Saturday, 6 October 2012

চিধা কথা


থুলুকে নিজৰ ফেছবুক একাউন্ট খুলিলে... প্রথমেই ৱাল খন দেখা পালে আৰু ৱাল খন দেখিয়েই একো নাভাবি ডাইৰেক্ট লিখি দিলে



" ইয়াত কুকুৰৰ দৰে পেছাব নকৰিব"

by Mon Zeet

School Ahead...

সৰুতে স্কুলত পঢ়ি থাকোতে থোলোকে এদিন ৰাতিপুৱা স্কুল গৈ পাওঁতে অলপ দেৰী হ’ল । শিক্ষকে সুধিলে – “কিয় দেৰী কৰিলা থোলোক ? টাইমমতে আহিব নোৱাৰা নেকি ?”

থোলোকে গহীনাই উত্তৰ দিলে – "চাৰ, মই ঠিকেই আহি আছিলোঁ । আহি থাকোতে বাটত দেখিলো এখন চাইন্‌বৰ্ড । তাত লিখা আছে ‘school ahead, go slow’ ।
গতিকে মই নিৰ্দেশ মানি লাহে লাহে আহি থাকোতে অলপ দেৰী হৈ গ’ল ।" 


(সঁচা কথা কলে থোলোক বেয়া ।)

By Pratim P Baruah

ক’ৰ্টত থুলুক


থুলুকৰ ঘৰৰ কাষৰ মানুহটোক পুলিচে ধৰি লৈ গ'ল। নিনিবনো কিয়? মাৰ্ডাৰ, তাকো দুটাকৈ। ক'ৰ্টত ৰায়দান আৰম্ভ হৈছে। থুলুকো গৈছে কিনো শাস্তি দিয়ে শুনিবলৈ। জাজ মহোদয়ে আচামীক শাস্তি শুনোৱাৰ আগতে তাৰ ওপৰত লগা দফাবোৰ কৈ লৈছে। 
"তোমাৰ ওপৰত তোমাৰ পত্নীক হাতুৰীৰে মৰিয়াই হত্যাৰ অভিযোগ আছে। দফা ৩০২"। 
পাছফালে বহি থকা থুলুকে চিঞৰ দিলে: "চাল্লা চুঁৱৰৰ বাচ্ছা!!!"
"তোমাৰ ওপৰত তোমাৰ পত্নীৰ মাকক, মানে তোমাৰ শাহু আইক হাতুৰীৰে মৰিয়াই হত্যাৰ অভিযোগ আছে। দফা ৩০২"।
পাছফালে বহি থকা থুলুকে আকৌ চিঞৰ দিলে: "চাল্লা চুঁৱৰৰ বাচ্ছা!!!"
জাজ: "অৰ্ডাৰ, অৰ্ডাৰ!! আপুনি আৰু এবাৰো যদি চিঞৰে বা বেয়া কথা কয়, মই আপোনাক ক'ৰ্টৰুমৰ পৰা উলিয়াই দিম।"
থুলুক: "মাই লৰ্ড, এই চুঁৱৰৰ বাচ্ছাটোৱে যোৱা দহ বছৰ ধৰি মোৰ ঘৰৰ কাষতে আছিল। চুঁৱৰৰ বাচ্ছাক যেতিয়া মই হাতুৰী আছেনেকি সুধিছিলো, সি নাই বুলি কয়। চাল্লা, চুঁৱৰৰ বাচ্ছা, মহা ফাঁকিবাজ!!"

(সঁচা কথা ক'লে থুলুক বেয়া।)

by Rajib Ranjan

মৰিবলৈ ওলাল লুথুক


লুথুকে জীৱনৰ বিফলতাৰ বাবে ভাগ্যক ধিয়াই আত্মহত্যাৰ পথ বাচি ল'লে । তাকো সিদ্ধান্ত চলন্ত ৰেলৰ আগত পৰাৰ ।

 ষ্টেশ্যন ৰ'ডেৰে গৈ থাকোতে ৰাস্তাত গুবিনে লগ পাই সুধিলে --
হেৰৌ লুথুক, এই ভৰ ৰাতিখনত কলৈ যাৱ ?

লুথুকে কান্দি কান্দি উত্তৰ দিলে-"মোৰ জীৱনটোত একো নহ'ল । সেয়ে নিজকে শেষ কৰিবলৈ আহিছো"

গুবিন-"পাগল হোৱা নাইতো ? হাতত যে টিফিনটো লৈ আহিছ কি আছে তাত ? পয়জন নেকি ?

লুথক-"হেৰৌ কালি নাহিলেই । আজিও যদি ট্ৰেইনখন নাহে তেন্তে ভোকত নমৰিমনে ?

(এতিয়া কি কৰে কৰক)

By Bhaskarjyoti Das

পতি-পত্নী

পত্নী : হুহ ! কাম নাই বন নাই ! দিনৰ দিনটো খালি ফেচবুক ফেচবুক ! কোনোবা এদিন ফাঁচী লাগি মৰিম ! চাই থাকা !

পতি : ইমান মিঠা সপোনবোৰ নেদেখুৱাবা সোণজনী !

( কি আছিল.... অ'.... সঁচা কথা ক'লে থুলুক বেয়া )

by Marylene Dutta

থুলুক-চিকিত্সা


থুলুকৰ চুবুৰীয়া আমাৰ নগেনৰ ঘৈণীয়েক জেতুকীৰ মন বেয়া। শণিবাৰে পুৱাই পুৱাই আহি থুলুকক গোচৰ দিছেহি। নগেনে সদায় সন্ধিয়া পানী এটুপি খাই আহে। ঘৰত ঘৈণীয়েকৰ লগত চিঞৰি চিঞৰি কাজিয়া কৰে। আৰু তাৰ পাছত মাৰ পিট। তাৰ পাছতহে সি টোপনি যায়।
থুলুকে অলপ সময় ভাবিলে। তাৰ পাছত ক'লে।
 "শুন, এটা ঔষধ আছে। আজি সন্ধিয়া নগেন ঘৰ সোমোৱাৰ লগে লগেই তই পাকঘৰলৈ যাবি। এক চামুচ চেনী, এক চামুচ চাহপাত মিলাই ল'বি।
তাৰ পাছত আধা কাপ ঠাণ্ডা পানীত সেইখিনি দি দিবি।
এতিয়া মুখত যিমানখিনি পাৰি সিমানখিনি ভৰাই ল'বি। মুখৰ ভিতৰত প্ৰথমে বাওঁফালে কুলু আৰু তাৰ পাছত সোঁফালে কুলু। আকৌ বাওঁফালে কুলু, সোঁফালে কুলু। এই ৰকম কৰি থাকিবি নগেন নোশোৱালৈকে। বুধবাৰে আহি মোক জনাবি। মনত ৰাখিবি কিন্তু, প্ৰথমে বাওঁফালে কুলু।"

বুধবাৰে পুৱাই জেতুকী থুলুকৰ ঘৰত। মুখত এমোকোৰা হাঁহি।
"দাদা, আপুনি কি ঔষধ দিলে এইটো!!!! আমাৰ এখেতৰ এইকেইদিন মুখৰ মাতেই নাই।
 কাজিয়া, মাৰপিট বহুদূৰৰ কথা।"

থুলুক: "দেখিলিটো নিজৰ মুখখন বন্ধ কৰি ৰাখিলে কিমান লাভ!!!!!"

(সঁচা কথা ক'লে থুলুক বেয়া।)

by Rajib Ranjan

-নবীন আৰু থুলুকৰ শেহতীয়া ৰিজলিউছন-

সৰুৰে পৰা বিজ্ঞানী বা উদ্ভাৱক বা মহত্‍ লোক হোৱাৰ বাসনাক পুহি ৰখা নবীন আৰু থুলুকে বিভিন্ন ধৰনৰ সুত্র বা নতুন কিবা আবিষ্কাৰ বা নতুন মহত্‍ লোকৰ বানীৰ উদ্ভাৱনৰ বাবে আপেল গছৰ পৰা আইফিল টাৱাৰলৈকে , ভুগোলৰ পৰা গুগুললৈকে , ৰাসায়ন বিজ্ঞানৰ পৰা মহাভাৰত ৰামায়নলৈকে সকলো ঘুৰি পঢ়ি চলাথ কৰিলে । আৰু চার্ভেটো শেষ হোৱাৰ পিছত দুয়ো ভালকে কথা বোৰ জুকিয়াই চাই মন কৰিলে যে সিহতে উদ্ভাবন কৰিব বিছৰা প্রায় সকলোবোৰ আবিষ্কাৰ বা মহৎ লোকাৰ বানী নিউটন অইন্ষ্টাইন কলম্বাছ ৰামানুজন শংকৰদেৱ ডাক আদিকে ধৰি বহুকেইজন মহান মনিষীয়ে ইতিমধ্যে উদ্ভাৱন কৰিয়েই পেলাইছে । সেয়ে ইহত দুয়োটাৰ ভাগত আবিষ্কাৰ কৰিবলে একোয়েই নাপালে । এই অৱস্থাত হতাশ হৈ দুয়ো এতিয়া এটা উমৈহতীয়া সিদ্ধান্তত উপনিত হ'ল যে 

" আজি নিউটন দা হ'তে যেনেকৈ দুদিন আগতে পৃথিবীলে অহাৰ সুবিধা লৈ আমাৰ বাবে একো আবিষ্কাৰ কৰিবলে নোথোৱাকে স্বার্থপৰৰ দৰে সব আবিষ্কাৰ কৰি পেলালে। আমি দুয়ো কিন্তু নতুন প্রজন্মৰ বাবে তেনে স্বার্থপৰৰ দৰে কাম নকৰো । আজি লেকে যি হ'ল হ'ল আৰু, বাকী নতুন হ'ব লগিয়া কিবা আৱিষ্কাৰ বা মহৎ লোকৰ বানী আছে যদি সেইবোৰ নতুন প্রজন্মক দিলো উদ্ভাৱন কৰিবলে । আমি সেই বোৰ আবিষ্কাৰ কৰি নতুনৰ উদ্যম বা আকাংক্ষাক আশাহত নকৰো কাহানীও । "

এই বুলি দুয়ো বিজ্ঞানী হোৱাৰ বাসনাক মাকৰ ঘৰলে পথাই নিজৰ নিজৰ সংসাৰত ব্যস্ত হৈ পৰিল | ধন্যবাদ |

By Mon Zeet

A letter to Thuluk


চিঠি

থুলুক কলেজ হোষ্টেলত থাঁকোতে তেওঁৰ মাকে দিয়া চিঠি: 

বেটা থুলুক,

আশা কৰোঁ হোষ্টেলত চব ঠিকেই চলি আছে, কাৰণ আমাৰ ইয়াতো চব ঠিকেই চলি আছে, কেৱল দেউতাৰৰ স্কুটাৰ খন হে মাজে মাজে নচলা হয় | সেইখন বেচি মেলি চাইকেল এখনকে কিনিবলৈ কৈছোঁ, কিন্তু দেউতাৰে কৈছে সেইখন বেচাৰ পিছতো হেনো চাইকেল কিনিবলৈ পইচা কম পৰিব | 

অ’ আখৰবোৰ লাহে লাহে লিখিছোঁ, পাহৰিয়ে গৈছিলোঁ তই খৰ খৰকৈ পঢ়িবলৈ অসুবিধা পাৱ’ বুলি তাতে মোৰ যি হে লতাবৰণীয়া আখৰ! 

আচ্ছা, আমি পুৰণি ঘৰটো বেচি দি নতুনকৈ ভাড়া ঘৰ এটা ল’লোঁ | কাৰণ টো হ’ল, দেউতাৰে ডিচকাভাৰী চেনেলটো চাই থাকোঁতে এদিন দেখিলে যে মানুহৰ হেনো বেছিভাগ এক্সিডেন্ট নিজৰ ঘৰৰ বিশ কি.মি.ৰ ভিতৰতেই ঘটে, সেইকাৰণে আমি গুণা-গঁথা কৰি সেই ঘৰটোৰ পৰা একৈছ কি.মি. দূৰৈলৈ গুছি আহি এই ভাড়া ঘৰটো ল’লো হি- আফটাৰ অল, দেহা থাকিলেহে বেহা, নহয় জানো ? মই তোক এড্ৰেছটো দিম বুলি ভাবিছিলোঁ, কিন্তু প্ৰ’বলেম টো হ’ল, নতুন ঘৰটোৰ হাউছ নাম্বাৰটো নাজানো | কাৰণ আগৰ ভাড়াতীয়া জনে নাম্বাৰ-প্লেটখন উঘালি লৈ গ’ল, যাতে নতুন ঘৰত লগাব পাৰে, আৰু তেওঁলোকৰ এড্ৰেছটো‍ও সলনি নহয় | ক’বই লাগিব- কেনে টেঙৰ মানুহ, নহয় জানো? 

নতুন ঘৰটোত, নতুন ঠাইত থাকি খুবেই ভাল লাগিছে | বতৰো ভাল, যোৱাটো সপ্তাহত দুবাৰ হে বৰষুণ দিছিল- প্ৰথমবাৰ দিওঁতে তিনিদিন আৰু দ্বিতীয়বাৰ দিওঁতে চাৰিদিন থাকিল | আচ্ছা, তই যে কৈছিলি কোটটো কুৰিয়াৰ কৰি দিবলৈ? দেউতাৰে ভাবিলে যে, কোটৰ গধুৰ বুটাম কেইটাৰ কাৰণে মিছা-মিছি কুৰিয়াৰত বেছি কে দাম ভৰিব লাগিব, গতিকে মই বুটাম কেইটা কাটি পকেটতে ভৰাই পঠালোঁ- এতিয়া মাৰ কিমান টেঙৰ বুলি লগৰ সোপাক কৈ নুফুৰিবি আক’- সিঁহতৰ নিজৰ মাকবোৰৰ কথা ভাবি দুখ লাগিব নহয় | 

অ’ পাহৰিছিলোৱেই, সেইদিনা মামাৰ আহিছিল, দেউতাৰ আৰু মোক ফুৰাবলৈ লৈ গ’ল | কিন্তু নমাৰ সময়ত গাড়ীৰ ভিতৰতে চাবিকোচা থাকি গ’ল আৰু মামাৰে ভূলতে বাহিৰৰ পৰা দুৱাৰখন ল’ক কৰি পালে | দুঘন্টা সময় যুঁজি যুঁজি শেষত গ্লাছ ভাঙি হে চাবিটো উলিয়াই পিছফালৰ দুৱাৰখন খুলি আমাক উলিয়াব পাৰিলে, নহ’লে তো আমি গাড়ীৰ ভিতৰতে ৰাতিটো বহি থাকিব লগা হ’ল হয় | মামাৰ নতুন গাড়ীখনলৈ দুখেই লাগে পায় |

অ’ যতীন বৰদেউতাই হুইস্কীৰ ফেক্টৰীটোত কাম কৰি থাকোঁতে টেংকীতে পৰি গ’ল নহয়, মানুহবোৰে টানি উলিয়াবলৈ চেষ্টা কৰোঁতে গালি পাৰি ডুব দি পাৰে মানে মদ খালে, খাই মেলি তাতে পৰি মৰি থাকিল :( | শ্মশানত জ্বলাওঁতে পূৰা তিনিদিন একেৰাহে জ্বলি থাকিল- এইটো চাগে ৱ’ৰ্ল্ড ৰেকৰ্ডেই হ’ব, নে কি কৱ? 

আৰুনো কি লিখিম, দিবলগীয়া একো খবৰ নাই বুলি দেখিছই দেখোন; পিছত চিঠি দিম দে | ভাত বনাবলৈ আছে | 

ইতি, 
মৰমৰ মা

এনভেলপৰ ওপৰত:- ছে: টকা কেইটামান পঠাম বুলি ভাবিছিলোঁ, এনভেলপটো আঠা লগাই বন্ধ কৰি পালোঁ নহয়, ওপৰতে ষ্টেপল মাৰি দিছোঁ, বেয়া নাপাবি দেই |

by Changmai#

মদাহিৰ প্ৰতি সহানুভূতি

পত্নী- মদাহিৰ প্ৰতি মোৰ কোনো সহানুভূতি নাই!!! 
পতি- দুইপেগ মান দি লোৱাৰ পাছত তোমাৰ সহানুভূতিৰ ও দৰকাৰ নাই ৷৷ 
খিক খিক 

by Bhaskar Barukial

মহা বিপদ




বৰুৱা: কি হে কলিতা, ইমান কে মন মাৰি আছ যে?
কলিতা: এহ নক’বি বুজিছ নে, একদম পয়মাল | 
বৰুৱা: কেছ টো কি?
কলিতা: এহ মোৰ ঘৈণীজনী যে... তাই মেক আপ কৰিলে ইমান টকা লাগে যে ম‍ই মেক-আপৰ খৰচ টো ডাইজেষ্ট কৰিব নোৱাৰোঁ, মেক- আপ নকৰিলে আক’ তাইকে ডাইজেষ্ট কৰিব নোৱাৰোঁ !!!
বৰুৱা: হি হি হি, ন’ কমেন্ট বুলি হে ক’লো আৰু দেই !!!

by Changmai#

প্ৰিয় বন্ধু

BEST FRIENDS


কলিতা:- ভাই, ত‍ই তো মোৰ বেষ্ট ফ্ৰেণ্ড | ধৰি ল’ চোন কেনেবাকৈ গম পালি যে আজি ম‍ই সন্ধিয়া মৰি থাকিম, তেতিয়া ত‍ই কি কৰিবি ?

ডেকা:- চিম্পোল, ম‍ই তোক দুপৰীয়া ক’ম- " ঐ কলিতা, তোৰ গাড়ীখন, ক্ৰেডিট কাৰ্ডখন, ব্লেকবেৰী মোবাইলটো, এল.চি.ডি টিভিটো এদিনৰ বাবে ধাৰলৈ দে না, কাইলৈ ঘূৰাই দিম | "

by Changmai#

Friday, 5 October 2012

চাউলেৰে জুখিবা মৰম ...


Ex-boyfriends

কলিতা: হেৰা, কথা এটা সুধিম, সঁচা কৈ উত্তৰ দিবা নে ?
কলিতানী: সোধক না 
কলিতা: মানে বিয়াৰ আগতে তোমাৰ কেইজন বয়ফ্ৰেণ্ড আছিল নো?
কলিতানী: এক মিনিট ৰ’ব দেই 
ভিতৰলৈ গৈ কলিতানীয়ে ২০০ টকা আৰু ৪ টা চাউল আনি কলিতাৰ হাতত দিলে |
কলিতা: এইয়া কি নো ? 
কলিতানী: মানে, যেতিয়াই ম‍ই নতুন বয়ফ্ৰেণ্ড এটা পাওঁ, ঠোঙা এটাত এটাকৈ চাউল জমা কৰি থৈ যাওঁ | 
কলিতা: অ’ সেইটো কথা | মাত্ৰ চাৰিটা হে বয়ফ্ৰেণ্ড, কি কোৱা হে ...? মোৰেই দেখোন ছয়জনী গাৰ্লফ্ৰেণ্ড আছিল | :))
কলিতানী: ... দুদিনমান আগতে পাঁচকিলো চাউল বেচি ২০০ টকা পাইছোঁ, ২০০ টকাটো দেখা নাই নেকি কিবা? :)))

by Changmai#

সঁচা কাহিনী


এবটল বীয়েৰ আৰু এডাল সাপ আৰু এডাল কেঁচু 

ডেকাই কোৱা সঁচা কাহিনী | বিশ্বাস কৰিলে কৰিব, নকৰিলে নো মোৰ কি ডাল আহে যায় ...!!! ;)

গৰমৰ দিন, দেওবাৰ | কি কৰিব ভাবি ভাবি ডেকাই এহাতত বৰশী আৰু এহাতত এটা ঠাণ্ডা বিয়েৰ লৈ বিলৰ পুখুৰীটোলেই মাছ মাৰিবলৈ ওলাই গ’ল | তালৈ গৈ হে মনত পৰিল যে মাছক দিবলৈ টোপ আনিবলৈ পাহৰিলেই নহয় | ইফালে সিফালে অলপ পায়চাৰি কৰাৰ পিছত দেখিলে সাপ এটাই কেঁচু এডাল মুখত লৈ লাঞ্চ কৰিবলৈ লৈছে | সাপডালৰ নেগুৰত গচকি ডেকাই কেঁচুডাল কাঢ়ি আনিলে | 

কাঢ়ি আনিলে হয়, কিন্তু কিছু পৰৰ পিছতে ডেকা অনুশোচনাৰ অগনিত দগ্ধপ্ৰায় হ’বলৈ ধৰিলে- এটা নিৰীহ প্ৰাণীৰ পৰা তাৰ ভোজন কাঢ়ি অনাটো কোনো পধ্যেই প্ৰকৃত মানৱৰ লক্ষণ নোহে | আত্মগ্লানিৰ অগ্নিত দহি ছাই হৈ যোৱাৰ আগতেই ডেকাই গৈ সাপটোৰ মুখত হাতত থকা বীয়েৰ বটল টোৰ পৰা দুটোপমান ঢালি দিলেগৈ- খা, ইয়াকে খাই তোৰ ভোক নিবাৰণ কৰ- বুলি | 

তত্পশ্চাত্‍ নিশ্চিন্তমনেৰে ডেকাই সুহুৰি বজাই বজাই কেঁচুৰ টোপ লগাই বৰশী বাই আছে | খন্তেক পিছত ভৰিত চেঁচা চেঁচা কিবা অনুভৱ হোৱাত ডেকাই তললৈ লৈ দেখে- সেই সাপডালে মুখত আৰু তিনিডাল কেঁচু আনি তাৰ ভৰিৰ ওচৰত থৈছেহি | 

সাপ:- আৰু যিমান কেঁচু লাগে আনি দিম, কিন্তু আৰু দুই চিপ মাৰিবলৈ দে না.... পিলিজ |

By Changmai#