Showing posts with label Asomiya gaja. Show all posts
Showing posts with label Asomiya gaja. Show all posts

Thursday, 1 December 2016

কিযে তোমাৰ সংগ প্ৰিয়ে ………

By: নিকুঞ্জ কাশ্যপ
নিউ দিল্লী ৰেল'ৱে ষ্টেচন  । গুৱাহাটি আভিমুখি উজনিমুৱা ৰেলখনত উঠিলোঁ । নিজৰ চিটতো বিচাৰি লৈ বহিচো । দীঘলিয়া উকি এটা মাৰি ট্ৰেইনখনে দিল্লী ষ্টেচন এৰিলে । ৰ'ব নোৱাৰা ফুৰ্তিত মিচিক কৈ হাঁহি এটা ওলাই আহিল ……কিমান দিনৰ পিছত যে ঘৰ গৈ আছো  ।
তেনেতে দুটা ট্ৰলি বেগ হাতত লেদিচ বেগ এটা লৈ সেমেনা-সেমেনীকৈ এজনী উৰ্বশী আহিল ।
- " আপুনি অসমৰ " (চিধাই মোকেই )

- " হে হে গামোচাখন দেখিয়েই ধৰিলোঁ  ।
মোৰ চিতটো কনফাৰ্ম হোৱা নাই তিনি নম্বৰ ৱেইটিঙতে আছো ।  আপুনিও গুৱাহাটি যাব ? "
মই বুজিলোঁ । উৰ্বশীয়ে বহিব বিচাৰিছে । মনতে মোৰ চিনেমা চিনেমা লগা  ভাৱনা অকমান আহিল মই যেন চেন্নাই এক্সপ্ৰেচৰ ছাহৰুখ খান  ,দিপীকাইহে আহি যেন মোক কৈছে । আয়ৈ দেহি ।
- অ বহা বহা । টি টি আহিলে কথা পাতি চাবা । এতিয়া বহি লোৱা ইয়াতেই । অসমৰে ছোৱালী ।
"বেগটো অকমান "
অ অ … বেগদুটা ধৰি মোৰ চিতৰ তলত সুমাই দিলোঁ | বাপ্পাঐ এক কুইন্টলমানৰ ট্ৰলি বেগ কি বা জানো ভৰাই আনিছিল ।
এবাৰ ভাবিছিলোঁ আজিকালি আকৌ ট্ৰেইনত হেনো উৰ্বশীৰ বেশ লৈ সহযাত্ৰী হৈ মোহিনী লগাই লুটপাত কৰি লৈ যায় ।  যিহে দিনকাল ।
হেই নহয় "আপোন ভালেই জগত ভাল" । আৰু তাতে অসমৰহে ছোৱালী । এইবিলাক ভাল বেয়া মনৰ ভিতৰত নিজে নিজে ভাবি আছিলোঁ । হ'লেও কথা-বতৰা খুব সাবধানে পাতিছো ।

 দিল্লীত পঢ়ে । মোতকৈ বেছি শিক্ষিতা । ঘৰ শিৱসাগৰত । দেউতাকৰ চাকৰি গুৱাহাটিত । ভায়েক টেটৰ মাষ্টৰ । টিকত কৰিছিলে এমাহ আগতে কনফাৰম নহ'ল । তৎকালটো কৰিছিলে তেওঁ নহ'ল ।  ইপিনে মাহীয়েকৰ বিয়া । সেইবাবে মৰসাহ কৰি ৱেইতিঙতে আহিছে তাকো অকলে  । নাম শতাব্দী ।
এক মিনিটো লগা নাছিল চাগে কথাখিনি কওঁতে ।  কথাবোৰ একেবাৰে শতাব্দী এক্সপ্ৰেচৰ দৰেই পট পট…। মই ভালকৈ ধ্যানসহকাৰে শুনা কাৰণেহে ধৰিব পাৰিছিলোঁ ।

- হ'ব এদযাষ্ট কৰিম দিয়া ।  যাব পাৰিবা দিয়া চিন্তা কৰিব নালাগে  । লাহেকৈ ক'লোঁ ।

 শতাব্দীয়ে পট পট কৈ গৈ থাকিল ঘৰৰ ,গাঁৱৰ ,হোষ্টেলৰ ,অমুক-তমুকৰ । মোৰো ভালেই লাগিল । বৰ খোলা মনৰ ছোৱালী আৰু যথেষ্ট সাহসী আৰু অভিজ্ঞ যেনো লাগিল । আৰু স্মৃতি শক্তিও সাংঘাতিক মোৰ লগত কথা পাতি পাতি ৱাতচএপটো চাতিং কৰি আছে
- " অসমৰে ল'ৰা এটা লগ পাইছো । তেওঁৰ চিটতে এদযাষ্ট কৰি বহিব দিছে । চিন্তা কৰিব নালাগে দে " ।
জানো কাক বা দি আছিল মেছেজটো । আৰু মোৰ সম্মুখতে মেছেজ টাইপিং লুকা চুৰিও নাই ।

"অই পেটলি " আগৰপিনে আৰু কিবাকিবি লিখিছিল ভালকৈ নাচালো ।

"আপোনাৰ অসুবিধা নহয়তু "। মেছেজটো লিখি থাকি মোৰপিনে চাই সুধিলে ।
 - নাই নাই একো নাই । মনে মনে হে বোলো কি অদ্ভুত ৰে এইজনী ।
কথাবতৰাবোৰো  শুনি শুনি একেবাৰে বহু পুৰণি বান্ধৱীৰ দৰেই হৈ পৰিলোঁ । সন্ধিয়া হ'ল । ট্ৰেইনতে ভাত পানী খাই ল'লোঁ । দিনত তাই বনাই অনা ৰুটি চব্জিকে খালোঁ । মোৰো এশ টকা এটা বাচিল ।
ভাত পানী খাই লাহে লাহে যাত্ৰীবোৰ শুব ধৰিছে । বেগৰ পৰা লেপটপটো উলিয়াই " অসমীয়া চিনেমা চোৱানে " ?
- ও চাওঁ মাজে মাজে ।
"জোন জ্বলে কঁপালত " লগাই দি লেপটপটো মোৰ হাতত দি দিলে ।
মোৰ অলপ মূৰটো বিষোৱা যেন লাগিছে  । অলমান শুই লওঁ । মোৰ বেগদুটাও  অলপমান চাবাদেই প্লিজ " ।
তাৰ পিছত ভৰিদুখন মোৰ পিনে দি শুই গ'ল । তাৰমানে তুমি এতিয়া চিনেমা চাই থাক মই শুই থাকোঁ ।
ৱাহ কি দিমাগ লগাইছে । দিল্লীত পঢ়া ছোৱালীটো । মোৰ চিত আৰু লেৱেল বেলেগৰ ।
  হ'ব দিয়া হে অসমৰে ছোৱালী । এইবুলি বহি বহি বেগ ৰখিয়া হৈ " জোন জ্বলে কঁপালত" চাব ধৰিলোঁ । তাৰ পিছত লাহে লাহে আৰম্ভ হ'ল নহয়  নাকৰ হোটোৰনী ।
কচমচে ছোৱালীয়ে নাক বজোৱা সেইদিনাই প্ৰথমবাৰ দেখিছিলোঁ । কি ঝেং ছোৱালী অ এইজনী ।
ভাবিছিলোঁ মাজতে এবাৰ শোৱাৰপৰা উঠি ক'ব চাগে  এতিয়া আপুনি অলপ শুই লওক ।
 পিছে ক'তা গোটেই ৰাতিটো নাক বজাই শুই থাকিল । আৰু মই লেপটপত "জোন জ্বলে কপালত",,"যৌৱনে আমনি কৰে "  চিনেমা চাই বেগ ৰখি ৰখি ৰাতি পুৱাই দিলোঁ ।
ৰাতিপুৱা শুই উঠিয়েই  " মোৰ ইমান টোপনি আহিল গমকে নাপালো আপুনি গোটেই ৰাতি বহিয়ে থাকিল নে মোক জগাই দিব লাগিছিল " ।
হে হে তুমি কিন্তু টোপনিত নাক বহুত বজোৱাদেই । ফুলশয্যাৰ নিশা ভুলতো টোপনি নাযাবা দৰা ভয় খাই দৌৰ মাৰিব । ৰাতিৰ খঙতে এবাৰ এনেকৈ কৈ দিও বুলিয়ে ভাবিছিলোঁ । পিছে লাজ পাব বুলি নকলো ।

গুৱাহাটি পাওঁ পাওঁ । চুলি ফণিয়াই ,ক্ৰিম পাউদাৰ লগাই ল'লে লেদিচ পাৰফিউমো মাৰিলে । মোকো সুধিলে " ল'ব নেকি "?
মইয়ো নলওঁ বুলি নকলো । চাৰ্টতো ঘামত গোন্ধাই আছিল । ঠিকচে লেদিচ পাৰফিউমকে মাৰি দিলো বাপ্পেকে । অৱশেষত ৰাতিপুৱা ১০ টামান  বজাত গুৱাহাটি আহি পালোঁ । এক এক কুইন্টেলৰ বেগ দুটা নমাইও দিলোঁ ।
লগ পাই  ভাল লাগিল । আকৌ কেতিয়াবা লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে এইবুলি  ঘৰা ঘৰি হ'লোঁ ।  ল'ৰা এজনে শতাব্দীক নিব ৰৈ আছিল ।
" বয়ফ্ৰেইন্দ  এন্গেজমেন্ট হৈ গৈছে অহাবছৰ বিয়া "
চিনাকী কৰাই দিছিল ।
তাৰপিছত শেষ শব্দ দুটি ।  নমস্কাৰ । বিদায় ।
শতাব্দীৰ বয়ফ্ৰেইন্দৰ মুখলৈ চালোঁ । একেই শতাব্দী এক্সপ্ৰেচৰ দৰেই আৰু তাই নাক বজালেও ভয় খাই  পলোৱা জাতৰ নহয়  দেখিলেই গম পায় ।।

Friday, 25 November 2016

এটা শব্দত প্ৰকাশ কৰা

এটা শব্দত প্ৰকাশ কৰা----

এজন ৰজাই যদি কৰিবলগীয়া কামটো পাহৰি যায় তাক কি বুলি কোৱা হ'ব বাৰু
=কিং(King)কৰ্তব্যবিমূঢ়

আমেৰিকালৈ গৈ তাতে বগৰী কিনিলে সেই বগৰীক কি বুলি কোৱা হ'ব??
=ডলাৰ(Dollar) বগৰী

যিজন ব্যক্তিয়ে বেছিকৈ ঘুৰি নুফুৰে,ঘৰতেই থাকে। ফুৰাত ৰাপ নাই, তেওঁক কি বুলি কোৱা হয় =অফুৰন্ত

বেছি জনা লোক =জানোৱাৰ।

বিশেষ ভাবে অজ্ঞ ব্যক্তি =বিশেষজ্ঞ

কামৰ পৰা মূৰ তুলিব নোৱাৰা লোক = কামুক

কাম কৰি ভাল পোৱা লোক =কামাতুৰ

ভাত খাবৰ কাৰণে পেটটো কুটকুটাই থকা =ভাকুটকুত

ভাত খোৱা মানুহ =ভতুৱা

ঘূৰি ফুৰা মানুহ =ঘূৰনীয়া

পত্নী ৰ কথা মতে নচা পতি= নাচপতি

মূৰত চুলি নথকা লোক = মুকলিমূৰীয়া

দূৰলৈ উৰিব পৰা = দূৰন্ত

কাণৰ তলত মৰা চৰ = কাণতলীয়া চৰ

 খেলি থাকোতে মুখখন মেলি দিয়া কাৰ্য = খেলিমেলি

খিলখিলাই হাঁহি বেয়া পোৱা মানুহ =অখিল

ঘড়ী পিন্ধা মানুহ =ঘঁৰিয়াল,

নিপিন্ধা মানুহবোৰ= অঘড়ী

ৰ আৰু যা =ৰজা

চা চোন কৰি-চাকৰি

পতনৰ বাবে অঞ্জলি দিয়া =পতঞ্জলি

মূখ্য ব্যক্তি লগতে মন্ত্ৰী = মূখ্যমন্ত্ৰী

যি লংকাৰ নহয়-অলংকাৰ

গৰু গৰু নোগোন্ধাবলৈ যি লগোৱা হয়= অগৰু

যি সংসাৰত পতিৰ দম বেছি = দম্পতি ।

Saturday, 5 November 2016

তোমাক কথা এটা ক'ব লগা আছে

চুনু:- জানু, তুমি মোক মাফ কৰিবা, তোমাক কথা এটা ক'ব লগা আছে ৷
বয়ফ্ৰেণ্ড:- আৰে, মাফ কৰিব লগীয়া কি কথা আছে, কোৱা ডিয়েৰ ৷
চুনু:- মই তোমাক কোৱা নাছিলোঁ, মোৰ বিয়া ঠিক হৈ আছে, অহা সপ্তাহত বিয়া ৷ তোমাৰ বহুত লোকচান কৰিলো নিজৰ স্বাৰ্থ পূৰণৰ বাবে, মাৰ্কেট, ৰেষ্টোঁৰাত বহুত খৰচ হ'ল তোমাৰ, প্লিজ মাফ কৰি দিবা মোঁক ৷
বয়ফ্ৰেণ্ড:- আৰে পাগলী, তুমি মোক এতিয়া কন্দুৱাইহে এৰিবা, বাদ দিয়া এইবিলাক কথা, ব'লা আজি তোমাক মোৰ মিছেচ আৰু ল'ৰা ছোৱালী হালৰ লগত চিনাকি কৰাই দিম ৷
চুনু :- বেহ্হোছ

Sunday, 14 June 2015

জোৱাঁয়

By: Gubin Gogoi

বিয়াৰ মাত্ৰ ছবছৰ হৈছে ।
পাচোটা লৰা ছোৱালী । ষষ্ঠ বাৰ আকৌ কেচুৱা হবৰ হলত জোৱাঁয়ে গোটেই পল্টনটো লৈ শহুৰেকৰ ঘৰলৈ বুলি ওলাল ।
আগৰ দিনত কেচুঁৱা জন্ম হবৰ সময়ত মাকৰ ঘৰলৈ ছোৱালী যোৱাটো এটা নিয়ম আছিল ।
.
দুৰৰ পৰাই গোটেই কাবাদী টীমটো দেখি শহুৰৰ মুৰ গৰম হৈ গল । জোৱাঁইক  দেখিয়ে হাতত থকা কুঠাৰ খন লৈ
শহুৰে খেদা মাৰি আহিল । চাল্লা নীলাজ, কাণ্ডজ্ঞান পুৰি খোৱা , ৰস নোহোৱা নেমু , শুকান জেওৰাখুটি ... তই বছৰে  বছৰে গৰুৰ নিচিনা ... এই ছোৱালীজনী মৰি নাথাকিবনে ?
.
তোৰ মুৰত কি আছে ?
.
জোৱাঁয়ে বোলে দেউতা , কিয় খং কৰিছে ?
.
সকলো ঈশ্বৰৰ ইচ্ছা । নাপায় । তাতে মই আপোনাৰ কথা আখৰে আখৰে পালনহে কৰিছো ।
.
শহুৰ:- তই মোৰ কি কথা পালন কৰিছ , খাবলৈ নোপোৱাৰ জাত ?
.
জোঁৱাই:- দেউতা , ছোৱালী উলিয়াই নিওঁতে আপুনি কি কৈছিলে মনত পেলাওক ! বোলে তই ছোৱালী নিছ নে
পিছে তাইক খালী পেটে নাৰাখিবি । কৈছিলে নে নাই ?
.
শহুৰ বেহুচ ....... জোৱাঁই দিলখুচ
. কেনে লাগিল ?

Tuesday, 18 November 2014

আই এছ এলত এনেকুৱাও হয়নে !!

By: Nilutpal Sarmah
তিনিবছৰৰ ডেঞ্জাৰাছ প্ৰেম । প্ৰেম !! আউ.. প্ৰেম নহয় যেন সেয়া তিনিবছৰৰ সাংসাৰিক অভিজ্ঞতাহে আছিল । আৰু সেই সময়ত মোতকৈ সুখী আৰু ভাগ্যৱান চাগে এই দুনিয়াতে নোলাব । তেৰাৰ নামটো বাৰু নকওৱে দিয়কচোন... চিনাকি কৰাই দিবলৈ কামবোৰেই যথেষ্ঠ দেখোন । হৃষ্ট-পুষ্ট মানুহটোক যে তিনিটা বছৰতে এক্কেবাৰে পানীকেচুৱা কৰি পেলাইছিল ভাবকছোন সেইগৰাকীৰ মহিমা তেন্তে কম হ'ব নে...

এই ধৰক গৰমৰ দিনত ৰাতি কাৰেন্ট নাই, সৰু ভাৰাঘৰটোত বতাহ সোমাব পৰা এখনেই খিৰিকি... গুৱাহাটীৰ চোৰ ডকাইতলৈকো কেৰেপ নকৰি খিৰিকি খুলি শুবলৈ চেষ্টা কৰি আছো...পৰা নাই... কাৰেন্ট নাহে হে নাহে... বাৰ বাজি গ'ল..এক বাজি গ'ল..কাৰেন্ট তথাপিও নাই... শেষত প্ৰায় আঢ়ৈমান বজাত কাৰেন্টটো আহিল, ধপকৈ শব্দ এটা কৰি মোৰ পুৰণি ফেনখন লাহে লাহে ঘুৰিব ধৰিছে... মইও উস্..ৰক্ষা বুলি চকুকেইটা মুদি শুবলৈ চেষ্টা কৰিছো...বাজিল নহয় মোবাইলটো... চাই দেখু এঞ্জেল কলিং.... আউ.. এঞ্জেল মানে সেই তাই আকৌ... ক'লোৱে দেখুন সেই সময়ত মোতকৈ সুখী কোনোয়ে নাছিল বুলি... আৰু ইমান সুখী মানুহ এটাই কাৰোবাক যেনিবা এঞ্জেল বুলি মাতিলেই...মতিছো নো ক'ত... ফোনতহে চেভ কৰিছো... এতিয়া আকৌ বেলেগ অৰ্থ নুলিয়াব দেই... মই একো গালি খাই সেইটো নাম দিয়া নাই... আপোনালোকে চাগে ভাবিছে মই নাম্বাৰ চেভ নকৰাকৈ ৰাখি থোৱা তাই চাগে দেখিলে, দেখিয়ে মুখ উফন্দাই মোৰ লগত কাজিয়া কৰিলে...আৰু তাইৰ সমুখতে ধুনীয়া নাম এটা দি নাম্বাৰটো চেভ কৰিব দিলে... আৰু তেতিয়াৰ পৰা নাম্বাৰটো এঞ্জেল বুলি চেভ হৈ আছে মোৰ মোবাইলত । হ'ব হ'ব...তেনেকুৱা একো নহয় বুজিলে... আমাৰ তাই তেনেকুৱা নহয় ও....

চেহ তাই কল কৰি আছিল নহয়.... পাহৰিছিলোয়ে কথাটো আধৰোৱা হ'ল বুলি...
এই ৰাতি আঢ়ৈ বজাত হঠাৎ আকৌ এঞ্জেলৰ কি হ'ল....

মই বোলো – হেল্ল....

: কি কৰিছা....

মই বোলো- শুব লৈছিলো....

: তোমাৰেই দিন আৰু...

মই বোলো- কিয়..? কি হ'ল নো ?

: ইম্মান ধুনীয়াকৈ শুই আছিলো জানানে, হোষ্টেলৰ কাৰেন্টটো গুচি গ'ল...গৰমত এতিয়া শুব পৰা নাই...প্লিছ....জান... কথা পাতা না অলপ....প্লিছ..তোমাক বহুহুহুতত....মিছ কৰিছো...

উপাই নাই আৰু... গৰমতকৈ উফন্দা মুখৰ উত্তাপ বহুত বেছি... বুজা সকলে বুজিব... ওপৰত ফেনখন চলি আছে, তলত মোৰ মুখখন....

এয়াই আছিল প্ৰেম.. কথা পতাৰ কোনো নিৰ্দিষ্ট সময় যেনেদৰে নাছিল মিছ কৰাৰো কোনো নিৰ্দিষ্ট সময় নাছিল । আৰু ঠিক তেনেকৈ মৰম কৰাৰ, কেয়াৰ লোৱাৰ, চিন্তা কৰাৰ...

ঠাণ্ডা দিন পৰিল কি নাই আৰম্ভ হৈ যায়... গৰম পানী খাবা, ৰাতিটো নকৰিবাই দিনতো গৰম বেছি লাগিলে কল্ড ড্ৰিংকছ ইউজ নকৰিবা, পাৰিলে ৰাতিপুৱা গৰম পানীৰে গা ধুবা, তুমি কিন্তু বাইক বেছিকৈ চলোৱা দেই..একদম কমোৱা বাইক চলোৱা...

ক'লোৱে নহয় মোতকৈ ভাগ্যবান সম্ভৱ দ্বিতীয়টো কোনো নাই...
এই যে ডাক্তৰে দৰৱ দিলে কয় দুচামুচ আহাৰৰ আগত...মোৰো অৱস্থা ঠিক তেনেকুৱাই । দুচামুচ কেয়াৰ আহাৰৰ আগত... দুচামোচ চিন্তা বাইক চলোৱাৰ আগত, দুচামোচ মিছ শুই থকাৰ মাজত আৰু দুচামোচ মৰম.... তাইৰ বাৰ্থডেৰ আগত.....

জীৱন জীৱন বৰ অনুপম.... নিৰ্মলপ্ৰভা বাইদেউৰ কিতাপখনৰ শিৰোনামটোৰ সৈতে যেন মোৰ জীৱনটো মিলি গৈছিল সেই সময়ত.. কিতাপখন কিনি আনি পঢ়ি দিবই মন গৈছিল...পিছে প্ৰেমিক মানুহৰ আকৌ সময় ক'ত...তাতে মোৰ নিচিনাবোৰৰতো কথাই বেলেগ...
আজি বোলে এঞ্জেলক চিনেমা দেখুৱাবলৈ নিব লাগে...কাইলৈ আকৌ পেন্টালুনচত মহিলালৈ বুলি থোৱা কাপোৰৰ আঁৰে আঁৰে সোমাই তাইক ড্ৰেছ চইচ কৰাত হেল্প কৰি দিব লাগে...

এহ...আপোনালোকো কম নহয় দিয়ক... ডেবিট কাৰ্ডখন কাৰ ব্যৱহাৰ কৰিছিলো সেইটোকলৈহে চিন্তা কৰিছে... তাইৰ বা মোৰ এটাৰ হ'লেই হ'ল আৰু... মই ল'ৰা মানুহটো থাকোতে ছোৱালীজনীক বাৰু পেইমেন্ট কৰিব দিব পাৰো নে... ধুৰ.. প্ৰেষ্টিজৰ কথা নাই নেকি কিবা...

চকুচৰহাবোৰতো জ্বলিবই... কেৱল নিগেটিভ চিন্তা...আনৰ ভাল দেখিবই নোৱাৰে... আৰে এঞ্জেলৰ মৰম, চেনেহ, কেয়াৰ এইবোৰৰ ওচৰত মইচোন একোৱে দিবই পৰা নাই...তথাপি তাই কিমান বহল অন্তৰৰ চাওক, মোক লৈ কেতিয়াও একো অৱজেকচন নাই তাইৰ... অ' অৱশ্যে মই ঘৰৰ পৰা পঠোৱা টকা কেইটাৰে তাইক ইটো সিটো সৰু সুৰা বস্তু কিনি দিবলৈ অসুবিধা হোৱাৰ বাবে ক্ৰেডিট কাৰ্ডখন লওতে তাই অলপ অৱজেকচন নকৰা নহয়... সেইদিনা তাই মনটো একেবাৰে মাৰিয়ে পেলাইছিল....
তাই কৈছিল..এতিয়াতো তুমি মোক বহুত ভাবি চিন্তিহে কিবা দিবা চাগে... ক্ৰেডিট কাৰ্ডৰ বিল বুলিতো চাগে মাজে মাজে শুনাইয়ে থাকিবা আৰু... বাপৰে...কম বুজাইছিলোনে তেনেকুৱা একো নহ'ব বুলি....

এতিয়া আকৌ নুশুধিব দেই ক্ৰেডিট কাৰ্ডৰ বিল কিমান আহিছিল বুলি...
সেইবোৰ পুৰণি ফাইল খুচৰিবলৈ মোৰ ওচৰত এতিয়া ক্ৰেডিট কাৰ্ডো নাই বিলো নাই...

মুঠতে মোৰ হিট লাভ ষ্টৰি... চকুচৰহাবোৰে নামানিলে কি হ'ল...

প্ৰথমে মাজ নিশা সাৰ পাই শুনা – অ' জান মিছ ইউ, ৰাতিপুৱা এলাৰ্ম ক্লকৰ দৰে টোপনিৰ পৰা জগাই দি কোৱা – গুদ মৰ্নিং ছুইহাৰ্ট, চাণ্ডা দিনত বাইকলৈ ক'ৰবালৈ যাব ওলালে – অ' দেহা..ভালকৈ গৰম কাপোৰ পিন্ধি যাবা আদিৰ দৰে বিশেষণবোৰ পিছলৈ অস্তত্বৰ সংকতত ভোগিছিল... ভুলটো তেনেকুৱা শব্দবোৰ শুনিবলৈ পোৱা নাছিলো...। অৱশ্যে তাৰ ঠাইত বেলেগ কিছুমান শব্দহে সংযোগ হৈছিল। যেনে – তুমি কিন্তু শকত হৈছা... আগতকৈ অলপ কলাও পৰিছা... আজি কালি মই কিবা এটা কলেই তুমি উল্টা বুজা... কেতিয়াবা অলপ বেছিকৈ এনেদৰে- হ'ব..যি কৰা কৰি থাকা... তুমি বহুহুহুহুততত চেঞ্জ হ'লা.. মোক অলপো বুজিব ট্ৰাই নকৰা...

এনেকৈয়ে প্ৰব্লেম ৰ পিছত প্ৰব্লেম ওলাওতে ওলাওতে এদিন কোনোবা ৰাৱনে আহি এঞ্জেলক হৰণ কৰি লৈ গৈছিল... নে এঞ্জেল নিজেই পূৰণ হৈছিল ক'ব নোৱাৰো... মইটো আৰু ৰামচন্দ্ৰ নহয় যে শিলৰ সাকোঁ বনাই এঞ্জেলক বিচাৰি যাম... মদ খাবলৈও আকৌ দেৱদাস নহয়....
গতিকে পাৰোৰ নামত জগজিৎ সিঙ বা পংকজ উদাষৰ গজল কেইটামানকে শুনিব ল'লো... আৰু ফু বাবাই ফু দি বেমাৰ ভাল কৰাৰ নিচিনাকৈ মই জান, সোণ, ধন, দেহা আদি বিশেষণৰ মায়া মোহৰ পৰা সোনকালেই আৰোগ্য হৈ উঠিলো ।

সেইদিনা আই এছ এলত পুনেৰ লগৰ মেচখন চাবলৈ বুলি ষ্টেডিয়ামত বহি আছো.. লগত আৰু দুজন... খেল তেতিয়াও আৰম্ভ হোৱাই নাই... ইফালে আকৌ বন্ধুৰ দৰে দাদা দুজনমানেও একেলগে চাব... গতিকে মই আৰু লগৰ দুটা অলপ সোনকালে ষ্টেডিয়াম পালো কাৰণে সেই দাদা কেইজনলৈও চিট দুটামান ৰাখি থৈ দিছো... বহুতে আহি ছিট কেইটাৰ কথা সুধিছে, আমিও পানী বটল আনিবলৈ উঠি গৈছে বুলি কিবা প্ৰকাৰে চিট কেইটা ৰাখি আছো যেনেতেনে । ইফালে মানুহে ষ্টেডিয়াম ভৰি পৰিছে... বহুতে লাহে লাহে ছিটৰ আশা বাদ দি থিয় হৈ চাবলৈকে ঠিৰাং কৰিছে । আমিও দাদা কেইজনক ফোন লগাও হে লগাও... নাই...নেটৱৰ্ক নাই... ফোন নালাগে...ছেহ কি কৰা যায় বাৰু... ইফালে খেলপথাৰত খেলুৱৈবোৰ শাৰী পাতিছে ৰাষ্ট্ৰীয় সংগীত গাবলৈ.... দৰ্শকো থিয় হ'ল.... তথাপি দাদা কেইজনৰ কোনো খবৰ নাই... আৰম্ভ হ'ল....

"জন গণ মন অধিনায়ক জয় হে
ভাৰত ভাগ্য বিধাতা..."

এহ ভাৰতৰ ভাগ্য বাদ দিয়কহে মোৰ ভাগ্যখন চাওকচোন...
আমি বহা শাৰীতে কোলাত কেচুৱা লৈ থিয় হৈ আছে এঞ্জেল... এফালে গাই আছো ৰাষ্ট্ৰীয় সংগীত আনফালে চকু এবাৰ এঞ্জেললৈ এবাৰ কোলাৰ কেচুৱাটোলৈ এবাৰ আকৌ খুৰাকলৈ ।

ৰাষ্ট্ৰীয় সংগীত শেষ তাৰ পিছতে আমাৰ মিলন সংগীত বাজি উঠিল....
মই একো ক'বই নাপালো... দেখা লগে লগে অলপো পলম নকৰি তাই চিঞৰি উঠিল—অহ.. হাই...তুমি.... ইয়াত.....???

ইচ্ যেন মই ভনীয়েকৰ বিয়াত হে আছো...তাইৰ ৰিয়েকচনটো দেখি তেনেকুৱাই লাগিল....

মই বোলো—অ...হাই....এই খেল চাব আহিলো...

: অ' অ' ... আমিও... পিছে ছিটেই পোৱা নাই জানানে...
এইকেইটা ছিট দেখিহে লৰা লৰিকৈ আহিছো...কোনোবা আছে নেকি এইকেইটাত...??

মই বোলো—লগৰ দুজনমান আহি আছে...

: এহ হ'ব দিয়া.. আহিলে বাৰু এৰি দিম..এতিয়া বহি থাকো... কৈয়ে নিজেতো বহিলেই খুৰাককো হাতত ধৰি বহাই দিলে...

: অহ পাহৰিছিলো... অই শুনাছোন... এয়া মোৰ হাছবেণ্ড অনিৰ্বান... আৰু অনিৰ্বান, এয়া মোৰ ক্লাছ ফ্ৰেণ্ড........অমুক......

অট্ টেৰি.... খুৰাক নহয়...পতিহে সেইজন....

আৰু মই...!!! মোতকৈ বয়সত চাৰিবছৰৰ সৰু ছোৱালীজনী হ'লগৈ মোৰ ক্লাছ ফ্ৰেণ্ড...

মইও সৌজন্যতাৰ খাতিৰত হেল্ল' জাতীয় কিবা এটা দিলো... শুনিলেনে নাই নাজানো... প্ৰত্তোতৰ হিচাপে তেওঁ হাঁহিটো মাৰি হেল্ল' বুলিয়ে ক'লে যেন পাও... মই তেওঁনো কি কয় ইমান আগ্ৰহেৰে অপেক্ষা কৰা নাছিলো ।

খেল ইতিমধ্যে আৰম্ভ হৈ গৈছে... দাদা কেইজনৰ কোনো খবৰ নাই...

বাংলাদেশীয়ে চাগে এনেকৈয়ে অলপ বহিম বুলিয়ে নিগাজিকৈ অসমত বহি গৈছিল... মোৰ প্ৰাক্তন প্ৰেমিকাই পতি আৰু পুত্ৰৰ সৈতে ডেৰ ঘন্টা ধৰি নানা ফাকি ফুকা, কষ্টৰে ৰাখি থোৱা ছিটকেইটাত নিগাজিকৈ খুপনি পুতিছিল ।

কোলাৰ কেচুৱাটোৱে সম্ভৱ মানুহৰ ভিৰত অশান্তি কৰিছিল নেকি... এঞ্জেলে এগাৰাকী দায়িত্বশীল মাতৃৰ দৰে নিচুকাবলৈ যত্ন কৰিছিল... মই খেল চাই থকাৰ মাজতে মাজে মাজে এঞ্জেললৈ চাও... এবাৰ চকুৱে চকুৱে পৰিল... ডাঙৰ স্ক্ৰীণখনত তেতিয়া সাত মিনিতৰ খেল হৈ গৈছে...

চকুৱে চকুৱে পৰাত..তাই ক'লে... ভিৰ যে..অলপ আমনি কৰিছে ।
কিন্তু মগজ...বেয়া হ'ল তেতিয়া যেতিয়া কেচুৱাটোৱে মোক দেখি হাঁহিব খোজোতে তাই কৈ উঠিল...

কিনো... কিনো.... মামাৰ ওচৰলৈ যাবা...

মামা....!!!!

কোন...?? কোনো মামা ওলাল ইয়াত...??

কথাটো কৈ কেচুৱাটো মোৰ ফালে আগবঢ়াই দিয়াত হে বুজিলো...মামাটো চোন মইয়ে....

এতিয়া দৃশ্যপট মন কৰক.... মানুহে গিজগিজাই থকা সৰুসজাই ষ্টেডিয়াম... সমুখত কোকে, এলেন, কেপডাভিয়াই বল লৈ দৌৰি আছে... মই গেলেৰীত বহি আছো, কাষত হাছবেণ্ডৰ সৈতে আছে মোৰ প্ৰাক্তন প্ৰেয়সী...আৰু মই প্ৰথমতে প্ৰেয়সীৰ ক্লাছ ফ্ৰেণ্ড আৰু পিছলৈ মামা ৰূপ ধাৰণ কৰি প্ৰেয়সীৰ সন্তান মানে ভাগিনক কোলাত লৈ নিচুকাই আছো ।

নব্বৈ মিনিটৰ খেল চাই শেষ হ'বৰ হ'ল... তেতিয়াও মামা ভাগিনৰ যোগলবন্দী শেষ হোৱাৰ কোনো আশা নাই... মাজে মাজে এঞ্জেলে মোকে শুনাবলৈকে কেচুৱাটোক কয়... "ইছ...মামা পাই মোক পাহৰি গল আউ...নহ্...নহ্ ধুনু... হয়নে...অ বুলু হয়নে...??"

লগে লগে কেচুৱাটোৰ এটা মিচিকিয়া হাঁহি...
সেই হাঁহিটোৰ কথাকে আকৌ হাছবেণ্ডক কয়....হাছবেণ্ডে মোলৈ চাই কয়—
আপুনি বাৰু আমনি পাইছে নেকি....

ক'বলৈ মন যায়... সেই মাজ ৰাতি শুব নিদি "কথা পাতা না জান" বুলি কোৱা ভুক্তভোগীটো হয় মই... মন আৰু ছাল এক্কেবাৰে ডাঠ কৰি থৈছে আপোনাৰ পত্নীয়ে ডাঙৰীয়া...এইবোৰ তেনেই সাধাৰণ কথা...নকওঁ... মিচিকিয়াই হাঁহি এটা মাৰি একো নাই বুলি কৈ থও...

খেলৰ অতিৰিক্ত সময়তহে এঞ্জেলে মোৰ পৰা এই অতিৰিক্ত দায়িত্বটো কমালে...

খেল শেষ হোৱাৰ পাছত ক'লে...
নাই নাই এনেকে খেল চাব দিগদাৰ জানানে... ইয়াকলৈ খেল চাব আহিব নোৱাৰি... মানুহ বেছি যে বৰ আমনি কৰে পাই...

ঘৰলৈ বুলি আহি থাকোতে ভাবিলো... নব্বৈ মিনিট কোলাত প্ৰাক্তন প্ৰেয়সীৰ কেচুৱা লৈ আই এছ এল চোৱা মানুহ চাগে মইয়ে প্ৰথম নেকি...!

এঞ্জেলৰ কথাবোৰকে ভাবি ভাবি আহি কেতিয়ানো ঘৰৰ গেটৰ ওচৰ পালোহি গমেই নাপালো... ব্ৰেকডাল মাৰিহে মনত পৰিল...দাদা কেইজন বা আহিছিল নে নাই খেল চাব...

Saturday, 8 November 2014

জিন

By: Dharani Kalita

এজন নৱবিবাহিত যুৱকে নিজৰ পত্নীক লৈ হানিমুন কৰিবলৈ এখন সুন্দৰ ঠাইলৈ গৈছিল, তাত এখন মুকলি গ্রাউণ্ড দেখা গৈছিল য’ত সম্ভৱতঃ ক্রিকেট খেলা হৈছিল ,... হঠাৎ তেও পত্নীক ক’লে, তুমিও এবাৰ ক্রিকেট খেলি চোৱাচোন... হ’ব পাৰে , তুমি ভাল খেলিব পাৰিবা, আৰু ঘৰত প্রেকট্রিছ কৰিবলৈ মইও এজন সংগী পাম...` 
পত্নী মুডত আছিল, গতিকে , তৎক্ষণাত মান্ততি হৈ গ’ল... যুৱকেজনে বল দিলে আৰু পত্নীগৰাকীয়ে বেট ধৰিলে... দৈৱক্রমে বল বেটৰ সংযোগ ঘটিল আৰু
বেটৰ কোবত বল গৈ ষ্টেডিয়ামৰ বাহিৰত পৰিলগৈ... পতি-পত্নী দুয়োয়ে বল বিচাৰিবলৈ যোৱাত দেখিলে যে এটা বলৰ খুন্দা খাই ষ্টেডিয়ামৰ কাষতে থকা এটা ঘৰৰ খিৰিকীৰ চিঁচা ভাঙিলে... এতিয়া পতি-পত্নী দুয়োয়ে ঘৰৰ মালিকৰ গালি শুনিবলৈ নিজকে প্রস্তুত কৰাৰ পাচত ঘৰৰ ভিতৰত খোজ পেলালে আৰু প্রথম মহলা পালেগৈ... 
দর্জা টুকুৰিয়ালে, ভিতৰৰ পৰা মাত দিলে, `সোমাই আহা...` যেতিয়া দুইজন কোঠাৰ ভিতৰলৈ সোমাই আহিল তেতিয়া ভঙা কাচঁৰ টুকুৰা পৰি থকা দেখিলে আৰু ইয়াৰ বাহিৰেও এটা কাচঁৰ বটলো ভাঙি পৰি থকা দেখা পালে... কাষৰ চোফাখনতে এটা মোটোহা মানুহ বহি আছিল, যি তেওলোকক দেখি সুধিলে,
`তোমালোকে খিৰিকীৰ কাঁচ ভাঙিছিলা নেকি ...?` 

যুৱকজনে তাৎক্ষণিকভাৱে ক্ষমা বিচাৰিলে, কিন্তু সেই শকত-আবত মানুহটোয়ে যুৱকজনক গালি নিদি ক’লে, `দৰাচলতে , মই আপোনালোকক ধন্যবাদ দিবহে বিচাৰো , কাৰণ মই এটা জিন, এটা শাপৰ কাৰণে এই বটলটোত বন্দী হৈ আছিলো , আৰু এতিয়া আপোনালোকৰ বলেটোয়ে বটলতো ভাঙি মোক
মুকলি কৰি দিলে... 
মোৰ কাৰণে নির্দিষ্ট কৰা নিয়ম অনুসৰি মোক যিজনে মুক্ত কৰিব মই তেওঁক নিজৰ মালিক জ্ঞান কৰিব লাগিব আৰু মালিকৰ তিনিটা ইচ্ছা পূৰণ কৰিব লাগিব ...
কিন্তু যিহেতু তোমালোকদুয়োয়ে অজ্ঞানবশতঃ এই কাম কৰিলা গতিকে তোমালোক দুয়োৰে এটিকৈ ইচ্ছাহে পূৰণ কৰা হ’ব, আৰু এটা ইচ্ছা মই নিজৰ কাৰণে ৰাখিম ...` বহুতবঢ়িয়া...` যুৱকজন চিঞৰি উঠিল , আৰু ক’লে, `মই গোটেই জীৱন একো কাম  নকৰাকৈ প্রতিমাহে ১০ কোটি টকাকৈ আমদানি হোৱাতো বিচাৰো...`
`একো জটিল কাম নহয়...` জিনটোয়ে ক’লে , `এয়াতো মোৰ বাওহাতৰ খেল ...` এইবুলি কৈ জিন্টোয়ে বতাহতে হাতখন ঘুৰাই লৈ ক’লে, `চুঃ... চেঃ, চেচুঃ... লওক মালিক , আপোনাৰ 10 কোটি টকাৰ আমদানী আজিৰ পৰাই আৰম্ভ হ’ল ...` তাৰপাছত জিনটোয়ে পত্নীগৰাকীক সুধিলে, `আপুনি কি বিছাৰে , মেডাম ...?`
পত্নীগৰাকীয়ে পটকৈ উত্তৰ দিলে `মই বিশ্বৰ প্রতিখন দেশতে এটা সুন্দৰ-বিশাল বাংলা আৰু বহুতকেইখন কাৰ বিছাৰো...` জিনে বতাহত পুনৰ হাতখন ঘুৰালে, আৰু ঘুৰাই ঘুৰাই ক’লে,`চুঃ... চুঃ ...চুঃ লওক মেডাম , সকলো কাগজ- পত্র কালিলৈ ৰাতিপুৱা আপুনি পাই যাব...` এতিয়া জিনটোয়ে যুৱকজনৰ ফালে চাই ক’লে,`এতিয়া মোৰ ইচ্ছা ... যিহেতু ২০০ বছৰ ধৰি মই এই বটলতোত বন্দী হৈ আছিলো, সেইকাৰণে ইমান বছৰে মই নাৰীসুখ পোৱা নাছিলো... যদি আপোনাৰ অনুমতি থাকে তেনে মই আপোনাৰ পত্নীৰ লগত শুবলৈ বিছাৰিম...` যুৱকজনে লগে লগে নিজৰ পত্নীলৈ চালে, আৰু ক’লে, ` এতিয়া আমাৰ ওচৰত দেধাৰ সম্পত্তি আছে আৰু এইখিনি কেৱল তোমাৰ কাৰণেহে সম্ভৱ হ’ল, গতিকে যদি মোৰ পত্নীয়ে আপত্তি নকৰে তেনে মই মোৰ পত্নীক
তোমাৰ লগত শুবলৈ দিয়াত আপত্তি নাই ...`জিনে মিচিকিয়াই হাঁহি পত্নীগৰাকীলৈ চালে `তোমাৰকাৰণে মোৰো আপত্তি নাই...` লগে লগে জিনটোয়ে মহিলাগৰাকীক কান্ধতউঠালে আৰু আন এটা বন্ধ কোঠালৈ লৈ গ’ল, য’ত জিনটোয়ে পাচ-ছয় ঘণ্টামান পত্নীৰ লগ... 

যেতিয়া ধুমুহা ক্ষান্ত হ’ল জিনকোঠাৰ বাহিৰ ওলাল, কাপোৰ ঠিকঠাককৰি থকা পত্নীগৰাকীক সুধিলে, `তোমাৰ আৰু তোমাৰ স্বামীৰ বয়স কিমান ...?`পত্নীয়ে হাঁহি এটা মাৰি ক’লে, `তেও ২৮ বছৰীয়া আৰু মই ২৫ বছৰীয়া...`জিনটোয়ে হাঁহি এটা মাৰি ক’লে, `ইমান ডাঙৰ হ’লা, ‘এতিয়াও জিন,ভুত-প্রেতত বিশ্বাস কৰা’।

Sunday, 26 October 2014

লৰা ছোৱালী কেইটা?

By: Shahanur Islam
আশীষদাৰ ঘৰত ভাৰাটীয়া হিচাবে থকা বেপাৰী জনক আশীষদাই এদিন সুধিয়ে পেলালে
আ: দা -- ইমান বছৰ হল তুমি ঘৰত নোযোৱা কিয়?
ভাৰাটীয়া--- বাবু সময়ে পোৱা নাই
আ: দা--- তোমাৰ লৰা ছোৱালী কেইটা?


'
'
'
'
'
'
'
'


'
ভাৰাটীয়া ---সেই আঠ বছৰ আগতে বিয়া পাতি থৈ আহিছো, মানুহজনীয়ে অকলে অকলে কিমান কৰিব, তথাপিতো তিনিটা লৰা ছোৱালী ৷ বাবু মই থকা হলে দুই চাৰিটা বেছি হলহেঁতেন ৷
:
:
শুনি আশীষদা হাফ বেহুচ

কাইলৈ মা আহিব

By: Ashish Majumdar 

ৰূপালীৰ গিৰিয়েক- হেৰা শুনাচোন..কাইলৈ মা আহিব। ট্রেনত ৰাতিপুৱা পাঁচ বজাত পাবহি।
ৰূপালী- চাৰি মাহ আগতে আহি গৈছিল হে! আকৌ আহিবলগীয়া হ'লেই নে? কাইলৈ দেওবাৰ, ভাবিছিলোঁ অলপ দেৰীলৈকে শুম....তোমাৰ মা দেওবাৰ দিনাখনেই আহিবলৈ পালে নে? তাকো পুৱা পাঁচটাতেই!
ইমান ৰাতিপুৱা টেক্সী ক'ৰ পৰা......
.
.


গিৰিয়েক- মোৰ মা নহয়, তোমাৰ মা আহিব।
ৰূপালী- ওৱাও! মা আহিব !!!! দুমাহেই হৈ গ'ল মাক লগ পোৱা! শুনা চোন মোৰ হাতত টেক্সীৱালাৰ নাম্বাৰ আছে। তাক ফোন এটা কৰি দিলেই সি ষ্টেছনত ৰৈ থাকিব। ভালেই হ'ল কাইলৈ দেও বাৰ। ল'ৰা ছোৱালী কেইটাৰো স্কুল নাই। সিহঁতেও আইতাকক আনিবলৈ যাব পাৰিব। মই লিষ্ট এখন দিছো তুমি পটককৈ বস্তু কেইটা লৈ আহাঁ চোন!

**হোষ্টেল লাইফ**

By: Dipu Borah

আজি কিবা এটা ভাগ্যৰ বলত এখন চেমিনাৰ এটেণ্ড বুলি সেই বহুবছৰৰ আগেয়ে শিক্ষাজীৱন এৰি থৈ অহা চহৰখনত পুনৰবাৰ উপস্থিত হলোহি....

চেমিনাৰ খনত মন নবহাত উলাই আহি অটো এখন লৈ পূৰ্বে এৰি থৈ অহা হোষ্টেল অভিমুখে লৈ যাবলৈ চালক জনক নিৰ্দেশ দিলো...


যিমানেই হোষ্টেলৰ কাষ চাপি গৈছো সিমানেই আবেগিক হৈ পৰিছো। সকলো ফালেই পৰিৱৰ্তন । আগৰ কেঁচা দোকান, শিলগুটি দিয়া পথসমূহ পকী হল, মুঠতে এই কেইবছৰতে বিৰাট পৰিবৰ্তন ....

অটো ৰোৱাৰ মাত্ৰেই দৌৰি গৈ ৰূম নং:-১০৫ সম্মুখত ৰৈ বন্ধ দুৱাৰত নক কৰিলো....... কোন বুলি সোধাত নিজকে প্ৰাক্তন আবাসী বুলি পৰিচয় দিয়াত দুৱাৰখন খুলি দি ভিতৰলৈ মাতিলে.......

ভিতৰ সোমাই সকলো এফালৰ পৰা পৰীক্ষা কৰি যাব ধৰিলো ...

সকলো একেই আছে...

সেই একে কাঠৰ পঢ়া টেবুল...

একেটা কাঠৰ আলমাৰি....

একেই ৰছিত উলমি থকা কাপোৰ..

একেই চিগাৰেটৰ গোন্ধ ....

একেই সেই পকী দেৱালত বলিউদৰ নায়িকাৰ উত্তেজক ফটো...

একেই সেইখন খিৰকি, যিখন খুলিলে ছোৱালী হোষ্টেলৰ গেটখন দেখা পোৱা যায়..

আৰু এইখন টো সেইখনেই কাঠৰ বিচনা যত মই তিনিবছৰ পাৰ কৰিলো....

সেইবুলি বিচনাখনৰ চাদৰ খন ডাঙি দিয়াত তলত এজনী ছোৱালী সোমাই থকা দেখি লৰাটোলৈ চালো.......

চাল্লা তাৰো সেই একেই পূৰণা দায়লগ.... "দাদা কিবা ভুল নুবুজে যেন... তাই মোৰ ভণ্টি হয় আৰু তাইৰ এপাত কাণফুলি হেৰুৱাত হে বিচনা তলত বিচাৰি আছে ...."

Friday, 30 May 2014

অই পাগল

By: Hemanta Kumar Medhi
এটা পাগল ৰাস্তাত শুই আছিল
। ট্রাক ড্রাইভাৰ এজনে তাৰ
ট্ৰাকখন ৰখাই অনবৰত হৰ্ণ
বজাই আছে, তথাপিও
পাগলটো উঠা নাই ।
অৱশেষত
ড্রাইভাৰজনে নামি ক'লে,
"অই পাগল, ৰাস্তাৰ
পৰা উঠি নগ'লে তোৰ গাৰ
উপৰেৰে ট্রাক চলাই নিম ।''
পাগল (হাঁহি হাঁহি) :-- অলপ
আগতে মোৰ গাৰ
উপৰেৰে প্লেন এখন গ'ল, তাতেই
একো নহ'ল । আৰু
ট্ৰাকখনেৰে কি হ'ব, নুঠং যা ।

ৰিজাল্টৰ পিছত..

By: Ashish Majumdar

ৰিজাল্টৰ পিছত..
ছোৱালী১- (কান্দি কান্দি) মাত্র ৯১ পালোঁ।
ছোৱালী২- ( আৰু বেছিকৈ কান্দি) পাঁচবাৰ ৰিভিজন দিয়াৰ পিছতো ৯০ কেনেকৈ পাওঁ?
ছোৱালী৩- মই ৯৩ লৈ দেউতাৰ আগত কেনেকৈ মুখ দেখুৱাম?
ছোৱালী৪- (হায়ৈ বিয়ৈ কৰি) ৯০ত একো লাভ নাই!


ল'ৰাৰ প্রতিক্রিয়া..
ল'ৰা১- এইবাৰ পুৰা কঁপাই দিছো বে..৪৩ পালোঁ
ল'ৰা২- ময়ো পাছ কৰিলোঁ, দেউতাই শুনিলে ডান্স আৰম্ভ কৰি দিব।
ল'ৰা৩- ছাৰে নকল মাৰিব দিছিলে, সেয়ে ওলাই গলোঁ। ছাৰ নহয় বে ভগৱান!
ল'ৰা৪- পুৰা ৩৩ পাইছোঁ, এতিয়াও বিশ্বাস হোৱানাই মই যে পাছ কৰিছোঁ! আজি পাৰ্টি কৰোঁগৈ ব'ল!
আটাইবোৰে সমস্বৰে- ব'ল ব'ল !!!

Tuesday, 13 May 2014

কোন হয়?

BY: ডঃ মাখন লাল দাস

নগেন আৰু খগেন মিলিটেৰীত ভৰ্ত্তি হ'ল৷

প্ৰশিক্ষণ আৰম্ভ হ'ল৷ সকলো শাৰী পাতি থিয় হৈ আছে৷


প্ৰশিক্ষকজন খগেনৰ ওচৰ পালে আৰু খগেনৰ হাতত থকা বন্দুকটোলৈ আঙুলিয়াই সুধিলে..
: এইটো কি?

খগেনে লগে লগে উত্তৰ দিলে..
: এইটো বন্দুক..

প্ৰশিক্ষকজনে অতি গহীনাই কিন্তু সকলোৱে শুনাকৈ ক'বলৈ ধৰিলে..
: এইটো বেলেগ মানুহৰ কাৰণে বন্দুক৷ কিন্তু তোমাৰ বাবে এইটোৱেই তোমাৰ সকলো৷ই তোমাৰ মান, সন্মান, সাহস, অনুপ্ৰেৰণা..... চমুকৈ ক'বলৈ গ'লে এইটো তোমাৰ মা.....

খগেনে মূৰ দুপিয়াই শলাগিলে...

এইবাৰ প্ৰশিক্ষকজন নগেনৰ ওচৰ চাপি আহিল৷ তেওঁ নগেনৰ হাতত থকা বন্দুকটোলৈ আঙুলিয়াই সুধিলে..
: তুমি কোৱাচোন এতিয়া, তোমাৰ হাতত এইটো কি?

নগেনে তপৰাই ক'লে..
: এইটো খগেনৰ মা...
মানে আমাৰ আন্টি....

মিছা কথা

by:
Bitupon Saikia
এজন মানুহে এখন ঠাইত এটা ডাঙৰ মিছা কথা কৈ জনপ্ৰিয় হৈ পৰিল । মিছা কথাত বিখ্যাত হৈ পৰা বাবে তেওঁক সকলোৱে চিনি পাইছিল । বিশেষ কাৰণ এটাৰ বাবে তেওঁ অন্য এখন ঠাইত যাব লগা হল ।
সেই ঠাইত প্ৰায় ৭৫ বছৰীয়া বুঢ়ী আইতা এগৰাকী দৌৰি আহি সুধিলে বোপা তইয়ে বিখ্যাত মিছলীয়া মানুহজন নহয় জানো ??????
মানুহ জনে লাহেকৈ কলে :- মানুহৰ কথা বাদ দিয়ক মই আপোনাক দেখি আচৰিত হৈছো আপোনি কিন্তু এই বয়সতো গাভৰু জনী হৈ আছে । গাৰ ৰং , চাল এতিয়াও ধুনীয়া হৈ আছে ............
বুঢ়ীআইতাই :- অলপ লাজ কৰি
........ইছছ
সমাজৰ মানুহ বোৰ বৰ হাৰামি চকু চৰহা থাকে দেই ইমান মৰমীয়াল সচাঁ অন্তৰৰ মানুহকো মিছলীয়া বুলি কয় .............

Wednesday, 30 April 2014

গাঁৱৰ ভগৱান হেৰাইছে

Bitupon Saikia
এখন ঘৰত দুটা বৰ দুস্ট সৰু লৰা আছিল সিহঁতৰ অশান্তি ত মাক দেউতাক ৰ লগতে চুবুৰীয়া সকলো অতিস্ত হৈছিল সিহঁতৰ পৰা সৰু ডাঙৰ কোনো হাত সাৰিব পৰা নাছিল ! সিহঁতক লৈ মাকৰ বহুত চিন্তা হৈছিল তাকে ভাবি লৰা দুটাক এজন বাবাৰ ওচৰলৈ নিলে ।বাবা ই এটা এটা কৰি লৰা দুটাক বুজাবলৈ দায়িত্ব ললে ।

বাবাই শান্ত ভাৱে লৰাটোক অকলশৰীয়া কৈ বহোৱাই সুধিলে বাছা ভগৱান কত আছে জানা ????? লৰা টোৱে একো মাত দিয়া নাই বাবা ই আকৌ সুধিলে বাছা কোৱা আকৌ ভগৱান কত ?????? নাই লৰাটোৰ একো মাত নাই এইবাৰ বাবা ই অলপ ডাঙৰ কৈ মাত দিলে অই বাছা শুনি পোৱা নাই নেকি মই সুধি আছোঁ কিবা এটা ???????
এইবাৰ লৰাটো বহাৰ পৰা উঠিল আৰু ঘৰলৈ দৌৰ দিলে
ঘৰ গৈ ভায়েক ক কলেগৈ "
"
পলা পলা গাঁৱৰ ভগৱান হেৰাইছে কৰবাত । মানুহে আমাৰ দুটাকে সন্দেহ কৰিছে গতিকে পলা

Sunday, 13 April 2014

পৃথিৱীৰ সর্বশেষ্ট উদ্ভাৱক

লক্ষ্য জ্যোতি নাথ

"পৃথিৱীৰ সর্বশেষ্ট উদ্ভাৱক(সকলোতকৈ বেছি বস্তু উদ্ভাৱন কৰা) বিজ্ঞানীজনৰ নাম কি? তেওঁৰ তিনিটা উদ্ভাৱনৰ নাম ক'ব পাৰিবনে।"

প্রশ্নতোৰ সঠিক উত্তৰ বহুতেই দিলে। প্রশ্নতোৰ সঠিক উত্তৰ হ'ল 'টমাচ আলভা এডিচন'। তেওঁ উদ্ভাৱন কৰা বস্তুবোৰ হ'ল
১] বিজুলি বাতি
২] টেলিফোন
৩] টেলিগ্রাফ
৪] গ্রামোফোন
৫] বাইনেট স্কপ' ইত্যাদি।


পষ্টটোত কেইজনমান লোকে বৰ আমোদজনক কমেন্ট কেইটামান দিলে। তেওঁলোকে কোৱা বিজ্ঞানীকেইজনক আমি চিনাকি হওঁ আহঁকচোন...

১) গৌৰব গগৈ (মতা মাছ আৰু মহিলা মাছৰ উদ্ভাৱক)

২) (এজনে লিখিছে) স্হান, কাল হিচাপে যদি উত্তৰ দিওঁ অসমত নির্বাচন কালত মোবাইল, কম্পিউটাৰ, ইন্টাৰনেট আদি সকলোবোৰ বস্তুৰ ৰাজীব গান্ধীৰ আবিষ্কাৰ।

৩) তৰুণ গগৈ
(ক) গড়ৰ খর্গ কটা পদ্ধতি উদ্ভাৱন
(খ) বানপানী পৰা বাচিব কলগছ ৰুব লাগে
(গ) হাতীৰ পৰা বাচিব জলকীয়া ৰুব লাগে।

(৪) (এজনৰ কমেন্ট আৰু একোপ চৰা) ৰকিবুল হুছেইন, তেওঁ গড়ৰ খর্গ কটা মেচিন বনাই আছে, তৈয়াৰ হোৱা নাই।

কমেন্টকেইটা পঢ়ি মই হাঁহি ৰখাব পৰা নাই গতিকে শ্বেয়াৰ কৰিলো ।

*** পত্নী এনেকুৱা হ’ব লাগে***

by: Ideal Hero Janardan Neog

Wife: ইমান দেৰিকে আহিছা যে, অফিচৰ সেইজনীৰ লগত চিনেমা চাবলে গ’লা নেকি?
Husband: সদায় সন্দেহ কৰা কেলে,বিয়াৰ প্রথমদিনাৰ পৰাই সন্দেহৰ চকুৰে চাই আহিছা....
Wife:তেনে ৭ বজাত ঘৰলে অহাৰ সলনি নিশা ১০ বজাত আহিছা যে...
Husband: নহয় মানে মানুহ এটাৰ ১০০০ টকাৰ নোট এটা হেৰাইছিল....
Wife: উওঅ... তেনে তুমি তেওক টকাতো বিচৰাত সহায় কৰিছিলা নেকি ?
Husband: নহয় ... নহয় মই সেই নোটখনৰ ওপৰত থিয় হৈ আছিলো......
Wife: চাও দিয়া তেনে ক’ত থলা নোটখন…!!!
Husband:এয়া লোৱা 100 টকা
Wife:বাকী 900 টকা ক’ত গ’ল....
Husband:কথাতো মানে এনেকুৱা হ’ল মই নোটখন উঠাওতে যিজনী ছোৱালীয়ে দেখিলে তাইক চিনেমা দেখুৱাবলগীয়া হ’ল তাৰ পাছত সস্তীয়া হোটেল এখনত খানা খোৱাব লগা হ’ল আৰু শেষত বাইকত নি ঘৰত থ’বলগীয়া হ’ল....
তেতিয়াহে মই তাৰে ১০০ টকা তোমাৰ কাৰণে বচালো
যাতে তোমাৰ ...চপৰ যোগাৰ হৈ যায়, তুমি খাই বহুত পোৱা নহয় জানো...
Wife: হয় পাই, আপুনি মোৰ কথা কিমান ভাবে, মইহে আপোনাক অযথা সন্দেহ কৰি থাকো...

কোনোবা কুকুৰে বেয়াকৈ ঠগিলে বে...

Rituparna Roy

ফোনটো ৰিচিভ কৰাৰ লগে লগে ...-হৰেন খুড়া ,আপোনাৰ ছোৱালীজনী স্কুলতে আত্মহত্যা কৰিলে ।

লগে লগে মানুহজনে চাইকেলখন উলিয়াই বিজুলীবেগে গৈ স্কুল পালেগৈ ।

স্কুলৰ ওপৰৰ মহলালৈ গৈ মানুহজন ৰৈ গল-- কোনোবাই মিছা কলে ও। মোৰচোন ছোৱালীয়েই নাই । হা হা


চাইকেলখন লৈ ওলাই আহিল ।স্কুলৰ গেট পাই আকৌ ৰৈ গল। ধেৎ চালা , মইচোন বিয়াই পতা নাই । ইমান মিছা কব লাগেনে বাৰু !!

আহি ঘৰত অলপ জিৰণি লও বুলি বিচনাত পৰিল আৰু ঘপককৈ উঠি বহিল .....

.
.
.
.
"কোনোবা কুকুৰে বেয়াকৈ ঠগিলে বে.... মইচোন হৰেন নহয়েই"

Sunday, 6 April 2014

প্ৰতিক্ৰিয়া

By: Bitupon Saikia
এখন হোটেলত ত এক গিলাচ গাখীৰ ত অকস্মাত এটা মাখি পৰি গ'লে ,, প্ৰতি দেশৰ নাগৰিক ৰ প্ৰতিক্ৰিয়া এনে হয়:--
১/ ইংলেণ্ডৰ নাগৰিক হলে গাখীৰ গিলাচ দলিয়াই গুছি যাব । -

২/ আমেৰিকান হ'লে মাখি টো পেলাই গাখীৰ গিলাচ খাই পেলাব ।


৩/ চীনা নাগৰিক হলে মাখি টো প্রথম খাই পাচত গাখীৰ গিলাচ
খাই পেলাব ।

৪/ ভাৰতীয় হ'লে মাখি টো চীনাক বিক্ৰী কৰিব গাখীৰ গিলাচ আমেৰিকান জনক বিক্ৰী কৰিব আৰু সেই পইচা ই এক গিলাচ মদ কিনি খাব ।
আৰু
৫/পাকিস্তানী হলে গাখীৰত মাখি পৰা কাৰণে ভাৰতীয় ক জগৰীয়া কৰিব। আৰু তাৰ লগত কাশ্মীৰ বিষয় টো জোৰা দিব
চীন ক সৈন্য ৰ সহায় বিচাৰিব আৰু আমেৰিকাৰ পৰা টকা ধাৰ বিচাৰিব নতুন গাখীৰ কিনি খাবলৈ । ।।।

Friday, 4 April 2014

পাঁচ গিলাচ জুচ

by: Ashish Majumdar

আমাৰ ছোটা ডনে মানুহ এঘৰলৈ গৈ পানী এগিলাচ খুজিলে।
সৰু ল'ৰা এটা ওলাই আহি- পানী নাই, আমৰ জুচ আছে খাবনে?
ছোটা ডন- গৰমত আমৰ জুচ! বঢ়িয়া !

ছোটা ডন পাঁচ গিলাচ জুচ খাই ল'ৰাটোক সুধিলে- তোমালোকৰ ঘৰত জুচ্ কোনেও নাখায় নেকি?
ল'ৰা- খায়..কিন্তু আজি জুচৰ বটলটোত জেঠী এটা পৰি মৰি আছিলে..সেয়ে কোনেও নাখালে।

কথাটো শুনি ছোটা ডন হাতৰ পৰা গিলাচটো পৰি থাকিল।

ল'ৰা- (কান্দি কান্দি) মা.......!! মানুহজনে গিলাচটো ভাঙি পেলালে! এতিয়া আমাৰ টমীয়ে কিহত গাখীৰ খাব???

পৰচৰ্চা

by: Minurekha Gogoi

আমি মহিলা সন্থা লগ হ'লে সদায় যে পৰচৰ্চাহে কৰো এইটো নাভাবিৱ আকৌ দেই । কেতিয়াবা আমি অন্য ধৰণৰ কথাও পাতো।এবাৰ আমি আমাৰ ভাষাৰ মাজত কেনেকৈ ইংৰাজী শব্দ বোৰ সোমাই অসমীয়াৰ দৰেই হৈ গৈছে সেইবিষয়ে কথা পাতিছিলোঁ ।তাকেই অলপ ৰহণ সানি আগবঢ়াইছো।

কণিপতৌ গুৱাহাটীৰ ভাড়াঘৰত থাকি বিশ্ববিদ্যালয়ত পঢ়ি থাকোতে এবাৰ তাৰ ককাদেউতাক আহিছিল খবৰ ল'বলৈ।আবেলি সি তেওঁক অটো এখনত উঠাই ফুৰাবলৈ লৈ গ'ল।
: ককা,এইখন মই পঢ়া গুৱাহাটী বিশ্ববিদ্যালয় দেই চাই লোৱা।
: অ' তই আকৌ ইউনিভাৰ্চিতিত পঢ়া বুলিহে জানো ।
: একেখনেইঅ'।এইবাৰ এইখন চোৱা অসম অভিযান্ত্ৰিক মহাবিদ্যালয় ।আমাৰ গাঁৱৰ হেমন্ত ইয়াতেই পঢ়িছিল
: সি ইণ্জিনিয়াৰ নহয় জানো ।ইয়াত নাইপঢ়া হ'বলা।ইণ্জিনিয়েৰিং কলেজতহে পঢ়িছিল।
: উস ককা!সেইখনেই এইখন।এইবাৰএইখন চোৱা চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় আৰু হাস্পতাল।
: অ' বুজি পালোঁ দে এইবাৰ ।আয়ুৰ্বেদিক কলেজ আৰু হস্পিতেল।মই আগতে আহিছোঁ ইয়ালৈ ।অথনিৰে পৰা চিধাচিধি অসমীয়াত ক'লেই হয়।ইংৰাজী নামবোৰ কৈ থাকিলে কেনেকৈ চিনি পাওঁ নো নপঢ়া নুশুনা বুঢ়াটোৱে!


(কোনোবাই কৰবাত আগতে পঢ়িছে যদি মোৰ গাত দোষ নাই দেই ৰাইজ )