Friday, 5 July 2013

ভূ দা, দেবু দা, উৰুকা আৰু অলপ চিতল মাছ ...

উৰুকাৰ ৰাতিপুৱা ভূদা আৰু দেবুদাই একেলগে বেলতলা বজাৰলৈ বজাৰ কৰিবলৈ ওলোৱাৰ পিছতেই লাগিল য'ত খেলিমেলি...

দুয়ো জনে বজাৰলৈ ওলাই যোৱাৰ কিছু সময়ৰ পিছত অলপ চুটি চাপৰকে মানুহ এজন দেবুদাহঁতৰ কলিং বেল বজালে... শ্ৰীমতী দেবীয়ে তেতিয়া আনিব লগীয়া চিতল মাছৰ বাবে মছলা পিহাত বেস্থ। শ্ৰীমতীয়ে দুৱাৰ খুলি দিলে চুটি চাপৰ মানুহ জন সন্মুখত... হাতত এটা তিনি পোৱা মান ওজনৰ ছিলভাৰ কাৰ্প....
শ্ৰীমতীঃ নালাগে নালাগে... আজি আকৌ এইবোৰ মাছ খায়নে উৰুকাৰ দিনটোত ( দুৱাৰ বন্ধ কৰিব ওলালে...)
মানুহ জনঃ শুনক চোন...শুনক, মই মাছ বেপাৰী নহয় নহয় ...
শ্ৰীমতীঃ ও তেনেহ'লে অপুনি কি আদাৰ বেপাৰী ?... আমাৰ জাহাজ নাই দিয়ক...আপুনি যাব পাৰে...
মানুহ জনঃ মই মানে দেবুছাৰেহে এই মাছটো দি পঠালে...
শ্ৰীমতীঃ হ’বই নেৱাৰে...তেখেতে আজি চিতল মাছহে আনিব... (অলপ আত্মগৌৰৱৰে)
মানুহ জনঃ শুনক চোন...শুনক বাইদেউ, মই তেখেতৰ অফিচৰ পিয়ন, আজি বেলতলা বজাৰত চিতল মাছৰ ৪০০০ টকা কিলো এই কথাৰ প্ৰতিবাদ কৰা বাবে ছাৰৰ লগত যোৱা দিঘলকে মানুহ জনক বেলতলা বজাৰৰ মাফিয়া কেটাই বেয়াকে পিটিলে। ছাৰে খঙতে আজিৰ পৰা জীৱনত চিতল মাছে নাখাওঁ বুলি বেলতলা তিনিআলিৰ পুলিছ পইন্টটোত উঠি ৰাজহুৱা কৈ ঘোষণা দিলে। ঘটনাটো এতিয়া নিউজ লাইভৰ ব্ৰেকিং নিউজত দেখুৱাই আছে। বিশ্বাস নহ'লে টিভিত চাওঁক। (শ্ৰীমতীৰ মনটো বেয়া হ'লেও মানুহ জনৰ কথাটো অলপ বিশ্বাস হ'ল.. এহ ঠিকেই কৰিলে এটা প্ৰজাতিৰ হে মাছ নাখাওঁ বুলি কৈছে তেওঁ, মাছেই নাখাওঁ তো কোৱা নাই )
শ্ৰীমতীঃ ভূদা এতিয়া ক'ত...? বেয়াকৈ আঘাত পালে নেকি বাৰু তেওঁ...? (উৎকণ্ঠাৰে)।
মানুহ জনঃ নাই নাই ছাৰে তেওঁক চাৰ্ভেৰ চেন্ট্ৰেল নাৰ্ছিং হোম ডাক্তৰ খানালৈ লৈ গৈছে অলপ পিছতেই আহিব দিব হেন আৰু মোক মাছটো থৈ ছাৰৰ বাইক খন নিব দিছে আৰু ছাৰে কৈছে আপুনি যাতে সেই লম্বু ছাৰৰ ঘৈণীয়েকক কথাটো ঘুণাক্ষৰে নজনায়। উৰুকাৰ দিন মিছাতে টেনচনত পঢ়িব। আৰু আপোনাকো চিন্তা কৰিব হাক দিছে। এটা কিবা মেডিচিন চেন্ট্ৰেল নাৰ্ছিং হোমত নোপোৱাৰ বাবেই ছাৰে বাইক খনেৰে GNRC ৰ ফালৰ পৰা মেডিচিনটো আনিব যাব বোলে বাইদেউ।
শ্ৰীমতীঃ যা যা সোনকালে লৈ যা... সেইখন তাতেই ৰাখি থোৱা আছে। ( টেবুলৰ ওপৰৰ পৰা বাইকৰ চাবিটো মানুহজনক দিলে।)
মানুহ জনঃ মই এতিয়া যাওঁ নি বাইদেউ...?
শ্ৰীমতীঃ যা যা সোনকালে যা ( ইচ কি যে আজি-কালিৰ মানুহবোৰ, ইমান ইমাৰজেঞ্ছিতো চাহ খাব বিছাৰে ) মানুহজন বাইক খন লৈ গুচি গ'ল....

শ্ৰীমতী দেবুয়ে অলপ চিন্তিত পঢ়ি গ'ল, যিকি নহওঁক তেখেতৰ বন্ধুতো। ঘটনাটোৰ বাবে পিছে মনে মনে অলপ ভালো পালে শ্ৰীমতীয়ে... নিজৰ মানুহটো টিভিত ওলাইছে যেতিয়া এই বাৰ বিহুতে লেভেল মইয়ো অলপ দিব পাৰিম... শ্ৰীমতীয়ে টিভিটো খুলি নিউজ লাইভ চেনেল লগাই ল'লে... পিছে তাত চোন এতিয়া হিমন্তবিশ্বহে ওলাই আছে....

ডিং ডং... কলিং বেল আকৌ এবাৰ বাজি উঠিল।

দুৱাৰ খুলি দিয়াৰ লগে লগেই দেবুদাৰ প্ৰৱেশ মুখত গৌৰৱৰ হাঁহি হাতত এটা চিতল মাছ ...

শ্ৰীমতীঃ কি এঘন্টাতে প্ৰতিজ্ঞা ভঙ্গ...?
দেবুঃ কি...? কি প্ৰতিজ্ঞা আকৌ ভঙ্গ কৰিলোঁ মই...(অলপ আচৰিত হৈ )
শ্ৰীমতীঃ কিয় আপোনাৰ চিতল মাছ নাখাওঁ বুলি কৰা প্ৰতিজ্ঞা ...!!!
দেবুঃ ধেই... কি ধেমালী কৰাহে এই উৰুকাৰ দিনতো !!! মই চোন তোমাক মচলা পিহিব দিয়ে গ'লো...
শ্ৰীমতীঃ প্ৰতিভূদা ক'ত...?
দেবুঃ কিয়...? মোক ড্ৰপ কৰি ঘৰলৈ গ'ল আক... সিও চিতল এটাকে ল'লে দিয়া। আজি ৰাতি কিন্তু চেংমা, কলিতা, ছেৰিলীনহঁতক ৰাতিৰ সাজ আমাৰ ইয়াতে খাব মাতিম দেই। বেচেৰাহঁত বিয়া বাৰু নকৰা এই বিহুৰ দিনত ভালে-মন্দে কিবা এটা খাব আৰু.....
শ্ৰীমতীঃ তোমাৰ বাইক খন ক'ত...? তোমাৰ অফিছৰ সেই পিয়ন জন ক'ত...? আৰু এই ছালভাৰ কাৰ্পটো.... সৰ্ব্বনাষ… (শ্ৰীমতী মজিয়াত বহি পৰিল)
দেবুদাৰ ঘটনা টো বুজিবলৈ বাকি নাথাকিলে .... কিন্তু শ্ৰীমতীৰ অৱস্থা চাইহে আৰু বেয়া লাগিল এই বিহুৰ দিনটোতো কোনবা বদমাছে ঠগিলে তাইক। শ্ৰীমতীৰ মনটো ভাল লগাৱলৈ ক'লে ....

দেবুঃ এহ এনেও বাইক খন বহু পূৰণি হৈছিলে দিয়া... মই দুই এদিনতে বিকি দিম বুলিয়ে ভবি আছিলোঁ। নিলে নিলে দিয়া চুৰটোৰ কিজানি পইচাৰ অভাৱ আৰু তাৰ গাৰ্লফ্ৰেন্ডে কিজানি বিহুৰ দিনত কিবা এটা দামী উপহাৰ খুজিছে যিটো দিয়াৰ চুৰটোৰ সামৰ্থ নাই.... খালি এই ঘটনাটো বাহিৰত জানিব নালাগিব নহ'লে আমাকলৈ বেয়াকৈ হাঁহিব সিহঁত কেটাই। বাইকৰ কথা শুধিলে আজিয়েই ভাল দাম পাই বিক্ৰী কৰি দিয়া বুলি ক'ৱ লাগিব চবকে ।


 by Professor Hizbiz

No comments:

Post a comment