Wednesday, 29 November 2017

||মাঁকৰ ঘৰ||

By: Rumi B Das

বিৰেনৰ বিয়া হোৱা এবছৰ হল।তাৰ ঘৈনীয়েক এবছৰৰ পিচত গৈছে মাঁকৰ ঘৰলৈ।বিৰেনে ঘৈনীয়েকক আনিবলৈ বুলি গৈছে শহুৰৰ ঘৰলৈ।লগত তাৰ বন্ধু এজনো গৈছে।সি যাওঁতেই বন্ধু জনক কৈ থৈছে "অই, মই শহুৰৰ ঘৰলৈ প্ৰথম যাম।আমাৰ খাতিৰ-বাতিৰ বহুত হব।তই কিন্তু পাগল হৈ নেযাবি, অলপ বাহাদুৰি মাৰি থাকিবি।"
দুয়োজন পালেগৈ শহুৰৰ ঘৰ।ঘৰৰ দৰ্জা বন্ধ।কলিং বেল মৰাৰ পিচত বহু দেৰিকৈ ওলাই আহিল কলেজত পঢ়ি থকা খূলশালী জনী।
"অ ভিনদেউ, আহক আহক।ঘৰৰ সকলো বোৰ শুই আছিলো, ভাত-পানী খায়।"বিৰেন "মই আহিম বুলি খবৰ দিছিলোৱেই দেখোন।"
খূলশালী "অঅ, হয় নেকি ! বাইদেউৱে কবলৈ পাহৰিলে ছাগৈ।"
দুয়োজন বহিল ঘৰৰ ভিতৰত।বহু দেৰিকৈ ওলাই আহিল শাহুৱেক।
"অ জোঁৱাই দেখোন।এই জনীক নিব
লৈ আহিলা ছাগৈ।আজিয়েই যাবাগৈ নে থাকিবা !"
বিৰেন মনে মনে থাকিল।ভিতৰি ভিতৰি লাজ পাইছে বন্ধুৰ আগত।
শহুৰ ওলাই আহিল "ঘৰত চাহ দিবলৈকো একো এটা আনিব নহল।তুমি কিবা-কিবি আনিছা নেকি !"
বিৰেন আহিছিল শুদা হাতেৰে।সি বৰ লাজ পালে।
শহুৰ "তোমাৰ ইনকাম পাতি আগতকৈ বাঢ়িছেনে ?"
শাহুৱেক "মোৰ ছোৱালী জনীক কাপোৰ দুযোৰ মান দি পথাইছো।নতুন কাপোৰ এবছৰে লোৱাই নাই বোলে।"
খূলশালী "আমাৰ বা আগতে বৰ চৌখিন আছিল।এতিয়া একেবাৰে ওলোটা হৈ গল।কি হল জানো !"কোনো মতে শুদাই-নিকাই খাই ৰাতি শুবলৈ আহিল বিৰেন।সি ঘৈনীয়েকক কলে "বৰ লাজ পালো তোমালোকৰ ঘৰলৈ আহি।জোঁৱায়েকক এনে ৱ্যবহাৰ কৰে নেকি?দুদিন মান থকাকৈ আহিছিলো, এতিয়া আৰু নেথাকো।কাইলৈ ৰাতিপুৱাই যামগৈ।তুমি লগত গলে যাবা, নগলে নাই !"
কথাবোৰ খূলশালী জনীয়ে শুনি আছিল।তাই তেতিয়া বিৰেনক কলে "ভিনদেউ, মোৰ বা আপোনালোকৰ ঘৰলৈ বিয়া হৈ যোৱা এবছৰ হৈ গল।কেতিয়াও বেয়াকৈ কোৱা নাই আপোনালোকৰ ঘৰৰ কথা।এইবাৰ ঘৰলৈ আহোঁতেহে মই তাইৰ মনটো মৰা দেখি সুধাত তাই কথাবোৰ কলে।বিয়াত কিমান সোন আনিলে, ঘৰৰ পৰা কি কি আনিলে।ইটো শিকোৱা নাই, সিটো শিকোৱা নাই।পঠা ভালকৈ বনাব নোৱাৰে, ঘৰৰ কাম -বনত ভাল নহয়।কেতিয়াবা কিবা এটাৰ উত্তৰ দিব গলেও কব সংস্কাৰ নাই তাইৰ।সেইবোৰৰ কথা শুনিহে আমি এই নাটক কৰিলো আপোনাৰ লগত।আপোনাক এদিন ভাল ব্যৱহাৰ নকৰাত আপুনি তাইক এৰিয়েই যাবলৈ ওলাইছে।তাই যে এবছৰ ইমান লাজ-অপমান সহ্য কৰি আছে, কেতিয়াবা আপোনাক এৰি অহাৰ কথা কৈছেনে ?সংবিধানে লৰা-ছোৱালীক সমান অধিকাৰ দিছে, কিন্তু কিছূমান মানুহে আজিও নাৰীক অবহেলিত কৰি আহিছে।জোঁৱায়েকে যদি সন্মান পাব লাগে, তেন্তে বোৱাৰী গৰাকীও শহুৰৰ ঘৰত মৰম পাব লাগিব।"
কথাবোৰ শুনি বিৰেনে বৰ লাজ পালে।সি লাজতে তাৰ লগৰটোৰ চকুলৈ চালে।লগৰ জনৰ মুখত মিঠা হাঁহি এটা।সি কলে "বিৰেন তই বৰ লাকী।এনেকোৱা ঘৰ এখন পাইছ, এনেকোৱা খূলশালী এজনী পাইছ।তই লাজ পোৱাতকৈ গৌৰব অনুভৱ কৰিব লাগে।তোৰ খূলশালী জনীৰ দৰে ছোৱালী এজনী মই পোৱা হলে, লগে লগে বিয়াই পাতিলো হয়।……………

No comments:

Post a Comment