফেহুৰ কইনা চোৱা

ফেহুৰ কাৰণে ঘৰৰ ফালৰ পৰা কইনা বিচাৰি আছে ৷ মুঠতে এইবাৰ তাৰ বিয়া পাতিব ৷ ফেহু হ’ল মোৰ একমাত্ৰ বন্ধু ৷ ফেহু নামটো সন্ধি ভাঙি চালেই আপুনি নিজেই বুজি পাব তাৰ নামৰ অৰ্থ (ফেঁচা + হুদু = ফেহু )৷ পিচে জন্ম কুণ্ডলিত তাৰ আচল নাম বাপেকে ৰাখিছিল ‘যম’ বুলিহে ৷ কাৰণ সি জন্মাৰ পিচতে হেনো মাক ঢুকাইছিল সেই কাৰণে বাপেকে তাৰ নাম যম ৰিখিছিল ৷ পাচত পঢ়াশালিত নাম লেখি দিওতে বহুতৰ বুজনিত তাৰ নাম ৰাখিলে ‘অনল’ বুলি ৷ কিন্তু অলপ ডাঙৰ হোৱাৰ পিচত তাৰ নামটো লৈ ছোৱালীবোৰে ফিচিঙা-ফিচিঙি কৰিব ধৰাত সি তাৰ নামটো সলনি কৰি কৰিলে ‘অনিল’ ৷ আমাৰ বন্ধুসকলৰ মাজত সি ফেহু বুলিয়ে জনাজাত ৷ তাৰো কোনো আপত্তি নাই ৷ তাৰ কিন্তু কীৰ্তণ, নামঘোষাত বৰ গিয়ান ৷
অ’ কি কৈ আছিলো ? অ’ মনত পৰিছে – ফেহুৰ বিয়া ৷ হয় ঠিকেই শুনিছে, ফেহুৰ কাৰণে কইনা বিচাৰিব ধৰিছে ঘৰৰ মানুহে ৷ আৰু এঠাইৰ পৰা খবৰো আহিল ৷ সিহতৰ ঘৰৰ মানুহে ছোৱালীজনী চায়ো আহিল ৷ ছোৱালীৰ ঘৰ আমাৰ গাঁওৰ পৰা ২৫ কি.মি. মান নিলগত ৷ মাজতে এখন প্ৰকাণ্ড অৰণ্য ৷
ছোৱালী চাই অহা কেইজনৰ মতামত হুবহু এনেধৰণৰ –
১ম মানুহ – ছোৱালীজনী সাইলাখ লক্ষী, কিন্তু ওপৰৰ দাঁত পাৰি মাত্ৰ অলপ বাহিৰ ওলোৱা ৷ বাকী ভাল ৷
২য় মানুহ – ছোৱালীজনী দেখাত বৰ সুন্দৰ, কিন্তু ৰঙতো কলা ৷ তাতে কি হ’ল, কৃষ্ণৰো ৰঙ কলা আছিল দেখোন ৷
৩য় মানুহ – বাকী সব ভাল মাত্ৰ পেটতো অলপ ওলোৱা ৷
সকলোৰে কথা শুনি ফেহু আৰু মই থিক ধৰিব পৰা নাই আচলতে ছোৱালীজনী দেখাত কেনে হব ৷ সেয়েহে দুয়ো ঠিক কৰিলো এদিন দুয়ো গৈ ছোৱালীজনী চাই আহিম ৷
কথামতেই কাম, ফেহুই এজন বন্ধুৰ পৰা এজোৰ কা্পোৰ ললে, ঠিকে আছে মাত্ৰ অলপ লুজ হৈছে ৷ মুঠতে কাম চলি যাব ৷ ময়ো মোৰ বন্ধুক নিম বুলি এজনক তেল মাৰি পুৰণা ‘য়ামাহা’ বাইক এখন জোগাৰ কৰিলো ৷ এইমতে এদিন ছোৱালী চাবলৈ দুই বন্ধু যাত্ৰা কৰিলো শুভ দিন-বাৰ চাই ৷
আমি যাত্ৰা আৰম্ভ কৰি কিছুদূৰ গৈ, অলপ দূৰ পোৱাৰ পিচত চিনাকি মানুহে নেদেখে বুলি নিশ্চিন্ত হৈ দুয়ো দুটা চিগাৰেট জলাই লৈ বাইকত শ্বোলে চিনেমাৰ জয় আৰু বিৰুৰ দৰে গৈ আছো ৷ মাজে মাজে চিগাৰেটৰ টান দিছো ৷ মুঠতে বিন্দাচ গৈ আছো ৷ মোৰ বাইকখনৰ হৰ্ণটোৰ বাহিৰে বাকি সব পাৰ্টচৰ পৰা নানা শব্দ ওলাই এনে এক পৰিবেশ হৈছে যেন আমাৰ লগত কোনোবাই চেনহাই বাদন কৰিহে গৈছে ৷ মুঠতে সব মিলি বিন্দাচ গৈ আছো ৷ গৈ গৈ দুয়ো গাঁওৰ মাজৰ অৰণ্যখন পালো ৷ আমিও অলপ গহিন হলো ৷ ৰাস্তাটো ঠেক ৷ গৈ গৈ আমি ৯০ ডিগ্ৰিৰ কেকুৰিটো পালো ৷ কেকুৰিটো ঘুৰিয়ে আমাৰ মূৰ ঘুৰি গ’ল ৷ সন্মুখত এখন কাঠৰ দলং আৰু দলঙৰ ওপৰত এটা প্ৰকাণ্ড দাঁতাল হাতি ৷ মোৰ হাত-ভৰি কপিব ধৰিলে ৷ হাত-ভৰি বাদ দিয়ক মোৰ বাইক পৰ্য্যন্ত কপিব ধৰিলে ৷ বাইকৰ ষ্টাৰ্ট বন্ধ হৈ গ’ল ৷ মই ভয়ে ভয়ে ফেহুক চালো পিচ ফালে ৷ কিন্তু ফেহু চিটত নাই, মোৰ মূৰ ঘুৰি গল ৷ ঠেক ৰাস্তা পলাবও ঔপাই নাই ৷ ইপিনে দুয়োপিনে জংগল ৷ এনেতে দেখো ফেহুক দেখিলো, সি ৰাস্তাত দীঘল দি পৰি কিবা কিবি বকি আছে ৷ শুনিলো, সি গজেন্দ্ৰা উপাখ্যান আৰু নামঘোষাৰ পদ মাতি মাতি হাতিটোক প্ৰাৰ্থণা কৰিবা লাগিছে ৷ মাজতে কৈছে ‘কৈত গৈলা মাও, কৈত গৈলা বাপ, আজি হস্তিৰ শুৰে প্ৰাণ চলি যা্য়’ ৷ দুয়োৰে অৱস্থা সাংঘাতিক ৷ এনেতে জংগলৰ পৰা মাত এটা ভাহি আহিল – ওই ভয় নাখাবি, মই ইয়াত আছোদে ৷ মই চালো, কিন্তু কাকো দেখা নাপালো, মনতে ভবিলো টাৰ্জান জাতীয় কিবা নেকি ? নাই, অলপ পিচত দেখিলো মানুহ এজন থি্য দি আছে, বোধহল সি পায়খানা কৰিব গৈছে৷ মানুহ জনে কলে ভয় নাখাবি, মোৰ হাতি যা, একো নকৰে ৷ মই তাক কলো যে হাতিটো অলপ ৰাস্তাৰ পৰা গুচাই দিবলৈ ৷ সি কিবা এটা কলে আৰু হাতিটো দলংৰ পৰা নামি জংগলত সোমাই গল ৷ তেতিয়ালৈ ফেহুও উঠি থিয় দিছে ৷ দেখিলো, তাৰ চোলাত বোকা-ধূলিৰে ভৰ্তি ৷ সি এতিয়া নাযা্য় ছোৱালী চাব ৷ বহুত বুজাই মেলি তাক সন্মত কৰালো ৷ মই তাৰ কাপোৰ-কানি জাৰি-জোকাৰি দিলো ৷ পেন্টৰ পিনে চাই দেখিলো তিতি আছে, মিছা কলে কিডাল হ’ব, মোৰো দুটুপ মান ওলাইছে ৷
শেষত ছোৱালীৰ ঘৰ পালো ৷ আথে-বেথে আমাক বহিব দি খুৱালে ৷ আমাৰ টেনচন, সোনকালে জংগলৰ ৰাস্তা পাৰ হব লাগে ৷ গতিকে খাই উঠিয়ে কলো – যাও দিয়ক আমি ৷ ছোৱালীঘৰৰ মানুহে কলে, কিহে ছোৱালী নেদেখাকৈয়ে যাবা নেকি ? হয়তো, আমি বহিলো ৷ এজনীয়ে তামোল পান দি গল ৷ আন এজনীয়ে দুয়োকে দুখন গামোচা দিলে, ফেহুই দেখোন টপকৈ সেৱা কৰি দিলে এইজনীক ৷ ছোৱালী একে জাপে ঘৰৰ ভিতৰত সোমাল ৷ কোনোবা এজনীয়ে কলে, কি কল্লাহে বাপু, কইনাটুকে সেৱা কল্লা দেখুন ৷ ফেহুই মোৰ কানৰ কাষত কলে, মই ছোৱালীৰ মাক বুলিহে ভাবিছিলো ৷ যাহওক, সকলো নিয়ম-নীতি শেষ কৰি আমি দিনৰ পোহৰতে ঘৰ ওলালোহি ৷
ইমানৰ পাচত আপুনি আশাকৰি আছে নেকি, ফেহুৰ বিয়া খাম বুলি ?

Monday, 16 December 2013

কি কৰো বাৰু এতিয়া...!

আজি ভুল এটা(নে দুটা! )কৰিলো....
.
.
ঘৰলৈ যাবলৈ সাহসেই গোটাব পৰা নাই...
.
.
কি হ’ল জানে~
.
.
আজি দুপৰীয়া অফিচত থাকোতে ফোন এটা আহিল..

বৰ মৰমসনা মাতেৰে এগৰাকীয়ে দুই এটা কথা পাতি সুধিলে,
.
.
“আপুনি বিয়া পতা নেকি..? ”
.
.
মই উত্তৰ দিলো যে নাই, মই অবিবাহিত... পিছে তুমিনো কোন?
.
.
সিফালৰ পৰা উত্তৰ আহিল,
“মই আপোনাৰ মানুহজনীয়ে কৈছো, আহক আজি ঘৰলৈ...! ”
.
.
কৃষ্ণ! কি ভুল কৰিলো...
.
.
.
কিছু সময়ৰ পাছত আকৌ এটা ফোন আহিল...

আকৌ বৰ মৰমসনা মহিলাৰ মাত এটি ভাঁহি আহিল~ সুধিলে,

“আপুনি বিয়া কৰোৱা নেকি..? ”
.
.
এইবাৰ চিধা উত্তৰ দিলো,
“হয়, মই বিবাহিত.. ”
.
.
কিন্তু, সিফালৰ পৰা উত্তৰ আহিল...
“হয় নেকি দগাবাজ..! মই তোমাৰ গাৰ্লফ্ৰেণ্ডে কৈছো... ”
.
.
ছে! এইয়া কি হ’ল...
ভুল শুধৰাবলৈ লগে লগে উত্তৰ দিলো..
“নাই, নাই বেবী.. ধেমালীহে কৰিছো..! ”
.
.
.
আৰু এইষাৰ শুনি সিফালৰ পৰা এটা বিস্ফোৰণ হ’ল...
“বেবী..! হয়নে..! বিয়া পতা ইমান দিন হ’ল, মোকতো ঘৰত এদিনো এনেকৈ মাতি নাপালে... আহক আজি ঘৰলৈ... ”
.
.
.
.
দেখিলে..! কি কৰো বাৰু এতিয়া...!
by: Hemanta Hazarika

সেই একেই কাহিনী

আমাৰ আশীষদা বোলে কেইদিনমানৰ আগতে থকা কলেজ হোষ্টেলটো চাবলৈ গৈছিল।তাত তেওঁ থকা ৰূমটোৰ দর্জাখনত গৈ টোকৰ মাৰিলগৈ।এজন ল'ৰাই দর্জা খুলি দিলে।ভিতৰত সোমাই আশীষদা নষ্টালজিক হৈ পৰিল।
কবিতাৰ সুৰত তেওঁ কৈ উঠিল- আস্ সেই একেখনেই খিৰিকী একেই টেবুল একেই বিছনা।সকলোতে তেওঁ আলফুলে হাত ফুৰাই গ'ল।
...হঠাৎ তেওঁ বিছনাৰ তললৈ হাউলি চালে.....

আচৰিত!এজনী ছোৱালী লুকাই আছিল।
ডেকাজনে তৎক্ষণাত কৈ উঠিল- ভুল নকৰিব মহাশয়,এয়া মোৰ ভাগিনীহে,মোৰ খবৰ লবলৈ আহিছিল।

কাণফুলি হেৰুৱাৰ বাবেহে তাই তেনেকৈ বিচাৰি আছে।আশীষদাই পুনৰ কৈ উঠিল-..
.
.
.
.
.
..-আৰু সেই একেই কাহিনীৰ পুনৰাবৃত্তি!
by: Ripunjoy Chetia