Monday, 16 December 2013

সেই একেই কাহিনী

আমাৰ আশীষদা বোলে কেইদিনমানৰ আগতে থকা কলেজ হোষ্টেলটো চাবলৈ গৈছিল।তাত তেওঁ থকা ৰূমটোৰ দর্জাখনত গৈ টোকৰ মাৰিলগৈ।এজন ল'ৰাই দর্জা খুলি দিলে।ভিতৰত সোমাই আশীষদা নষ্টালজিক হৈ পৰিল।
কবিতাৰ সুৰত তেওঁ কৈ উঠিল- আস্ সেই একেখনেই খিৰিকী একেই টেবুল একেই বিছনা।সকলোতে তেওঁ আলফুলে হাত ফুৰাই গ'ল।
...হঠাৎ তেওঁ বিছনাৰ তললৈ হাউলি চালে.....

আচৰিত!এজনী ছোৱালী লুকাই আছিল।
ডেকাজনে তৎক্ষণাত কৈ উঠিল- ভুল নকৰিব মহাশয়,এয়া মোৰ ভাগিনীহে,মোৰ খবৰ লবলৈ আহিছিল।

কাণফুলি হেৰুৱাৰ বাবেহে তাই তেনেকৈ বিচাৰি আছে।আশীষদাই পুনৰ কৈ উঠিল-..
.
.
.
.
.
..-আৰু সেই একেই কাহিনীৰ পুনৰাবৃত্তি!
by: Ripunjoy Chetia

No comments:

Post a comment