Saturday, 21 December 2013

চুবুৰীৰ হৰাহৰি বুঢ়া

চুবুৰীৰ হৰাহৰি বুঢ়া ঢুকাল। মানুহজনৰ বদনাম আছে বহুত। আশীৰ উৰ্ধৰ বয়স হ'লেও চুবুৰীৰ ছোৱালী-তিৰোতাৰ মিঠা মাত এষাৰি পাবলৈ তেওঁ কম 'বাহানা' কৰিছিল নে!

'মাই, তই হেৰিৰ জীয়েক নহয় নে? আহ ইমান ডাঙৰ হ'লি!' - এইবুলি তেওঁ হাত মেলে। ছোৱালীবোৰে পলাই-পত্ৰং দিয়ে।
'তুমি হেৰিয়াৰ বোৱাৰী? বৰ মৰমলগা হৈ আছা দেই..চাওঁ...' - বোৱাৰীবোৰ নোহোৱা হয় ঠাইৰপৰা।

'বুঢ়া মৰিল...বৰ ভাল হ'ল..কম দিগদাৰ কৰিছিল নে? হ'লেও মানুহ ঢুকালে বেয়াও লাগে পাই' - সকলোৰে মন্তব্য!
অকল সেয়াই নহয়, ওচৰৰ কাৰ লগত তেওঁৰ ভাল আছিল!?

হৰাহৰি বুঢ়া ঢুকুৱাৰ এসপ্তাহ পিছত চুবুৰীৰে বৰুৱাৰ ঘৰৰ সকলোৰে হাঁহিৰ ৰোল উঠিল। বিয়া হোৱাৰ প্ৰায় দহবছৰ পিছত বৰুৱানী মাতৃ হ'ল। সকলোৰে ফূৰ্তি! চুবুৰীৰ আটাইবোৰে খবৰটো শুনি ভাল পালে।
বৰুৱাৰ সন্তানৰ জন্ম হোৱাৰ খবৰ পাই হৰাহৰি বুঢ়াৰ ঘৈণীয়েক লৰি গ'ল বৰুৱাৰ ঘৰলৈ। কেঁচুৱাটো চাই চকুপানী টুকি টুকি - 'ভগবানে মোৰ প্ৰাৰ্থনা শুনিলে। যোৱা এসপ্তাহে প্ৰাৰ্থনা কৰি আছিলো আমাৰ এওঁক যেন ঘূৰাই আনা..। আনিলে বুজিছা? এই কণমানিটোৰ দেহত এওঁৰ আত্মা আছে...ভগবান, মই জানো ইয়াক তুমি চুবুৰীৰ দ্বিতীয় হৰাহৰি কৰি তুলিবা!'

No comments:

Post a comment