Showing posts with label চখ্ৰবৰ্ত্তী দা. Show all posts
Showing posts with label চখ্ৰবৰ্ত্তী দা. Show all posts

Sunday, 14 June 2015

চাৰ নটুৰে শব্দটোৰ অৰ্থ কি?

By: Muzahid Mj

কলেজৰ দিনৰ ৰিয়াল কেচ:
ইংৰাজী প্ৰফেচৰক এদিন ভাস্কোদাই
সুধিলে:
চাৰ নটুৰে শব্দটোৰ অৰ্থ কি? প্ৰফেচৰ
চাৰ আচৰিত।35 বছৰীয়া চাকৰি জীৱনত
প্ৰথমবাৰ শুনিছে শব্দটো।তথাপি হাত
সাৰিবলে ক'লে কালিলৈ ক'ম।ঘৰত
আহি গোটেই বিলাক অভিধান চলাথ ।
নাই শব্দটো নাই।পিচদিনা
ভাস্কোদাই আকৌ প্ৰফেচাৰক সুধিলে
চাৰ নটুৰে মানে কি?সেইদিনাও
প্ৰফেচাৰ চাৰে কিবা এটা ফাকি
দি সাৰি আহিল।কিন্তু জন্মৰ পৰাই
মানুহক কামোৰ দিম বুলি অহা
ভাস্কোয়ে ইমান সহজে এৰা ভকত নে?
যেতিয়াই পাই তেতিয়াই প্ৰফেচাৰক
সোধে চাৰ নটুৰে মানে কি?পলায়
পলায় ও তত নাপায় প্ৰফেচাৰে এদিন
ক'লে :-অই ভাস্কো নটুৰে শব্দটোৰ
বানান টো কচোন।
ভাস্কো:-NATURE
প্ৰফেচাৰৰ খঙে চুলিৰ আগ পালেগৈ
"মুৰ্খ ,নেচাৰ শব্দটোক নটুৰে কৈ তয় মোৰ
লগত ধেমালী কৰিব আহিছ।চাই থাক
প্ৰিন্সিপালক কৈ তোক কলেজৰ পৰা
বাহিৰ কৰি দিম।
ভাস্কো:-চাৰ প্লিজ মই ভৰিত ধৰিছো।
এনেকুৱা অন্যায় কাম নকৰিব।নহ'লে যে
মোৰ ফুটুৰে (FUTURE )টো বৰবাদ হৈ যাব।
প্ৰফেচাৰ জন তেতিয়াই চেটেপ।

Friday, 30 May 2014

আৰ ইউ ৰিলেকসিঙ

By: Deepak Thapa
এবাৰ অসমৰপৰা জগত সিঙ লণ্ডনলৈ ফূৰিবলৈ গৈছিল । তাত সাগৰৰ পাৰত বহি সকলোবে সাগৰৰ প্ৰাকৃতিক দৃশ্য উপভোগ কৰি জিৰণি লৈ আছে।জগত সিঙো এঠাইত গৈ বহিল।
তেনেতে এজন মানুহ আহি সূধিলে -আৰ ইউ ৰিলেকসিঙ 
জগত সিঙ : ন' ন ', আই এম জগত সিঙ
কিছূ সময়ৰ পিছত ইজনৰ পিছত সিজনে একেটা প্ৰণ্শকে বাৰে বাৰে সূধি থকাত একেটা উত্তৰকে দি দি আমনি লাগি আহিল আৰু সেই কাৰনে বেলেগ এঠাইত বহিবলৈ উঠি গ'ল । তাত আগৰেপৰা বহি থকা মাণূহ এজনক দখি জগত সিঙে সূধিলে: আৰ ইউ ৰিলেকসিঙ ?
মানূহজনে লগে লগে উত্তৰ দিলে - ইয়েছ আই এম ৰিলেকসিঙ ।



জগত সিঙেও লগে লগে এক চৰ মাৰি খঙেৰে কলে: চালা তোক অথনিৰে পৰা ইমাণবোৰ মানূহে বিচাৰি ফূৰিছে তই মনে মনে আহি ইয়াত বহি আছ?

Tuesday, 13 May 2014

কাজিয়া

By: Mintu Das

শিক্ষক : ৰিতু তোমাৰ আজি স্কুললৈ অহা কিয় ইমান পলম হল?
ৰিতু: মানে ছাৰ মা আৰু দেউতাই কাজিয়া কৰি আছিলে।
শিক্ষক : (ধমকি সুৰত) আাৰু তই হবলা তাকে চাই আছিলি।
ৰিতু : নহয় ছাৰ, কাজিয়া শেষ হোৱালৈকে ৰৈ থাকিব লগা হল।কাৰণ জোতাযোৰ এপাত মাৰ হাতত আৰু আন পাত দেউতাৰ হাতত আছিলে।

Thursday, 6 March 2014

কাইলৈ স্কূল বন্ধ

By: Rajib Saikia

কণপিতৌ তেতিয়া দ্বিতীয় নে তৃতীয় শ্রেণীৰ ছাত্র৷ এদিন সি সৰুপানী চুবলৈ স্কুলৰ কাষেৰে বৈ যোৱা নৈখনৰ পাৰলৈ যোৱাত কি দেখিলে জানে? সি দেখিলে তাৰ অংকৰ চাৰজন কিবা কাৰণত নৈখনত পৰি গৈছে আৰু নৈৰ প্রচণ্ড সোঁতে চাৰক উতোৱাই লৈ গৈছে৷ সি আধা সৰুপানী চুইয়েই দৌৰি-দৌৰি আহি গোটেই স্কুলতে গগণ ফালি চিঞৰি কি ক'ব ধৰিলে কওঁকচোন বাৰু.........
.
.
.
.
.
.
.আপোনালোকে ভাবিছে চাগৈ সি আহি কব চাৰ ডুবিব এতিয়া বচোঁৱা, বচোৱা৷ কিন্তু আপোনালোকে ভবাটো ভুল৷ আচলতে সি টিকা চপৰিয়াই-চপৰিয়াই গোটেই স্কুলতে এটা কথাই কৈ ফুৰিলে....
.
.
.
.
.
.
.
'কাইলৈ স্কূল বন্ধ, কাইলৈ স্কূল বন্ধ'৷

Saturday, 1 February 2014

দুত্তাৰ আগৰ জনমৰ কথা ..

আগৰ জনমত দুত্তাৰ জন্ম লণ্ডনত হৈছিল। বগা চাহাবৰ দৰেই চেহেৰা। ৰঙা পৰা গাল। গাখীৰ যেন বগা , হেণ্ডচাম !!
বিয়া কৰালে , লণ্ডনীয়া বগী মেম এজনী। সুখেই সুখ। দুবছৰ পিছত এটা ল'ৰা জন্ম পালে ..
কিন্তু ই কি !!???
লৰাটো দেখোন কিচকিচিয়া ক'লা !!

বগা চাহাব দুত্তা (ফিলিং কনফিউজ): দাৰ্লিং , তুমিও বগা মইওঁ বগা
কিন্তু আমাৰ বেবীটো কেনেকৈ ক'লা হ'ল ?

বগী মেম দুত্তানী (মৰমেৰে) : চুইট্ হাৰ্ট , তুমিওঁ যে আৰু নহয় !!!
তুমিওঁ হট এন্দ মইওঁ হট , সেইকাৰণে আমাৰ বেবীটো জ্বলি গ'ল চাগে !!

বগা চাহাব দুত্তা : অ' টো !!
মই ভবাই নাছিলো !! আই লাভ ইউ দাৰ্লিং ..
By: Jayanta Talukdar

Monday, 13 January 2014

প্ৰকৃততে সঁচা কি আৰু মিছা কি

এই ছোৱালীবোৰ যে আৰু ইমান মিছা কথা কয় নহয়ঃ প্ৰকৃততে সঁচা কি আৰু মিছা কি আহকচোন শুনো আমাৰ দত্ত কাইৰ নিজ মুখেৰেই :
১) 'আই মিচ ইউ'
[প্ৰকৃততেঃ টাইম পাছ কৰিবলৈ একো নাই, তোমাকেই বলি কা বকৰা বনালো]
২) 'আই এম চিঙ্গল'
[প্ৰকৃততেঃ মোৰ পুৰণা বয়ফ্ৰেণ্ডটো একেবাৰে ভিক্ষাৰী হৈ গ'ল বে, এইবাৰ তোমাৰ পাল]
৩) 'জেঠাইৰ ছোৱালীজনীৰ লগত কথা পাতি আছিলো জান'
[প্ৰকৃততেঃ বেছি ঔকাদ নেদেখাবি বে তোৰ নিচিনা আৰু চাৰিটা ৱেইটিংত আছে]
সঁচা যেন লাগিছে নে বাৰু কথাকেইটা !
তেনেহলে পলম কিহৰ লাইক এটা মাৰি দিয়ক আৰু ! যিমানে শ্বেয়াৰ কৰিব,
ছোৱালীবোৰে সিমানে লাজ পাব !
আহক শ্বেয়াৰ কৰো !
By: Arindam Ðütta Jãñtü

Thursday, 14 November 2013

চখ্ৰবৰ্ত্তী দাৰ কথা...

কওতে কওতে শেষেই নহয় আমাৰ চখ্ৰবৰ্ত্তী দাৰ কথা...

 এবাৰ চখ্ৰৱৰ্ত্তী দাৰ ভীষণ পেটচলিল...

.উপায় নাই আৰু ডক্টৰৰ তাততো যাবই লাগিব এতিয়া..

.ইফালে বৌৰ খেচখেচনি কি কৰা যায়...!

উপায় নাপাই লাজ লাজকৈ গ’ল ডক্টৰৰ ওচৰলৈ....

 ডক্টৰে সকলোবোৰ ভালকৈ চাই মেলি আমাৰ চখ্ৰৱৰ্ত্তী দাক সুধিলে:

 ডঃ : পায়খানা কেনেকুৱা...?


 (চখ্ৰৱৰ্ত্তী দাই সেমেনা-সেমেনিকৈ উত্তৰ দিলে)

চখ্ৰৱৰ্ত্তী দা : এহ চাৰ দুখীয়া মানুহ, কোনোৰকমে চলি আছো আৰু...



পায়খানা “ শিল আৰু চিমেন্ট”ৰ চাৰ...

By: Manjit Kumar Ray