Friday, 28 August 2020

ঐ চবজিখিনি খাওঁতে মুখত ফেনাইছে দেখোন

কেইবছৰমানৰ আগৰ কথা, গাওঁত দাদা এজনৰ বিয়া আছিল। আজিকালিৰ দৰে তেতিয়া গাওঁবোৰত টেন্ট হাউচৰ মানুহে আহি বিয়াৰ পেণ্ডেল নিদিছিল, কেটাৰিংৰ মানুহে খানা নিবিলাইছিল। গাওঁৰ ল'ৰাবোৰেই মিলিজুলি পেণ্ডেল দিয়া, বিয়াত বিলনীয়া কৰা, খাবলৈ কলগছৰ পটুৱা বনোৱা আদি সকলো কাম কৰিছিল।
বিয়াৰ দিনা ৰাতিপুৱাৰ পৰা ৰাতিলৈকে ল'ৰাবোৰে লাগি ভাগি দি ৰাতি দৰা গাড়ীৰ লগত কইনা ঘৰলৈ যাবলৈ সাজু হ'ল। দিনটোৰ ভাগৰ, গা বিষ মাৰিবলৈ বগাইয়ে ক'ৰ পৰা জানো 'ফুল' এটা যোগাৰ কৰিলে কইনা ঘৰত খাই অলপ ফুৰ্টি কৰিবলৈ। লাগেই দিয়কছোন ইমান ভাগৰত গৈ গোটেই ৰাতি কইনা ঘৰত হামিয়াই থাকিলেহে হ'ব ধুনীয়া ধুনীয়া কইনা ঘৰৰ ছোৱালী নাচাই। ৰাতি ১০.৩০ মান বজাত গাড়ী কইনা ঘৰ পালেগৈ। কইনা ঘৰৰ আর্থিক অৱস্থা ইমান ভাল নহয়, কেঞ্চি বাটামৰ ঘৰ, নতুনকৈ চুণ-তেল মাৰিছে। গৈ পোৱাৰ অলপ পাছতে ভাত খাবলৈ মাতিলে। মাছ-মাংস নাই, ভাত, দালি, চয়াবিন-ৰঙলাও-আলু ভাজি, পাপৰ আচাৰ এনেকুৱা ধৰণৰ খানা আৰু। কেইটামান কেইটামান ভাত খাই বগাই, কণপিতৌ, থুলুকে বটলটো খোলা জেগা বিছাৰিব লাগিল।
সকলোফালে মানুহ। কোনেও নেদেখাকৈ শান্তিৰে বহিব পৰা জেগা অকণ নাই ক'তো। বাৰীৰ ফালে যোৱাত থুলুকে নতুনকৈ বনোৱা পকা বাথৰুম এটা দেখিলে, ওচৰত গৈ নকিয়া ব্লেক এণ্ড হুৱাইট ১১০০ মডেলৰ মোবাইলটোত থকা টর্চটো মাৰি চাই দেখিলে যে পকাখন শুকাই আছে। তিমূৰ্তিয়ে সিদ্ধান্ত কৰিলে যে কাম ফেৰা ইয়াতে কৰিব পৰা যাব। পলম নকৰি তিনিওটা তাতে এডজাষ্ট কৰি বহি ললে। বহোঁতেহে সিহঁতৰ মনত পৰিল যে ফুলটো আনিলে হয় কোন লগত খাবলৈ চানা, দালবুট, মাংস একো নাই। এতিয়া কি কৰা যায়!
অৱশেষত ওপাই এটা ওলাল যেনিবা; বিয়া ঘৰৰ ৰঙালাও-আলু ভাজিয়েই আজি কাম আহিব।বোলে "নাই মোমাইতকৈ কণা মোমাইয়ে ভাল"।
কথা মতেই কাম, কণপিতৌয়ে ৰন্ধা ঘৰৰ পৰা ৰঙালাও-আলু চবজি বাতি এটা আনিলে, নতুন বাথৰুমতে বহি বিয়া ঘৰৰ প্লাষ্টিকৰ গিলাছত এপেগ এপেগ ঢালি তিনিওয়ে গোঁসাই নাম লৈ আৰম্ভ কৰিলে।
তিনি পেগ মান খোৱা পাছত অলপ চকুতো জিলমিল-জিলমিল লাগিছে আৰু তেনেতে বগাইয়ে পাক খাই ধৰা জিভাখনৰে মাত দিলে "ঐ ৰঙালাও খিনি বৰ ধুনীয়া গোন্ধাইছে দেখোন.."
"ধেই এইটো, তিনি পেগ খাওঁতেই নিচা হ'লেই তোৰ..." থুলুকে বগাইক দম দি ক'লে।
তিনিওটায়ে আকৌ এপেগ এপেগ গিলিলে, আকৌ বগাইয়ে মাত দিছে "ঐ ৰঙালাও খিনি খাওঁতে মুখত ফেনাইছে দেখোন.."
কণপিতৌয়ে কথা কথাটোনো কি বুলি ভাবি নকিয়া মোবাইলৰ টর্চটো তাৰ মুখত মাৰি দেখে যে কথাটো হয়! তাৰ মুখ খন ফেনাই আছে।
তিনিওটাৰে চকুটোও নিচাত জিল মিলাই আছে, তেনৈকেয়ে কথাটো অনুসন্ধান কৰি দেখে যে কথা আৰু নিচাৰ কোবত ৰঙালাও-আলু চবজি প্লেটখন হাত লাগিয়ে নেকি চাইড হৈ আছে, তাৰ ঠাইত আছে চাবোনৰ কে'ছ এটাত পানী লাগি গেল-গেলিয়া হৈ থকা LUX চাবোন এটা।


তেতিয়াহে উৰহীৰ উৰ ওলাল। ইমান টাইম বগাইয়ে গেল-গেলিয়া দি থকা চাবোনটোকে সিজোৱা ৰঙালাও-আলু চবজি বুলি ভাবি চিকুতি চিকুতি খাই আছিল। দিনটো বিয়া ঘৰৰ মানুহে হাত ধুই ধুই চাবোনটোও ভালকৈয়ে গেল-গেলিয়া কৰি থৈছে।
- লক্ষ্য জ্যোতি নাথ

No comments:

Post a comment