Wednesday, 6 December 2017

হেলমেট



কামৰ পৰা উভতি আহোঁতে মাজে মাজে লগৰ বন্ধুৰ সংগত পৰি ৰঙা এটুপি খাব লগা হয়।
তাকে লৈ ঘৰত সদায় য়ে অশান্তি।
ৰাতি সদায় মদক লৈ য়ে পত্নী লগত যুজঁ।

ৰাতিপুৱা মুখ খন ধুই চাহ কাপ খাব লওঁতে পত্নীয়ে কলে,


" হেৰী আপুনি শপত খাই কওঁক যে আজিৰ পৰা মদ আপুনি মুখত নলয়।"

কথাবোৰ অলপ ভাৱি চাই দেখিলো কথা টো মিছা নহয়,মদৰ বাবেই ঘৰত সদায় কাজিয়া হয়।
সেই বাবে পত্নীক কলো,

"ঠিক আছে ,তোমাৰ শপত খাই কৈছোঁ আজিৰ পৰা মদ আৰু কেতিয়াও মুখত নিদিওঁ।"

৯ বজাত কৰ্মৰ বাবে অফিচলৈ বুলি ওলালোঁ।
অফিচত গৈ গম পালোঁ লগৰে কৰ্মচাৰী এজনৰ আজি জন্মদিন।
সেয়ে তেওঁ সৰু কৈ পাৰ্টি এটা দিছে।
মোকো তালৈ নিমন্ত্ৰণ দিছে।
নগলে বেয়া পাব বুলি লগৰ বোৰৰ লগত গলো।

পাৰ্টি চলি আছে।
পাৰ্টি মানে জানিছেই চাগে,
মাংসৰ লগতে ৰঙা বিধ।
পত্নীৰ ৰাতিপুৱা কথাবোৰ মনত পৰিলত বন্ধুকেইজনক মই সেই বিধ নাখাও বুলি য়ে কলো।
হলে কি হব সিহঁতে বৰকৈ জোৰ কৰাত বাধ্যত পৰি খাব লগা হ'ল।

ইফালে ৰাতিও হ'ল।
নিচা টো অলপ বাঢ়িব ধৰিলে।
কি কৰা যায়, এনেকৈ গলে পত্নী য়ে গোন্ধ পাই গম পাব পাৰে।
গোন্ধ নাপাবলৈ সেয়ে ৰজনীগন্ধা পা লং ইলাচী লৈকে অলপ খাই ঘৰলৈ বুলি বাইকখনত উঠিলোঁ।
যেনেতেনে বাইকখন চলাই ঘৰ পালোঁ।
লাহেকৈ বাইকখন ৰখাই ভিতৰলৈ গলো।
ভিতৰলৈ যাওঁতে দৰ্জা খন বৰ ওখ যেন লাগিল।

পত্নী য়ে টিভিত কিবা চাই থকা যেন লাগিল।
ময়ো একো নকৈ তাই গম পাই বুলি ডাইৰেক্ট বিচনালৈকে গলো।পত্নী য়ে গম পাই বুলি শুই দিলোঁ।

অলপ পৰ শোৱাৰ পিছত কোনোবাই মোৰ মূৰটো টানি থকা যেন লাগিল।
মই যিমানেই মূৰটো চুবলৈ যাওঁ সিমানেই যেন কিহবাই মূৰটো টানি নিছে।
মনলৈ ভূতৰ ভয় ভাৱ এটাত চিঞঁৰি দিলোঁ,

" হেৰা এইফালে আহা। কিহবাই মোৰ মূৰটো টানি টানি নিছে।
তুমি বিশ্বাস কৰা আজি মই তোমাৰ শপত খোৱাৰ পৰা মদ মুখত দিয়া নাই।"

তেনেকুৱাতে পত্নী য়ে মুখত পানী এছাটি মাৰি কলে,

" মদাহী,আপোনাৰ মূৰটো ভূতে টনা নাই।
ৰাতি শু তেওঁ যে এই হেলমেট ডাল পিন্ধি লৈছে সেই ডাল হে মই খুলিছোঁ।
আজিও যে মদ খাই আহিছে মই আপুনি আহোঁতেই গম পালোঁ,যেতিয়া আপুনি খুলি থোৱা দৰ্জা খনে নাহি ধানৰ বস্তা বোৰ বগাই খিৰিকীৰে পাৰ হৈছিল।

আচল মজা কাইলৈ উলিয়াইছোঁ ৰব।"

পত্নী কথা শুনি হে মোৰ হুঁচ আহিল।
তাৰ মানে আজিও পত্নী য়ে মই খাই অহা.......................….....….............!

Monday, 4 December 2017

ৰূপক ৰূপহী

ৰূপক বজাৰলৈ বুলি ওলাইছে! তেনেতে তাৰ ভন্টি ৰূপহীয়ে মাত লগালে, ঐ দাদা, ক'লৈ যাও?
-- বজাৰ যাম, কিয় সুধিলি?
-- উভতি আহোঁতে মোলৈ এখন গল্পৰ কিতাপ আনিবি।
-- ঠিক আছে আনিম, টকা দে!
-- টকা দে মানে? তোৰ টকা দি কিনি আনিবি, পাছত দি দিম।
-- বুজিলো! তই কিমান দিবি জনা আছে। বাকীৰ বহীততো কম টকা জমা হোৱা নাই।
উত্তৰ শুনি ৰূপহীয়ে খং কৰি গুচি গ'ল। ৰূপকে ভাবিলে, কোনোমতে ৰক্ষা! অন্ততঃ দুই-তিনিশ টকা বাচিল। সদায় কিতাপ আনি দিওঁ, কিন্তু এপইচা ও নিদিয়ে।
ৰাতি ৯ টা বজাত ৰূপক ঘৰলৈ আহিল। বজাৰৰ পৰা অহাৰ লগে-লগে সদায় তাৰ একমাত্ৰ ভন্টি ৰূপহীয়ে পানীৰ ঘটি লৈ দৌৰি আহে, কিন্তু আজি তাই নাহিল। ৰূপকে চিঞৰি চিঞৰি মাতিলে, তথাপিও তাইৰ কোনো খবৰ নাই। অৱশেষত সি তাৰ ৫ বছৰীয়া ভতিজাটোক ক'লে, বাবু যোৱাচোন আন্টিক মাতি লৈ আহা।
সি ক'লে, মই নোৱালিম, নিদে গৈ মাতি লৈ আহা।
ৰূপকে ভোৰভোৰালে "অত্তেৰী... সাংঘাতিক কথা হৈ গ'ল দেখোন। চাবা বাবু আজি তোমাৰ আন্টিক বহুত মাৰিম।"
এইবাৰ সি বহুত আনন্দিত হৈ চিঞৰিছে, আন্টি.......! আন্তুলে আদি তোমাক বহুত মাল দিব। মাতি আতে তোমাক।
ৰূপহী সোমাই আহিল। ৰূপহী অহা দেখি তাইক মাৰ দিবলৈ প্ৰিপেয়াৰেচন লবলৈ আৰম্ভ কৰিলে ৰূপকৰ ৫ বছৰীয়া ভতিজাটোৱে।
সি তাৰ ভন্টিক ক'লে, কি ৰে... আজি পানী লৈ নাহিলি?
ৰূপহীয়ে কান্দো কান্দো সুৰেৰে ক'লে, এহহহহ! মই তোৰ বিচনা পাৰি দিওঁ, ৰুম চাফা কৰি দিওঁ, কাপোৰ ধুই দিওঁ! আৰু মই কিতাপ আনিব ক'লে আনি নিদিয়! এতিয়া আকৌ পানী কিয় বিচাৰিছ?
ৰূপকে বেগটোৰ পৰা দুখন চকমকিয়া গল্পৰ কিতাপ ওলালে। গল্পৰ কিতাপ দেখি ৰূপহীয়ে এনেকৈ হাঁহিলে যে ৰূপকে ভন্টিৰ হাঁহি দেখি একমুহূৰ্তৰ কাৰণে গোটেই পৃথিৱীখনৰ কথা পাহৰি গ'ল, তাৰ দুচকুৱেদি আনন্দৰ চকুপানী ওলাই আহিল। এনেকুৱা হাঁহিৰ কাৰণে সি যেন সীমান্তৰ যুদ্ধত যাবলৈ সাজু। কিতাপ হাতত লৈ ৰূপহীয়ে ক'লে, পানী গৰম কৰি থৈছোঁ, ৰ' লৈ আহিছোঁ।
তাই গুচি যোৱাৰ পিছত ভতিজাই সুধিলে, আন্তুল, তুমি আন্তিক নামালিলা কিয়? তুমি ধলিলেইতো মই মাল আলম্ভ কলি দিলো হয়। ৰূপক হাঁহি হাঁহি বিচনাৰ ওপৰত শুই পৰিল! ইফালে সৰু ভতিজাটোৱে তাৰ পিঠিত বহি মনৰ তৃপ্তি মিটাই ধুমদাম ঔ কিল দিছে।
.
জীৱন সুন্দৰ। বহুত বেছি সুন্দৰ। বিশেষকৈ যাৰ ঘৰত ৰূপহীৰ দৰে ভন্টি আৰু ৰূপকৰ দৰে দাদা আছে।
.
By: ছাবিৰ লাভলী আহমেদ

অসমীয়া কৌতুক


Wednesday, 29 November 2017

|| উৰাজাহাজত কলিং বেল ||

এবাৰ এখন উৰাজাহাজত এটা ভাটৌ আৰু নগেনে কেইবাজনো যাত্ৰী সহ যাত্ৰা কৰি আছিল ।

কিছুদূৰ যোৱাৰ পিছত ভাটৌটোৱে কলিং বেলৰ চুইচ টিপি দিলে । লগে লগে এয়াৰ হোষ্টেচ আহি ,,,

মই আপোনাক সহায় কৰিব পাৰোঁনে ,,,?

ভাটৌ :- নাই নহয় । এনে অলপ মজা লৈ আছিলোঁ ।

অলপ পিছতে ভাটৌটোৱে আকৌ আগৰ দৰেই চুইচ টিপি দিলে । এয়াৰ হোষ্টেচে আহি ঠিক আগৰ দৰেই সূধিলে :- মই আপোনাক সহায় কৰিব পাৰোঁনে ,,,?

ভাটৌ :- নাই ,,,! নহয় । এনে অলপ মজা লৈ আছোঁ ।

এইবাৰ নগেনে ভাবিলে, চাল্লা এটা ভাটৌ চৰাইয়ে যদি এয়াৰ হোষ্টেচৰ লগত চেনি খাব পাৰে তেন্তে মই কিয় খাব নোৱাৰিম ।
শেষত ভবামতেই কাম । নগেনে চুইচ টিপি দিলে । এয়াৰ হোষ্টেচে আহি যেতিয়া সোধে তেতিয়া কয় যে এনে অলপ মজা লৈ আছোঁ । এনেদৰে যেতিয়া তিনি চাৰিবাৰ এয়াৰহোষ্টেচ জনীক বিৰক্তি কৰিলে তেতিয়া এয়াৰ হোষ্টেচে গৈ পাইলটক এই বিষয়টো অৱগত কৰিলে । পাইলটে ক'লে - আগতে যি কৰিলে কৰিলে আৰু । যদি নতুনকৈ কোনোৱে এনেকুৱা কৰে তেন্তে দুয়োটাকে ফ্লাইটৰ পৰা দলিয়াই পেলাই দিলেই হ'ল ।
এনেতে নগেনে আৰু এবাৰ চুইচ টিপি দিলে । এয়াৰ হোষ্টেচে আহি দুয়োটাকে ফ্লাইটৰ পৰা দলিয়াই পেলাই দিলে ।

ভাটৌ টোৱে উৰি আছে আৰু নগেনক কৈ আছে :- মই তো উৰিব পাৰোঁ । তুমি উৰিব পাৰানে ,,,?

নগেন :- মই মানুহ দেখোন । মই কিবা তহঁতৰ দৰে প্ৰাণী নেকি যে উৰিব পাৰিম ,,,?

ভাটৌ :- তেতিয়াহ'লে মানুহ হৈ মোৰ দৰে জন্তুৰ ব্যৱহাৰ তই কিয় কৰিলি হা ,,,? ইমান সময় তই এয়াৰ হোষ্টেচৰ লগত মজা লৈ আছিলি ন' ,,,? এতিয়া এয়াৰ হোষ্টেচে তোৰ মজা লৈ আছে বাপ্পেকে ,,,!!!

||মাঁকৰ ঘৰ||

By: Rumi B Das

বিৰেনৰ বিয়া হোৱা এবছৰ হল।তাৰ ঘৈনীয়েক এবছৰৰ পিচত গৈছে মাঁকৰ ঘৰলৈ।বিৰেনে ঘৈনীয়েকক আনিবলৈ বুলি গৈছে শহুৰৰ ঘৰলৈ।লগত তাৰ বন্ধু এজনো গৈছে।সি যাওঁতেই বন্ধু জনক কৈ থৈছে "অই, মই শহুৰৰ ঘৰলৈ প্ৰথম যাম।আমাৰ খাতিৰ-বাতিৰ বহুত হব।তই কিন্তু পাগল হৈ নেযাবি, অলপ বাহাদুৰি মাৰি থাকিবি।"
দুয়োজন পালেগৈ শহুৰৰ ঘৰ।ঘৰৰ দৰ্জা বন্ধ।কলিং বেল মৰাৰ পিচত বহু দেৰিকৈ ওলাই আহিল কলেজত পঢ়ি থকা খূলশালী জনী।
"অ ভিনদেউ, আহক আহক।ঘৰৰ সকলো বোৰ শুই আছিলো, ভাত-পানী খায়।"বিৰেন "মই আহিম বুলি খবৰ দিছিলোৱেই দেখোন।"
খূলশালী "অঅ, হয় নেকি ! বাইদেউৱে কবলৈ পাহৰিলে ছাগৈ।"
দুয়োজন বহিল ঘৰৰ ভিতৰত।বহু দেৰিকৈ ওলাই আহিল শাহুৱেক।
"অ জোঁৱাই দেখোন।এই জনীক নিব
লৈ আহিলা ছাগৈ।আজিয়েই যাবাগৈ নে থাকিবা !"
বিৰেন মনে মনে থাকিল।ভিতৰি ভিতৰি লাজ পাইছে বন্ধুৰ আগত।
শহুৰ ওলাই আহিল "ঘৰত চাহ দিবলৈকো একো এটা আনিব নহল।তুমি কিবা-কিবি আনিছা নেকি !"
বিৰেন আহিছিল শুদা হাতেৰে।সি বৰ লাজ পালে।
শহুৰ "তোমাৰ ইনকাম পাতি আগতকৈ বাঢ়িছেনে ?"
শাহুৱেক "মোৰ ছোৱালী জনীক কাপোৰ দুযোৰ মান দি পথাইছো।নতুন কাপোৰ এবছৰে লোৱাই নাই বোলে।"
খূলশালী "আমাৰ বা আগতে বৰ চৌখিন আছিল।এতিয়া একেবাৰে ওলোটা হৈ গল।কি হল জানো !"কোনো মতে শুদাই-নিকাই খাই ৰাতি শুবলৈ আহিল বিৰেন।সি ঘৈনীয়েকক কলে "বৰ লাজ পালো তোমালোকৰ ঘৰলৈ আহি।জোঁৱায়েকক এনে ৱ্যবহাৰ কৰে নেকি?দুদিন মান থকাকৈ আহিছিলো, এতিয়া আৰু নেথাকো।কাইলৈ ৰাতিপুৱাই যামগৈ।তুমি লগত গলে যাবা, নগলে নাই !"
কথাবোৰ খূলশালী জনীয়ে শুনি আছিল।তাই তেতিয়া বিৰেনক কলে "ভিনদেউ, মোৰ বা আপোনালোকৰ ঘৰলৈ বিয়া হৈ যোৱা এবছৰ হৈ গল।কেতিয়াও বেয়াকৈ কোৱা নাই আপোনালোকৰ ঘৰৰ কথা।এইবাৰ ঘৰলৈ আহোঁতেহে মই তাইৰ মনটো মৰা দেখি সুধাত তাই কথাবোৰ কলে।বিয়াত কিমান সোন আনিলে, ঘৰৰ পৰা কি কি আনিলে।ইটো শিকোৱা নাই, সিটো শিকোৱা নাই।পঠা ভালকৈ বনাব নোৱাৰে, ঘৰৰ কাম -বনত ভাল নহয়।কেতিয়াবা কিবা এটাৰ উত্তৰ দিব গলেও কব সংস্কাৰ নাই তাইৰ।সেইবোৰৰ কথা শুনিহে আমি এই নাটক কৰিলো আপোনাৰ লগত।আপোনাক এদিন ভাল ব্যৱহাৰ নকৰাত আপুনি তাইক এৰিয়েই যাবলৈ ওলাইছে।তাই যে এবছৰ ইমান লাজ-অপমান সহ্য কৰি আছে, কেতিয়াবা আপোনাক এৰি অহাৰ কথা কৈছেনে ?সংবিধানে লৰা-ছোৱালীক সমান অধিকাৰ দিছে, কিন্তু কিছূমান মানুহে আজিও নাৰীক অবহেলিত কৰি আহিছে।জোঁৱায়েকে যদি সন্মান পাব লাগে, তেন্তে বোৱাৰী গৰাকীও শহুৰৰ ঘৰত মৰম পাব লাগিব।"
কথাবোৰ শুনি বিৰেনে বৰ লাজ পালে।সি লাজতে তাৰ লগৰটোৰ চকুলৈ চালে।লগৰ জনৰ মুখত মিঠা হাঁহি এটা।সি কলে "বিৰেন তই বৰ লাকী।এনেকোৱা ঘৰ এখন পাইছ, এনেকোৱা খূলশালী এজনী পাইছ।তই লাজ পোৱাতকৈ গৌৰব অনুভৱ কৰিব লাগে।তোৰ খূলশালী জনীৰ দৰে ছোৱালী এজনী মই পোৱা হলে, লগে লগে বিয়াই পাতিলো হয়।……………

Friday, 24 November 2017

লাচিত বৰফুকন

লাচিত বৰফুকন (ইংৰাজী: Lachit Borphukan) আছিল অসমৰ আহোম সাম্ৰাজ্য এজন সেনাপতি। ১৬৬৯ চনত তেখেতে অসমীয়া সেনাৰ দ্বাৰা বিশাল মোগল সৈন্য-বাহিনী পৰাজিত কৰি অসমৰপৰা আঁতৰাই পঠিয়াইছিল। শৰাইঘাটৰ যুদ্ধত লাচিতে দেখুওৱা বিক্ৰমৰ ফল স্বৰূপে অসমৰ বুৰঞ্জীত তেখেতৰ নাম জিলিকি আছে।
"দেশতকৈ মোমাই ডাঙৰ নহয়"
প্ৰবাদ আছে যে মোগলৰ বিৰুদ্ধে যুদ্ধৰ প্ৰ্স্তুতি হোৱাৰ সময়ত তেওঁ মোগলক ভেটা দিবৰ বাবে একে ৰাতিৰ ভিতৰতে গড় (ওখ মাটিৰ দেৱাল) বান্ধিবলৈ সৈন্যসকলক আদেশ দিছিল আৰু সেই কামটো তত্বাবধানৰ দায়িত্ব তেওঁৰ মোমায়েকৰ হাতত অৰ্পন কৰিছিল। শেহ ৰাতি তেওঁ চাবলৈ আহি দেখে যে কামবোৰ আগবঢ়া নাই। মোমায়েকক তাৰ উত্তৰ বিচৰাত সৈন্যসকল ভাগৰুৱা হৈ পৰিছে বুলি অজুহাত দেখুৱালে। নিজৰ কৰ্তব্য
পিছ কৰা দেখি লাচিতে খঙত একো নাই হৈ ঠিতাতে হেংদাঙেৰে “দেশতকৈ মোমাই ডাঙৰ নহয়” বুলি মোমায়েকৰ শিৰশ্চেদ কৰিলে। তাৰ পিছত ৰাতিৰ ভিতৰতে গড়ৰ কাম সম্পূৰ্ণ হৈছিল। লাচিতৰ দেশপ্ৰেম, কৰ্তব্যনিষ্ঠাৰ এইটো এটা বিৰল উদাহৰণ।

সাহসৰ অন্তিম নিদৰ্শন

শৰাইঘাট যুদ্ধৰ শেষৰ ফালে মোগলৰ বিৰাট সৈন্য বাহিনী আগত আহোমৰ সৈন্যই জয়ৰ আশা বাদ দি পিছহুঁহুকিবলৈ আৰম্ভ কৰিছিল। সেইসময়ত লাচিতৰ অতিপাত জ্বৰ উঠি আছিল । সেই নৰিয়া গাৰে এখন নৌকাত উঠি মোগলৰ বিৰুদ্ধে যুঁজ দিবলৈ আগবাঢ়ি আহিছিল আৰু সৈন্যসকলক উদ্দেশি কৈছিল-“ যদি তোমালোক উভতি যাব খুজিছা, যোৱা, কিন্তু স্বৰ্গদেৱে মোক এই দায়িত্ব দিছে, গতিকে ম‍ই শেষ মুহুৰ্তলৈ যুঁজ দিম। মোগলে মোক লৈ যাবলৈ দিয়া। তোমালোকে মাত্ৰ স্বৰ্গদেৱক ম‍ই তেওঁৰ আজ্ঞা পালন কৰি শেষ মুহুৰ্তলৈ যুঁজ দিছো বুলি কবা।” এইকথাখিনিয়ে সৈন্যসকলক উৎসাহ দিলে আৰু দুগুণ সাহসেৰে যুঁজি মোগলক পৰাস্ত কৰিলে।

লাচিত-দিৱস
প্ৰতিবছৰে ২৪ নৱেম্বৰৰ দিনটো গোটেই অসমতে লাচিত বৰফুকনৰ বীৰত্ব আৰু শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাৰ বিজয়ৰ স্মৃতিত লাচিত দিৱস হিচাপে পালন কৰা হয় |

Wednesday, 22 November 2017

|| দেউতা ||

সকলোৰে হাতে হাতে 'এন্দ্ৰইড' মবাইল।সিওঁ এটা নতুন মবাইল লাগে বুলি জিদ কৰিব ধৰিলে।সেই মানুহজনে হাঁহি এটা মাৰি কলে "ঠিক আছে, অহামাহত লৈ লবি।'
দুদিনমানৰ পিছত এদিন তাৰ চকুত পৰিল সেই মানুহজনৰ 'মবাইলটো'।তিনিটা বুতাম বেয়া।ৰং-চং গৈ মবাইলৰ অবস্থা নাই।তাকে দেখি তাৰ নিজৰ মবাইলটোকে দিব খুজিলে।তেতিয়া মানুহজনে কলে " থ থ, তোৰ মবাইল তোৰ ওচৰতে থ।এইটো নকিয়া মবাইল বুজিছ, কোনোবাই লাখ টকা দিলেও নিদিওঁ………",বৰ সুন্দৰ অভিনয় কৰিব জানে সেই মানুহ জনে !!
তেতিয়া বজাৰত নতুনকৈ 'উডলেন্ড' জোতা ওলাইছিল।লগৰ সকলোৱে পিন্ধা বাৱে সিওঁ সেই মানুহ জনক জোতা এজোৰ 'ডিমান্দ' কৰিলে।একেই সহজ হাঁহি এটা মাৰি কলে "ৰ, অহামাহত দিম।"………তাৰ খঙ উঠিছিল, এজোৰ জোতাৰ বাৱে এমাহ ৰব লাগিব !! খঙতে সি মাঁ'ককে বকিলে।
ভাল পালে share  কৰিবলৈ নাপাহৰিব 
ৰাতি শুৱাৰ সময়ত মাঁ'কে তাৰ ওচৰলৈ দুযোৰ জোতা লৈ আহিল।এজোৰৰ বয়স ২৫ বছৰ আৰু আনজোৰৰ বয়স ১০ বছৰ।জোতা দুই জোৰৰে তল ফালে তাপলি মৰা।তথাপিও জোতা দুজোৰ পলিচ-চলিচ কৰি জিলিকাই থৈছে সেই মানুহজনে।তেওঁৰেই জোতা সেই দুজোৰ।
সি ৰাতিপুৱা মানুহ জনক কলে যে তাক নতুন জোতা নেলাগে।তেওঁকহে এজোৰ নতুন জোতা লোৱাৰ কথা কলে।মানুহ জনৰ উত্তৰ "মোক আজিকালিৰ তহঁতৰ দৰে জোতা নেলাগে।এইকেইজোৰ মোৰ 'ইটালিয়ান লেডাৰৰ' জোতা বুজিছ।কত পাবি আজিকালি।তোকেই দিম দে নতুন এজোৰ।"…………আকৌ সুন্দৰ অভিনয় সেই মানুহ জনৰ।সেই মানুহ জন অকল লোকৰ বাবেই জীয়াই আছে নেকি !!!!
এবাৰ তাৰ কিবা বেয়া স্বভাৱৰ বাবে সেই মানুহজনে তাক পিটিলে।খঙতে সি ঘৰলৈ তিনি দিন নাহিল।ঘৰলৈ আহি মাঁকে কোৱাত হে সি গম পালে যে যোৱা তিনিদিন সেই মানুহজনে মুখেৰে একো কোৱা নাই যদিও একো এটা খোৱা নাই!!…………অদ্ভূত সেই মানুহজন, মৰম থাকিলেও প্ৰকাশ নকৰে।কি সুন্দৰ অভিনয় কৰিব জানে সেই মানুহজনে।
নিজৰ বুকুৰ বিষ'ক গেচ হৈছে বুলি কৈ ডাক্টৰক নেদেখোৱাই।গোটেই জীৱনটো তাৰ মবাইল, জিন্স, বাইক, স্কুল-কলেজৰ ফিজ……নানান ধৰনৰ চাহিদা পুৰন কৰোঁতেই বুঢ়া হৈ গল।সি কিন্তু সেই ধাৰ মাৰিব নোৱাৰিলে।আজি সেই মানুহজন নাই, এই পৃথিৱীত।সি অভাগাই সেই মানুহজনৰ ধাৰ মৰাৰ কোনো সুযোগেই নেপালে!!!!!!
কোনোবা সোভাগ্যবানৰ লগত যদি সেই মানুহজন আছে, তেন্তে তেওঁৰ ধাৰবোৰ জীয়াই থাকোতেই মাৰি দিব।
বৰ অদ্ভূত সেই মানুহজন, নিজৰ দুখ-কস্টৰ বিষয়ে কাকো একো নকয়।বৰ সুন্দৰ অভিনয় কৰিব জানে, সেই মানুহজনে………………………
#সংগ্ৰহ

Friday, 24 March 2017

বিতৰ্ক

বিতৰ্ক আৰু বিতৰ্ক,সীমাহীন বিতৰ্ক! নাহিদ,চিলাপথাৰ, সুবোধ এইবোৰটো বাদেই এটা গানৰ খৰচ,অডিঅ’ ভিডিঅ’, প্ৰয়োজনীয়তা লৈও বিতৰ্ক৷

সিদিনা কৰবাত পঢ়িলো লক্ষ্মীনাথ বেজবৰুৱাদেৱে আজিৰ তাৰিখত “অ’ মোৰ অসমী আই” লিখিলেও হেনো বিতৰ্ক হ’লহেতেন৷ অলপ কল্পনা কৰি চাব খুজিছো কেনেকুৱা বিতৰ্ক হ’লহেতেন৷ হয়তো এনেকুৱা ধৰনৰ প্ৰতিক্ৰিয়া আহিলহেতেন -

সংখ্যালঘু সংগঠনৰ নেতা- মাতৃপুজা বা মাতৃবন্দনা কৰাটো আমাৰ ধৰ্মত হাৰাম৷ যেনেদৰে আমি “ভাৰত মাতা কি জয়” কোৱাটোত মানা আছে সেইদৰেই “অসমী আই” বোলাটোতো মানা আছে৷

কৃষক নেতা- (মূৰটো জোকাৰি জোকাৰি)মই এই গানটোত ব্ৰাক্ষ্মণ্যবাদৰ গোন্ধ পাইছো৷ যেনেদৰে শৰ্মা,চক্ৰৱৰ্তী,ভট্টাচাৰ্য্যই যোৱা নিৰ্বাচনত দপদপাই আছিল ইয়াতো এজন ব্ৰাক্ষ্মণৰ হে গানটো কিয় বাছি লোৱা হ’ল? ইয়াৰ বিৰুদ্ধে আন্দোলন হব৷

চৰকাৰী মুখপত্ৰ- এই গানটোত অকল অসমীয়া মানুহৰ কথাহে কোৱা হৈছে,হিন্দু বাংলাদেশীৰ উল্লেখ নাই! শীঘ্ৰেই তেওঁলোকো বৃহত্তৰ অসমীয়া জাতিৰ এটা অভিন্ন অংগত পৰিণত হব৷ গানটোৰ সংশোধন হোৱা উচিত৷ ভাৰতৰ বাহিৰে হিন্দু বাংলাদেশীৰ আৰু কোন আছে?

যুৱ সাংসদ-ইয়াত “আই” মানে অকল মাইকী মানুহৰ কথাহে কোৱা হৈছে৷ মতা মানুহৰ উল্লেখ নাই৷ মই মাছৰেই মতা মাইকী উলিয়াই দিও, গান নো কি?

বুদ্ধিজীৱি- লক্ষ্মীনাথ নামটোতেই লক্ষ্মী মানে ধন আছে৷ বণিয়া,পুজিপতিৰ চৰকাৰত আৰু কি আশা কৰিব পাৰো ? সৰ্বহাৰাৰ কথা কোনে চিন্তা কৰিব?

প্ৰাক্তন মুখ্যমণ্ত্ৰী-আমাৰ চৰকাৰ থাকোতেই মই হেমন্তক এনেকুৱা এটা গান উলিয়াব কৈছিলো৷ আমাৰ দিনৰেই আঁচনিত পৰে এইটো৷ আৰু এটা কথা-গানটোত “আসাম” শব্দটো নাই ! মিছা ক’লে কিডাল হব?

জনজাতীয় সংগঠনৰ নেতা- গানটোত অসমৰ জনজাতি সমুহক উপেক্ষা কৰা হৈছে৷ অসমৰ ইতিসাহ,সমাজ ব্যৱস্থালৈ জনজাতি সমুহৰ অৱদান ইয়াত প্ৰকাশ পোৱা নাই৷

আম আদমীৰ নেতা- “চিকুনি” শব্দটোৰে পৰিস্কাৰ পৰিচ্ছন্নতাৰ কথা বুজোৱা হৈছে৷ ইয়াৰ জৰিয়তে “মোডীজীৰ স্বচ্ছ ভাৰত অভিযান”ৰ প্ৰচাৰ চলোৱা হৈছে৷ বেজবৰুৱাদেৱৰ ডিগ্ৰী লৈও আমাৰ সন্দেহ আছে৷ চব মিলে হুৱে হেই জী !

Wednesday, 11 January 2017

দাগ

এহাল লৰা ছোৱালীয়ে ইটোয়ে সিটোক
বহুত
ভাল পাইছিল। কিন্তু ছোৱালীজনীৰ
বাপেকে
সিহঁতৰ প্রেমক কোনোপধ্যেই গ্রহন কৰা
নাছিল। গতিকে দুৰন্ত প্রেমিক যুগলে
এদিন পলাই
যোৱাৰ কথা ভাবিলে। কথা মতেই কাম।
দুয়ো
মন্দিৰত বিয়া পাতি বেলেগকৈ থকা
ঠিৰাং কৰিলে। কিন্তু
ভাগ্যৰ বিৰম্বনা! ছোৱালীজনীৰ
বাপেকে গম
পালে কথাটো।
সিহঁতে মন্দিৰলৈ গৈ থাকোতেই
লৰাটোক
পিছফালৰ পৰা গাড়ী এখনে খুন্দিয়াই
উফৰাই দিলে।
তেজেৰে ৰাঙলী হৈ সি আহি তাইৰ গাৰ
ওপৰতে
পৰিল। হাতত খকা সেন্দুৰখিনি তাইৰ শুভ্র
চুইদাৰত ছিটিকি
পৰিল। তেজ আৰু সেন্দুৰে ৰাঙলী হৈ
পৰিল তাই।
সি নাবাচিল। ছোৱালীজনীক টানি
বাপেকে
গাড়ীত উঠাই লৈ গল।
.
.
.
.
.
.
.
.
চকুপানীয়ে বাট নেদেখা হল তাই।
খাবলৈ এৰি
দিলে। কিন্তু কোনে বুজিব তাইৰ দুখ
এতিয়া।
সেইদিনা ৰাতি তাই সপোনত দেখিলে
এজনী
বুঢ়ীয়ে কৈছে "তোমাৰ চুইদাৰৰ তেজ আৰু
সেন্দুৰৰ দাগ মচি পেলোৱা সোনকালে;
নহলে অথন্তৰ হব"
দুখত থকা বেচেৰীয়ে ইমান গুৰুত্ব
নিদিলে
সপোনটোত।
কিন্তু পাছদিনা আকৌ দেখিল একেটা
সপোন। এইবাৰ
অলপ ভয় খাই চুইদাৰযোৰ ধুলেগৈ। কিন্তু
ভালদৰে
দাগ নগল।
সেইদিনা ৰাতি আকৌ দেখিল তাই
একেই সপোন।
এইবাৰ অলপ খংত কলে বুঢ়ীয়ে।
তাই পিছদিনা আকৌ ধুলে মোহাৰি
মোহাৰি। কিন্তু
তথাপিও থাকি গল।
সেইদিনা ৰাতি বুঢ়ীয়ে পুনৰ তাইৰ
সপোনত দেখা
দিলে; বুঢ়ীয়ে এইবাৰ ৰুদ্রমূর্তি ধাৰণ কৰি
আহিছিল
আৰু তাইক কলে যে
.
.
.
"এইবাৰেই শেষ; যদি দাগ আতঁৰাব নোৱাৰ
বহুত
ডাঙৰ অথন্তৰ হব কাইলৈ"।
বেচেৰী ছোৱালীজনীয়ে পিছদিনা
দিনভৰজুৰি কাপোৰ ধুলে; বহু কষ্ট কৰিলে;
ভাগৰি
গলগৈ। কিন্তু তথাপিও দাগ নগল। তাই
বিৰাট ভয় খালে।
প্রার্থনা কৰিব ধৰিলে।
সেইদিনায়ে আবেলি তাই দুৱাৰত
টোকোৰ
শুনিলে। দুৱাৰ খুলি দিয়াত দেখিলে শুদ্ধ
শুভ্র
পোছাক পৰিধিত তাই সপোনত দেখা বুঢ়ী
জনী
আহি দুৱাৰদলিত; তাইৰ শুভ্র পোছাকৰ পৰা
কেউদিশে পোহৰ হৈ উঠিছে।
শিল পৰা কপৌৰ দৰে ঠৰ হৈ পৰিল তাই।
হাত ভৰি ভয়তে
কপিব ধৰিলে। বুঢ়ীয়ে একো নকৈ হাতত
থকা
নীলা বস্তু এটা তাইলৈ আগবঢ়ালে। কপা
কপা
মাতেৰে তাই সুধিলে কি হয় সেইটো
বুঢ়ীয়ে তেতিয়া কলে
.
.
.
.
.
.
.
.
.
"ৱাছিং পাউদাৰ নির্মা; ৱাছিং
পাউদাৰ নির্মা!
দুধ কি সাফেদি নির্মা ছে আয়ি
ৰংঙীন কাপৰে ভি খিল খিল যায়েই
সবকি পছন্দ হেই য়ে ৱহ
ৱাছিং পাউদাৰ নির্মা"....

Saturday, 17 December 2016

বিনামুলীয়া পৰামৰ্শ

নগেন দেৱালীৰ দিনা ৰাতি মালতীৰ লগত বন্ধু খগেনৰ ঘৰলৈ খানা খাবলৈ গল৷ ৰাতি বাৰটা মান বজাত ঘৰ আহি পাই দেখে দুৱাৰ খোলা আৰু গোটেই ঘৰ লন্ডভন্ড৷ চোৰ সোমাল৷ মালতীয়ে চিঞৰ বাখৰ লগালে পুলিচৰক খবৰ দিবলৈ৷ নগেনে বুলে ৰবাচোন, কিবা পালেহে নিব চোৰে৷ দাইনিং টেবুল খনৰ ওপৰত খাম এটা আৰু চিঠি এখন৷ নগেনে পঢ়িলে...

মহাশয়,
নমস্কাৰ গ্ৰহন কৰিব৷ আজি সুদিৰ্ঘ ১০ বছৰীয়া চোৰ জীৱনত শুদা হাতে উভতিব লগা হোৱাত অতি বিমৰ্ষ মনেৰে চিঠি খন লিখিব লগা হল৷ কেইটামান বিনামুলীয়া পৰামৰ্শ আপোনালৈ আগবঢ়ালো৷
১) ঘৰত কমেও দহ হাজাৰ মান টকা নগধ ৰাখিব৷ ঘপহকৈ কিবা বিপদত কামত আহিব৷ ৰাতিখন কত বেংক খুলা পাব৷
২) টিভি টো হলাবৰ হল৷ ইমান গধূৰ লৰচৰেই কৰিব নোৱাৰিলো৷ আজি কালি পাতল চেপেটা টিভি পাই৷
৩) পনী খাইছে কলহত থৈ পিচে ভাত খাইছে প্লাষ্টিকৰ প্লেটত৷ কাঁহৰ কাঁহি ব্যৱহাৰ কৰিব৷ স্বাস্থ্যৰ বাবেও ভাল আৰু বেচিলে বজাৰত দামো পোৱা যায়৷
৪) বহুত চেষ্টাৰে আলমাৰীটো খুলিলো কিন্তু থবলৈ যদি বস্তুয়ে নাই সেইটো জেগা বন্দি কৰি টৰঙাই থোৱাৰ কি প্ৰয়োজন?
৫) মানুহজনীক দুই এপদ আছল সোনৰ গহনাও দিব৷ বিপদত কামতো আহিব৷
৬) আপোনাৰ ধুনীয়া মানুহ জনীৰ যিহে Old fashioned কাপোৰ, মোৰ জনীয়ে সেইবোৰ কেতিয়াও নিপিন্ধে৷ খামটোত টকা এহেজাৰ থৈ গৈছো৷ মানুহজনীক ধুনীয়া গুলপীয়া শাৰী এখন কিনি দিব৷ আপুনি নাচায় নাই অন্তত আমি বুৰেই চাই শান্তি পাম৷
দেৱালীৰ শুভেচ্ছাৰে....... শ্ৰী মান চোৰ৷
...........  নগেন বেহুচ  ...........৷

Thursday, 1 December 2016

কিযে তোমাৰ সংগ প্ৰিয়ে ………

By: নিকুঞ্জ কাশ্যপ
নিউ দিল্লী ৰেল'ৱে ষ্টেচন  । গুৱাহাটি আভিমুখি উজনিমুৱা ৰেলখনত উঠিলোঁ । নিজৰ চিটতো বিচাৰি লৈ বহিচো । দীঘলিয়া উকি এটা মাৰি ট্ৰেইনখনে দিল্লী ষ্টেচন এৰিলে । ৰ'ব নোৱাৰা ফুৰ্তিত মিচিক কৈ হাঁহি এটা ওলাই আহিল ……কিমান দিনৰ পিছত যে ঘৰ গৈ আছো  ।
তেনেতে দুটা ট্ৰলি বেগ হাতত লেদিচ বেগ এটা লৈ সেমেনা-সেমেনীকৈ এজনী উৰ্বশী আহিল ।
- " আপুনি অসমৰ " (চিধাই মোকেই )

- " হে হে গামোচাখন দেখিয়েই ধৰিলোঁ  ।
মোৰ চিতটো কনফাৰ্ম হোৱা নাই তিনি নম্বৰ ৱেইটিঙতে আছো ।  আপুনিও গুৱাহাটি যাব ? "
মই বুজিলোঁ । উৰ্বশীয়ে বহিব বিচাৰিছে । মনতে মোৰ চিনেমা চিনেমা লগা  ভাৱনা অকমান আহিল মই যেন চেন্নাই এক্সপ্ৰেচৰ ছাহৰুখ খান  ,দিপীকাইহে আহি যেন মোক কৈছে । আয়ৈ দেহি ।
- অ বহা বহা । টি টি আহিলে কথা পাতি চাবা । এতিয়া বহি লোৱা ইয়াতেই । অসমৰে ছোৱালী ।
"বেগটো অকমান "
অ অ … বেগদুটা ধৰি মোৰ চিতৰ তলত সুমাই দিলোঁ | বাপ্পাঐ এক কুইন্টলমানৰ ট্ৰলি বেগ কি বা জানো ভৰাই আনিছিল ।
এবাৰ ভাবিছিলোঁ আজিকালি আকৌ ট্ৰেইনত হেনো উৰ্বশীৰ বেশ লৈ সহযাত্ৰী হৈ মোহিনী লগাই লুটপাত কৰি লৈ যায় ।  যিহে দিনকাল ।
হেই নহয় "আপোন ভালেই জগত ভাল" । আৰু তাতে অসমৰহে ছোৱালী । এইবিলাক ভাল বেয়া মনৰ ভিতৰত নিজে নিজে ভাবি আছিলোঁ । হ'লেও কথা-বতৰা খুব সাবধানে পাতিছো ।

 দিল্লীত পঢ়ে । মোতকৈ বেছি শিক্ষিতা । ঘৰ শিৱসাগৰত । দেউতাকৰ চাকৰি গুৱাহাটিত । ভায়েক টেটৰ মাষ্টৰ । টিকত কৰিছিলে এমাহ আগতে কনফাৰম নহ'ল । তৎকালটো কৰিছিলে তেওঁ নহ'ল ।  ইপিনে মাহীয়েকৰ বিয়া । সেইবাবে মৰসাহ কৰি ৱেইতিঙতে আহিছে তাকো অকলে  । নাম শতাব্দী ।
এক মিনিটো লগা নাছিল চাগে কথাখিনি কওঁতে ।  কথাবোৰ একেবাৰে শতাব্দী এক্সপ্ৰেচৰ দৰেই পট পট…। মই ভালকৈ ধ্যানসহকাৰে শুনা কাৰণেহে ধৰিব পাৰিছিলোঁ ।

- হ'ব এদযাষ্ট কৰিম দিয়া ।  যাব পাৰিবা দিয়া চিন্তা কৰিব নালাগে  । লাহেকৈ ক'লোঁ ।

 শতাব্দীয়ে পট পট কৈ গৈ থাকিল ঘৰৰ ,গাঁৱৰ ,হোষ্টেলৰ ,অমুক-তমুকৰ । মোৰো ভালেই লাগিল । বৰ খোলা মনৰ ছোৱালী আৰু যথেষ্ট সাহসী আৰু অভিজ্ঞ যেনো লাগিল । আৰু স্মৃতি শক্তিও সাংঘাতিক মোৰ লগত কথা পাতি পাতি ৱাতচএপটো চাতিং কৰি আছে
- " অসমৰে ল'ৰা এটা লগ পাইছো । তেওঁৰ চিটতে এদযাষ্ট কৰি বহিব দিছে । চিন্তা কৰিব নালাগে দে " ।
জানো কাক বা দি আছিল মেছেজটো । আৰু মোৰ সম্মুখতে মেছেজ টাইপিং লুকা চুৰিও নাই ।

"অই পেটলি " আগৰপিনে আৰু কিবাকিবি লিখিছিল ভালকৈ নাচালো ।

"আপোনাৰ অসুবিধা নহয়তু "। মেছেজটো লিখি থাকি মোৰপিনে চাই সুধিলে ।
 - নাই নাই একো নাই । মনে মনে হে বোলো কি অদ্ভুত ৰে এইজনী ।
কথাবতৰাবোৰো  শুনি শুনি একেবাৰে বহু পুৰণি বান্ধৱীৰ দৰেই হৈ পৰিলোঁ । সন্ধিয়া হ'ল । ট্ৰেইনতে ভাত পানী খাই ল'লোঁ । দিনত তাই বনাই অনা ৰুটি চব্জিকে খালোঁ । মোৰো এশ টকা এটা বাচিল ।
ভাত পানী খাই লাহে লাহে যাত্ৰীবোৰ শুব ধৰিছে । বেগৰ পৰা লেপটপটো উলিয়াই " অসমীয়া চিনেমা চোৱানে " ?
- ও চাওঁ মাজে মাজে ।
"জোন জ্বলে কঁপালত " লগাই দি লেপটপটো মোৰ হাতত দি দিলে ।
মোৰ অলপ মূৰটো বিষোৱা যেন লাগিছে  । অলমান শুই লওঁ । মোৰ বেগদুটাও  অলপমান চাবাদেই প্লিজ " ।
তাৰ পিছত ভৰিদুখন মোৰ পিনে দি শুই গ'ল । তাৰমানে তুমি এতিয়া চিনেমা চাই থাক মই শুই থাকোঁ ।
ৱাহ কি দিমাগ লগাইছে । দিল্লীত পঢ়া ছোৱালীটো । মোৰ চিত আৰু লেৱেল বেলেগৰ ।
  হ'ব দিয়া হে অসমৰে ছোৱালী । এইবুলি বহি বহি বেগ ৰখিয়া হৈ " জোন জ্বলে কঁপালত" চাব ধৰিলোঁ । তাৰ পিছত লাহে লাহে আৰম্ভ হ'ল নহয়  নাকৰ হোটোৰনী ।
কচমচে ছোৱালীয়ে নাক বজোৱা সেইদিনাই প্ৰথমবাৰ দেখিছিলোঁ । কি ঝেং ছোৱালী অ এইজনী ।
ভাবিছিলোঁ মাজতে এবাৰ শোৱাৰপৰা উঠি ক'ব চাগে  এতিয়া আপুনি অলপ শুই লওক ।
 পিছে ক'তা গোটেই ৰাতিটো নাক বজাই শুই থাকিল । আৰু মই লেপটপত "জোন জ্বলে কপালত",,"যৌৱনে আমনি কৰে "  চিনেমা চাই বেগ ৰখি ৰখি ৰাতি পুৱাই দিলোঁ ।
ৰাতিপুৱা শুই উঠিয়েই  " মোৰ ইমান টোপনি আহিল গমকে নাপালো আপুনি গোটেই ৰাতি বহিয়ে থাকিল নে মোক জগাই দিব লাগিছিল " ।
হে হে তুমি কিন্তু টোপনিত নাক বহুত বজোৱাদেই । ফুলশয্যাৰ নিশা ভুলতো টোপনি নাযাবা দৰা ভয় খাই দৌৰ মাৰিব । ৰাতিৰ খঙতে এবাৰ এনেকৈ কৈ দিও বুলিয়ে ভাবিছিলোঁ । পিছে লাজ পাব বুলি নকলো ।

গুৱাহাটি পাওঁ পাওঁ । চুলি ফণিয়াই ,ক্ৰিম পাউদাৰ লগাই ল'লে লেদিচ পাৰফিউমো মাৰিলে । মোকো সুধিলে " ল'ব নেকি "?
মইয়ো নলওঁ বুলি নকলো । চাৰ্টতো ঘামত গোন্ধাই আছিল । ঠিকচে লেদিচ পাৰফিউমকে মাৰি দিলো বাপ্পেকে । অৱশেষত ৰাতিপুৱা ১০ টামান  বজাত গুৱাহাটি আহি পালোঁ । এক এক কুইন্টেলৰ বেগ দুটা নমাইও দিলোঁ ।
লগ পাই  ভাল লাগিল । আকৌ কেতিয়াবা লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে এইবুলি  ঘৰা ঘৰি হ'লোঁ ।  ল'ৰা এজনে শতাব্দীক নিব ৰৈ আছিল ।
" বয়ফ্ৰেইন্দ  এন্গেজমেন্ট হৈ গৈছে অহাবছৰ বিয়া "
চিনাকী কৰাই দিছিল ।
তাৰপিছত শেষ শব্দ দুটি ।  নমস্কাৰ । বিদায় ।
শতাব্দীৰ বয়ফ্ৰেইন্দৰ মুখলৈ চালোঁ । একেই শতাব্দী এক্সপ্ৰেচৰ দৰেই আৰু তাই নাক বজালেও ভয় খাই  পলোৱা জাতৰ নহয়  দেখিলেই গম পায় ।।

Wednesday, 30 November 2016

এনেকুৱাও হয়!

ষষ্ঠশ্ৰেণীৰ ছোৱালী এজনী প্ৰায় পাঁচদিন মান ধৰি অনুপস্থিত। পঢ়া-শুনাত আগ্ৰহী ছোৱালী তাই। স্কুল খতি নকৰেই। কি বা হ'ল!?
 লগৰখিনিক সুধিলো,"ৰীতাৰ কি হ'ল অ'? স্কুললৈ অহা নাইযে তাই? দৰ্খাস্তও দিয়া নাই। খবৰ পোৱানে কিবা?"
নলে-গলে লগা বান্ধৱী নিকিতা বোলাজনী থিয় হৈ টপ্ কৈ উত্তৰ দিলে, "বাইদেউ, ওৱাৰ কেঁচুৱা হৈছে। বহুত পেট দৰদ্ আছিল। হস্পিতেলত বন্ধ কৰিছে। মোক দৰ্খাস্ত লৈ আহিব কৈছিল, কিন্তু ডাক্তাৰবাবুৰ চহীটা নাই মিলিল, কাইলে' আনিম।"
শুনি থতমত্ খালো! হে হৰি! কেনে কথা এয়া!? কেইদিনমানৰ আগলৈকে স্কুলত ঢপলিয়াই ফুৰা সেই পেন্দুকনাজনী মাক হ'ল?? কি হ'ব এতিয়া তাইৰ!?
চিন্তা কৰি মূৰটো ঘূৰাই আহিল। শ্ৰেণীটোৰ চাৰিওফালে চকু ফুৰাই দেখিলো মোৰলগতে আৰু দুযোৰ কৌতুহলী আৰু চিন্তিত চকু। বাকীসকলৰ 'কিনো ডাঙৰ কথাটো হ'ল!?' যেন ভাৱ।
"বাইদেউ, দেওবাৰে এৰিব হস্পিতেলৰ পৰা। চ'মবাৰচে আহিব স্কুল।" নিকিতাই আকৌ ক'লে।
তিনিযোৰ অবাক চকুৰ চেলাউৰি থুপ খালে আকৌ একেলগে...."আৰু কেঁচুৱাটো!?""ডাক্তাৰবাবুৱে দৰৱ দি কেঁচুৱাটা মৰাই দিলে ত'। আমি চাব গৈছিলোঁ হস্পিতেলত।
ডাক্তাৰবাবুৱে আমাক ভী খাব দিলেকেঁচুৱা মৰা দাৱাই।"
"তাৰমানে!???" আমি তিনিওটাই চিঞৰিলো।
প্ৰথম শাৰীত বহি মিচিক মিচিক হাঁহি থকা অলপ বুজন ল'ৰাটোৱে থেৰো-গেঁৰোকৈ থিয় হৈ লাহেকৈ ক'লে, "বাইদেউ, ৰীতাৰ পেলু হৈছে। পেলুক আমাৰ ভাষাত কেঁচুৱা বুলি কওঁ।"

মুহূৰ্তৰ আগলৈকে কৌতুহল আৰু চিন্তাত থূপ খাই থকা আমাৰ তিনিযোৰ চকু হাঁহিত টল্ মল্!

আৰু শ্ৰেণীটোৰ বাকীসকলৰ অবাক চাৱনি 'এতনা বুৰ্বক্ লাগে এ' বাইদেউটা! এইটা ভী নাই জানেলা!!'

 ( ৰূপাঞ্জলী চেতিয়া)

Friday, 25 November 2016

এটা শব্দত প্ৰকাশ কৰা

এটা শব্দত প্ৰকাশ কৰা----

এজন ৰজাই যদি কৰিবলগীয়া কামটো পাহৰি যায় তাক কি বুলি কোৱা হ'ব বাৰু
=কিং(King)কৰ্তব্যবিমূঢ়

আমেৰিকালৈ গৈ তাতে বগৰী কিনিলে সেই বগৰীক কি বুলি কোৱা হ'ব??
=ডলাৰ(Dollar) বগৰী

যিজন ব্যক্তিয়ে বেছিকৈ ঘুৰি নুফুৰে,ঘৰতেই থাকে। ফুৰাত ৰাপ নাই, তেওঁক কি বুলি কোৱা হয় =অফুৰন্ত

বেছি জনা লোক =জানোৱাৰ।

বিশেষ ভাবে অজ্ঞ ব্যক্তি =বিশেষজ্ঞ

কামৰ পৰা মূৰ তুলিব নোৱাৰা লোক = কামুক

কাম কৰি ভাল পোৱা লোক =কামাতুৰ

ভাত খাবৰ কাৰণে পেটটো কুটকুটাই থকা =ভাকুটকুত

ভাত খোৱা মানুহ =ভতুৱা

ঘূৰি ফুৰা মানুহ =ঘূৰনীয়া

পত্নী ৰ কথা মতে নচা পতি= নাচপতি

মূৰত চুলি নথকা লোক = মুকলিমূৰীয়া

দূৰলৈ উৰিব পৰা = দূৰন্ত

কাণৰ তলত মৰা চৰ = কাণতলীয়া চৰ

 খেলি থাকোতে মুখখন মেলি দিয়া কাৰ্য = খেলিমেলি

খিলখিলাই হাঁহি বেয়া পোৱা মানুহ =অখিল

ঘড়ী পিন্ধা মানুহ =ঘঁৰিয়াল,

নিপিন্ধা মানুহবোৰ= অঘড়ী

ৰ আৰু যা =ৰজা

চা চোন কৰি-চাকৰি

পতনৰ বাবে অঞ্জলি দিয়া =পতঞ্জলি

মূখ্য ব্যক্তি লগতে মন্ত্ৰী = মূখ্যমন্ত্ৰী

যি লংকাৰ নহয়-অলংকাৰ

গৰু গৰু নোগোন্ধাবলৈ যি লগোৱা হয়= অগৰু

যি সংসাৰত পতিৰ দম বেছি = দম্পতি ।

Monday, 21 November 2016

বিবাহ বাৰ্ষিকী


Source: ৰগৰ
নিজৰ দৰেই দুখীয়া ঘৰৰ ছোৱালীজনিক বিয়া কৰাই আনি ,

সি

আজি চহৰৰ ভাৰাঘৰত থকা প্ৰায় এবছৰেই হ'ল । ৰিক্সা চলাই দুবেলা দুসাজ খাই যেনে তেনে হ'লেও চলি আছে ।

অভাৱত চলিলেও পতি-পত্নীৰ মৰমে সকলো দুখ কষ্ট লাঘৱ কৰি দিছিল ।

গধূলি ঘৰত সোমোৱাৰ লগে লগে তাই গা ধুৱা ঘৰত তাৰ বাবে পানী গোটাই দিয়ে । অৱশ্যে মাজে মাজে ৰাতিপুৱা , সিও তাই গা ধুৱা পানী গোটাই নিদিয়া নহয় !!

কাৰেণ্ট নথকা ঘৰটোত , খোৱাৰ সময়ত বিচনীৰে বিচি দিয়াতো তাইৰ দৈনিক ৰুটিন । ভৱিষ্যত সজোৱাৰ গল্পৰে অদল বদল কৰি দুয়ো ৰাতিটো বিচনি মাৰি থাকে । গল্প কৰি কৰি কেতিয়া দুয়ো টোপনিত ঢলি পৰে গমেই নেপায় !!

,

ৰিক্সাত বহুতো ধনী দম্পতি উঠে । তেওঁলোকৰ মাজত আলোচনা হোৱা সকলো কথা বুজি নেপালেও সি , পাৰ্টী , গিফ্ট আদি কিছুমান কথা বুজি পায় ।

নিজৰ পত্নীক দামী শাৰী এখন গিফ্ট দিবলৈ তাৰো বৰ মন যায় । পিছে……

,

জমা টকা বুলি ক'বলৈ , মাটিৰ টেকেলিটোতে যি আছে ,আছে আৰু !!

,

অভাৱৰ সংসাৰ খনে , চাওঁতে চাওঁতে আজি এবছৰত ভৰি দিলে ।

ৰিক্সাখন লৈ ওলোৱাৰ আগতেই আজি সি , পত্নী পাকঘৰত থকা অৱস্হাতে মাটিৰ টেকেলিটো ভাঙি পেলালে । সৰ্বমুঠ ৪৮০ টকা ওলাল ।

ওলাই যোৱাৰ মুহুৰ্তত সি মাথোন এটা কথাই ক'লে = আজি অলপ দেৰি হ'ব দেই !!

,

দিনতো ৰিক্সা চলাই সি , ৮ বজাত বজাৰৰ এখন কাপোৰৰ দোকানত সোমাল । উদ্দেশ্য ,, মৰমৰ পত্নীৰ বাবে এখন শাৰী কিনা ।



কিন্তু



দোকানখনত হাজাৰৰ তলত কোনো শাৰীয়েই নাই !! অৱশেষত সি ফুটপাথৰ এখন দোকানত সোমাল আৰু পত্নীৰ পচন্দৰ ৰং আকাশী নীলাৰ এখন শাৰী কিনিলে । মূল্য ৪৫০ টকা ।

ভগবানক সি , এনেবোৰ দোকান থকাৰ বাবে ধন্যবাদ দিলে ।

বাকী থকা ৩০ টকাৰ লগত তাৰ দিনৰ ইনকমৰ ২০ টকা দি এপোৱা ব্ৰয়লাৰ মাংস লৈ সি ঘৰমুৱা হ'ল ।

বহুত দিনৰ পিছত পত্নীক কিবা এটা দিব পৰাৰ আনন্দত সি আত্মহাৰা হ'ল ।

,

মাংসকন সি নিজেই বনালে । খাই বৈ সি বিচনাত পৰি ৰাতি ১২ বজালৈ অপেক্ষা কৰি আছে । ১২ বজাৰ লগে লগে মানুহজনিক জগালে আৰু হাতত শাৰীখনৰ পেকেটটো তুলি দি

ক'লে = আজি আমাৰ প্ৰথম বিবাহ বাৰ্ষিকি । এবছৰৰ আগতে থিক আজিৰ দিনটোতেই তুমি মোৰ জীৱনলৈ আহিছিলা । তোমাৰ বাবে এটা সামান্য উপহাৰ !!

,

শাৰীখন বুকুত সাৱতি মানুহজনিৰ চকুৱেদি লোতক বাগৰি আহিল ।

,

তাৰপিছত

তাই উঠি গৈ শাৰীখন ট্ৰাংকত ভৰাই থলে আৰু তাৰপৰা কিবা এটা ওলিয়াই আনিলে । অলেখ চেষ্টা কৰিও তাই কি ওলিয়াইছে সি ধৰিব নোৱাৰিলে ।

,

ট্ৰাংকটো বন্ধ কৰি তাই , তাৰ হাতত এটা নতুন চোলা তুলি দিলে ।

আছৰিত হৈ সি সুধিলে = ইমান টকা তুমি ক'ত পালা ?

,

তাই ক'লে = চাৰিমাহ মানৰ আগৰ পৰা , প্ৰত্যেকসাজ বনোৱাৰ আগতেই এমুঠি কৈ চাউল ৰাখি গৈছিলো । পৰহি কাষৰ খূড়ীক বিক্ৰি কৰি পোৱা টকাৰে, কালিয়েই দিনত চোলাটো আনি থৈছিলো । মই কিবা বিবাহ বাৰ্ষিকী পাহৰিব পাৰো

নেকি ??

,

মুকবধিৰ হৈ সি চোলাটো লুটিয়াই পুতিয়াই চাই থাকিল ।

___ জানানে !! ডাঙৰ ডাঙৰ মানুহবোৰে বিবাহ বাৰ্ষিকিত কেক কাটে ।

___ আমি বাৰু ক'ৰ পৰা কাটিম ?

___ ঘৰত মুড়ি আছেনে ?

___ আছে ।

___ অলপ মিঠাতেল দি মুড়ি লৈ আহা । লগতে পিয়াজ আৰু জলকীয়া এটাও লৈ আনিবা ।

___ থিক আছে ।

#

#

টিংৰ ফাকেৰে জোনৰ পোহৰ ৰুমটোলৈ সোমাই আহিছে । বিচনাত বহি দুয়োজনে মুড়ি খাই নিজৰ বিবাহ বাৰ্ষিকি পালন কৰিছে !!

,

সৰু সৰু উপহাৰ আৰু অফুৰন্ত মৰমৰ মাজতেই বাচি থাকক সৰু সৰু মানুহৰ জীৱন !!!!!

Saturday, 19 November 2016

অনিল নগৰ

Hahir Rahghra

ৰাতিপুৱা টিভিটো অন কৰিয়েই বৰুৱানীয়ে চিঞৰিলে , " হেৰা, মই আৰু এই ঠাইত নাথাকো, অনিল নগৰৰ ফালে মাটি কিনা।"

বাথৰূমৰ পৰাই বৰুৱা,"কিয় ? ইয়াত কি অসুবিধা পাইছা?"

বৰুৱানী : একো অসুবিধা পোৱা নাই কিন্তু মোক অনিল নগৰত ঘৰ লাগে ।


বৰুৱা : কিন্তু তাত চোন অলপ বৰষুণ দিলেই বানপানী হয়।

বৰুৱানী : হওঁক।

বৰুৱা : নতুনকৈ মাটি কিনিবলৈ পইচা ক'ত?

বৰুৱানী : মই নাজানোঁ পইচা ক'ত? লাগিলে এই ঘৰ মাটি বিক্ৰী কৰা ।

বৰুৱা : কিন্তু কিনিব কোনে ? নতুন পইচা পুৰণি পইচাক লৈ সকলো ব্যস্ত । বিক্ৰী কৰি পোৱা টকা সলাবলৈ কিমান অসুবিধা হ'ব ভাবি চাইছানে?

বৰুৱানী : মই সেইবোৰ একো নাজানোঁ । অনিল নগৰত ঘৰ লাগে বচ্।

বৰুৱা : কিন্তু আজি হঠাতে নবীন নগৰৰ প্ৰেমত পৰিলা যে কিয় ?

বৰুৱানী : তুমি নিউজ চালেহে বুজিবা, অনিল নগৰত লাখ লাখ টকা ওলাইছে আজি ।

বৰুৱা : তাৰমানে তোমাক সেই টকা লাগে । তুমি মাটি কিনি তাত ঘৰ বনোৱালৈ তোমাৰ বাবে তাত কোনোবাই টকা পেলাই থব নেকি ?

বৰুৱানী : তুমিও যে আৰু !! তাত পৰি থকা টকা নালাগে মোক । কিন্তু চোৱাচোন বানপানীয়ে হওঁক বা পেলনীয়া টকাই হওঁক অনিল নগৰ নিউজত আহিয়েই থাকে । ইমান বছৰ ইয়াত থাকি কোনোবাদিনা টিভিত উঠিলা নে? তাত অন্ততঃ ঠাইৰ নামটো টিভিত আহি থাকিলে আমিও অনিল নগৰৰ বাসিন্দা বুলি লেবেল দিব পাৰিম। তোমাৰ গাৱঁৰ সেই বৌৱেৰা হ'তে জ্বলি মৰিব।

বৰুৱা : ????

কাঠৰ বল

From: hahir rahghara

এজন ক্ষীণ মীণ গাল সোমাই হনু ওলোৱা মানুহে দাড়ি কাটিবলৈ চেলুনলৈ গ'ল ।

নাপিতে মুখত ক্ৰীম লগোৱাৰ পিছত মানুহজনে ক'লে = অলপ সাৱধানে কাটিবি । গাল দুখন সুমোৱা বাবে দাড়ি কাটিবলৈ অসুবিধা হয় আৰু প্ৰায়েই গালত কাটে ।

আপুনি চিন্তা কৰিব নালাগে। এইবুলি কৈ নাপিতজনে এটা কাঠৰ সৰু বল ওলিয়ালে আৰু মানুহজনক ক'লে = এইটো মুখত ভৰায় লওক । মই যিখন গালৰ ফালে দাড়ি কাটিম আপুনি বলটো সেইফালেই দি দিব ।


মানুহজনে বলটো মুখত লৈ দাড়ি কটাৰ ফালে দি দিলে আৰু গালখন ফুলি গ'লত নাপিতে অনায়াসে দাড়ি কাটিলে ।এনেতে মানুহজনে সুধিলে = বলটো যদি পেটলৈ গুচি যায় , তেতিয়া কি হ'ব ?

নাপিতে ক'লে = একো কথা নাই । কালিলৈ ধুই মেলি ঘূৰাই দিলেই হ'ল ।

আগতে চাৰিপাঁচজন মানে তেনেকৈয়ে ঘূৰাই দিছে ।।

পৰীক্ষা

মিছা কলে কি দাল হব.. ছোৱালী ত কৈ লৰাৰ মন বহুত ভাল ৷..............?? পৰীক্ষাৰ হলত দুই বান্ধৱীৰ কথোপকথন —
১ম বান্ধৱীঃ - এই, ৭নং টো
লিখিছানে ?
২য় বান্ধৱীঃ - নাই লিখা, ৭নং টো
ভালদৰে পৰা নাই অ' ।
১ম বান্ধৱীঃ - ৮ নং টো লিখিছা ?
২য় বান্ধৱীঃ - না, সেইটো নিদিওঁ দেই !
১ম বান্ধৱীঃ - ৯ নং টো পাৰিছানে ?
২য় বান্ধৱীঃ - নাই ।
১ম বান্ধৱীঃ - ১০ নং টো একা ?
২য় বান্ধৱীঃ - লিখিছো, অলপ বনায়
বনায় !!
এইবাৰ ৰিজাল্টৰ পাচত সেই দুই বান্ধৱীৰ
কথোপকথন—
১ম বান্ধৱীঃ - কিমান পালি ?
২য় বান্ধৱীঃ - বেছি পোৱা নাই !
১ম বান্ধৱীঃ - তথাপিও ক'চোন !
২য় বান্ধৱীঃ - ৯৫ ।
১ম বান্ধৱীঃ - ৯৫ পাইচ্, তথাপিও কৈচ্
বেছি পোৱা নাই ! কিন্তু তোকতো ৪টা
প্রশ্ন সুধোতে তই নাজানো বুলি
কৈছিলি আৰু এতিয়া কেনেকৈ ৯৫
পালি ?
----------------------
পৰীক্ষাৰ হলত দুই বন্ধুৰ কথোপকথন —
১ম বন্ধুঃ - দোস্ত, ৭ নং লিখিছনে ?
২য় বন্ধুঃ - হুম ।
১ম বন্ধুঃ - দেখা ।
২য় বন্ধুঃ - ধৰ ধৰ, বহীখন ধৰ । বিন্দাছ
লেখ, কিন্তু সাৱধান !!
১ম বন্ধুঃ - থেংকচ দোস্ত । পাচ কৰিম
নহয় ?
২য় বন্ধুঃ - চাল্লা, মই পাছ কৰিলে তয়ো
পাছ কৰিবি । এতিয়া লেখ ।
এইবাৰ ৰিজাল্টৰ পাচত সেই দুই বন্ধুৰ
কথোপকথন—
১ম বন্ধুঃ - দোস্ত, থেংকচ !! তোৰ কাৰণে
পাছ কৰিছো বে....!
২য় বন্ধুঃ - চাল্লা, পাৰ্টি নোখোৱালে
চাবি কিন্তু !! কিমান পালি ?
১ম বন্ধুঃ - ৯০ !!
২য় বন্ধুঃ - আবেই, তইতো মোৰ
গোটেইখনেই কপি কৰিছিলি । কিন্তু কিয়
মোতকৈ ৫ নম্বৰ কম পালি ? বানান ভুল
কৰিছিলি নেকি ?

Monday, 14 November 2016

আছৰিত মিল

উৎস: ৰগৰ
বাৰত হুইস্কীৰ অৰ্ডাৰ দি মানুহজন
বহিছিলহে, তেনেতে এগৰাকী মহিলা
আহি বহিল আৰু সেই সময়তে ৱেটাৰ জনে
মানুহজনৰ সন্মুখত ব্লেক ডগৰ বটল এটা,
গিলাছ আদি ৰাখি গ'ল ৷ মহিলাগৰাকীয়ে
ক'লে-
মহিলাঃ আৰে ৱাহ, আপোনাৰ আৰু মোৰ
পচন্দ কি অদ্ভূত ধৰনে মিলি গৈছে, ময়ো
ব্লেক ডগৰ অৰ্ডাৰ দি আহিছো ৷
পুৰুষঃ কেতিয়াবা হৈ যায়, মই অৱশ্যে
আজিহে এই ব্ৰেণ্ডটোৰ অৰ্ডাৰ দিছো ৷
মহিলাঃ কি আছৰিত মিল, ময়ো আজিহে
ফূৰ্তিতে ব্লেক ডগ খাম বুলি অৰ্ডাৰ দিলো

পুৰুষঃ হয় নেকি? ময়ো ফূৰ্তিতেই অৰ্ডাৰ
দিছিলো দামী মদৰ ৷ পিছে আপুনি কিহৰ
ফূৰ্ত্তিত আছে বা ?
মহিলাঃ আমাৰ বিয়া হোৱা চাৰিবছৰ হৈ
গ'ল যদিও সন্তানৰ মুখ দেখা নাছিলো আৰু
বহু অপেক্ষাৰ অন্তত বৰ্তমান মই
সন্তানসম্ভৱা বুলি ডাক্তৰে ৰিপৰ্ট দিছে ৷
আপোনাৰ বিষয়ে কওকচোন, আপোনাৰ কিয়
ফূৰ্ত্তি লাগিছে?
পুৰুষঃ দৰাচলতে মই এজন খেতিয়ক, মোৰ এখন
মুৰ্গীৰ ফাৰ্ম আছে আৰু সম্পূৰ্ণ দুবছৰ দিন
কণী নপৰাকৈ থকা মুৰ্গীখিনিয়ে আজিৰ
পৰা কণী পৰা আৰম্ভ কৰিছে ৷
মহিলাঃ সাংঘাটিক মিল আছে দেই
আপোনাৰ আৰু মোৰ ফূৰ্ত্তিৰ মাজত ৷ পিছে
আপুনি কি কৰিলে যে, মুৰ্গীখিনিয়ে কণী
পৰা আৰম্ভ কৰিলে?
পুৰুষঃ মই কেইদিনমানৰ পৰা মুৰ্গীৰ গৰাঁলত
য'ৰ ত'ৰ পৰা বেলেগ বেলগ মতা মুৰ্গী আনি
সলাই সলাই ৰাখিবলৈ ধৰিলো আৰু আজি
সিহঁতে কণী পৰা আৰম্ভ কৰিছে ৷
মহিলাঃ বাঃ আছৰিত মিল আছে দেই ৷
পুৰুষঃ কিইইইইইই ????????

Sunday, 13 November 2016

কাজিয়া

By: Rana Mantu Das [Source : Rogor]
স্বামীৰ পেছা মানে প্ৰফেচন অনুযায়ী সেইসকলৰ পত্নীৰ স্বামীৰ লগত কাজিয়া কৰাৰ ধৰণো ভিন ভিন হয়‼‼
❇ৰাজনীতিকৰ পত্নী : হ'ব, হ'ব; ৰাইজখনত দিয়া দি মোক ভুৱা আশ্বাসবোৰ নিদিলেও হ'ব !!
❇শিক্ষকৰ পত্নী : মোক শিকাবলৈ চেষ্টা নকৰিবা, কৈ দিছো !!
❇অভিনেতাৰ পত্নী : বেছি নাটক কৰি দেখুৱাব নালাগে !!
❇পাইলটৰ পত্নী : বৰ বেছি উৰিছা কিন্তু, সাৱধান !!
❇ধোবাৰ পত্নী : একদম ধুই পেলাম কিন্তু !!
❇ডেণ্টিষ্টৰ পত্নী : বেছি লেটি-পেটি কৰিলে দাঁত কিন্তু এটাও নাথাকিব, কৈ দিছো হ'লে !!
❇একাউণ্টেণ্টৰ পত্নী : ময়ো কিন্তু চব হিচাপ জমা ৰাখিছো; সুদে-মূলে কেনেকৈ আদায় কৰিব লাগে, সেই কথা মই জানো !!
❇আৰ্কিটেক্টৰ পত্নী : ভালে ভালে চিধা হোৱা; নহ'লে চেহেৰাৰ ডিজাইনেই সলনি কৰি দিম !!
❇দোকানীৰ পত্নী : মোক কি সস্তীয়া মাল পাইছা নেকি !!
❇কচাইৰ পত্নী : কাটি টুকুৰা টুকুৰ কৰিলেহে গম পাবা !!
❇মাছুৱৈৰ পত্নী : মৰিয়াই একেবাৰে শুকান মাছ বনাই দিম কিন্তু, গম পাইছা !!
❇প্ৰবাসীৰ পত্নী : যোৱা তিনি মাহে ঘৰলৈ আহিবলৈ সময় নোলাল যেতিয়া তাতে এখন সংসাৰ পাতি লোৱা !!
❇সাংবাদিকৰ পত্নী : কোনোবাদিনা তোমাকো সংবাদৰ হেড-লাইন কৰিম !!
❇কাঠ-মিস্ত্ৰীৰ পত্নী : পিতি পিতি তক্তা বনালাহে বুজিবা !!
❇ৰাজমিস্ত্ৰীৰ পত্নী : ইটা মাৰি মূৰ ফালি দিম !!
❇উকীলৰ পত্নী : হ'ব, হ'ব; আমাক আইন শিকাবহি নালাগে !!
❇আৰক্ষীৰ পত্নী : মোক তোমাৰ লাঠী দেখুৱাবলৈ নাহিবা; আইন-কানুন আমিও জানো !!

Wednesday, 9 November 2016

চাইকেল

তিনিজন বন্ধু মৃত্যুৰ পিছত স্বৰ্গলৈ গল । স্বৰ্গৰ দ্বাৰপালে তেওঁলোকক সুধিলে পৃথিৱীত থাকোতে তোমালোকৰ প্ৰেমিকা কিমান আছিল ।
প্ৰথম বন্ধু : মোৰ ৪০ গৰাকী আছিল । দ্বাৰপাল : তোমাক স্বৰ্গ চাবৰ বাবে এখন চাইকেল দিলোঁ ।
দ্বিতীয় বন্ধু : মোৰ ১০ গৰাকী প্ৰেমিকা আছিল । দ্বাৰপাল : তোমাক স্বৰ্গ চাবলৈ এইখন স্কুটাৰ দিলো ।
তৃতীয় বন্ধু : মই কেবল মোৰ পত্নীৰ লগতে প্ৰেম কৰিছিলো । দ্বাৰপাল : তোমাক স্বৰ্গ চাবৰ বাবে এইখন গাড়ী দিলো । কেইদিনমানৰ পিছত তৃতীয় বন্ধু মন মাৰি থকা দেখি বাকী দুজন বন্ধুৱে সুধিলে ,তুমি স্বৰ্গত গাড়ী পাইছা ,তথাপি মন মাৰি আছা কিয় ?? তৃতীয় বন্ধু : নহয় হে ,কালি দেখিলো মোৰ পত্নীয়ে স্বৰ্গত চাইকেল চলাই আছে ।।

Saturday, 5 November 2016

ঘৰুৱা দিহা

১) ঘৰত নিগনি ওলালে কি কৰিব?

- এদিন দেওবাৰে আপুনি ভগা হেতা আৰু থাল এখন লৈ মজিয়াত বহি যাব। তাৰ পাছত ফোনটো হাতত লৈ এঘণ্টামান কাৰোবাৰ লগত মিহি মিহি কথা পাতিব, যেতিয়ালৈকে সিজনাই নকয়- তোমাৰ মাতটো ইমান মিঠা, গান গালে বৰ ভাল লাগিব।

তাৰ পাছত আপুনি থালখনত হেতাৰে মৰিয়াই মৃদু সংগীত উৎপন্ন কৰি মধুৰ কণ্ঠেৰে গীত গোৱা আৰম্ভ কৰক। আপোনাৰ গীত শুনি নিগনি বিলাক গাতৰ পৰা ওলাই আহি নৃত্য কৰা আৰম্ভ কৰিব।

সিহঁতৰ ভাগৰ লগালৈকে নচুৱাই থাকক। এসময়ত নিগনিবোৰ ভাগৰি মাটিত ঢলি পৰিব। আৰু আপুনি এটা এটাকৈ উঠাই পলিথিন এটা ভৰাই, টানকৈ গাঁঠি মাৰি ডাষ্টবিনত পেলাই দিয়ক।

২) বেছিকে মহ ওলালে কি কৰিব?

- আঠুৱাত ফুটা থাকিলে সেই ফুটাৰে মহ সোমাই আপোনাক বৰ কামুৰিব পাৰে। তেতিয়া আপুনি এটা কাম কৰিব। ফুটাটোৰ বিপৰীত ফালে আঠুৱাখনত আৰু এটা ফুটা কৰি দিব, আৰু দুইটা ফুটাৰ মাজত এডাল পাইপ লগাই দিব। মহ এটা ফুটাৰে সোমাব আৰু পাইপৰ মাজেৰে গৈ ইটো ফুটাৰে বাহিৰ হৈ যাব।

- এইটো উপায়ে কাম নকৰিলে আৰু এটা বুধি কৰিব পাৰে। আঠুৱাখন এফালে অলপ ডাঙি কিছু দেৰি বহি থাকিব।
"সিন্ধি খুজি ফুৰন্তে দুৱাৰে পাইলো পথ" বুলি মহবোৰ হো- হোৱাই আপোনাৰ আঠুৱাৰ ভিতৰলে সোমাব। কিছুদেৰিৰ মুৰত যেতিয়া সকলো মহ আঠুৱাৰ ভিতৰত সোমাব, আপুনি পতকৈ আঠুৱাখনৰ তলফালে গাঁঠি এটা মাৰি বাহিৰত শুই থাকিব। আঠুৱাৰ ভিতৰত মহবোৰ খাবলৈ নেপায় এনেই মৰি যাব।

৩) মাখিৰ উৎপাত কিদৰে ৰোধিব?

- এটা বাতিত চূন আৰু নিমখ মিহলাই পাকঘৰত থৈ দিয়ক। মাখিয়ে সেইটোক মিঠাই বুলি খাই দিব আৰু লগে লগে নিমখৰ কোবত পিয়াহত ৰব নোৱাৰা হব। সি পানী খাবলৈ পুখুৰী বা কুৱাৰ ওচৰলে গ'লেই আপুনি তাক গতা মাৰি পানীত পেলাই দিয়ক। তাৰ পাখি কেইখন তিতি যাব আৰু তাকে শুকুৱাবলৈ সি জুইৰ ওচৰলৈ যাব। সেই সুযুগতে আপুনি জুইত এটা গ্ৰেনেড দলিয়াই দিয়ক। গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত হৈ মাখি হস্পিটেলত পৰি থাকিব। আৰু সেইদিনা ৰাতি আপুনি মনে মনে গৈ তাৰ অক্সিজেনৰ পাইপডাল খুলি দিব। মাখি নমৰিলে পইচা ৱাপচ।

৪) পইতাচোৰা কেনেদৰে নিয়ন্ত্ৰণ কৰিব?

- নোৱাৰে, আৰু পাৰিলেও নকৰিব। সেইটোৱেই একমাত্ৰ বস্তু যিটোলৈ আপোনাৰ পত্নীয়ে ভয় কৰে।

Abhijit kalita

তোমাক কথা এটা ক'ব লগা আছে

চুনু:- জানু, তুমি মোক মাফ কৰিবা, তোমাক কথা এটা ক'ব লগা আছে ৷
বয়ফ্ৰেণ্ড:- আৰে, মাফ কৰিব লগীয়া কি কথা আছে, কোৱা ডিয়েৰ ৷
চুনু:- মই তোমাক কোৱা নাছিলোঁ, মোৰ বিয়া ঠিক হৈ আছে, অহা সপ্তাহত বিয়া ৷ তোমাৰ বহুত লোকচান কৰিলো নিজৰ স্বাৰ্থ পূৰণৰ বাবে, মাৰ্কেট, ৰেষ্টোঁৰাত বহুত খৰচ হ'ল তোমাৰ, প্লিজ মাফ কৰি দিবা মোঁক ৷
বয়ফ্ৰেণ্ড:- আৰে পাগলী, তুমি মোক এতিয়া কন্দুৱাইহে এৰিবা, বাদ দিয়া এইবিলাক কথা, ব'লা আজি তোমাক মোৰ মিছেচ আৰু ল'ৰা ছোৱালী হালৰ লগত চিনাকি কৰাই দিম ৷
চুনু :- বেহ্হোছ