Sunday, 26 January 2014

আধা মিনিটৰ গল্প: ইম্পটেন্ট

 : তাৰ পিছত…?
: তাৰ পিছত হবলৈ কিটো আছে, দিলো নহয় 'এ… ক' চৰ।

"…এক চৰ…" বুলি কৈ, তেওঁ হাতেৰে যিটো ভঙ্গি দেখুৱালে, তাৰ পৰাই মোটামুটি অনুমান এটা কৰি লবলৈ মোৰ বিশেষ অসুবিধা নহ'ল যে চৰটো কেনেকুৱা আছিল। …২৬ জানুৱাৰী বুলি গধূলিৰ পৰাই, 'সোমৰস' লৈ দুয়ো বহি আছো, তেওঁৰ ঘৰত।

: আচলতে ঘটনাটো কি?
: এস্ নকব আৰু। …আমাৰ অফিচত আগৰে পৰা এটা নিয়ম চলি আহিছে যে, প্ৰতিখন 'বিল' পাচ কৰিলে, মোক ২০% ঘো… ('ঘোচ' বুলি মুখৰ পৰা ওলাই যাবই লৈছিল যদিও, সঠিক সময়ত ডিক্সব্ৰেক মাৰি দিলে) …কমিছন দিব লাগে। এইটো এটা পৰম্পৰা। কিন্তু বদজাত কেৰাণীটোৱে যোৱা মাহৰ পৰা মাত্ৰ ১৫% কৈ দি আছে। মানে বাকীখিনি সি নিজে খায়। …কিন্তু আজি ধৰা পৰি গ'ল। (কাঁহ এটা মাৰি) …মানুহবোৰ বৰ তললৈ নামি গৈছে বুজিছে। চব ধুৰন্ধৰ…! এতিয়া আমাৰ দৰে 'সৎ মানুহ' তিষ্ঠি থকাই মস্কিল হৈ পৰিছে…!!

গিলাচটোৰ পৰা 'জুলীয়া' অলপ পাণ কৰি তেওঁ আকৌ আৰম্ভ কৰিলে,

: আমুকাই কাকো কেয়াৰ নকৰে দেই… (দুটুপাল সোমৰস জীভাত পৰিলে, এইজনৰ আকৌ বীৰৰসে ক্ৰিয়া কৰে। 'হেমকোষ' বহিৰ্ভূত বহুতো বিশেষ্য, বিশেষণে তেওঁৰ 'ভাষা'ত লালিত্য আনে, সাহিত্যিক মহিমাণ্ডিত কৰি তোলে, …আৰু শেষত 'বমি'ৰে, নিশাৰ সমস্ত কাৰ্যসূচিৰ শলাগৰ শৰাই আগবঢ়ায়)। …আমুকাই অন্যায় নকৰে আৰু আনে কৰিলেও সহ্য কৰিব নোৱাৰে। মোৰ সাহস আৰু আপুনি দেখা নাই। আগতে… 'ডেকা' দিনত মোৰ সাহস চাব লাগিছিল। অকলেই বাঘৰ লগত যুঁজ কৰিছিলো… আপুনি জানে??
: নাই-নাই, …মই শুনা নাই এইবিষয়ে। অ' এবাৰ আপোনাক কুকুৰে কামুৰিছে বুলি শুনা মনত আছে…
: ধুৰ…! (অশ্লীল) …মই, মই আন্দোলনত, …১৯৮৫ চনৰ কথা কৈ আছো দেই, চি আৰ পিৰ লগত মাৰপিট লাগি জেললৈ যোৱা মানুহ… বুইছে নাই…
: হয় নিকি। আকৌ মানুহে চোন বেলেগ হে কিবা কয়।
: কি কয়… মোক কওঁক… 'টেল মি'…
: নহয় মানে… কিবা… ছাগলী চুৰি হোৱা ঘটনা এটাহে…
: (অশ্লীল)… কি ফাল্টু কথা কয় হে…? মই কি বস্তু আপুনি গমেই পোৱা নাই… মই সিবিধতো আছিলো কিছুদিন… বন্দুক, গুলি ইত্যাদি 'এনিটাইম' এই জেপত (হাতেৰে দুবাৰমান ধাপ্ ধাপ্ কৈ পেন্টত মাৰিও দেখুৱালে) …লৈ ফুৰিছিলো।

…হয়তো তেওঁ আৰু 'সাহস'ৰ কথা কৈ থাকিল হেতেন… অন্ততঃ 'পৰমবীৰ চক্ৰ' নোপোৱা পৰ্যন্ত। কিন্তু সিমানতে তেওঁৰ ড্ৰাইভাৰ ৰতন সোমাই অহাত…, তেওঁৰ 'সাহস' লেভেলটো, পৰম অনিচ্ছা স্বত্তেও 'মাত্ৰ'(?) "বন্দুক হাতত লোৱা" পৰ্যায়তে ৰৈ যাব লগা হ'ল। ছেহ…!!

: কি হ'ল?
: ছাৰ, মোৰ বাচ্চাটোৰ গা বেয়া।
: মই কি কৰো? ডাক্তৰৰ ওচৰলে নে।
: নিছিলো। ডাক্তৰে দৰৱ কিনিবলৈ দিছে। সেই কাৰণে অলপ টকা লাগে।
: হেই এতিয়া মাহৰ শেষত ক'ত টকা পাবি। তই অইন কৰবাত বিচাৰি চাগৈ।

ইয়াৰ পিচত বহু সময়ৰ লৈকে ৰতনৰ অনুনয়-বিনয় চলি থাকিল। কিন্তু একো লাভ নহ'ল। ৰতন যোৱাৰ পিছত, তেওঁৰ মোলে চাই কবলৈ ধৰিলে,

: …চাল্লা, দুজন 'ইম্পটেন্ট' (মদৰ ৰাগিত 'ইম্পৰ্টেন্ট' শব্দটো তেওঁৰ জীভাই বলেৰে পৰা নাছিল) …মানুহ বহি থাকিলে, সোমাব লাগে নে নালাগে, হাৰামীটোৱে তাকো নাজানে। মদৰ নিচাই ফাটি গ'ল। 'পেগ' ঢালক…॥

উপসংহাৰ: …মাজনিশা লৈকে আমাৰ ২৬ জানুৱাৰী চেলিব্ৰেচন চলি থাকিল। …আৰু আমি দুজন 'ইম্পটেন্ট' (পুৰুষত্বহীন) মানুহে হাজাৰ টকাৰ মদ খাই উৰুৱাই দিলো।

…ৰতনে চাগৈ তেতিয়াও 'পইচা' বিচাৰি হাবাথুৰি খাই ফুৰিছিল।
By: Udoy Senapoti

No comments:

Post a Comment