Showing posts with label চেংমাই কৌতুক|. Show all posts
Showing posts with label চেংমাই কৌতুক|. Show all posts

Monday, 1 September 2014

ব্যাখ্যা

by:Amritkumar Das

শিক্ষক : প্ৰসংগ সংগতি যিকোনো কবিতা এফাকি ব্যাখ্যা কৰা ।
ছাত্ৰ : ভীগে হোঠ তেৰে, প্যাসা দিল মেৰা ।
উক্ত কবিতা ফাকি বলিউডৰ প্ৰসিদ্ধ কবি সাধু শ্ৰী ইমৰান হাছমী(চুম্বন দেৱতা ) দেৱৰ দ্বাৰা ৰচিত মাডাৰ নামৰ কবিতা পুথি খনৰ ভীগে হোঠ তেৰে কবিতাটোৰ পৰা লোৱা হৈছে ।
এই কবিতাটোত কবিয়ে যেতিয়াই দেৱী মল্লিকাক নিবস্ত্র নচা দেখে তেতিয়াই তেওঁৰ সহ্য সীমা পাৰ হৈ যায় আৰু তেওঁ কয় হে দেৱী........ যেনেকৈ তোমাৰ ওঁঠৰ ভিতৰৰ পানীয়ে তোমাৰ পিয়াহ আতৰাইছে তেনেকৈ সেই পানীৰে মোৰো পিয়াহ আতৰাব বিচাৰো ।
উক্ত কবিতাফাকিৰ জৰিয়তে কবিয়ে তেওঁৰ হাৰামী , নীচ আৰু অশ্লীল মনোভাৱ ব্যক্ত কৰিছে ।
কবিৰ ভাব সৰল আৰু স্পষ্ট ৰূপত চালে চৰিত্ৰহীন বুলি ভক্তসকলে দেখা পাব । আৰু কবিতাটোৰ জৰিয়তে কবিয়ে স্পষ্ট ভাৱে তেওঁৰ কঠোৰ আৰু নাৰীদেহৰ প্ৰতি থকা দুবলতাৰ প্ৰমাণ জনসাধাৰণৰ আগত দাঙি ধৰিছে ।

Tuesday, 13 May 2014

কাজিয়া

By: Mintu Das

শিক্ষক : ৰিতু তোমাৰ আজি স্কুললৈ অহা কিয় ইমান পলম হল?
ৰিতু: মানে ছাৰ মা আৰু দেউতাই কাজিয়া কৰি আছিলে।
শিক্ষক : (ধমকি সুৰত) আাৰু তই হবলা তাকে চাই আছিলি।
ৰিতু : নহয় ছাৰ, কাজিয়া শেষ হোৱালৈকে ৰৈ থাকিব লগা হল।কাৰণ জোতাযোৰ এপাত মাৰ হাতত আৰু আন পাত দেউতাৰ হাতত আছিলে।

Friday, 4 April 2014

কিয় গুছি গ'লা ??

by নিভা গগৈ

ৰাতিপুৱা ঘটনা ,আশীষ দা ,ছোটা ডন আৰু মই ৰাষ্টাতে ৰৈ কথাপাতি আছোঃ

আশীষ দাঃ কালিৰ পৰা টেমা গৰম হৈ আছে বে ,ইমান লেতেৰা কৰি পেলাইছে যে ৰগৰৰ ৱালখন খঙত চুলি চিঙি দিব মন গৈছে নিজকে নিজে ।
ছোটা ডনঃ মোৰ আৰু গৰম হৈ আছে দেই ।জুই জ্বলি আছে একেবাৰে ভমভমাই ।

মই একো নামাতি ঘৰলৈ দৌৰ মাৰিলো ।পিছফালৰ পৰা আশীষ দায়ে চিঞৰিলে ,কি হ'ল নিভা ,কিয় গুছি গ'লা ??

মইঃ এক মিনিট ৰব দেই দুইজনেই ,মই আহি আছো ।চাহৰ চচ্ টো লৈ আঁহো , আমাৰ আজি চিলিণ্ডাৰ শেষ হ'ল . ৰাতিপুৱাৰ পৰা চাহ একাপও খোৱা নাই ,দুইজনৰ গাত জুই লাগি থাকোতেই চাহ একাপ বনাই লও !!

Thursday, 28 November 2013

সেইটো বান্দৰ নহয় নহয় !!!

এদিনৰ কথা|
দত্তকাই তেতিয়া সৰু আছিল...|

মাকৰ লগত দোকানলৈ গ’ল| মাকে কিনি আছে, আমাৰ দত্ত‍ই কিবা কিবি চাই ফুৰিছে| পিৰিক পাৰাক পিৰিক পাৰাক|

লাষ্টত যেতিয়া মাকৰ চব বস্তু কিনি অঁতাই হ’ল, পোৱালি দত্ত‍ই থেনথেনাবলৈ ধৰিলে- "মা মা, মোক সেই বান্দৰ পোৱালিটো লাগে লাগে|"

দোকানী: কোনটো?
দত্ত: সেইটো...

দোকানী: হে হে হে হে... সেইটো বান্দৰ নহয় নহয়/ সেইখন আইনা হে....

By Dibyamohan Gogoi 

গজিনী ০২ ৰ দুটা চি’ন...

যয়ন্ত টালুকডাৰৰ গজিনী ০২ ৰ দুটা চি’ন (not SIN): -

১/
দত্ত: ডাক্তৰ আজিকালি মোৰ এটা বেমাৰ হৈছে, ম‍ই কথাবোৰ ফট ফট পাহৰি যাওঁ|
কলিতা: কিমান দিন হৈছি এই বেমাৰটো হোৱাৰ?

দত্ত: কোনটো বেমাৰ? ম‍ই একো বুজা নাই....!!!

২/ দত্ত: ডাক্তৰ আজিকালি মোৰ এটা বেমাৰ হৈছে, মোৰ তামাম খং উঠে... ফট ফট ফট
কলিতা: কিমান দিন হৈছি এই বেমাৰটো হোৱাৰ?

দত্ত: তোক কেলে লাগে বে? ত‍ই জানি কি কৰিবি? চিনি পোৱা নাই ম‍ই কোন? দম আছে যদি মোক চিকুটি দেখা %#%ঽঽ$###

Wednesday, 30 October 2013

মইতো তোমাক এইবোৰ কোৱা নাছিলো

এদিন ৰাতি ১২ বজাত লৰা এজনে তেওঁৰ গার্লফেণ্ডলৈ ফ'ন লগালে !

 ছোৱালী : হেল্ল' কোনে কৈছা! 

 লৰা : হেল্ল' পম্পী ! মই তোমাৰ জানু' ৱে কৈছো !

 ছোৱালী:অ' কোন বিট্টু নেকি !

 লৰা : অ' বিট্টু হয় , তুমি কেনেকৈ জানিলা মোৰ এই ঘৰত মতা নামটো !

 ছোৱালী: তোমাৰ আচল ঘৰ নাহৰকটীয়া ?

 লৰা: হয় আচৰিত কথা তুমি কেনেকৈ গম পালা ?

 ছোৱালী: তোমাৰ ককাৰ নাম জয়দেবলাল ?

 লৰা:অ হয়তো কেনেকৈ জানিলা মোৰ সোন !মইতো তোমাক এইবোৰ কোৱা নাছিলো !

 ছোৱালী: তোমাৰ দেউতাৰ নাম যদুলাল ? 

 লৰ : আৰে মোৰ জানমনি তুমি ইমান ইনফৰ মেশ্বন কত পালা ? . . .

 ছোৱালী : আৰে গৰু গাধা মই কোনো পম্পী নহয় . . . .


মই তোৰ . . . . . . .




 মাৰ'ই কৈ আছো হাৰামজাদা !!!


By: Nâvâ Kríshñá DéKá

Sunday, 27 October 2013

হ’ট জোকছ: ভেৰি ফানী

মাষ্টৰ: ঐ দত্ত, হোমৱৰ্ক কেলে কৰি অনা নাই?
পোৱালি দত্ত: ঐ চাৰ, ম‍ই হোষ্টেলত হে থাকোঁ; হোমত নাথাকোঁ নহয়/


কেনেকে কৰিম " হোম-ৱৰ্ক"?


 ......................................................................

 দত্ত‍ই এজনী মুৰ্গী সজা এটাত ভৰাই চাইকেলেৰে হাটৰ পৰা ঘৰলৈ গৈ আছিল|
বাটতে কিবা কিনিবলৈ দোকান এখনত সোমাল|
 তেতিয়াই ট্ৰাক এখনে চাইকেল মুৰ্গী দুয়োটাকে মহতিয়াই নিলে|
 দত্ত‍ই হাউ হাউ কৈ কান্দিব ধৰিলে|
 কলিতা দোকানী: হাউ, কিয় কান্দিছা?
দত্ত: মুৰ্গীটো মৰি গ’ল...
 কলিতা: হাউ, ২৪০০ টকাৰ চাইকেল ভাঙি গ’ল...
 তাৰ কাৰণে নাকান্দি মুৰ্গীৰ কাৰণে কিয়া কান্দছা?
 দত্ত: মুৰ্গীটোৱে ডেইলী দুটা কণী পাৰে/ চাইকেলে থোড়ে না পাৰে?

ভ্যা ভ্যাঁ.....

By: Santanu Changmai

চেং আৰু পত্নী

চেং আৰু পত্নী এদিন ফাচি বজাৰলৈ গৈ আছিল ৷
বাটতে দীপাক লগ পালে ৷
পত্নীৰ লগত দীপাৰ বৰ মিতিৰালি ৷
 গতিকে বাটৰ কাষত ৰৈয়েই চেংৰ পত্নী আৰু দীপাই কথা আৰম্ভ কৰিলে ৷

 দীপা - তুমি জাহ্নৱীক জানানে? কি যে মানুহ দেই ৷
 চেং পত্নী - কিয়? কি হল নো?
 দীপা - নিজৰ স্বামীৰ নামতেই আনৰ আগত বদনাম কৰেহে ৷ আমাক কত এৰি দিব ৷
চেং পত্নী - ইয়ে হয় নেকি ৷ কেনেকুৱা মানুহ পাই ৷ বৰ বেয়া অভ্যাস দেই ৷

 আমাৰ এখেত যে কিমান এলেহুৱা, অৰ্কমণ্য, কিমান কৃপণ, তুমিটো জানাই ৷

কিন্তু মই জানো আজিলৈকৈ কাকনো কৈছো কোৱা?


 উই মা ৷ ঘটং গটং মটং টটং

 by:কালু দি কলা কুকুৰ

Sunday, 13 October 2013

বুলেট চলাইছা বুলেট.....?

ভাস্কৰ বাৰুকিয়ালে চেংমাইক ম'ম আৰু পেপচি খুৱাম বুলি পটাই মেলি চেংমাইৰ পুৰণা ৰয়েল এনফিল্ড বুলেটখন লৈ পূজা চাবলে ওলাইছে,
উদ্দেশ্য মাৰ্চো মেনৰ এটিটিউদ এটা দি চাল দিয়া !
 বাৰুকিয়ালে বুলেট চলাইছে ভট ভট ভট ভট ভট ভট ভট ভট.... ভটটটটট ভট ভট ভট ভট ভট ভট ভটটট টৰ ভট ভট ভট ভট.....
সৰু সৰু লৰা-ছোৱালী বিলাক আতৰি দিছে ৰাস্তাৰ কাষলে আৰু তাকে দেখি বাৰুকিয়াল কাইটিৰ বুকু ছয় সাত ইঞ্চি বেচিয়েই ফুলি গৈছে ভট ভট ভট ভট ভট...
. তেনেতে আমাৰ দীপাই নতুন স্কুটিৰে অভাৰটেক কৰক....
 কিইই আমাৰ মাৰ্চোমেনক ছোৱালীয়ে অভাৰটেক কৰে.... নাই নহব.....

 ভটটটটটটটটটট ভটটটটটটটটটট ভট ভট ভট

একদম দীপাৰ সমানে সমানে এইবাৰ
 বাৰুকিয়ালঃ (দীপাক উদ্দেশ্যি) পূজা চাবলে ওলাইছা
 দীপাঃ .....:-> (বেকাকৈ চাই স্কুটিৰ স্পীদ বঢ়াই দিয়ে )

 বাৰুকিয়ালক আপোনালোকে কি কম বুলি ভাবিছে....
 ভটটটটটট ভট ভট ভট ভটটটটট ভট ভট ভট..
আকৌ দীপাৰ সমানে সমানে.....
 বাৰুকিয়ালঃ ৱাহ স্কুটি চলাইছা.... মানিছো আউ দেই.... কেতিয়াবা বুলেট চলাইছা :->

 দীপাঃ..... (স্কুটিৰ স্পীদ বঢ়াই দিয়ে)
 ভট ভট ভট ভটটটটটট ভট ভট ভট
দীপাৰ ওচৰ পাই বাৰুকিয়ালঃ বুলেট চলাইছা বুলেট !?
 দীপাঃ ...... (আকৌ আগবাঢ়ি যায়)
 ভট ভট ভট ভটটটটট ভট ভট ভট

বাৰুকিয়াল আকৌ দীপাৰ ওচৰত....
 বাৰুকিয়ালঃ বুলেট চলাইছা বুলেট.....

 এইদৰে বাৰে বাৰে কামোৰ খাই পূজা মণ্ডপলৈ দুশ মিটাৰ মান থাকোতে দীপাই স্কুটিৰ স্পীদ একদম কমাই দিলে....

 বাৰুকিয়াল কাইটি একদম গপছত আগবাঢ়ি গৈছে ভট ভট ভট ভট ভট ভট ভট....
 অলপ পাছতেই দীপাই স্কুটি ষ্টেণ্ড কৰিছে ঠিক তেনেতে
 ঘাঢ়াম ভটটটটটট.... চেৰৰৰ... ঘটং .... ঘিছ.... ফট... ফট... ফট....

আদি অদ্ভুত আৱাজ
কিছুমান পূজা মণ্ডপৰ ভিতৰৰ পৰা আহাত আৰু সকলো মানুহ ভিতৰলৈ দৌৰা দেখি দীপাইও কিনো হৈছে চাবলৈ বুলি আগ বাঢ়িল .....
 দেখিছে ভিতৰত পূজা পেণ্ডেলৰ মাজৰ খুটাত বুলেটখন খুণ্ডা খাই বাগৰি আছে আৰু আমাৰ বাৰুকিয়াল কাইটি কৰ্ফাল খাই এক্কেবাৰে মহিষাসুৰৰ চৰণত চিত্‍লাং খাই কেকাই আছে.....
 সকলোৱে সুধিছে বেছি দুখ পালে নেকি...
 বাৰুকিয়ালঃ নাই নাই মাখি চাল অলপহে চিঙছে
 ৰাইজে কুৱা-কই কৰিছে ঘটনাটো কেনেকে হবলৈ পালে....
 ব্ৰেক কেবল চিঙিল হবলা ইত্যাদি .....
 তেনেতে দীপাই মাত লগালে.... 

দীপাঃ ৰাস্তাই পদূলিয়ে ছোৱালী জোকাই ফুৰিলে এনেকোৱা নহৈ ভাল কিবা হ'ব নেকি !?
 সকলোৱে এবাৰ দীপাৰ ফালে চায় এবাৰ বাৰুকিয়ালৰ ফালে চায় কথাটোনো কি জানিব বিচৰাত দীপাই ৰাস্তাৰ ঘটনাটো আদ্যোপান্ত বিবৰি কলে !

 বাৰুকিয়ালঃ ধেইট ইম্মানবাৰ সুধিলো বুলেট চলাব জানা নেকি বুলি, ভালদৰে কৈ দিলেই হৈছিল নাজানো বুলি মই তেতিয়া বেলেগ কৰোবাক সুধিলো হলে নহয় বুলেটখন কেনেকৈ ৰখাব পাৰি....

 আই দূৰ্গাৰ কৃপা বুলিহে পেণ্ডেলৰ খুটাত লাগি মেলি হলেও এইখন কোনোমতে ৰলহি :->


 মোৰটো বাদেই বুলেট খনৰো ৰং অলপ এৰিল, এতিয়া চেংমাইক এনেয়েই ত্ৰিছ প্লেট ম'ম খুৱাব লাগিব..

By: Dipankar Gogoi

Friday, 9 August 2013

NOKOL Korar PORINAM

Adinakhon dujon friends (RANJAN ARU AKASH)teacher hobor Interview diboloi goisil ekeloge . . . . Ranjanok prothomote vitorot mati nile !
Prosna korota : amar varot ketiya shadin(freedom) hoisil. ?
 RANJAN : 1947 sonot sir,
 Prosna Korota. : dekh shadin howa tu kar dara porisalit hoisil ?
 Ranjan : mahatma gandhi
 prosna korota : Subash chandra bosu marise buli tumi ki vaba ?
 Ranjan : manuhe koi moi biswakh nokoru . . \
Good Ranjan tumi valdore pass korila...

 Aibar Akashor pal.
Akashe ranjank hudile je tomak ki ki hudile.. Plz mok kowa . .
Prosna bilak kobo nalage diya.. Akol answer tu kowa . .
 Ranjan kole mor answer
1)1947 son
2)Mahatma gandi
3)manuhe koi moi biswakh nokoru. .
 Akashe mukhosta korote korote vitorot gol...
 Prosna korota : akash tomar janma ketiya hoisil
 Akash : ( prosna ki koise atention nidi mukhosta kora answer tu koi dile) 1947 sonot
 prosna korota : (asorit hoi kole) tomar deutakor nam ki ?
 Akash : (akou mukosuga kora tu kole ) Mahatma gandhi. .
 Prosna korota : (soku kopalot uthile ) Tumi ki pagol..neki ?
 Akash : (aibaro mukostha kora answer dile ) manuhe koi moi biswakh nokoru....

Thursday, 6 June 2013

মৌনব্ৰত বনাম বিবাহ: অসমীয়া কৌতুক

চেংমাইয়ে সাধু সৈন্নাসী জীৱন আৰম্ভ কৰিলে...আৰু বহু দিনৰ পিছত ঘৰলৈ উভতি অহা পথত আমাৰ গগৈ কোৱাইদেউক লগ পালে.....
দুয়ো সুখ-দুখৰ বহুত কথা পাতিলে..কথা মাজতে ছেংমাই্য়ে কলে____

চেংমাই--আমি বছৰৰ পিছত বছৰ ধৰি কথা নোকোৱাকৈ পাৰ কৰো ,আৰু আমি ইয়াকে "মৌনব্রত" বুলি কও।
গগৈ কোৱাইদৌ--আমাৰো অভিজ্ঞতা একেই ।পিছে আমি ইয়াক "বিবাহ" বুলি কও।।

by Gitu pan

Saturday, 24 November 2012

বিবাহ বিচ্ছেদ


বিবাহ-বিচ্ছেদৰ আবেদন কৰিবলৈ ভলং উকীলৰ ওচৰলৈ গ’ল |

উকীল: - আৰ ইউ চিউৰ? কাৰণ বিচ্ছেদ হোৱাৰ পিছত কিন্তু আপোনাৰ পত্নীক প্ৰতিমাহে আধা দৰমহা দি থাকিব লাগিব !

ভলং: - তেনেহ’লে তো দেৰি কৰাৰ সকামেই নাই... এতিয়া দেখোন তেওঁ পূৰা দৰমহাকে ৰাখি থয়, পিছত কম চে কম আধাখিনি তো পাম... হুৱেৰ টু চাইন মাই চুইট নেম পিলিজ?

by Changmai