Saturday, 20 July 2013

::: ফেচবুকৰ পৰা টকা ঘটাৰ সবাতোকৈ সহজতম উপায়!!! :::



পূর্বে অনেকেই ফেচবুকৰ পৰা টকা ঘটাৰ অনেক পদ্ধতিৰ বিষয়ে কৈছে|

কিন্তু ইয়াৰ কোনোটোৱেই সঁচা নহয়|

চবেই নিজেহে ধনী হয়, আমি মাত্ৰ ঠগ খাওঁ|

এইবাৰ আপোনালোকক নিজেই টকা আয় কৰাৰ এটা পদ্ধতিৰ বিষয়ে কবলৈ ওলাইছো|

মন দি তলৰ কথাবোৰ অনুসৰণ কৰক আৰু চাব আপুনি কিদৰে সহজতেই টকাৰ ভৰাল এটা কৰিব পাৰিছে|


১. প্রথমেই আপোনাৰ ফেচবুক একাউন্টত লগ ইন কৰক!!


২. Account Setting ত ক্লিক কৰক|


৩. স্ক্রল কৰি তলত চাওঁক Deactivate লিখা আছে, তাত ক্লিক কৰিলে আৰু এটা পেজ
খুলিব, সেই পেজত তলৰ ফালে Confirm বুটামত ক্লিক কৰিলেই আপোনাৰ কাম শেষ!!


৪. এতিয়া আপুনি কম্পিউটাৰ অফ কৰি এটা চাকৰী বা ব্যৱসায়ত লাগি যাওঁক|


৫. ভালে কুশলে কৰিব পাৰিলে টকা আপোনাৰ বন্ধু হ’ব!!

১০০ টকাৰ নোট

মস্তানা নামৰ এটা ভিক্ষাৰীয়ে লগৰ ভিক্ষাৰীটোক কৈছে,
- ঐ জান, আজি ম‍ই ৰাস্তাত ১০০০ টকা হেৰাই পালো|
- হেই, সঁচাকৈ কৈছনে ত‍ই? বাৰু প‍ইচাটো কি কৰিলি ?
- ফালি পেলাই দিলো!
- কিয় !!!!!
.
.
.
.
.
.
ধেত, সেইটো নকল আছিল, ১০০ টকাৰ নোটত তিনটা শূন্য কেতিয়াবা দেখিছ হ’বলা?

http://www.facebook.com/asomiyakoutuk

টিলৌ সংবাদ (কৌতুক)

টিলৌ সংবাদ (কৌতুক)


***টিলৌ সংবাদ (১)***
--ক’কা কোলা আৰু আইতা—

টিলৌ – অ’ পিতৌ, কছোন ক’ ক’কা কোলাৰ (Cocacola) বিপৰীত শব্দ কি ?
পিতৌ – মই নাজানো, তয়ে কছোন কি ।
টিলৌ – আইতা বগা ।
---------------------
***টিলৌ সংবাদ (২)***

পিতৌ – অ’ কনটিলৌ, লুকাই থাক, লুকাই থাক ; তোৰ ‘স্কুলৰ চাৰ’ তহঁতৰ ঘৰৰ পদুলি মুখত । এই  সোমাব আৰু ।
টিলৌ – ক’কা, ক’কা (পিচ চোতালত গৈ চিঞৰি চিঞৰি) লুকুৱা লুকুৱা ।
ক’কা/পিতৌ (দুয়ো একেলগে) – কিয় কিয়, তইহে লুকাৱ লাগে । তইহে স্কুল যোৱা নাই দুদিন ।
টিলৌ – নহয় ক’কা, তুমিহে লুকুৱা কাৰন মইহে তোমাৰ মৃত্যু হৈছে বুলি কৈ স্কুল যোৱা নাছিলো এই দুদিন ।
---------------------
***টিলৌ সংবাদ (৩)***
--টিলৌৰ প্ৰেম আৰু পাইখানা—

টিলৌ ডাঙৰ হ’ল । কোনোমতে মেট্ৰিক পাছ কৰিলে । দেউতাকে ওচৰৰে চহৰখনৰ কলেজত নাম ভৰ্তি কৰাই দিলে । ল’ৰা ডাঙৰহে হ’ল, স্বভাৱ কিন্তু একেই থাকিল । প্রেমতো পৰিল কিজানি ! দেউতাকক কুটুৰি কুটুৰি মোবাইল নোপোৱাত  ক’কাকৰ জমা থকা পইচাৰ পৰাই ললে । পাইখানা কৰিবলৈ গলেও মোবাইল নিবলৈ নেৰা হ’ল । হোৱাই নোহোৱাই খালি মেছেজ দিয়া দিয়ি ।
এদিন পাইখানাত বহি থাকোতে এটা পেনপেনীয়া প্ৰেমৰ মেছেজ আহিল তাক ভাল পাই থকা ছোৱালীজনীৰ পৰা –
“যদি টোপনি মাৰি আছা তেতিয়াহলে সপোনবোৰ,
যদি কান্দি আছা, চকুপানীবোৰ,
যদি হাহি আছা, হাহিঁবোৰ মোলৈ পঠিয়াই দিবা”
টিলৌএ লগে লগে মোবাইলত টাইপ কৰি মেছেজ পঠিয়ালে-
“পাইখানা কৰি আছো, হে হৰি কি কৰো এতিয়া”
---------------------
***টিলৌ সংবাদ (৪)***
--‘ভেকুৱাম ক্লিনাৰ’ আৰু টমেট’ চ’চ—

টিলৌএ কোনোমতে ‘হায়াৰ চেকেন্দাৰী’ টো পাছ কৰি আৰু পঢ়িবলৈ ইচ্ছা নকৰিলে । বয়সো হৈছে, ক্লাছ নাইন-টেনতে কেইবা বছৰ লাগিল । কিবা এটা কৰাৰ আশাত চহৰত থকা পেহাক-পেহীয়েকৰ ঘৰত থাকিবলৈ ললে । পেহাকে ব্যক্তিগত ‘কোম্পানি’ এটাত চাকৰি কৰে । কিছুদিন যোৱাত পেহাকে ‘ভেকুৱাম ক্লিনাৰ’ ৰ কোম্পানি এটাত ‘কমিছন’ ভিত্তিত চাকৰি এটা ঠিক কৰি দিলে । কোম্পানিটোৱে টিলৌক ১০ দিনৰ ‘ট্রেইনিং’ এটাও দিলে । প্রথম ৫-৬ দিনমান ঘুৰি এটাও বিক্রি কৰিব নোৱাৰিলে । ৭ দিনৰ দিনা জেদত লাগিল, আজি এটা বিক্রি কৰিহে এৰিব, যিমানে কষ্ট নহওঁক কিয় ?
টিলৌএ ঘুৰি ঘুৰি এঠাইত সুবিধা হব বুলি দৰজাত ‘ন’ক’ কৰিলে । দৰ্জা খোলাৰ পিছত অনুমতিলৈ আপেক্ষা নকৰি একেকোবে ‘ড্ৰইং ৰুম’ পালে ।  ঘৰত অকল গৃহস্থৰ পত্নীগৰাকীহে আছিল । তেওঁ বুজিলে যে ‘ভেকুৱাম ক্লিনাৰ’ ৰ ‘সেল্সমেন’এ হ’ব । গৃহস্থনীয়ে কিবা কোৱাৰ আগতেই টিলৌএ কিবা জন্তুৰ চাল, নোম, জাবৰ এসোপামান মজিয়াৰ কাৰ্পেটৰ ওপৰত ঢালি দিলে । গৃহস্থনিয়ে হাঁহাকাৰ কৰি উঠিল, ছিঃ ছিঃ কি কৰিলে এইবোৰ , কি হ’ব এতিয়া । গৃহস্থও ঠিক সেই সময়তে ঘৰ আহি সোমাল ।
টিলৌ – Don’t worry madam, চাওঁক মোৰ এই new & most powerful ‘ভেকুৱাম ক্লিনাৰ’ টোৱে যদি নেক্সট ১০ ছেকেন্দৰ ভিতৰত এই গোটেইখিনি পৰিষ্কাৰ কৰিব নোৱাৰে, তেন্তে মই এই জন্তুৰ চাল, নোম, জাবৰ সোপা খাই পেলাম । মোক এতিয়া আপোনালোকৰ electricity ৰ plug টো দেখুৱাই দিয়ক ।
গৃহস্থ – আপোনাক সেইখিনি খাবৰ বাবে লগত ছিলি চ’চ বা টমেট’ চ’চ কিবা দিম নেকি ?
টিলৌ – কি যে কয় আৰু আপুনি, চাই থাককচোন ।
গৃহস্থনি – য়ে আমাৰ ঘৰত electricity নাই নহয় ।
---------------------
***টিলৌ সংবাদ (৫)***
-- নাকৰ শেঙুন আৰু বিহু—

টিলৌৰ সৰুৰে পৰা বিহু চোৱাত খুব ৰাপ । মইনা পাৰিজাতেই হওঁক, যিকোনো প্রতিযোগিতাই হওঁক একোৱেই এৰি নিদিয়ে লাগে ভোকে লাগক বা কিবা বেমাৰে হওঁক ।এবাৰ কি হ’ল মানে সৰু কালৰ কথা কৈছো বিহুৰ সময়তে টিলৌৰ পানী ল’গা চৰ্দি লাগিল । নাকৰ পৰা শেঙুনৰ নৈ বৱলৈ নেৰাই হ’ল ।
হ’লে কি হ’ৱ বিহু চাব এৰিব নেকি । বিহুও চাই আছে পিতৌৰ লগত, এফালে নাকৰে শেঙুনৰ নৈও বৈ আছে । শেঙুনখিনি বৈ আহি ঠিক দুই ওঠৰ মাজ পালে ‘বেকগিয়েৰ’ লগাই আকৌ ‘গেৰেজত’ ভৰাই থৈ দিয়ে । অৱশিষ্ট খিনি জিভাখনেৰে চুজি-মাজি মুখতে ভৰাই লয় । চিট নাপাই দুয়োটাই থিয় দি আছিল, সৰু ল’ৰাক নো কোনে চিট দিব । কাষতে বহি থকা মহিলা এগৰাকীয়ে দৃশ্যটো সহ্য কৰিব নোৱাৰি টিলৌক সুধিলে “ভাইটি তোমাৰ ৰুমাল আছেনে নাই ?”
হঠাৎ অহা প্রশ্নটো শুনি পকেতত হাত ভৰাই কলে “আছে কিন্তু আপোনাক নিদিওঁ, মাই মোক ৰুমালখন আন মানুহক দিবলৈ মানা কৰিছে ।“
---------------------
***টিলৌ সংবাদ (৬)***
--ঘৰ ভাৰা আৰু ৰামচন্দ্র—

টিলৌয়ে স্কুলত সাধৰণ জ্ঞানৰ পৰীক্ষা্ত বহিছে...
প্রশ্ন (১) :: ৰামচন্দ্রই সীতাক লৈ কিয় ঘৰৰ পৰা ওলাই গৈ অৰণ্যত বাস কৰিছিল ?
উত্তৰ :: বহু দিন নিশ্চয় ঘৰ ভাৰা দিব পৰা নাছিল ।
প্রশ্ন (২) :: সাগৰৰ পানীবোৰ কিয় লুণীয়া হয় ।
উত্তৰ :: কিয়নো মাছ বোৰৰ ঘাম ওলাই সাগৰৰ পানীতে মিহলি হৈ যায় ।
---------------------
***টিলৌ সংবাদ (৭)***
--চিত্রকৰ টিলৌ আৰু ঘাহ খোৱা বাঘ—

সৰুৰে পৰা ছবি অকাঁত ৰাপ দেখি দেউতাকে টিলৌক ওচৰৰে ‘আর্ট স্কুল’ খনতে নাম লগাই দিলে । এবছৰ পিছত প্রথম বছৰৰ পৰীক্ষাত বন্য জন্তুৰ ছৱি আকিব দিলে ।
আঁকাৰ পিছত শিক্ষকে টিলৌক প্রশ্ন কৰিলে “কি ছবি আঁকিছা, বাঘে জানো ঘাহ খাই”
সেমেনা সেমেনা কৰি মুৰ খজুৱাই ক’লে “ ঠিকে চাৰ বাঘে ঘাহ নাখাই, কিন্তু আজিকালি মাংসৰ যিহে দাম ঘাহ খোৱাৰ বাহিৰে কি উপায় আছে?”
---------------------
***টিলৌ সংবাদ (৮)***
--মৌমাখি আৰু আলহী—

স্কুলত শিক্ষকে মৌমাখিৰ বিষয়ে পঢ়াই থাকোতে সুধিলে “ তোমালোকৰ কাৰোবাৰ ঘৰত মৌমাখিৰ বাহ আছেনে ?”
টিলৌয়ে ক’লে “চাৰ আমাৰ ঘৰত আছে ।”
শিক্ষক :: টিলৌ, তেনেহ’লে তুমিয়েই কোৱাছোন মৌমাখি পালন কৰিলে কি হয় ।
টিলৌ :: চাৰ ইমান নাজানো, কিন্তু এটা কথা জানো মৌমাখি ঘৰত পুহিলে কামোৰৰ ভয়ত আলহী-অতিথি অহা বাদ দিয়ে ।
---------------------
***টিলৌ সংবাদ (৯)***
--টিলৌ আৰু এটা দুর্ভগীয়া পৰুৱাৰ কাহিনী—

সাধাৰণ জ্ঞানৰ পৰীক্ষাৰ প্রশ্নকাকতঃ
প্রশ্নঃ- এটা পৰুৱাক কেনেকৈ মাৰিবা ? মুঠ ১০ নম্বৰ
(উত্তৰটো এক্কেবাৰে সহজ, কিন্তু ১০নম্বৰ দিছে, অলপ লিখিলেও নহ’ব । কি কৰা যায় । ভাবি-চিন্তি টিলৌৱে লিখিবলৈ আৰম্ভ কৰিলে)
উত্তৰঃ- প্রথমতে চেনীৰ লগত জলকীয়া গুৰি মিহলি কৰি লম আৰু তাৰ পিছত সেইখিনি পৰুৱা্টোৰ গাতৰ মুখত থৈ দিম ।
পৰুৱা্টোৱে সেইখিনি খোৱাৰ পিছত জ্বলা পাই পানী খাবলৈ বিছাৰিব । পানী খোৱাৰ সময়ত পৰুৱা্টোক পানীত পৰাকৈ ঠেলি দিম ।
পানীত তিতি-বুৰি পৰুৱা্টোৱে নিজৰ গা শুকুৱাবৰ বাবে জুইৰ কাষলৈ আহিব । আগতেই তাতে এটা ‘বম্ব’ থৈ দিম । ‘বম্ব’ টো ফুটি পৰুৱা্টো আঘাতপ্রাপ্ত হ’ব ।
তাৰ পিছত পৰুৱা্টোক চিকিৎসালয়ৰ আই.সি.ইউ. ত ভর্তি কৰিম । তাতে ডাক্টৰে তাক ‘অক্সিজেন মাস্ক” লগাই দিব ।
সুবিধা বুজি ‘অক্সিজেন মাস্ক” টো খুলি দিম আৰু তেনেকৈয়ে পৰুৱা্টোক মই মৃত্যুমুখত পেলাম ।

---------------------
***টিলৌ সংবাদ (১০)***
--টিলৌ আৰু দেউতাকৰ তপা মূৰ—

টিলৌৱে কেইদিনানৰ পৰা এটা কথা ভাবি ভাবি উত্তৰ পোৱা নাই । মাকৰে হওঁক বা তাৰ নিজৰে দেখোন ইম্মান চুলি আছে, তাৰ দেউতাকৰহ চুলি কম মানে তপা মূৰ । সেয়ে এদিন মাককে কথাটো সুধিলে ।

মাকে উত্তৰ দিলে “আচলতে তোৰ দেউতাই যে বহুত কথা ভাবি থাকে, কিমান চিন্তা কৰিব লাগে; তোৰ পঢ়া-শুনা, ঘৰৰ সা-সামগ্রী, খেতি-বাতি... ইমানবোৰ একেলগে, সেইকাৰনে বুজিলি মোৰ সোনটো” উত্তৰটো দি মাকে এটা সন্তোষৰ হাহিঁ মাৰিলে ।

অলপ সময় চিন্তা কৰি টিলৌৱে মাকক আকৌ সুধিলে “ তেনেহ’লে তোৰ মূৰত ইমান চুলি কিয় তাকো দীঘল দীঘল, অ’ বুজিছো তই তাৰমানে এক্কো চিন্তা-ভাবনা নকৰ’”
-----------------------------------------------------
দিগন্ত যাদৱ শৰ্মা 

Thursday, 18 July 2013

Biscuit: Assamese JOKE

প্ৰথমতে হাঁহি নুঠিলে অলপ চিন্তা কৰি লৈ হাঁহিব৷
----------------------------------

গ্ৰাহক: হেৰি, কুকুৰক খুউৱা বিস্কুট আছে নেকি?
দোকানী: আছে আছে, বান্ধি দিম নে ইয়াতে খাব?

by Makhal Lal Das

Mastor Eestudent

ৰিয়ান ৰাগিণীয়ে ইচকুলত বিজ্ঞান বুজাই আছে । 

-" ল'-ছোৱালীহঁত কছোন,
এই যে ছবিখনত দেখিছ ঠেংটো কি চৰাইৰ বাউ ?"

লাষ্ট বেঞ্চৰ ছাত্ৰঃ ধুই,  ঠেং চাই চৰাইৰ নাম কব পাৰি নেকি ব্যে ?

ৰিয়ানঃ হ'পলেছ কথা ক'বলে আহিছ । তোৰ নাম কি ?

ছাত্ৰঃ মোৰ ঠেং দুটা চাই লওঁক ... তাৰ পিছত নিজেই গম পাই যাব

by Chandan J Bhuyan

Always Proud to be an Assamese. 

উজনিৰ গাজা: Upper Assam Jokes



চেংমাইৰ দুৰ্দান্ত পেটৰ বিষ ।
সহ্য কৰিব নোৱাৰি গ'ল ডাক্টৰৰ
ওচৰ । ডাক্টৰে চাই মেলি ঔষধ
দি ক'লে দিনটোত দুচামুচকৈ
তিনিবাৰ খাবি ঠিক হৈ যাব।
চেংমাইয়েও ঘৰলৈ আহি ডাক্টৰৰ
দিহামতে ঔষধ খালে কিন্তু পেটৰ
বিষ কমাতকৈ বাঢ়িলহে ।
পিছদিনাই ডাক্টৰৰ ওচৰলৈ গ'ল
আকৌ । ডাক্টৰে চালে । ক'লে
অপাৰেশ্যন কৰিব লাগিব পেটৰ ।
অপাৰেশ্যন কৰি চেংমাইৰ পেটৰ ভিতৰত ছখন চামুচ পালে ।

by Riyaan Ragini

এটা স্বপ্নৰ কথোপকথন : অসমীয়া কৌতুক



(পটভূমি - ৰাতি ১১ বাজি ৫৫ মিনিটমান হৈছে ৷ স্বামী চুচৰি বাগৰি কোনো মতে বাৰান্ডাত উঠিছে ৷ পত্নীয়ে ককালত হাত দি থিয় হৈ আছে ৷)

পত্নি - ইমান ৰাতিখন ক’ত কি কৰি আছিলা ?
স্বামী - এহ্ আছিলো আৰু ৷
পত্নি - সেইটো ময়ো গম পাইছো আছিলা বুলি ৷ কিন্তু কৰি কি আছিলা ?
স্বামী - ডাবা খেলি আছিলো ৷
পত্নি - ডাবা যদি খেলি আছিলা তেনেহ’লে গাটো কিয় মদ মদ গোন্ধাইছে ?
স্বামী - আৰে তেনেহ’লে কি ডাবা ডাবা গোন্ধাব নেকি ?

by Pratibhu Dutta

ভু দা হেৰি খাই টুং

এদিনখন ভু দা চেংহতৰ লগত হেৰি খাই টুং হৈ ঘৰলৈ আহিল।

ঘৰৰ দুৱাৰ মুখত ৰৈ বৌক লাহেকৈ মাতিলেঃ হেৰা,দুৱাৰ খোলা ...
......
......
....
বোলো শুনিছানে, দুৱাৰখন খোলাহে .. :(
....

বৌৰ ঠেহ লাগিছে বুলি তেওঁ বহুবাৰ মাতিও সহাৰি নাপাই পানীটোপাৰ গৰমত দিলে গোৰ মাৰি দুৱাৰত ...
দুফাল হৈ খোল খাই যোৱা দুৱাৰেৰে সুমাইহে বুজিলে তেওঁ পালে, ইমান দেৰি তেওঁ পায়খানাৰ দুৱাৰতহে টুকুৰিয়াই আছিল !!!

by Dipamoni Kashyap

Assamese Joke: গুলীবাজ

কি কিখন যে হৈ থাকে 

সেইযে ৰুণজুন নামৰ ছোৱালীজনী, স্কুলত যে চাকৰি কৰে, বিৰাট ধুনীয়া ........
তাইক লৈ মালি আৰু অপুৰ মাজত বিৰাট কাজিয়া ৷

শেষত দত্তকায়ে উপায় দিলে ৷
‘‘এটা কাম কৰ ৷ হোঁ ল এই দুটা পিষ্টল ৷ দুইটাই গুলী মাৰিবি ৷ যি বাচি থাকিব তাৰে লগত বিয়া ৷ ইটো আতৰি দিব লাগিব ৷’’

অপুৱে লগে লগে মানি ল’লে ৷ 
মালিয়ে মানি লোৱা নাই ৷
তাৰ যুক্তি, ‘‘মই অপুতকৈ শকত ৷ মোৰ গাত গুলি লগাৰ সম্ভাৱনা বেছি ৷’’

দত্তকাইৰ জানো কম বুদ্ধি !
পকেটৰ পৰা বগা ছকমাটি উলিয়াই মালিৰ শৰীৰত দীঘলকৈ দাগ এটা মাৰি ক’লে, ‘‘সোফালে গুলি লাগিলে আউট চাইড বুলি ধৰিম ৷ অ.কে ষ্টাৰ্ট কৰ্ ৷’’

 by Pratibhu Dutta

Friday, 5 July 2013

ভূ দা, দেবু দা, উৰুকা আৰু অলপ চিতল মাছ ...

উৰুকাৰ ৰাতিপুৱা ভূদা আৰু দেবুদাই একেলগে বেলতলা বজাৰলৈ বজাৰ কৰিবলৈ ওলোৱাৰ পিছতেই লাগিল য'ত খেলিমেলি...

দুয়ো জনে বজাৰলৈ ওলাই যোৱাৰ কিছু সময়ৰ পিছত অলপ চুটি চাপৰকে মানুহ এজন দেবুদাহঁতৰ কলিং বেল বজালে... শ্ৰীমতী দেবীয়ে তেতিয়া আনিব লগীয়া চিতল মাছৰ বাবে মছলা পিহাত বেস্থ। শ্ৰীমতীয়ে দুৱাৰ খুলি দিলে চুটি চাপৰ মানুহ জন সন্মুখত... হাতত এটা তিনি পোৱা মান ওজনৰ ছিলভাৰ কাৰ্প....
শ্ৰীমতীঃ নালাগে নালাগে... আজি আকৌ এইবোৰ মাছ খায়নে উৰুকাৰ দিনটোত ( দুৱাৰ বন্ধ কৰিব ওলালে...)
মানুহ জনঃ শুনক চোন...শুনক, মই মাছ বেপাৰী নহয় নহয় ...
শ্ৰীমতীঃ ও তেনেহ'লে অপুনি কি আদাৰ বেপাৰী ?... আমাৰ জাহাজ নাই দিয়ক...আপুনি যাব পাৰে...
মানুহ জনঃ মই মানে দেবুছাৰেহে এই মাছটো দি পঠালে...
শ্ৰীমতীঃ হ’বই নেৱাৰে...তেখেতে আজি চিতল মাছহে আনিব... (অলপ আত্মগৌৰৱৰে)
মানুহ জনঃ শুনক চোন...শুনক বাইদেউ, মই তেখেতৰ অফিচৰ পিয়ন, আজি বেলতলা বজাৰত চিতল মাছৰ ৪০০০ টকা কিলো এই কথাৰ প্ৰতিবাদ কৰা বাবে ছাৰৰ লগত যোৱা দিঘলকে মানুহ জনক বেলতলা বজাৰৰ মাফিয়া কেটাই বেয়াকে পিটিলে। ছাৰে খঙতে আজিৰ পৰা জীৱনত চিতল মাছে নাখাওঁ বুলি বেলতলা তিনিআলিৰ পুলিছ পইন্টটোত উঠি ৰাজহুৱা কৈ ঘোষণা দিলে। ঘটনাটো এতিয়া নিউজ লাইভৰ ব্ৰেকিং নিউজত দেখুৱাই আছে। বিশ্বাস নহ'লে টিভিত চাওঁক। (শ্ৰীমতীৰ মনটো বেয়া হ'লেও মানুহ জনৰ কথাটো অলপ বিশ্বাস হ'ল.. এহ ঠিকেই কৰিলে এটা প্ৰজাতিৰ হে মাছ নাখাওঁ বুলি কৈছে তেওঁ, মাছেই নাখাওঁ তো কোৱা নাই )
শ্ৰীমতীঃ ভূদা এতিয়া ক'ত...? বেয়াকৈ আঘাত পালে নেকি বাৰু তেওঁ...? (উৎকণ্ঠাৰে)।
মানুহ জনঃ নাই নাই ছাৰে তেওঁক চাৰ্ভেৰ চেন্ট্ৰেল নাৰ্ছিং হোম ডাক্তৰ খানালৈ লৈ গৈছে অলপ পিছতেই আহিব দিব হেন আৰু মোক মাছটো থৈ ছাৰৰ বাইক খন নিব দিছে আৰু ছাৰে কৈছে আপুনি যাতে সেই লম্বু ছাৰৰ ঘৈণীয়েকক কথাটো ঘুণাক্ষৰে নজনায়। উৰুকাৰ দিন মিছাতে টেনচনত পঢ়িব। আৰু আপোনাকো চিন্তা কৰিব হাক দিছে। এটা কিবা মেডিচিন চেন্ট্ৰেল নাৰ্ছিং হোমত নোপোৱাৰ বাবেই ছাৰে বাইক খনেৰে GNRC ৰ ফালৰ পৰা মেডিচিনটো আনিব যাব বোলে বাইদেউ।
শ্ৰীমতীঃ যা যা সোনকালে লৈ যা... সেইখন তাতেই ৰাখি থোৱা আছে। ( টেবুলৰ ওপৰৰ পৰা বাইকৰ চাবিটো মানুহজনক দিলে।)
মানুহ জনঃ মই এতিয়া যাওঁ নি বাইদেউ...?
শ্ৰীমতীঃ যা যা সোনকালে যা ( ইচ কি যে আজি-কালিৰ মানুহবোৰ, ইমান ইমাৰজেঞ্ছিতো চাহ খাব বিছাৰে ) মানুহজন বাইক খন লৈ গুচি গ'ল....

শ্ৰীমতী দেবুয়ে অলপ চিন্তিত পঢ়ি গ'ল, যিকি নহওঁক তেখেতৰ বন্ধুতো। ঘটনাটোৰ বাবে পিছে মনে মনে অলপ ভালো পালে শ্ৰীমতীয়ে... নিজৰ মানুহটো টিভিত ওলাইছে যেতিয়া এই বাৰ বিহুতে লেভেল মইয়ো অলপ দিব পাৰিম... শ্ৰীমতীয়ে টিভিটো খুলি নিউজ লাইভ চেনেল লগাই ল'লে... পিছে তাত চোন এতিয়া হিমন্তবিশ্বহে ওলাই আছে....

ডিং ডং... কলিং বেল আকৌ এবাৰ বাজি উঠিল।

দুৱাৰ খুলি দিয়াৰ লগে লগেই দেবুদাৰ প্ৰৱেশ মুখত গৌৰৱৰ হাঁহি হাতত এটা চিতল মাছ ...

শ্ৰীমতীঃ কি এঘন্টাতে প্ৰতিজ্ঞা ভঙ্গ...?
দেবুঃ কি...? কি প্ৰতিজ্ঞা আকৌ ভঙ্গ কৰিলোঁ মই...(অলপ আচৰিত হৈ )
শ্ৰীমতীঃ কিয় আপোনাৰ চিতল মাছ নাখাওঁ বুলি কৰা প্ৰতিজ্ঞা ...!!!
দেবুঃ ধেই... কি ধেমালী কৰাহে এই উৰুকাৰ দিনতো !!! মই চোন তোমাক মচলা পিহিব দিয়ে গ'লো...
শ্ৰীমতীঃ প্ৰতিভূদা ক'ত...?
দেবুঃ কিয়...? মোক ড্ৰপ কৰি ঘৰলৈ গ'ল আক... সিও চিতল এটাকে ল'লে দিয়া। আজি ৰাতি কিন্তু চেংমা, কলিতা, ছেৰিলীনহঁতক ৰাতিৰ সাজ আমাৰ ইয়াতে খাব মাতিম দেই। বেচেৰাহঁত বিয়া বাৰু নকৰা এই বিহুৰ দিনত ভালে-মন্দে কিবা এটা খাব আৰু.....
শ্ৰীমতীঃ তোমাৰ বাইক খন ক'ত...? তোমাৰ অফিছৰ সেই পিয়ন জন ক'ত...? আৰু এই ছালভাৰ কাৰ্পটো.... সৰ্ব্বনাষ… (শ্ৰীমতী মজিয়াত বহি পৰিল)
দেবুদাৰ ঘটনা টো বুজিবলৈ বাকি নাথাকিলে .... কিন্তু শ্ৰীমতীৰ অৱস্থা চাইহে আৰু বেয়া লাগিল এই বিহুৰ দিনটোতো কোনবা বদমাছে ঠগিলে তাইক। শ্ৰীমতীৰ মনটো ভাল লগাৱলৈ ক'লে ....

দেবুঃ এহ এনেও বাইক খন বহু পূৰণি হৈছিলে দিয়া... মই দুই এদিনতে বিকি দিম বুলিয়ে ভবি আছিলোঁ। নিলে নিলে দিয়া চুৰটোৰ কিজানি পইচাৰ অভাৱ আৰু তাৰ গাৰ্লফ্ৰেন্ডে কিজানি বিহুৰ দিনত কিবা এটা দামী উপহাৰ খুজিছে যিটো দিয়াৰ চুৰটোৰ সামৰ্থ নাই.... খালি এই ঘটনাটো বাহিৰত জানিব নালাগিব নহ'লে আমাকলৈ বেয়াকৈ হাঁহিব সিহঁত কেটাই। বাইকৰ কথা শুধিলে আজিয়েই ভাল দাম পাই বিক্ৰী কৰি দিয়া বুলি ক'ৱ লাগিব চবকে ।


 by Professor Hizbiz

ধৰা হ’ল...

ভু-দাই হোটেলত ভাত খাই আছে ।

ওৱেটাৰ :-- হাউ !! ছাৰ, আপুনি সুদাই সুদাই ভাত খাইছে যে, আপোনাক দাইল, চবজি কিবা আনি দিমনে ?

ভু-দা :-- আহ্‌, তই জাননে মইযে এজন অঙ্ক বিভাগৰ শিক্ষক, মই ইয়াত বহি অঙ্ক কৰি আছো, মোক দিগদাৰ নিদিবি.....

ওৱেটাৰ :-- কি অঙ্ক কৰিছে ছাৰ ?

ভু-দা :-- ধৰা হ'ল, ভাতৰ লগত ডালি আছে.....

* (ভূ দা এজন ভাল লেখক আৰু অংকবিদ)

by Deep Jyoti Nath

Thuluk and Swami ji

থুলুক: স্বামীজী, মোৰ বিয়াৰ পাঁচ বছৰ হ'ল। কিন্তু কোনো সন্তানৰ মুখ দেখিবলৈ পোৱা নাই এতিয়ালৈকে।
স্বামীজী: চিন্তা নকৰিবা বৎস। মই বৈষ্ণোদেৱীলৈ গৈ আছোঁ। তাতে তোমাৰ হৈ চাকি জ্বলাম। আই সুপ্ৰসন্ন হ'ব। ঔঁ

দহ বছৰৰ পাছত...

স্বামীজী থুলুকৰ ঘৰলৈ আহিছে। ওচৰ চুবুৰীয়া সকলো গোট খাইছে। দহটা ল'ৰা-ছোৱালীৰে থুলুকৰ পত্নীয়ে সেৱা লৈছে।

স্বামীজী: তোমাৰ পতিদেৱ ক'ত আই?
থুলুকৰ পত্নী: বৈষ্ণোদেৱীলৈ গৈছে, চাকি নুমুৱাবলৈ।


By Rajib Ranjan

Intelligent Thuluk

যাত্ৰী: ধত্ চালা তই মোৰ জেপত হাত কিয় দিছা?????

থুলুক: নহয় মানে মোক লাইটাৰটো লাগিছিল ৷

যাত্ৰী: তোক লাইটাৰ লাগে,,,,,,, বিৰি লাগে মোক খুজিব নোৱাৰা নেকি মুখ নাই,,,,, হুহহ!!!!!

থুলুক: নহয় মানে মই অচিনাকি মানুহৰ লগত কথা নাপাতো,,,,,,,,,, চো,,,,,,,,,,,,, ৷৷৷৷৷


by Dwipen Kalitha 

প্ৰেমিক প্ৰেমিকা আৰু ...

"21+ ONLY"

প্ৰেমিকা: কৰা না
প্ৰেমিক: নকৰোঁ

কা: কৰা না জানটো
ক: না, নকৰোঁ

কা: প্লীজ আৰু এবাৰ কৰা
ক: পাগল নেকি? গোটেই ৰাতি কৰি থাকিব পাৰি নেকি কিবা?

কা: আগতে দেখোন ইমানবাৰ কৰিছিলা, আজি মাত্ৰ চাৰিবাৰ কৰিছা... কৰা না
ক: হুই, আগৰ কথা বেলেগ, তুমি নতুন আছিলা

কা: এতিয়া ম‍ই পুৰণা কাৰণে নকৰা হ’লা ন’?
ক: নহয় ঔ, নাই

কা: আছে, ম‍ই জানো
ক: নাই

কা: আছে আছে, কৰা
ক: নাই ঔ, SMS Pack নাই, কাইলৈ পেক ভৰাই গোটেই ৰাতি sms কৰিম দেই

কা: হি হি হি
ক: হো হো হো

by Changmai

ৰেলত মালি


মালি মাজতে ঘৰৰ ফালে গৈছিল ৷ আচলতে দেবুৰ ঘৰত তাক প্ৰায়ে উপদেশ দি থকা হয় বিয়াখন সোনকালে পাতিব লাগে বুলি ৷ গতিকে বিয়া ঠিক কৰিবলৈ বুলি এদিন নিশা মালি ৰেলত উঠিলে ৷

ৰেলৰ ভিতৰৰ দৃশ্য -

যুৱতী : মই ইয়াত বহিব পাৰো নে ?

মালি : আৰে !! কিয় নোৱাৰিবা ? তোমাৰ ছিট বুলিয়ে ধৰি লোৱা ৷

যুৱতী : পানী অকনমান খাওঁ নে ?

মালি : আৰে সেইটো সুধিব লাগে নেকি কিবা ?? নিজৰ বুলি নাভাবা ন তুমি ?

ঝক ঝক ৰেল গৈ আছে ........
যুৱতী : দাদা কোনটো ষ্টেচন পালো বাৰু ?

মালি : আৰে মোৰ মাথাত GPS লগাই থোৱা নাই নহয় যে মাজ নিশা কি ষ্টেচন পালো কৈ দিব পাৰিম ৷ চাওঁ উঠা ছিটৰ পৰা ৷ মোৰ টোপনি ধৰিছে ৷

*মালি> মালিংগা> চেংমাই

by Pratibhu Dutta


Asaamese Joke: মহিলা সকলে কিয় একেলগে...















ছোৱালীবোৰে একেলগে বাথৰূমলৈ যাবলৈ ভাল পায়, কাৰণ

তেওঁলোকে লাইনত থিয় হৈ থাকোঁতে কথা পাতি ভাল পায়, কাৰণ

লেডিজ বাথৰূমৰ সমুখত সদায়েই অলপ দীঘল লাইন থাকে, কাৰণ

ছোৱালীবোৰে একেলগে বাথৰূমলৈ যাবলৈ ভাল পায়, কাৰণ

তেওঁলোকে লাইনত থিয় হৈ থাকোঁতে কথা পাতি ভাল পায়, কাৰণ

লেডিজ বাথৰূমৰ সমুখত সদায়েই অলপ দীঘল লাইন থাকে, কাৰণ

ছোৱালীবোৰে একেলগে বাথৰূমলৈ যাবলৈ ভাল পায়, কাৰণ

তেওঁলোকে লাইনত থিয় হৈ থাকোঁতে কথা পাতি ভাল পায়, কাৰণ

লেডিজ বাথৰূমৰ সমুখত সদায়েই অলপ দীঘল লাইন থাকে, কাৰণ

ছোৱালীবোৰে একেলগে বাথৰূমলৈ যাবলৈ ভাল পায়, কাৰণ

তেওঁলোকে লাইনত থিয় হৈ থাকোঁতে কথা পাতি ভাল পায়, কাৰণ

লেডিজ বাথৰূমৰ সমুখত সদায়েই অলপ দীঘল লাইন থাকে, কাৰণ

ছোৱালীবোৰে একেলগে বাথৰূমলৈ যাবলৈ ভাল পায়, কাৰণ

তেওঁলোকে লাইনত থিয় হৈ থাকোঁতে কথা পাতি ভাল পায়, কাৰণ

লেডিজ বাথৰূমৰ সমুখত সদায়েই অলপ দীঘল লাইন থাকে, কাৰণ
............................................................

by Changmai