Friday, 24 October 2014

ধেমালিৰ চলেৰে

by: Hrishi Deka

ধেমালিৰ চলেৰে বহুদিন আগৰ ঘটনা এটা কব ওলাইছো ।

তেতিয়া হাইস্কুলত পঢ়ি আছিলো । দেৱালীৰ বাবে স্কুল বন্ধ । আমি প্ৰত্যেকে ঘৰত ভালদৰে দেৱালী পালিছো। মানে খুব বম ফুটাইছো, ফুৰ্তি কৰিছো।
দেৱালী শেষ , আকৌ স্কুল গৈছো। দেখিলো মোৰ এজন ভাল বন্ধু স্কুলত অহা নাই। কথাটো ইমান গভীৰ ভাৱে নললো। ক্লাছ কৰিলো, ঘৰ আহিলো। পিছদিনা যেতিয়া স্কুলত গৈ বন্ধুজনক নেদেখিলো, তেতিয়াহে অলপ চিন্তা লাগিল। কাৰণ সি এনেই স্কুল খতি কৰা লৰা নহয় । তাৰ ঘৰ স্কুলৰ ওপৰতে, সেয়ে মই আৰু মোৰ বন্ধু এজন তাৰ ঘৰত উপস্থিত হলো। সি শুইআছিল। । মুখত সেমেকা হাঁহি ।
আমি তাক স্কুল নহাৰ কাৰণ সুধিলো ।
এটি সেমেকা হাঁহি মাৰি উত্তৰ দিলে,' নকবি দোস্ত, আমি সেইদিনা দেৱালীৰ বম ফুটাই ফুৰ্তি কৰি আছিলো। জগমগ বম খুব ফুটাইছিলো। এবাৰ কি হল, এটা জগমগ বম দিয়াচলাই কাঠিৰে জ্বলাই দৌৰা দৌৰিৰ কোবত দিয়াচলাই বাকচটো দলিয়াই ভুলতে জ্বলি থকা বমটো চাৰ্টৰ পকেটত সোমাই ললো, তাৰ পিছত দেখিছই নহয় মোৰ বিলৈ।
তাৰ কথা শুনি আমাৰ হাঁহিমেই নে কান্দিম, এনেকুৱা অৱস্থা ।
:
( বন্ধু সকল আপোনালোকেও খুৱ ভালদৰে দেৱালীৰ আনন্দ উপভোগ কৰক,কিন্তু সাৱধানে। যাতে কোনো অঘটন নঘটে।
শেষত সকলোলৈ পোহৰৰ উৎসৱ দিপাৱলীৰ হিয়াভৰা ওলগ যাচিলো)।

No comments:

Post a comment