Saturday, 11 May 2013

সঁচা ক’লে থুলুক বেয়া...


 এবাৰ চাকৰিসূত্ৰে থুলুক গৈ খ্ৰীষ্টীয়ান ক’লনি এখনত থাকিব লগা হ’ল|

চব ঠিকেই চলি আছিল, পিছে এবাৰ কিবা এটা উত্সৱৰ সময়ত খ্ৰীষ্টীয়ান সকলে এমাহৰ কাৰণে মাছ-মঙহ খোৱাৰ পৰা বিৰত থাকিব লগীয়া হ’ল| 

কিন্তু থুলুকে পুৱা-গধূলি মলমলাই যোৱাকৈ চিকেন ফ্ৰাই, চিকেন মাখনী, চিকেন জ্বলা য়াম য়াম কাৰী ইত্যাদি ৰান্ধি উপভোগ কৰি থাকিল| চিকেনৰ ঘ্ৰাণ নিতৌ নাসিকাৰে গ্ৰহণ কৰি খ্ৰীষ্টীয়ান লোকসকলৰ জিভাৰ পানী পৰিবলৈ ধৰিলে; কিন্তু বেচেৰাহঁতে কৰিব নো কি? নিয়ম যে নিয়মেই- এমাহলৈ লোভ সম্বৰণ কৰিব‍ই লাগিব| আৰু সিফালে থুলুকে তো নিৰৱচ্ছিন্ন ভাৱে কুকুৰা মঙহৰ সোৱাদ লৈ পৰমানন্দৰ সতে উগাৰ মাৰি ফুৰিছে|

কথাটো সাত পাঁচ গুণি খ্ৰীষ্টীয়ান কেইটাই গৈ গীৰ্জাৰ পাদ্ৰীৰ ওচৰত গোচৰ তৰিলেগৈ| 

পাদ্ৰীয়েও গমি পিতি চাই থুলুকক মতোৱাই আনি তাক দিহা দিলে: - যিহেতু তুমি আমাৰ সতেই বাস কৰা, তুমি আমাৰ ধৰ্মলৈ গুচি নাহা নো কিয়?

থুলুকেও বতৰ চাই কঠীয়া পৰাৰ দৰে “হ’ব” বুলি কৈ দিলে|

থুলুকক ধৰ্মান্তৰ কৰা হ’ল| 

পাদ্ৰীয়ে মন্ত্ৰ মাতিলে, “তুমি হিন্দু হৈ জন্ম লৈছিলা, কিন্তু তুমি আজিৰ পৰা খ্ৰীষ্টীয়ান হ’লা” এই বুলি কৈ থুলুকৰ ওপৰত পবিত্ৰ জল ছটিওৱা হ’ল| 

চবৰে মনত শান্তি; আজিৰ পৰা আৰু চিকেন টিকেন বন্ধ|

কিন্তু সেই ৰাতিও থুলকৰ ঘৰৰ পৰা মলমলীয়া সুঘ্ৰাণ বতাহৰ বিয়পিবলৈ ধৰিলে| 

মানুহবোৰ খঙত দল বান্ধি থুলুকৰ ঘৰলৈ ঢাপলি মেলিলে|
দুৱাৰ খোলা আছিল|

দেখা গ’ল… থুলুকে চিকেন ড্ৰাই ফ্ৰাই ডাইনিং টেবুলত লৈ খাবলৈ বহিছে, আৰু পবিত্ৰ জল (হোলী ৱাটাৰ) ছটিয়াই ছটিয়াই চিকেনখিনিক কৈছে: - “তুমি মুৰ্গী হৈ জন্ম লৈছিলা, কিন্তু আজিৰ পৰা তুমি আলু হ’লা” 

by Changmai

পাগল উঠিল খুটাত


এদিন পাগল এটাই আত্মহত্যা কৰাৰ ভাবুকি দি বহুত ওখ লোৰে তৈয়াৰী খুটা এটাৰ ওপৰলৈ উঠি গ’ল আৰু একেবাৰে ওপৰৰ ঠাইকণত বহি ৰ’ল|

মিডিয়া আহিল, মানুহ গোট খালে, মিনিষ্টাৰসকলো আহিল|

মানুহবোৰ: নামি আহ, নহ’লে খুটা টোত জুই লগাই দিম
পাগল নানামিল|

মিডিয়া: নামি আহ, নহ’লে মিচাইল মাৰি দিম|
তেও পাগল নানামিল|

দিগ্বিজয় শিং: নামি আহ, নহ’লে এই কেঁচীখনেৰে লোৰ খুটাটো কাটি পেলাম…

পাগলটোৱে কিবা এটা চিন্তা কৰি সুৰসুৰাই নামি আহিল|

মিডিয়া+মানুহবোৰ: - অ’ই, আমি কওঁতে নানামিলি, ই কওঁতে নামি আহিলি যে?

পাগল: - আপোনালোকৰ মাথাবোৰ ত’ ঠিকেই আছে, কিন্তু ইয়াৰ ভৰসা নাই, যি টি কৰি দিব পাৰে তো…

by Changmai

Saturday, 4 May 2013

কৃপণ

এজন কৃপণ বহু ওখ বিল্ডিং এটাৰ ছাঁদৰ পৰা পৰিল৷ 

তলত পৰি মৰাটো খাটাং৷

 তললৈ পৰি গৈ আছে গৈ আছে...

 ৬০ মহলা, ৫০ মলহা, ৩০ মহলা...
 ২৭ মহলাত তেওঁৰ ঘৰ... খিৰিকি মুখত দেখে,

 ঘৈণীয়েকে ৰুটি বনাই আছে...

 পৰি থকা অৱস্থাতে তেওঁ চিঞৰি চিঞৰি ঘৈণীয়েকক কৈ গ'ল....



 "মোৰ কাৰণে ৰুটি নবনাবা..........

by ML DAS

ডাক্তৰী বিদ্যাৰ কিটিপ


একেবাৰে Clean গাজা:

মেডিকেল কলেজত নতুনকৈ এডমিশ্যন লোৱা ছাত্ৰ-ছাত্ৰীসোপাক লৈ চেংমাই ডাক্তৰ লে’বলৈ গ’ল|
চেংমাই: - ল’ৰা ছোৱালীহঁত, ম‍ই আজি তোমালোকক এজন সফল ডাক্তৰ হোৱাৰ ৰহস্য ক’ম|
প্ৰথমটো ৰহস্য- ডাক্তৰে একো বস্তুকে ঘিণ নকৰে! এইয়া মোক চোৱা...

এই বুলি কৈ চেংমাইয়ে এক বাটি বমিত আঙুলি এটা ডুবাই আঙুলিটো উলিয়াই চুপিবলৈ ধৰিলে|
ছাত্ৰ-ছাত্ৰীবোৰৰ অৱস্থা কাহিল...

চেংমাই: - এতিয়া তোমালোকেও ট্ৰাই কৰা... ঘিণ নকৰিবা

যেন তেন চেষ্টা কৰি ৪-৫ টা আহি বমি আঙুলিত লগাই চুহিবলৈ ধৰিলে| আধা ঘন্টাত প্ৰায় খিনি ছাত্ৰ-ছাত্ৰীয়েই আঙুলি বমিত ডুবাই ডুবাই কামফেৰা কৰিলে| কেইজনীমানে তো হকহকাই বমিয়েই কৰি দিলে|

চেংমাই: - অলৰাইট, এতিয়া ৰহস্য নম্বৰ দুই:
একাগ্ৰতা! নহ’লে ডাক্তৰ হোৱাটো বৃথা...| খুব ধ্যান দি কাম কৰিব লাগিব|
তোমালোকে চাগে মন কৰা নাছিলা. ম‍ই বমিৰ বাটিত ডুবাইছিলোঁ তৰ্জনী আঙুলিটো আৰু চুপিছিলোঁ অনামিকা আঙুলিটো হে| হি হি হি হি|

by Changmai

দত্তৰ ডায়েৰী


১৮+

দত্তৰ ডায়েৰীৰ পাতৰ পৰা চুৰি কৰি অনা কাহিনী: -

এদিন তেওঁ পলাশবাৰীৰ পৰা দেৰগাঁৱলৈ বাইকত বহি হেডফোনত গান শুনি শুনি গৈ আছিল| খালী ৰাস্তা|
তেনেতে এখন ফ্লাই-অ’ভাৰ আহিল| দত্ত‍ই দেখিলে এজনী ছোৱালীয়ে ফ্লাইঅ’ভাৰৰ পৰা জঁপিয়াই আত্মহত্যা কৰিবলৈ উদ্যত হৈছে|

ততাতৈয়াকৈ দৌৰি গৈ দত্ত‍ই তাইৰ হাতত ধৰিলেগৈ|
দত্ত: কি কৰা কি কৰা?
তাই: মোক মৰিবলৈ দিয়া, জীয়াই থাকিবলৈ মোৰ অকণ্ণো ইচ্ছা নাই

দত্ত: (অলপ ভাবি) ঠিক আছে, কিন্তু মৰিবাই যেতিয়া মৰাৰ আগতে মোক "চুম" এটি খাই যোৱা না
তাই: (অলপ ভাবি) ঠিক আছে...

"......................"

দত্ত: ৱাহ, কি অপৰূপ| ইমান সৌন্দৰ্য আৰু গুণৰ অধিকাৰী হৈও তুমি কিয় মৰিবলৈ ওলাইছা?
তাই: বহুত ট্ৰেজেদি| ল’ৰা হৈ জন্ম লৈছিলোঁ, কিন্তু ছোৱালীৰ নিচিনাকৈ মেক-আপ কৰি ছোৱালীৰ ড্ৰেছ পিন্ধি থাকিবলৈ ভাল পাওঁ| তাকে ঘৰৰ মানুহে বুজি নাপায়... মোক ল’ৰাৰ লগত হলি-গলি কৰিবলৈকো নিদিয়ে, সেই কাৰণেই মৰিবলৈ ওলাইছোঁ| থেংকছ ফ’ৰ দা কিছ চুইটো...

by Changmai