Sunday, 26 October 2014

**হোষ্টেল লাইফ**

By: Dipu Borah

আজি কিবা এটা ভাগ্যৰ বলত এখন চেমিনাৰ এটেণ্ড বুলি সেই বহুবছৰৰ আগেয়ে শিক্ষাজীৱন এৰি থৈ অহা চহৰখনত পুনৰবাৰ উপস্থিত হলোহি....

চেমিনাৰ খনত মন নবহাত উলাই আহি অটো এখন লৈ পূৰ্বে এৰি থৈ অহা হোষ্টেল অভিমুখে লৈ যাবলৈ চালক জনক নিৰ্দেশ দিলো...


যিমানেই হোষ্টেলৰ কাষ চাপি গৈছো সিমানেই আবেগিক হৈ পৰিছো। সকলো ফালেই পৰিৱৰ্তন । আগৰ কেঁচা দোকান, শিলগুটি দিয়া পথসমূহ পকী হল, মুঠতে এই কেইবছৰতে বিৰাট পৰিবৰ্তন ....

অটো ৰোৱাৰ মাত্ৰেই দৌৰি গৈ ৰূম নং:-১০৫ সম্মুখত ৰৈ বন্ধ দুৱাৰত নক কৰিলো....... কোন বুলি সোধাত নিজকে প্ৰাক্তন আবাসী বুলি পৰিচয় দিয়াত দুৱাৰখন খুলি দি ভিতৰলৈ মাতিলে.......

ভিতৰ সোমাই সকলো এফালৰ পৰা পৰীক্ষা কৰি যাব ধৰিলো ...

সকলো একেই আছে...

সেই একে কাঠৰ পঢ়া টেবুল...

একেটা কাঠৰ আলমাৰি....

একেই ৰছিত উলমি থকা কাপোৰ..

একেই চিগাৰেটৰ গোন্ধ ....

একেই সেই পকী দেৱালত বলিউদৰ নায়িকাৰ উত্তেজক ফটো...

একেই সেইখন খিৰকি, যিখন খুলিলে ছোৱালী হোষ্টেলৰ গেটখন দেখা পোৱা যায়..

আৰু এইখন টো সেইখনেই কাঠৰ বিচনা যত মই তিনিবছৰ পাৰ কৰিলো....

সেইবুলি বিচনাখনৰ চাদৰ খন ডাঙি দিয়াত তলত এজনী ছোৱালী সোমাই থকা দেখি লৰাটোলৈ চালো.......

চাল্লা তাৰো সেই একেই পূৰণা দায়লগ.... "দাদা কিবা ভুল নুবুজে যেন... তাই মোৰ ভণ্টি হয় আৰু তাইৰ এপাত কাণফুলি হেৰুৱাত হে বিচনা তলত বিচাৰি আছে ...."

No comments:

Post a comment