Showing posts with label ঊদয় দা. Show all posts
Showing posts with label ঊদয় দা. Show all posts

Saturday, 19 November 2016

অনিল নগৰ

Hahir Rahghra

ৰাতিপুৱা টিভিটো অন কৰিয়েই বৰুৱানীয়ে চিঞৰিলে , " হেৰা, মই আৰু এই ঠাইত নাথাকো, অনিল নগৰৰ ফালে মাটি কিনা।"

বাথৰূমৰ পৰাই বৰুৱা,"কিয় ? ইয়াত কি অসুবিধা পাইছা?"

বৰুৱানী : একো অসুবিধা পোৱা নাই কিন্তু মোক অনিল নগৰত ঘৰ লাগে ।


বৰুৱা : কিন্তু তাত চোন অলপ বৰষুণ দিলেই বানপানী হয়।

বৰুৱানী : হওঁক।

বৰুৱা : নতুনকৈ মাটি কিনিবলৈ পইচা ক'ত?

বৰুৱানী : মই নাজানোঁ পইচা ক'ত? লাগিলে এই ঘৰ মাটি বিক্ৰী কৰা ।

বৰুৱা : কিন্তু কিনিব কোনে ? নতুন পইচা পুৰণি পইচাক লৈ সকলো ব্যস্ত । বিক্ৰী কৰি পোৱা টকা সলাবলৈ কিমান অসুবিধা হ'ব ভাবি চাইছানে?

বৰুৱানী : মই সেইবোৰ একো নাজানোঁ । অনিল নগৰত ঘৰ লাগে বচ্।

বৰুৱা : কিন্তু আজি হঠাতে নবীন নগৰৰ প্ৰেমত পৰিলা যে কিয় ?

বৰুৱানী : তুমি নিউজ চালেহে বুজিবা, অনিল নগৰত লাখ লাখ টকা ওলাইছে আজি ।

বৰুৱা : তাৰমানে তোমাক সেই টকা লাগে । তুমি মাটি কিনি তাত ঘৰ বনোৱালৈ তোমাৰ বাবে তাত কোনোবাই টকা পেলাই থব নেকি ?

বৰুৱানী : তুমিও যে আৰু !! তাত পৰি থকা টকা নালাগে মোক । কিন্তু চোৱাচোন বানপানীয়ে হওঁক বা পেলনীয়া টকাই হওঁক অনিল নগৰ নিউজত আহিয়েই থাকে । ইমান বছৰ ইয়াত থাকি কোনোবাদিনা টিভিত উঠিলা নে? তাত অন্ততঃ ঠাইৰ নামটো টিভিত আহি থাকিলে আমিও অনিল নগৰৰ বাসিন্দা বুলি লেবেল দিব পাৰিম। তোমাৰ গাৱঁৰ সেই বৌৱেৰা হ'তে জ্বলি মৰিব।

বৰুৱা : ????

Friday, 24 October 2014

সেনাপতি

by: Minaram Boruah

এখন ভাওনাত
ৰজা :-কোৱাচোন সেনাপতি মোৰ ৰাজ্যৰ খবৰ । কৰে নেকি কোনোবাই বিদ্ৰোহ আচৰণ । বাহিৰা শক্তিয়ে দিছে নেকি যুদ্ধৰ আহ্বান ?
সেনাপতি :-(মুখত সোপা দি) হোঁক
ৰজা:-কোৱা সেনাপতি সবিশেষ ভাঙি ।
সেনাপতি :-মুখেৰে নেতিবাচক ইংগিত ।

ৰজা :-(খঙেৰে) মূৰ্খ সেনাপতি ,যা বেগতে সমগ্ৰ ৰাজ্যৰ খবৰ লৈ আহগৈ ।


(মুখত সোপা দি সেনাপতি বাহিৰলৈ ওলাই যায় )


মন্ত্ৰীবৰ বলা আমিও প্ৰস্থান কৰো । (দুয়োৰে প্ৰস্থান)

ৰজাই সেনাপতিক বাহিৰত বিচাৰি ফুৰিছে দুপাত মান দিওঁ বুলি । পিছে সেনাপতিয়ে নামঘৰৰ পৰা কিছু দূৰত খাল এটাত আঁঠুকাঢ়ি হাউত হাউতকৈ বঁতিয়াই আছেগৈ । ৰজাই গেলাৰ গোন্ধ ত সেনাপতিৰ কাষেই চাপিব নোৱাৰিলে । ।

$$$ পায়েস $$$

by: Anuj Kumar Dasসদায়ে ঘৰলৈ মাতি নি পাৰ্টি এটা দিবলৈ নিভা'মেমক কামোৰি থকাত...এদিন বাধ্য হৈ আশীষ'দাক নিমন্ত্ৰণ দিলে ।
পিঠা পুলি, দৈ চিৰা, চা জলপান এগালমান বৰ পৰিতৃপ্তিৰে খাই উঠাৰ পাছত 'পায়েস'ৰ বাতি হাতত লৈ দু চামোচ মান খাই প্ৰফুল্ল চিত্তে কলেঃ-"নিভা.. পায়েস কণ বৰ সোৱাদ লগা হৈছে ! ..তোমাৰ হাতৰ বাহাদুৰীক মানিব লাগিব
কিন্তু !"
.
.
.
.
.


নিভা'মেমো নিজৰ প্ৰশংসা শুনি আত্মগৰ্বত ফুলি উঠি কৈ দিলেঃ-"নহয়...মানে কি যে
কয় ! আচলতে সেই চুৰুণী মেকুৰীজনীয়ে গাখীৰ সোপাত মূখ নিদিয়া হলে 'কিচমিছ-নাৰিকেল-কাজু বাদাম-ইলাচি'বোৰ দিলে আৰু testy হলহেঁতেন ! কিন্তু মেকুৰীজনীৰ বাবে একোৱেই নহল...তথাপিও আপুনি ভাল পোৱাৰ বাবে মই সুখী...হিঃ হিঃ হিঃ...আৰু অলপ দিওঁ নে ?"
.
.
.

নিভা'মেমৰ কথাত আশীষ'দাই কৰিলে-'বমি'

OWAQE...OWAQE...শব্দৰে কৰিলো সামৰণি ।

ধেমালিৰ চলেৰে

by: Hrishi Deka

ধেমালিৰ চলেৰে বহুদিন আগৰ ঘটনা এটা কব ওলাইছো ।

তেতিয়া হাইস্কুলত পঢ়ি আছিলো । দেৱালীৰ বাবে স্কুল বন্ধ । আমি প্ৰত্যেকে ঘৰত ভালদৰে দেৱালী পালিছো। মানে খুব বম ফুটাইছো, ফুৰ্তি কৰিছো।
দেৱালী শেষ , আকৌ স্কুল গৈছো। দেখিলো মোৰ এজন ভাল বন্ধু স্কুলত অহা নাই। কথাটো ইমান গভীৰ ভাৱে নললো। ক্লাছ কৰিলো, ঘৰ আহিলো। পিছদিনা যেতিয়া স্কুলত গৈ বন্ধুজনক নেদেখিলো, তেতিয়াহে অলপ চিন্তা লাগিল। কাৰণ সি এনেই স্কুল খতি কৰা লৰা নহয় । তাৰ ঘৰ স্কুলৰ ওপৰতে, সেয়ে মই আৰু মোৰ বন্ধু এজন তাৰ ঘৰত উপস্থিত হলো। সি শুইআছিল। । মুখত সেমেকা হাঁহি ।
আমি তাক স্কুল নহাৰ কাৰণ সুধিলো ।
এটি সেমেকা হাঁহি মাৰি উত্তৰ দিলে,' নকবি দোস্ত, আমি সেইদিনা দেৱালীৰ বম ফুটাই ফুৰ্তি কৰি আছিলো। জগমগ বম খুব ফুটাইছিলো। এবাৰ কি হল, এটা জগমগ বম দিয়াচলাই কাঠিৰে জ্বলাই দৌৰা দৌৰিৰ কোবত দিয়াচলাই বাকচটো দলিয়াই ভুলতে জ্বলি থকা বমটো চাৰ্টৰ পকেটত সোমাই ললো, তাৰ পিছত দেখিছই নহয় মোৰ বিলৈ।
তাৰ কথা শুনি আমাৰ হাঁহিমেই নে কান্দিম, এনেকুৱা অৱস্থা ।
:
( বন্ধু সকল আপোনালোকেও খুৱ ভালদৰে দেৱালীৰ আনন্দ উপভোগ কৰক,কিন্তু সাৱধানে। যাতে কোনো অঘটন নঘটে।
শেষত সকলোলৈ পোহৰৰ উৎসৱ দিপাৱলীৰ হিয়াভৰা ওলগ যাচিলো)।

Friday, 30 May 2014

অই পাগল

By: Hemanta Kumar Medhi
এটা পাগল ৰাস্তাত শুই আছিল
। ট্রাক ড্রাইভাৰ এজনে তাৰ
ট্ৰাকখন ৰখাই অনবৰত হৰ্ণ
বজাই আছে, তথাপিও
পাগলটো উঠা নাই ।
অৱশেষত
ড্রাইভাৰজনে নামি ক'লে,
"অই পাগল, ৰাস্তাৰ
পৰা উঠি নগ'লে তোৰ গাৰ
উপৰেৰে ট্রাক চলাই নিম ।''
পাগল (হাঁহি হাঁহি) :-- অলপ
আগতে মোৰ গাৰ
উপৰেৰে প্লেন এখন গ'ল, তাতেই
একো নহ'ল । আৰু
ট্ৰাকখনেৰে কি হ'ব, নুঠং যা ।

Tuesday, 18 February 2014

কাজিয়া

By: Bitupon Saikia
ট্ৰেইন ত ছোৱালী দুজনী কাজিয়া লাগিল এজনী ইজনীক ডাইনী বুলি গালি পাৰে সিজনীয়ে এই জনীক ডাইনী বুলি গালি পাৰে এনেদৰে চলি আছে আমাৰ উদয় দা আকৌ অকন মান ধৰি লতং পতং কৈ ছোৱালী দুজনী ৰ কাষতে বহি আহিছে ঘটনাটো হল ট্ৰেইন ৰ খিৰিকী এখন খোলা মেলা ক লৈ এগৰাকীৰ জ্বৰ আছে বুলি খিৰিকী ৰ গ্লাছ খন জপাবলৈ লাগে আৰু দ্বিতীয় জনীক গৰম উঠিছে বুলি গ্লাছ খন মেলি লব লাগে । সিহঁতৰ কাজিয়া ইমান দুৰ পালেগৈ এজনীয়ে কয় এই মদকী টো টোৰ পয়েৰে আকৌ ইজনীয়ে কলে সেই মদকী টো টোৰ হে পয়েৰে। অলপ ৰৈ উদয় দাই কলে
,
,
,
,
,,
,,
,
,
,,
,,
,,
,,
,,
,,
,
,
,
,
,
হেৰা ভন্টি মই বাৰু কোন জনীক পত্নী বুলি মানিম আৰু ঘৰত আছেই এগৰাকী । মিছামিছি কাজিয়া কৰি আছা যে এবাৰ ভালকৈ পৰীক্ষা কৰাচোন খিৰিকী খনত গ্লাছ নাইয়ে । তোমালোকে জপাবলৈ মেলিবলৈ ।

Friday, 14 February 2014

এক্সিডেন্টৰ পিছত…

By: Udoy Senapoti
(এক্সিডেন্টৰ পিছত…)

পুৰুষ ড্ৰাইভাৰ: …মই গাড়ীৰ হেড-লাইট জ্বলাই, ইমান ৰ'বলৈ চিগনেল দিলো, আপুনি ৰ'ব লাগিছিল।

মহিলা ড্ৰাইভাৰ: ইস্…! মই ৰ'বলৈ নোৱাৰিম বুলি চিগনেল দিয়া নাছিলো নিকি…!

পুৰুষ ড্ৰাইভাৰ: ক'ত চিগনেল দিছিলে হে…! কেনেকৈ দিছিলে…??

মহিলা ড্ৰাইভাৰ: আৰে…! "নোৱাৰিম নোৱাৰিম" বুলি সন্মুখৰ 'ৱাইপাৰ' ডাল চলাই দিয়া নাছিলো নিকি…!!

Sunday, 26 January 2014

আধা মিনিটৰ গল্প: ইম্পটেন্ট

 : তাৰ পিছত…?
: তাৰ পিছত হবলৈ কিটো আছে, দিলো নহয় 'এ… ক' চৰ।

"…এক চৰ…" বুলি কৈ, তেওঁ হাতেৰে যিটো ভঙ্গি দেখুৱালে, তাৰ পৰাই মোটামুটি অনুমান এটা কৰি লবলৈ মোৰ বিশেষ অসুবিধা নহ'ল যে চৰটো কেনেকুৱা আছিল। …২৬ জানুৱাৰী বুলি গধূলিৰ পৰাই, 'সোমৰস' লৈ দুয়ো বহি আছো, তেওঁৰ ঘৰত।

: আচলতে ঘটনাটো কি?
: এস্ নকব আৰু। …আমাৰ অফিচত আগৰে পৰা এটা নিয়ম চলি আহিছে যে, প্ৰতিখন 'বিল' পাচ কৰিলে, মোক ২০% ঘো… ('ঘোচ' বুলি মুখৰ পৰা ওলাই যাবই লৈছিল যদিও, সঠিক সময়ত ডিক্সব্ৰেক মাৰি দিলে) …কমিছন দিব লাগে। এইটো এটা পৰম্পৰা। কিন্তু বদজাত কেৰাণীটোৱে যোৱা মাহৰ পৰা মাত্ৰ ১৫% কৈ দি আছে। মানে বাকীখিনি সি নিজে খায়। …কিন্তু আজি ধৰা পৰি গ'ল। (কাঁহ এটা মাৰি) …মানুহবোৰ বৰ তললৈ নামি গৈছে বুজিছে। চব ধুৰন্ধৰ…! এতিয়া আমাৰ দৰে 'সৎ মানুহ' তিষ্ঠি থকাই মস্কিল হৈ পৰিছে…!!

গিলাচটোৰ পৰা 'জুলীয়া' অলপ পাণ কৰি তেওঁ আকৌ আৰম্ভ কৰিলে,

: আমুকাই কাকো কেয়াৰ নকৰে দেই… (দুটুপাল সোমৰস জীভাত পৰিলে, এইজনৰ আকৌ বীৰৰসে ক্ৰিয়া কৰে। 'হেমকোষ' বহিৰ্ভূত বহুতো বিশেষ্য, বিশেষণে তেওঁৰ 'ভাষা'ত লালিত্য আনে, সাহিত্যিক মহিমাণ্ডিত কৰি তোলে, …আৰু শেষত 'বমি'ৰে, নিশাৰ সমস্ত কাৰ্যসূচিৰ শলাগৰ শৰাই আগবঢ়ায়)। …আমুকাই অন্যায় নকৰে আৰু আনে কৰিলেও সহ্য কৰিব নোৱাৰে। মোৰ সাহস আৰু আপুনি দেখা নাই। আগতে… 'ডেকা' দিনত মোৰ সাহস চাব লাগিছিল। অকলেই বাঘৰ লগত যুঁজ কৰিছিলো… আপুনি জানে??
: নাই-নাই, …মই শুনা নাই এইবিষয়ে। অ' এবাৰ আপোনাক কুকুৰে কামুৰিছে বুলি শুনা মনত আছে…
: ধুৰ…! (অশ্লীল) …মই, মই আন্দোলনত, …১৯৮৫ চনৰ কথা কৈ আছো দেই, চি আৰ পিৰ লগত মাৰপিট লাগি জেললৈ যোৱা মানুহ… বুইছে নাই…
: হয় নিকি। আকৌ মানুহে চোন বেলেগ হে কিবা কয়।
: কি কয়… মোক কওঁক… 'টেল মি'…
: নহয় মানে… কিবা… ছাগলী চুৰি হোৱা ঘটনা এটাহে…
: (অশ্লীল)… কি ফাল্টু কথা কয় হে…? মই কি বস্তু আপুনি গমেই পোৱা নাই… মই সিবিধতো আছিলো কিছুদিন… বন্দুক, গুলি ইত্যাদি 'এনিটাইম' এই জেপত (হাতেৰে দুবাৰমান ধাপ্ ধাপ্ কৈ পেন্টত মাৰিও দেখুৱালে) …লৈ ফুৰিছিলো।

…হয়তো তেওঁ আৰু 'সাহস'ৰ কথা কৈ থাকিল হেতেন… অন্ততঃ 'পৰমবীৰ চক্ৰ' নোপোৱা পৰ্যন্ত। কিন্তু সিমানতে তেওঁৰ ড্ৰাইভাৰ ৰতন সোমাই অহাত…, তেওঁৰ 'সাহস' লেভেলটো, পৰম অনিচ্ছা স্বত্তেও 'মাত্ৰ'(?) "বন্দুক হাতত লোৱা" পৰ্যায়তে ৰৈ যাব লগা হ'ল। ছেহ…!!

: কি হ'ল?
: ছাৰ, মোৰ বাচ্চাটোৰ গা বেয়া।
: মই কি কৰো? ডাক্তৰৰ ওচৰলে নে।
: নিছিলো। ডাক্তৰে দৰৱ কিনিবলৈ দিছে। সেই কাৰণে অলপ টকা লাগে।
: হেই এতিয়া মাহৰ শেষত ক'ত টকা পাবি। তই অইন কৰবাত বিচাৰি চাগৈ।

ইয়াৰ পিচত বহু সময়ৰ লৈকে ৰতনৰ অনুনয়-বিনয় চলি থাকিল। কিন্তু একো লাভ নহ'ল। ৰতন যোৱাৰ পিছত, তেওঁৰ মোলে চাই কবলৈ ধৰিলে,

: …চাল্লা, দুজন 'ইম্পটেন্ট' (মদৰ ৰাগিত 'ইম্পৰ্টেন্ট' শব্দটো তেওঁৰ জীভাই বলেৰে পৰা নাছিল) …মানুহ বহি থাকিলে, সোমাব লাগে নে নালাগে, হাৰামীটোৱে তাকো নাজানে। মদৰ নিচাই ফাটি গ'ল। 'পেগ' ঢালক…॥

উপসংহাৰ: …মাজনিশা লৈকে আমাৰ ২৬ জানুৱাৰী চেলিব্ৰেচন চলি থাকিল। …আৰু আমি দুজন 'ইম্পটেন্ট' (পুৰুষত্বহীন) মানুহে হাজাৰ টকাৰ মদ খাই উৰুৱাই দিলো।

…ৰতনে চাগৈ তেতিয়াও 'পইচা' বিচাৰি হাবাথুৰি খাই ফুৰিছিল।
By: Udoy Senapoti

Wednesday, 15 January 2014

আশীষদা আৰু সেনাপতি দা

বহুদিনৰ আগৰ কথা…
তেতিয় আশীষদা আৰু সেনাপতি দাৰ কোনো চা-চিনাকি নাই !
আশীষদা এটা প্রকাণ্ড বিলডিংৰ মালিক, যিটো বিল্ডিংত সেনাপতি দা আৰু তেওৰ পৰিয়ালে আজি এসপ্তাহৰ পৰাই ৰুম এটা ভাৰা কৰি বসবাস কৰি আছে !
এদিন সেনাপতি দা ৰাতিপুৱাই বিল্ডিংৰ মালিক আশীষদাৰ ওচৰত গৈ ৰিপর্ট দিলেগৈ-
: চাৰ, আপুনাৰ ৰেচিডেঞ্চিৰ ৩নং তলাৰ চতুর্থ ৰুমটো দেখিছে…
: হয়, দেখিছো …
: তাতে এহাল গিৰিয়েক ঘৈনিয়েক থাকে …
: এৰা থাকেতু ! সিহতে আপুনাক কিবা দিষ্টার্ব দিচে নেকি…?
: দিষ্টার্ব মানে…! গোটেই ৰাতি মহিলা গৰাকীয়ে তেওৰ গিৰিয়েকৰ লগত চিঞৰি চিঞৰি কাজিয়া লাগি থাকে !
যাৰ ফলত ওচৰৰ কোনো মানুহ শান্তিত শোব নোৱাৰে, ওচৰৰ সকলোৰে টোপনি ক্ষতি হয় !

পাৰে যদি আপুনি মহিলাক গৰাকীক অলপ বুজাই কবচোন, তেও যেন কেতিয়াও এনেদৰে নিজৰ গিৰিয়েকৰ লগত কাজিয়া লাগি নাথাকে , মনে মনে শুই
থাকে ! মোৰ আপুনালৈ এইটোৱেই অনুৰোধ থাকিল !
আশীষ দাই কিচু সময় চিন্তা কৰি সেনাপতি দাক কলে -
: আপুনি নিশ্চয় সেইটো ৰুমৰ কাষৰ ৰুমটোতে থাকে……?
সেনাপতি দাই তলমুৰ কৰি লাজ লাজ কৈ কলে -
: নহয় ! আচলতে মই…
.
.
.
.
.
.
.
.
.
.
. .
.
.
.
.
.
মহিলাগৰাকীৰ গিৰিয়েক হে …!

Monday, 13 January 2014

মাঘ বিহুৰ নিশাঃ

যোৱা বছৰ মাঘ বিহুৰ নিশাঃ

সন্ধ্যা ঘৰৰ ওচৰৰ মানুহঘৰলৈ গৈছিলো ।ৰাষ্টাতে সৰু সৰু ল'ৰা দুটায়ে চিগাৰেট টানি আছে ।সৰু মানে নৱম মানত পঢ়ি আছে আৰু ।মোক দেখি ভয়তে তাতে চিগাৰেটটো পেলাই দৌৰ দিলে ।মই অলপ ধমক দিলো ,ৰ ৰ ,বাপেৰক লগাই দিম তঁহতৰ কথা ।

চিগাৰেটটো জ্বলিয়ে আছে ।মই উঠাই ললো ।ধেত্‍ তেৰি বেচেৰা কেইটায়ে জ্বলাইছিল হে ।ইফাল সিফালে চাই ময়ো টেষ্ট অলপ কৰো বুলি মুখলৈ নিছোহে মোৰ পিতাই মোৰ মুখৰ আগত ।খা এতিয়া চিগাৰেট ।ভয়তে কঁপি আছো ।কি কৰো এতিয়া ।

মাৰে কাম কৰিব বিছাৰি আছে ,ইয়াত চিগাৰেট টানিব আহিচ ।দিলে পাতচ পাতচ দুপাত ।

চিগাৰেটটো তাতে পেলাই ঘৰলৈ ঘুৰি আহিলোং আউ দেই !
By: Nang Niva Gogoi

Saturday, 21 December 2013

নগেন, ঘৈণীয়েক আৰু নিমখ:

নগেনৰ ঘৈণীয়েকো কম নহয়৷ নগেনক ইটোৰ পিছত সিটোকৈ কাম পাচি থাকে৷
এদিন নগেনৰ ঘৈণীয়েকে মজিয়াত বহি কিবা কাম কৰি আছিল৷ অলপ পাছত, ওচৰতে বহি বাতৰি কাকত পঢ়ি থকা নগেনক ঘৈণীয়েকে ক’লে,

:পাকঘৰৰ পৰা অলপ নিমখ লৈ আনাচোন৷
নগেন উঠি পাকঘৰলৈ গ'ল৷ প্ৰায় দহ মিনিটমান পাছত পাগঘৰৰ পৰা নগেনে চিঞৰি চিঞৰি ক’লে:
:ইয়াত দেখোন ক’তো নিমখ নাই৷

ঘৈণীয়েকেও চিঞৰি চিঞৰি ক’লে,

: মই জানোৱেই তুমি একো বস্তু বিচাৰি নোপোৱা৷
তুমি এটা কামচোৰ৷
এলেহুৱা৷ সোৰোপা৷
তুমি একো কামৰ মানুহ নহয়৷
অন্ধ৷ একো দেখা নোপোৱা৷
তোমাক একো কাম কৰিবলৈ দি লাভ নাই৷
মই জানিছিলোৱেই তুমি বিচাৰি নাপাবা বুলি ৷
সেইকাৰণে মই নিজে আগতেই নিমখৰ বাচনটো লৈ আনি থৈছো৷

নগেন অবাক৷
(সংগ্ৰহ)

ইন্দিয়ান ক্ৰিকেটৰ অধিনায়ক

বহু দিনৰ আগৰ কথা ।
ইন্দিয়ান ক্ৰিকেটৰ অধিনায়ক আমাৰ আশীষদা ।
আৰু সহ: অধি: সেনাপতি দা ।

কোছ ইন্দিয়াৰ জন ৰাইট, অষ্টেলীয়াৰ জন বুকানন ।

ফাইনেল খেল ।

তামাম ৰোমাঞ্চকৰ ।

অৱশেষত সকলোৰে আশাত চেঁচা পানী ঢালি অষ্টেলীয়াৰ জয় ।

আমাৰ 'জন' খঙত তিঙিৰিতুলা ।

তথাপিও শান্ত মগজেৰে বুকাননক সুধিলে - তোমালোকৰ সাফল্যৰ ৰাজ কি ?
বুকাননে ৰিকিক মাতি ৰাইটৰ সন্মুখতে সুধিলে কোৱাচোন তোমাৰ দেওতাৰাৰ ভায়েকৰ ভতিজা কোন?
ৰিকি- কিয় চাৰ মই আক'।
বুকানন- ok তুমি যোৱা ।
পাছত ৰাইটলৈ চাই গৰ্বেৰে কলে দেখিলা এজন ষ্মাৰ্ট কেপ্টেইন।

লাজ লাজ কৈ ৰাইট আহি আশীষ দাক সুধিলে কোৱাচোন তোমাৰ দেওতাৰাৰ ভায়েকৰ ভতিজা কোন?

আশীষদা থতমত খাই কলে চাৰ ওত্তৰটো এতিয়াই লাগিব ?
ৰাইট- হ'ব যোৱা (খঙেৰে)।
দাদাই লগে লগে সেনাপতি দাক গৈ প্ৰশ্নটো সুধিলে ।

সেনাপতি দাই ৰিকিৰ ষ্টাইলতে কলে 'মই'

আশীষ দাই দৌৰি আহি চাৰক কলেহি চাৰ ওত্তৰটো পালো ।


মোৰ দেওতাৰাৰ ভায়েকৰ ভতিজা সেনাপতি ।

ৰাইট- খঙত অগ্নিশৰ্মা হৈ তাকো নাজানা কেপ্টেইন হব আহিছা ।

তোমাৰ দেওতাৰাৰ ভায়েকৰ ভতিজা হ'ল ৰিকি পন্টিং। গৰ্বেৰে ৰাইটে কলে ।

Monday, 16 December 2013

আকৌ উদয় সংবাদ:


উদয় দা এদিন দৰ্জীৰ ওচৰলৈ গৈ সুধিলে...
“পেণ্টৰ চিলনী কিমান..? ”
.
.
.
দৰ্জী: “২০০ টকা ”
.
.
.
তেতিয়া উদয় দাই সুধিলে, “আণ্ডাৰপেণ্টৰ চিলনী...? ”
.
.
.
.
দৰ্জী: “৪৫ টকা ”
.
.
.
.
দাম কেইটা শুনি উদয় দাই কিছু পৰ ইফালে সিফালে চাই কিবা এটা চিন্তা কৰিলে আৰু দৰ্জীক ক’লে...
.
.
.
.
.
“তেতিয়া হ’লে আণ্ডাৰপেণ্ট এটাকে চিলাই দিয়ক, কেৱল দীঘলটো ভৰিত পৰাকৈ চিলাব..... ”

# কৃষ্ণ #
by: Hemanta Hazarika

উদয় সংবাদ:ডাক -টিকত এটাও আনি দিয়ক...

সেই যে ‘অভিজাত ’ বিয়াখন খাইছিল... উদয় দা আৰু আশীস দাই...

তাৰ পিছদিনা উদয় দা বিছনাত... হস্পিতেলৰ...

হাত শুকোৱাবই পৰা নাই...

ৰাতিলৈ অলপ অহা -যোৱা কমাত নাৰ্চে কিবা অলপ খাবলৈ দিলেহি...

খানা দেখি উদয় দা ফিউজ্... নাৰ্চক ক’লে,
“এইয়া কি হে ..! এচামুচ দালি, এচামুচ ভাজি.. আৰু ৰুটিখন ৰুটি নহয় যেন এটকীয়া কইন্ এটাহে... ”

নাৰ্চৰ গহীন উত্তৰ, “ডাক্তৰে এনেকৈয়ে দিবলৈ কৈছে...! ”

দুই মিনিটমান ইফালে- সিফালে চাই উদয় দাই নাৰ্চক ক’লে,

“তেতিয়া হ’লে ডাক -টিকত এটাও আনি দিয়ক... ”

নাৰ্চে সুধিলে, “আপুনি আকৌ ডাক -টিকতটোৰে কি কৰিব..! ”

আমাৰ উদয় দাই কি ক’লে জানে...
.
.
.
.
.
.
.
.
.

“কিয়, এইখিনি খাই মুখ মচিবলৈ নেপকিন এখনো নিবিচাৰিম নেকি...! ”
by: Hemanta Hazarika

Saturday, 30 November 2013

আশিষ দা আৰু ৰামায়ণ


আমাৰ আশিষ দা অধিবক্তা পঢ়ি থকা সময়ৰ কথা । উদয় দাই কেচ এটা আনিছে সমাধান কৰিব লাগে ।

ৰামায়ণৰ সীতাক ৰাৱনে হৰণ কৰা নাছিল, সীতা নিজে গৈছিল।
আশিষ দা ৰামায়ণ পঢ়া আৰম্ভ কৰি দিলে । আৰু আইন ৰ কিতাপ আৰু এটা সমাধান দিলে

-“মায়াবী সোণৰ হৰিণা ধৰিবলৈ ৰামে পহু ৰূপী মায়াবী ৰাক্ষস মাৰীচক খেদি গৈছিল। বহুদুৰ গৈয়ো যেতিয়া ৰামে হৰিণ ধৰিব পৰা নাছিল তেতিয়া উপায়ন্তৰ হৈ ৰামে হৰিণক উদ্দেশ্যি শৰ মাৰিছিল। মৰাৰ আগেয়ে মাৰীচে ৰামৰ মাতেৰে কাতৰ স্বৰেৰে ‘ভাই লক্ষ্ণণ। ৰাক্ষসে মোক মাৰিলে, তুমি তৎক্ষণাৎ আহি মোক ৰক্ষা কৰা বুলি চিঞৰিলে। সীতাৰ ৰখিয়াৰ দায়িত্বত থকা লক্ষ্ণণক সীতাই স্বামীক ৰক্ষা কৰিবলৈ পঠাই দিছিল | তেতিয়াই ৰাৱণে ব্ৰাহ্মণৰ বেশ ধৰি সীতাক হৰণ কৰি লৈ গৈছিল।”

-“সেই কথা সকলোৱে জানে কিন্তু সীতা দেৱীয়ে জনক ৰজাৰ ঘৰত থকা প্ৰকাণ্ড হৰধণুখন বাওঁহাতেৰে দাঙি সোঁহাতেৰে ঘৰ মচি আনিছিল। আচলতে জানকী মানৱী নহয়, দেৱী লক্ষ্ণী আছিল। তেওঁৰ ক্ষমতাৰ তুলনা নাই, তেওঁ মহাশক্তিশালিনী দেৱী। গতিকে মহাদেৱৰ সেই ধনুখন দাঙি ধনুৰ তলৰ ঠাইখিনি মচি অনা মিছা নহয়।”

জানকী সীতাই যিখন হৰধনু বাওঁ হাতেৰে দাঙি ধৰি অনায়াসে সদায় ধনুৰ তলৰ ঠাইখিনি মচিছিল সেইখন ধনু সয়ম্বৰ
সভালৈ আনোতে প্ৰকাণ্ড আঠটি চকাযুক্ত গাড়ীত উঠাই শতাধিক মানুহে ঠেলি ঠেলি আনিছিল। দেৱী সীতাই অনায়াসে বাওঁহাতেৰে দাঙিব পৰা ধনুখন ৰাজসভালৈ আনোতে যিদৰে আনিছিল তাৰপৰা বুজাযায় সেইখন এখন প্ৰকাণ্ড ধনু
আছিল। দেৱী জানকীৰ সয়ম্বৰ সভালৈ পৃথিৱীৰ বিভিন্ন ঠাইৰ প্ৰতাপী-মহাপ্ৰতাপী বহু ৰজা- ৰাজকুমাৰৰ আগমণ ঘটীছিল। তাৰ মাজত লংকাধিপতি ৰাৱণো আছিল। সেই ৰাৱণে কিন্তু হৰধনুখন ধনু ৰখা ঠাইৰপৰা চাৰি আঙুল ওপৰলৈও তুলিব পৰা নাছিল। 

তাৰ পৰা বুজা যায় যে তেওঁৰ শক্তি দেৱী জানকীতকৈ বহুগুণে কম আছিল। 

তেন্তে আপোনালোকে কওকচোন সেইজনী দেৱী জানকীক ৰাৱণে বনৰ মাজত হাতৰ ধৰি হৰণ কৰাৰ শক্তি আছে বুলি কেনেকৈ বিশ্বাস হয় ? মই ভাবো জানকীয়ে ইচ্ছা কৰিয়ে ৰাৱণৰ লগত গুচি গৈছিল। কাৰণ শক্তিৰে ৰাৱণে জানকীক
কেতিয়াও বলে নোৱাৰিলেহেঁতে।”

আদালতৰ ওচৰত আশিষ দাৰ সেই যুক্তি খণ্ডন কৰিবলৈ একো উত্তৰ নাছিল । যুক্তি শুনি আদালতে “হায় মা জানকী” বুলি আশিষ দাৰ হকে ৰাই দিলে।

সম্পূৰ্ণ ধাৰ কৰা।


By: Bitupon Saikia

Friday, 29 November 2013

মহাপ্রতাপী ৰজা মহাৰাজ উদয়

আজিৰ পৰা প্রায় ৮০০ বছৰমান আগৰ ঘটনা । অসমৰ উত্তৰ -পশ্চিম প্রান্তত ৰাজত্ব কৰিছিল এজন মহাপ্রতাপী ৰজা মহাৰাজ উদয় । তেওঁৰ উদাৰ , ধার্মিক , নির্ভীক প্রকৃতিৰ আছিল । তেখেতক সুখে দুখে সংগ দিছিল তেখেতৰ অতি ৰূপৱতী , অতিকে মোহনীয় পত্নী মহাৰানী "দর্শনাই " ।

হঠাতে এবাৰ ৰাজ্যত বহুতো বিদ্রোহী সংগঠনৰ আবির্ভাব হল আৰু ৰজাৰ বিৰুদ্ধে মহাযুদ্ধ ঘোষনা কৰিলে । প্রজা হিতঁৰ বাবে মহাৰাজেও সিদ্ধান্ত লৈ সৈন্য -সামন্ত ,হাতী -ঘোৰা লৈ যুদ্ধলৈ যাব ওলাল আৰু যোৱাৰ আগত তেওঁৰ অতিকে মৰমৰ পত্নী দর্শনাক সকলো সা সুবিধা প্রদান কৰি অট্টালিকা এটাত ডাঙৰ তলা এটা লগাই আবদ্ধ কৰি থলে আৰু আটাইতকে বিশ্বাসী প্রিয় বন্ধু আশীশক মাতি আনি কলে " হে প্রিয়বন্ধু , তোমাক এই চাবিপাত অর্পন কৰিলো যদি মই তিনিদিনত ঘূৰি নাহো তেন্তে যুদ্ধত মোৰ মৃত্যু হোৱা বুলি ভাবিবা আৰু চতুর্থদিনা তুমি চাবিপাতেৰে অট্টালিকাৰ তলাতো খুলি মহাৰানীক চিৰদিনৰ বাবে তোমাৰ নিজৰ কৰি লবা , এয়াই মোৰ শেষ সিদ্ধান্ত ।। "
দুখমনে আশীষে চাবিপাট গ্রহণ কৰিলে ।।

মহাৰাজ উদয়ক তিলক লগাই জয়গান গাই , ঢোল পেপা বজাই সৈন্য সামন্তৰে যুদ্ধলৈ বুলি বিদায় দিলে ।

ৰাজপাতাকা উৰুৱাই , হাতী ঘোৰা দৌৰাই মহাৰাজ উদয় আগবাঢ়িব ধৰিলে ।

প্রায় এঘন্টামান আহি আঠ - ন মাইলমান যোৱাৰ পাছত পিছৰ পৰা ধুলি বালি উৰুৱাই এজন তীব্রবেগী অশ্বাৰোহী তেওঁলোকৰ পিনে অহা দেখা পালে ! মহাৰাজে সকলোকে সতর্ক কৰিলে । কিন্তু ওচৰ পোৱাত অশ্বাৰোহীজন দেখি সকলো আচৰিত কাৰন তেওঁ আছিল আশীষ ।

মহাৰাজে সুধিলে " প্রিয়বন্ধু কি হল তুমি এনেকে আকস্মাত বলিয়াৰ দৰে পর্দাপন কৰিলাযে , একো অমংগল হোৱা নাইতো ? "

আশীষে ফোফাই জোফাই উত্তৰ দিলে

" ক্ষমা কৰিব মহাৰাজ , সকলো কুশলেই আছে কিন্তু আপুনি মোক এপাত ভুল চাবি দি আহিছে " !!




By: Shyamal K Bhattacharjee

Sunday, 3 November 2013

ভাত কিহেৰে খালা?

প্ৰেমিক: আজি ভাত কিহেৰে খালা?

 প্ৰেমিকা: (খং-এৰে) তোমাৰ সদায় এইবোৰেই সাধাৰণ প্ৰশ্ন…!


 প্ৰেমিক: আচ্ছা ঠিক আছে বাৰু, কোৱাচোন তেন্তে…,

আন্তৰ্জাতিক বজাৰ অৰ্থনীতিৰ পৰিপ্ৰেক্ষিতত,
ভাৰতীয় ৰিজাৰ্ভ বেংকে ক্ৰমহ্ৰাসমান ভাৰতীয় 'টকা'ৰ মূল্য নিয়ন্ত্ৰণত ৰখাৰ উদ্দেশ্য,
কেনে ধৰণৰ ব্যৱহাৰিক নীতি আৰু পদক্ষেপ গ্ৰহণ কৰা উচিত…?


 . . . প্ৰেমিকা: … . . . . . . . . . . . . .



"ভাতৰ লগত, 'কচু শাক' খালো…!" বিলাহী মাছ দি


 ණ Udoy Senapoti

নলেগলে লগা বন্ধু

চনঃ১৯৭৫,

 এখন গাঁৱৰ দুজন নলেগলে লগা বন্ধুৰ কাহিনী।

 এজন আনজনতকৈ অলপ বেছি ধূর্ত।

এদিনৰ কথাঃ

 দুয়োজনে একেলগে এটা কঁঠাল খাই আছিল।

 ১ম বন্ধু(নামউদয়):হেৰি নহয় বন্ধু তোৰ দেউতা কেনেকৈ ঢুকাল অলপ বুজাই ক'চোন।

২য় বন্ধু(নাম আশীষ):কিনো ক'বি আৰু বন্ধু বৰ দীঘলীয়া কাহিনী।
দেউতাৰ গেষ্ট্রিক আছিল।
অলপ দিনৰ পিছতে সিয়ে আলচাৰ হ'ল।
তাৰপিছত হস্পিটেলত অপাৰেচন হ'ল।তাৰপৰা আকৌ..................................

(সমূহ ঘটনা বিৱৰি ক'লে)।
 কৈ শেষ হোৱাৰ পিছত দেখিলে যে সিজনে কঁঠাল বেছিখিনি খাই শেষ কৰিলে।
এইবাৰ তেওঁ সিজনক একেটা প্রশ্ন কৰিলে।

 সিজনে(উদয়) একে উশাহতে ক'লে: . . . . . . .



বেমাৰ একো নাছিল,এদিন পৰিল আৰু তেতিয়াই লগে লগে মৰিল।


By: Ripunjoy Chetia

Sunday, 27 October 2013

উদয়াশীষ ৰগৰ : মোৰ হালধীয়া ৰঙৰ পেন্টটো

ভাৰত-পাকিস্তানৰ যুদ্ধৰ সময়ৰ কথা।

 আমাৰ আশীষদা আৰু উদয়দা তেতিয়া সেনাবাহিনীত।
 দুয়োৰে একেবাৰে দেশৰবাবে প্রাণ দিবপৰা মনোভাৱ। এদিনৰ কথা।

 উদয়দা: 'মজুমদাৰ শত্রুৱে আমাক আক্রমন কৰিবলৈ আহিছে।'

আশীষদা: 'মোৰ ৰঙা ৰঙৰ চার্টটো আনা, সেইটো পিন্ধি মই যুদ্ধলৈ যাম।'

 শত্রুবোৰ আঁতৰি যোৱাৰ পিছত-উদয়দা: 'মজুমদাৰ, যুদ্ধলৈ যাওঁতে আপুনি ৰঙা চার্টটো কিয় পিন্ধিছিল?' 

আশীষদা: (হাঁহি) 'কাৰণ যুদ্ধত যদি মোৰ শৰীৰত কেনেবাকৈ গুলি লাগে মোৰ তেজ যাতে মোৰ চার্টৰ ৰঙৰ লগত মিলি যায় আৰু বাকী সৈন্যসকল নিৰুত্‍সাহী নহয়।'

 আশীষদাৰ এনে মনোভাৱত উদয়দাৰ বুকু ফুলি উঠিল।

 কেইদিনমানৰ পিছৰ কথা।

 উদয়দা উধাতুখাই আহি- উদয়দা: 'মজুমদাৰ, শত্রুৱে এহেজাৰখন টেঙ্কলৈ আমাক আকৌ আক্রমন কৰিছে।'

আশীষদা: (আচৰিত হৈ) কি... এহেজাৰখন টেঙ্ক।।


 মোৰ হালধীয়া ৰঙৰ পেন্টটো লৈ আঁহা। মই সেইটো পিন্ধি আজি যুদ্ধলৈ যাম।' 

 আশীষদাৰ কথাত এইবাৰ উদয়দা আচৰিত।

By: Pankaj Bharali

এই পৃথিবীত সবাতোকৈ ডাঙৰ কোন ?

এবাৰ আমাৰ সেনাপতি দা একদম ফিটিং হৈ ঘৰলৈ আহি আছিল ।
 আহি থকা ৰাস্তাতে মন্দিৰ এটা দেখি হাত দুখন পূৰা ওপৰ ফালে কৰি এবাৰ প্রণাম জনালে আৰু দেখিলে যে মন্দিৰৰ বাহিৰত পূজাৰী এজন ৰৈ আছে !

 তেওঁ পূজাৰী জনৰ ওচৰলৈ গ'ল আৰু সুধিলে - "কওঁকচোন প্রভূ এই পৃথিবীত সবাতোকৈ ডাঙৰ কোন ?"
 পূজাৰী - "সবাতোকৈ ডাঙৰ মন্দিৰ বাচা !"
 সেনাপতি দা- "যদি মন্দিৰেই সবাতোকৈ ডাঙৰ তেনে ই পৃথিবীৰ ওপৰত কেনেকৈ থিয় হৈ আছে ?"
 পুজাৰী-"পৃথিবী ডাঙৰ !"
 সেনাপতি দা-"যদি পৃথিবীয়েই সবাতোকৈ ডাঙৰ তেনে ই কালনাগৰ ওপৰত কেনেকৈ ঠিয় হৈ আছে ?"
 পূজাৰী -"কালনাগ ডাঙৰ!"
 সেনাপতি দা -"কালনাগেই যদি সবাতোকৈ ডাঙৰ তেনে ই শিৱৰ গলত কেনেকৈ মেৰ খাই আছে ?"
 পূজাৰী - "শিৱ ডাঙৰ !" 
সেনাপতি দা- "শিৱই যদি সবাতোকৈ ডাঙৰ তেনে তেওঁ পর্বতৰ ওপৰত কেনেকৈ বহি আছে ! " 
পূজাৰী-"পর্বত ডাঙৰ !"
 সেনাপতি দা-"পর্বতেই যদি সবাতোকৈ ডাঙৰ তেনে ই হনুমানৰ আঙুলিৰ ওপৰত কেনেকৈ ঠিয় হৈ আছিল ?"
 পুজাৰী- "হনুমান ডাঙৰ !"
 সেনাপতি দা-"হনুমানেই যদি সবাতোকৈ ডাঙৰ ৰামৰ চৰণত কিয় পৰিছিল ?".......
 পূজাৰী-"হে হৰি, মোৰ দেউতা ঈশ্বৰ তুমিয়েই কোৱাচোন এই পৃথিবীত সবাতোকৈ ডাঙৰ কোন ?" . . .


 সেনাপতি দা- "আব্বে এই পৃথিবীত তেওঁৱেই ডাঙৰ বে, যি পূৰা বটল খাই কতো নিহিলাকে নিজৰ জিভাৰ ওপৰত ঠিয় হৈ থাকিব পাৰে !!!".........

By: Nâvâ Kríshñá DéKá