Showing posts with label প্ৰফেছাৰ হিজবিজ. Show all posts
Showing posts with label প্ৰফেছাৰ হিজবিজ. Show all posts

Monday, 1 September 2014

ব্যাখ্যা

by:Amritkumar Das

শিক্ষক : প্ৰসংগ সংগতি যিকোনো কবিতা এফাকি ব্যাখ্যা কৰা ।
ছাত্ৰ : ভীগে হোঠ তেৰে, প্যাসা দিল মেৰা ।
উক্ত কবিতা ফাকি বলিউডৰ প্ৰসিদ্ধ কবি সাধু শ্ৰী ইমৰান হাছমী(চুম্বন দেৱতা ) দেৱৰ দ্বাৰা ৰচিত মাডাৰ নামৰ কবিতা পুথি খনৰ ভীগে হোঠ তেৰে কবিতাটোৰ পৰা লোৱা হৈছে ।
এই কবিতাটোত কবিয়ে যেতিয়াই দেৱী মল্লিকাক নিবস্ত্র নচা দেখে তেতিয়াই তেওঁৰ সহ্য সীমা পাৰ হৈ যায় আৰু তেওঁ কয় হে দেৱী........ যেনেকৈ তোমাৰ ওঁঠৰ ভিতৰৰ পানীয়ে তোমাৰ পিয়াহ আতৰাইছে তেনেকৈ সেই পানীৰে মোৰো পিয়াহ আতৰাব বিচাৰো ।
উক্ত কবিতাফাকিৰ জৰিয়তে কবিয়ে তেওঁৰ হাৰামী , নীচ আৰু অশ্লীল মনোভাৱ ব্যক্ত কৰিছে ।
কবিৰ ভাব সৰল আৰু স্পষ্ট ৰূপত চালে চৰিত্ৰহীন বুলি ভক্তসকলে দেখা পাব । আৰু কবিতাটোৰ জৰিয়তে কবিয়ে স্পষ্ট ভাৱে তেওঁৰ কঠোৰ আৰু নাৰীদেহৰ প্ৰতি থকা দুবলতাৰ প্ৰমাণ জনসাধাৰণৰ আগত দাঙি ধৰিছে ।

Friday, 30 May 2014

আপোনাৰ বয়ফ্ৰেণ্ড আছেনে?

By: Gautam G Ovi Nd
এগৰাকী মহিলালৈ এবাৰ এজন পুৰুষৰ পৰা ফোন আহিল ।

মহিলা: হেল্ল্
পুৰুষ: আপোনাৰ বয়ফ্ৰেণ্ড আছেনে?
মহিলা: আছে, পিছে আপুনি কোন?
পুৰুষ: মই তোৰ ককায়েৰ ।


আকৌ ঠিক তেনেদৰেই আৰু এটা ফোন আহিল ।

মহিলা: হেল্ল্
পুৰুষ: আপোনাৰ বয়ফ্ৰেণ্ড আছেনে?
মহিলা: নাই, পিছে আপুনি কোন?
পুৰুষ: মই তোমাৰ বয়ফ্ৰেণ্ড ।
মহিলা: অহ! চৰি চৰি, তোমাক মই মোৰ দাদা বুলি ভাবিছিলো ।
পুৰুষ: হাৰামজাদী, মই তোৰ গিৰিয়েৰ । ৰ' তোক ঘৰত গৈ দি আছো ।।

Sunday, 13 April 2014

পৃথিৱীৰ সর্বশেষ্ট উদ্ভাৱক

লক্ষ্য জ্যোতি নাথ

"পৃথিৱীৰ সর্বশেষ্ট উদ্ভাৱক(সকলোতকৈ বেছি বস্তু উদ্ভাৱন কৰা) বিজ্ঞানীজনৰ নাম কি? তেওঁৰ তিনিটা উদ্ভাৱনৰ নাম ক'ব পাৰিবনে।"

প্রশ্নতোৰ সঠিক উত্তৰ বহুতেই দিলে। প্রশ্নতোৰ সঠিক উত্তৰ হ'ল 'টমাচ আলভা এডিচন'। তেওঁ উদ্ভাৱন কৰা বস্তুবোৰ হ'ল
১] বিজুলি বাতি
২] টেলিফোন
৩] টেলিগ্রাফ
৪] গ্রামোফোন
৫] বাইনেট স্কপ' ইত্যাদি।


পষ্টটোত কেইজনমান লোকে বৰ আমোদজনক কমেন্ট কেইটামান দিলে। তেওঁলোকে কোৱা বিজ্ঞানীকেইজনক আমি চিনাকি হওঁ আহঁকচোন...

১) গৌৰব গগৈ (মতা মাছ আৰু মহিলা মাছৰ উদ্ভাৱক)

২) (এজনে লিখিছে) স্হান, কাল হিচাপে যদি উত্তৰ দিওঁ অসমত নির্বাচন কালত মোবাইল, কম্পিউটাৰ, ইন্টাৰনেট আদি সকলোবোৰ বস্তুৰ ৰাজীব গান্ধীৰ আবিষ্কাৰ।

৩) তৰুণ গগৈ
(ক) গড়ৰ খর্গ কটা পদ্ধতি উদ্ভাৱন
(খ) বানপানী পৰা বাচিব কলগছ ৰুব লাগে
(গ) হাতীৰ পৰা বাচিব জলকীয়া ৰুব লাগে।

(৪) (এজনৰ কমেন্ট আৰু একোপ চৰা) ৰকিবুল হুছেইন, তেওঁ গড়ৰ খর্গ কটা মেচিন বনাই আছে, তৈয়াৰ হোৱা নাই।

কমেন্টকেইটা পঢ়ি মই হাঁহি ৰখাব পৰা নাই গতিকে শ্বেয়াৰ কৰিলো ।

Friday, 4 April 2014

কিয় গুছি গ'লা ??

by নিভা গগৈ

ৰাতিপুৱা ঘটনা ,আশীষ দা ,ছোটা ডন আৰু মই ৰাষ্টাতে ৰৈ কথাপাতি আছোঃ

আশীষ দাঃ কালিৰ পৰা টেমা গৰম হৈ আছে বে ,ইমান লেতেৰা কৰি পেলাইছে যে ৰগৰৰ ৱালখন খঙত চুলি চিঙি দিব মন গৈছে নিজকে নিজে ।
ছোটা ডনঃ মোৰ আৰু গৰম হৈ আছে দেই ।জুই জ্বলি আছে একেবাৰে ভমভমাই ।

মই একো নামাতি ঘৰলৈ দৌৰ মাৰিলো ।পিছফালৰ পৰা আশীষ দায়ে চিঞৰিলে ,কি হ'ল নিভা ,কিয় গুছি গ'লা ??

মইঃ এক মিনিট ৰব দেই দুইজনেই ,মই আহি আছো ।চাহৰ চচ্ টো লৈ আঁহো , আমাৰ আজি চিলিণ্ডাৰ শেষ হ'ল . ৰাতিপুৱাৰ পৰা চাহ একাপও খোৱা নাই ,দুইজনৰ গাত জুই লাগি থাকোতেই চাহ একাপ বনাই লও !!

Wednesday, 19 March 2014

মহন্ত অষ্ট্রেলিয়াত থকা সময়ৰ কথা

By: Nayanjit Deka
আমাৰ মহন্তকনো কোনে চিনি নাপায়। এইয়া মহন্ত অষ্ট্রেলিয়াত থকা সময়ৰ কথা। এদিনাখন মহন্ত Woolworth's (অষ্ট্রেলিয়াৰ এখন বৃহৎ চুপাৰমাৰ্কেট) গ’ল। চুপাৰমাৰ্কেটত মেকুৰিৰ খাদ্য বহুত বেছি ৰেহাই মূল্যত দি থকা দেখিলে। মহন্তই ১০ টেমা মেকুৰিৰ খাদ্য ললে আৰু কাউন্তাৰত পইচা জমা দিবলৈ গ’ল।

দোকানৰ মেনেজাৰ জনৰ মনত কিবা এটা সন্দেহ হ’ল। তেওঁ ভাবিলে যে মহন্তৰ নিশ্চয় মেকুৰি নাই আৰু সি মেকুৰিৰ খাদ্য খিনি তাৰ ল’ৰা-ছোৱালী কেইটাক খুৱাব। মেনেজাৰ জনে মহন্তক মেকুৰিৰ খাদ্য কিনাৰ আগতে মহন্তৰ মেকুৰিটো দেখুৱাব ক’লে। মহন্ত ঘৰলৈ গ’ল আৰু ল’গত মেকুৰিটো লৈ আহিল। মেকুৰিটো দেখি মেনেজাৰে বিনা দ্বিধাই মহন্তক ১০ টেমা মেকুৰিৰ খাদ্য দি দিলে।

এসপ্তাহ পিছত মহন্ত আকৌ গ’ল আৰু সেইবাৰ কুকুৰৰ খাদ্য বহুত বেছি ৰেহাই মূল্যত দি থকা দেখা পালে। লগে লগে মহন্তই ১০ টেমা কুকুৰৰ খাদ্য ল’লে আৰু মেনেজাৰৰ ওচৰ পালেগৈ। মেনেজাৰ জনৰ মনত আকৌ সন্দেহ হ’ল। মেনেজাৰে ভাবিলে যে মহন্তৰ ঘৰত মেকুৰিহে আছে, কুকুৰ নাই আৰু মহন্তই কুকুৰৰ খাদ্য খিনি তাৰ ল’ৰা-ছোৱালী কেইটাক খুৱাবলৈ লৈছে। মেনেজাৰ জনে মহন্তক কুকুৰৰ খাদ্য কিনাৰ আগতে মহন্তৰ কুকুৰটো দেখুৱাব ক’লে। মহন্ত ঘৰলৈ গ’ল আৰু ল’গত কুকুৰটো লৈ উভতি আহিল। কুকুৰটো দেখি মেনেজাৰে মহন্তক ১০ টেমা কুকুৰৰ খাদ্য দি দিলে।

এসপ্তাহ পিছত মহন্ত আকৌ আহিল দোকানখনলৈ। ল’গত এটা বেগ। মহন্ত চিধাই মেনেজাৰৰ ওচৰ পালে আৰু মেনেজাৰৰ হাতখন বেগৰ ভিতৰত সুমুৱাব ক’লে। মেনেজাৰে হাতখন বেগত ভৰালে আৰু ভিতৰত কোমল, মিহি মিহি কিবা থকা যেন অনুভৱ কৰিলে। ল’গে ল’গে মেনেজাৰে হাতখন উলিয়াই আনিলে।

খঙত অগ্নিশৰ্মা হৈ মেনেজাৰে মহন্তক চিঞৰিলে “কটা নিধক, হাৰামজাদা, চুৱৰৰ বাচ্চা এইবোৰ কি? এইবোৰ দেখোন মানুহৰ গু ঐ জহনীত যোৱা।“
মহন্তই একেবাৰে শান্তভাবে উত্তৰ দিলে “হয়, এইয়া মোৰেই গু, আৰু মই আজি ১০ পেকেট টইলেট পেপাৰ কিনিব আহিছো।“

Sunday, 27 October 2013

দীৱালীৰ দিনাখন : Diwali Joke

দীৱালীৰ দিনাখন চাৰিওফালে ফটকা ফুটি আছে ৷

 সেইসময়তেই দত্তৰ লৰাটোৱে তলৰ পৰা দত্তক চিঞৰী চিঞৰী মাতি আছে ...... দেউতা ...... দেউতা .. ... আপুনি বেলকনীলৈ আহক আৰু তলত দেখক মই কিমান ডাঙৰ ফটকা এটা ফুটাই আছো ৷

 দত্ত বেলকনীৰ পৰা তলত দেখিয়েই ........নকৰিবা......নকৰিবা......বুলি চিঞৰী চিঞৰী তললৈ দৌৰ মাৰিলে ৷

 দত্ত আহি লৰাটোৰ ওচৰ পায় মানে,.....লৰাটোৱে ফটকাটো ফুটাবলৈ লৈছিলেই ৷

নাই নকৰিবা বুলি কৈ লৰাটোক জোৰেৰে ঠেলা এটা মাৰি দুৰত পেলায় দিলে ৷

 দত্তৰ লৰাটোৱে তাৰ ধুলিলগা কাপোৰ জোকাৰি জোকাৰি উঠি থাকিয়েই দত্তক কলে.....কিয় কি হ’ল ?

 দত্তয় নিজৰ লৰাটোক গালি পাৰি পাৰি কলে...................

গাধা সেইটো ফটকা নহয় ................



 সেইটো গেছৰ ছিলিন্ডাৰ হে !!!!!!!!!!

By: Sanjib Karmakar

Wednesday, 2 October 2013

অসমীয়া এজন বিজ্ঞানী

অসমীয়া এজন বিজ্ঞানী য়ে এটা বস্তু আৱিষ্কাৰ কৰিলে,,,,,

 পৃথিৱীৰ বিভিন্ন দেশৰ প্ৰতিক্ৰিয়া এনে হব,,,,,,,, ,,

 আমেৰিকাৰ ৰ ৰাষ্ট্ৰপতি য়ে সকলো সা সুবিধা দি তেওঁ লোকৰ দেশলৈ নিমন্ত্ৰণ জনাব । ,,

 ইংলেণ্ড ৰ ৰাণী য়ে পুৰস্কাৰ দি আৰু উদ্ভাৱন কৰিবলৈ উৎসাহ দিব,,,। ,,

 পাকিস্তানে তেনেদৰেই এটা প্ৰস্তুত কৰিব চাই চাই,,,, ,,, ,, ,,

 চীন ৰ মন্ত্ৰী য়ে কব বস্তু টোৰ নকল কৰিব পৰা যায় নেকি অলপ কম মূল্যত ভাৰত ত বিক্ৰী কৰিবলৈ ।


 আমাৰ অসমৰ মুখ্য মন্ত্ৰী ৰ প্ৰতিক্ৰীয়া হব,,, ,,, ,, ,, ,, ,, ,, ,,



 মিচা কলে কি ডাল হব বিজ্ঞান ৰ ছাত্ৰ হোৱা হলে মই ও এনে বনাব পাৰিলোঁ হেতেন । সমস্যা জাপান আমেৰিকাৰ আদিতো আছে এওঁ ৰ দৰে বিজ্ঞানী জাপানত গলিয়ে গলিয়ে পাই।।।। হে, হে, হে,

by:Bitupon Saikia

Friday, 5 July 2013

ভূ দা, দেবু দা, উৰুকা আৰু অলপ চিতল মাছ ...

উৰুকাৰ ৰাতিপুৱা ভূদা আৰু দেবুদাই একেলগে বেলতলা বজাৰলৈ বজাৰ কৰিবলৈ ওলোৱাৰ পিছতেই লাগিল য'ত খেলিমেলি...

দুয়ো জনে বজাৰলৈ ওলাই যোৱাৰ কিছু সময়ৰ পিছত অলপ চুটি চাপৰকে মানুহ এজন দেবুদাহঁতৰ কলিং বেল বজালে... শ্ৰীমতী দেবীয়ে তেতিয়া আনিব লগীয়া চিতল মাছৰ বাবে মছলা পিহাত বেস্থ। শ্ৰীমতীয়ে দুৱাৰ খুলি দিলে চুটি চাপৰ মানুহ জন সন্মুখত... হাতত এটা তিনি পোৱা মান ওজনৰ ছিলভাৰ কাৰ্প....
শ্ৰীমতীঃ নালাগে নালাগে... আজি আকৌ এইবোৰ মাছ খায়নে উৰুকাৰ দিনটোত ( দুৱাৰ বন্ধ কৰিব ওলালে...)
মানুহ জনঃ শুনক চোন...শুনক, মই মাছ বেপাৰী নহয় নহয় ...
শ্ৰীমতীঃ ও তেনেহ'লে অপুনি কি আদাৰ বেপাৰী ?... আমাৰ জাহাজ নাই দিয়ক...আপুনি যাব পাৰে...
মানুহ জনঃ মই মানে দেবুছাৰেহে এই মাছটো দি পঠালে...
শ্ৰীমতীঃ হ’বই নেৱাৰে...তেখেতে আজি চিতল মাছহে আনিব... (অলপ আত্মগৌৰৱৰে)
মানুহ জনঃ শুনক চোন...শুনক বাইদেউ, মই তেখেতৰ অফিচৰ পিয়ন, আজি বেলতলা বজাৰত চিতল মাছৰ ৪০০০ টকা কিলো এই কথাৰ প্ৰতিবাদ কৰা বাবে ছাৰৰ লগত যোৱা দিঘলকে মানুহ জনক বেলতলা বজাৰৰ মাফিয়া কেটাই বেয়াকে পিটিলে। ছাৰে খঙতে আজিৰ পৰা জীৱনত চিতল মাছে নাখাওঁ বুলি বেলতলা তিনিআলিৰ পুলিছ পইন্টটোত উঠি ৰাজহুৱা কৈ ঘোষণা দিলে। ঘটনাটো এতিয়া নিউজ লাইভৰ ব্ৰেকিং নিউজত দেখুৱাই আছে। বিশ্বাস নহ'লে টিভিত চাওঁক। (শ্ৰীমতীৰ মনটো বেয়া হ'লেও মানুহ জনৰ কথাটো অলপ বিশ্বাস হ'ল.. এহ ঠিকেই কৰিলে এটা প্ৰজাতিৰ হে মাছ নাখাওঁ বুলি কৈছে তেওঁ, মাছেই নাখাওঁ তো কোৱা নাই )
শ্ৰীমতীঃ ভূদা এতিয়া ক'ত...? বেয়াকৈ আঘাত পালে নেকি বাৰু তেওঁ...? (উৎকণ্ঠাৰে)।
মানুহ জনঃ নাই নাই ছাৰে তেওঁক চাৰ্ভেৰ চেন্ট্ৰেল নাৰ্ছিং হোম ডাক্তৰ খানালৈ লৈ গৈছে অলপ পিছতেই আহিব দিব হেন আৰু মোক মাছটো থৈ ছাৰৰ বাইক খন নিব দিছে আৰু ছাৰে কৈছে আপুনি যাতে সেই লম্বু ছাৰৰ ঘৈণীয়েকক কথাটো ঘুণাক্ষৰে নজনায়। উৰুকাৰ দিন মিছাতে টেনচনত পঢ়িব। আৰু আপোনাকো চিন্তা কৰিব হাক দিছে। এটা কিবা মেডিচিন চেন্ট্ৰেল নাৰ্ছিং হোমত নোপোৱাৰ বাবেই ছাৰে বাইক খনেৰে GNRC ৰ ফালৰ পৰা মেডিচিনটো আনিব যাব বোলে বাইদেউ।
শ্ৰীমতীঃ যা যা সোনকালে লৈ যা... সেইখন তাতেই ৰাখি থোৱা আছে। ( টেবুলৰ ওপৰৰ পৰা বাইকৰ চাবিটো মানুহজনক দিলে।)
মানুহ জনঃ মই এতিয়া যাওঁ নি বাইদেউ...?
শ্ৰীমতীঃ যা যা সোনকালে যা ( ইচ কি যে আজি-কালিৰ মানুহবোৰ, ইমান ইমাৰজেঞ্ছিতো চাহ খাব বিছাৰে ) মানুহজন বাইক খন লৈ গুচি গ'ল....

শ্ৰীমতী দেবুয়ে অলপ চিন্তিত পঢ়ি গ'ল, যিকি নহওঁক তেখেতৰ বন্ধুতো। ঘটনাটোৰ বাবে পিছে মনে মনে অলপ ভালো পালে শ্ৰীমতীয়ে... নিজৰ মানুহটো টিভিত ওলাইছে যেতিয়া এই বাৰ বিহুতে লেভেল মইয়ো অলপ দিব পাৰিম... শ্ৰীমতীয়ে টিভিটো খুলি নিউজ লাইভ চেনেল লগাই ল'লে... পিছে তাত চোন এতিয়া হিমন্তবিশ্বহে ওলাই আছে....

ডিং ডং... কলিং বেল আকৌ এবাৰ বাজি উঠিল।

দুৱাৰ খুলি দিয়াৰ লগে লগেই দেবুদাৰ প্ৰৱেশ মুখত গৌৰৱৰ হাঁহি হাতত এটা চিতল মাছ ...

শ্ৰীমতীঃ কি এঘন্টাতে প্ৰতিজ্ঞা ভঙ্গ...?
দেবুঃ কি...? কি প্ৰতিজ্ঞা আকৌ ভঙ্গ কৰিলোঁ মই...(অলপ আচৰিত হৈ )
শ্ৰীমতীঃ কিয় আপোনাৰ চিতল মাছ নাখাওঁ বুলি কৰা প্ৰতিজ্ঞা ...!!!
দেবুঃ ধেই... কি ধেমালী কৰাহে এই উৰুকাৰ দিনতো !!! মই চোন তোমাক মচলা পিহিব দিয়ে গ'লো...
শ্ৰীমতীঃ প্ৰতিভূদা ক'ত...?
দেবুঃ কিয়...? মোক ড্ৰপ কৰি ঘৰলৈ গ'ল আক... সিও চিতল এটাকে ল'লে দিয়া। আজি ৰাতি কিন্তু চেংমা, কলিতা, ছেৰিলীনহঁতক ৰাতিৰ সাজ আমাৰ ইয়াতে খাব মাতিম দেই। বেচেৰাহঁত বিয়া বাৰু নকৰা এই বিহুৰ দিনত ভালে-মন্দে কিবা এটা খাব আৰু.....
শ্ৰীমতীঃ তোমাৰ বাইক খন ক'ত...? তোমাৰ অফিছৰ সেই পিয়ন জন ক'ত...? আৰু এই ছালভাৰ কাৰ্পটো.... সৰ্ব্বনাষ… (শ্ৰীমতী মজিয়াত বহি পৰিল)
দেবুদাৰ ঘটনা টো বুজিবলৈ বাকি নাথাকিলে .... কিন্তু শ্ৰীমতীৰ অৱস্থা চাইহে আৰু বেয়া লাগিল এই বিহুৰ দিনটোতো কোনবা বদমাছে ঠগিলে তাইক। শ্ৰীমতীৰ মনটো ভাল লগাৱলৈ ক'লে ....

দেবুঃ এহ এনেও বাইক খন বহু পূৰণি হৈছিলে দিয়া... মই দুই এদিনতে বিকি দিম বুলিয়ে ভবি আছিলোঁ। নিলে নিলে দিয়া চুৰটোৰ কিজানি পইচাৰ অভাৱ আৰু তাৰ গাৰ্লফ্ৰেন্ডে কিজানি বিহুৰ দিনত কিবা এটা দামী উপহাৰ খুজিছে যিটো দিয়াৰ চুৰটোৰ সামৰ্থ নাই.... খালি এই ঘটনাটো বাহিৰত জানিব নালাগিব নহ'লে আমাকলৈ বেয়াকৈ হাঁহিব সিহঁত কেটাই। বাইকৰ কথা শুধিলে আজিয়েই ভাল দাম পাই বিক্ৰী কৰি দিয়া বুলি ক'ৱ লাগিব চবকে ।


 by Professor Hizbiz

Wednesday, 21 November 2012

চহৰত এদিন ভেকোলা


এবাৰ আমাৰ ভেকোলা চহৰলৈ গৈছিল ! চহৰত সি এজনি খুব ধুনীয়া ছোৱালী দেখিলে....!
ছোৱালীজনীয়ে চুটি গাউন এটা পিন্ধি আছিল ! ভেকোলাই ভাবিলে যে তাৰ ঘৈণীয়েকলৈ তেনেকুৱা কিবা এটা লৈ যাব.... আৰু তাৰ ঘৈণীয়েক পুতলীকো ধুনীয়া দেখা হব !.. লাহে লাহে সি ছোৱালীজনীক সুধিলে.... 
... “ ভন্টি, কি নাম তোমাৰ ?” 
... “ কিয় লাগে ?”(ঘোপাকৈ চাই... ) 
... “ নাই মানে এনেই সুধিছো ...!” 
... “ ভন্টি, এইটো কত পায় ?” (গাউনটোলৈ আঙুলিয়াই) 
... “ গছত লাগে...” (খঙেৰে ...) 
... “ ভন্টি.... বৰ কলিতে ছিঙিলা দেই ....

by Madhurjya Gogoi