Friday, 30 May 2014

#‪#‎আকৌ‬ আশীষ'দা ##

By: Anuj Kumar Das

ঘৰটোৰ বন্ধ দূৱাৰখনৰ সন্মুখত থিয় দি কনমানি লৰাটোৱে জপিয়াই জপিয়াই বাৰে বাৰে কলিং বেলটো বজাবলৈ চেষ্টা কৰা দেখি...

পথেৰে গৈ থকা আমাৰ আশীষ'দাৰ...কনমানিটোলৈ পুতৌ জাগিল আৰু কাষলৈ গৈ লৰাটোক দাঙি দি কলে:-"সোন...এতিয়া বেলটো বজাই দিয়া ।"
.
.
.


কনমানি লৰাটোৱে মনৰ সুখত ১০/১২ বাৰ মান কলিং বেলটো বজাই দিলে...তাৰপাছত কোলাৰ পৰা তাক নমাই দি আশীষ'দাই সুধিলে:-"সোন ! তোমাক আৰু কিবা সহায় কৰি দিব লাগিব নে ?"
.
.
.

তৎক্ষণাত লৰাটোৱে দৌৰিবলৈ ধৰি...আশীষ'দাক কলে:-"খুৰা ! বেগেৰে পলাওঁক...হাৰামী পুলিচটোৱে তাৰ পাগল কুকুৰটোক চুৱাই দিব...পলাওঁক পলাওঁক...নহলে কুকুৰৰ কামোৰ খাব !"
.
.
.
লৰাটিৰ কথা শুনি...বেহুচঁ আশীষ'দা !
প্ৰাণৰ ভয়ত লোধোৰ-পোধোৰ দেহাৰে...
পলাল তাৰপৰা !

নীতিকথা:-"উপকাৰীক অজগৰে খায় ।"

আৰু-"আশীদা'ৰ নিস্তাৰ নাই ।"

No comments:

Post a Comment