Wednesday, 30 November 2016

এনেকুৱাও হয়!

ষষ্ঠশ্ৰেণীৰ ছোৱালী এজনী প্ৰায় পাঁচদিন মান ধৰি অনুপস্থিত। পঢ়া-শুনাত আগ্ৰহী ছোৱালী তাই। স্কুল খতি নকৰেই। কি বা হ'ল!?
 লগৰখিনিক সুধিলো,"ৰীতাৰ কি হ'ল অ'? স্কুললৈ অহা নাইযে তাই? দৰ্খাস্তও দিয়া নাই। খবৰ পোৱানে কিবা?"
নলে-গলে লগা বান্ধৱী নিকিতা বোলাজনী থিয় হৈ টপ্ কৈ উত্তৰ দিলে, "বাইদেউ, ওৱাৰ কেঁচুৱা হৈছে। বহুত পেট দৰদ্ আছিল। হস্পিতেলত বন্ধ কৰিছে। মোক দৰ্খাস্ত লৈ আহিব কৈছিল, কিন্তু ডাক্তাৰবাবুৰ চহীটা নাই মিলিল, কাইলে' আনিম।"
শুনি থতমত্ খালো! হে হৰি! কেনে কথা এয়া!? কেইদিনমানৰ আগলৈকে স্কুলত ঢপলিয়াই ফুৰা সেই পেন্দুকনাজনী মাক হ'ল?? কি হ'ব এতিয়া তাইৰ!?
চিন্তা কৰি মূৰটো ঘূৰাই আহিল। শ্ৰেণীটোৰ চাৰিওফালে চকু ফুৰাই দেখিলো মোৰলগতে আৰু দুযোৰ কৌতুহলী আৰু চিন্তিত চকু। বাকীসকলৰ 'কিনো ডাঙৰ কথাটো হ'ল!?' যেন ভাৱ।
"বাইদেউ, দেওবাৰে এৰিব হস্পিতেলৰ পৰা। চ'মবাৰচে আহিব স্কুল।" নিকিতাই আকৌ ক'লে।
তিনিযোৰ অবাক চকুৰ চেলাউৰি থুপ খালে আকৌ একেলগে...."আৰু কেঁচুৱাটো!?""ডাক্তাৰবাবুৱে দৰৱ দি কেঁচুৱাটা মৰাই দিলে ত'। আমি চাব গৈছিলোঁ হস্পিতেলত।
ডাক্তাৰবাবুৱে আমাক ভী খাব দিলেকেঁচুৱা মৰা দাৱাই।"
"তাৰমানে!???" আমি তিনিওটাই চিঞৰিলো।
প্ৰথম শাৰীত বহি মিচিক মিচিক হাঁহি থকা অলপ বুজন ল'ৰাটোৱে থেৰো-গেঁৰোকৈ থিয় হৈ লাহেকৈ ক'লে, "বাইদেউ, ৰীতাৰ পেলু হৈছে। পেলুক আমাৰ ভাষাত কেঁচুৱা বুলি কওঁ।"

মুহূৰ্তৰ আগলৈকে কৌতুহল আৰু চিন্তাত থূপ খাই থকা আমাৰ তিনিযোৰ চকু হাঁহিত টল্ মল্!

আৰু শ্ৰেণীটোৰ বাকীসকলৰ অবাক চাৱনি 'এতনা বুৰ্বক্ লাগে এ' বাইদেউটা! এইটা ভী নাই জানেলা!!'

 ( ৰূপাঞ্জলী চেতিয়া)