Wednesday, 22 January 2014

সঁচা কথাটো

সদায় যোৱাৰ দৰে আজিও তিনি আলিত মাল খাবলৈ গ'লো ৷ ক্ষীৰোদ ,প্ৰবিত্ৰ মানে মই , আৰু অনিল ৷ 
এখন বাইকত তিনিওটা ৷ তিনি আলি পাইহে দেখো সৰবনাশ ! 

আৰমি এখিনি ৰৈ আছে (26 আহি আছে টো) ৷ ওফটি যাবলৈ সময় নাই , সিহঁতে ৰ'বলৈ ক'লে আমি ভয়ত টিপক টিপক ৷ 
প্ৰথমে ভয়ংকৰ দাড়ি লগা এটাই ক্ষীৰোদক সুধিলে ক'ত যাৱ , সি ছাল্লা বৰ টেঙৰ আছিল , মূখেৰে আ আ শব্দ কৰি হাতখন জোকাৰি আৰমি কেইটাক বুবা বুলি বুজাই দি মোৰ ফালে আঙুলি টোৱাই দিলে ৷
 মোৰ বুকুখন ঢপক কৰি গ'ল , মই ভয়ে ভয়ে :- মে হিন্দী নেহী জানতা হু ওচকৌ পুচৌ " বুলি কৈ অনিললৈ আঙুলি পূণাই দিলো ৷ 
সিয়ো কম বস্তু নহয় ক্ষীৰোদে বুবা বুলি কওঁতে ৰেহাই দিয়াৰ বাবে সিয়ো কৈ দিলো , মে ভী গুংগা হু ভায়াজী মোজে ভী জানে দিজিয়ে ৷ 
আৰমীটোৱে আৰু তাক চাই নাথাকিল এক থাপ্পৰ দি দি ক'লে :- মজাক কৰতে হৌ ! 

অনিলে লগে লগে আৰমিটোক ক'লে মোক কিয় মাৰিলে ক্ষীৰোদোটো বুবা নহয় তাক কিয় নামাৰিলে এটাক বুবা বুলি ক'লে যাবলৈ দিয়ে এটাক দিয়ে ৷

 তাকে কোৱা শুনি ক্ষীৰোদ ৰ'ব নোৱাৰিলে কৈ পেলালে , অই মোক দিলে দিলে তুৰ কি সিংহা লাগিলে ! 
লগে লগে আৰমিটো তাকো দুই থাপ্পৰ দিলে ৷ আৰু কাণত ধৰি থাকিবলৈ মোক যাবলৈ ক'লে ৷ 

আৰু মই এয়া লগে সঁচা কথাটো লিখি দিলো ৷
By: এন্থনি ফুকন

No comments:

Post a comment